বহনক্ষম উন্নয়নৰ ধাৰণা, সাংস্কৃতিক বহনক্ষমতা আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতা

ধ্ৰুৱজ্যোতি কলিতা

Issue: Vol. IV, No. 3, November-January, 2025-26

“The development that meets the needs of the present without compromising the ability of future generations to meet their own needs.”

–Brundtland Report, 1987

নিৰ্মলপ্ৰভা বৰদলৈ

সাম্প্ৰতিক বিশ্বত পৰিৱেশ সচেতনতা বিষয়টোৱে সাৰ্বজনীন ৰূপত এক বিশেষ ব্যপ্তি লাভ কৰা দেখা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ লগে লগে বিশ্বৰ ভালেসংখ্যক ৰাষ্ট্ৰই দ্ৰুত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দৌৰত অৱতীৰ্ণ হয়। ঔদ্যোগীকৰণ, প্ৰযুক্তিৰ বিকাশ আৰু উৎপাদনশীলতাই হৈ পৰে ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ আধাৰ। ইয়াৰ ফলতে প্ৰাকৃতিক সম্পদৰ অত্যাধিক শোষণ, পৰিৱেশ প্ৰদূষণ, নিৰ্বনানীকৰণ আদি সমস্যাই লাহে লাহে গা কৰি উঠে আৰু ই জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই লৈ আনে। ৭০ৰ দশকত এনে বৰ্দ্ধিত প্ৰাকৃতিক অসন্তুলতা আৰু ক্ষতিগ্ৰস্ততাক সমগ্ৰ বিশ্বই গভীৰভাৱে অনুধাৱন কৰিবলৈ আৰম্ভ কৰে। বিংশ শতিকাৰ পঞ্চাছৰ দশকত বিশ্বৰ সৰ্বমুঠ জনসংখ্যা আছিল প্ৰায় ২.৫ বিলিয়ন, আশীৰ দশকত সেয়া ৪ বিলিয়নতকৈও অধিক হৈ পৰে। বিশ্বৰ এই বৰ্দ্ধিত জনসংখ্যা সমস্যাও পৰিৱেশতন্ত্ৰৰ প্ৰতি সংকট প্ৰমাণিত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত ভূমি অধিগ্ৰহণ, বনাঞ্চল ধ্বংস, জলাশয় নাশ, শক্তিৰ অপচয় আদি সমস্যাই পৰিৱেশতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনে। মানৱ সভ্যতাও দৰিদ্ৰতা, আকাল আৰু স্বাস্থ্যজনিত অনেক সমস্যাৰে জৰ্জৰিত হৈ পৰে। উন্নত, উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ মাজত বাঢ়ি অহা অৰ্থনৈতিক বিভেদতাই পৃথিৱীৰ সীমিত সম্পদেৰে এই উন্নয়ন বা বিকাশৰ যাত্ৰা কিমান সুদূৰপ্ৰসাৰী হ’বৰ দৰে প্ৰশ্ন বিশ্বৰ সন্মুখত উত্থাপন কৰায় তথা বিশ্বমানসত এক সচেতনতাৰ জোৱাৰ তোলে। ’৫৬ চনত জাপানত কাৰখানা নিঃসৃত বিষাক্ত পাৰা( Mercury)যুক্ত আৱৰ্জনা পানীত মিহলি হৈ মিনামাতা ৰোগ(Minamata Disease)ৰ সন্ত্ৰাস, ’৫৭ চনত ৱিণ্ডস্কেলৰ পাৰমাণৱিক বিস্ফোৰণ, ’৬০ চনত কিংস্পোৰ্টত ইষ্টমেন কেমিকেল কোম্পানীৰ বিস্ফোৰণ, ইউৰোপত এচিড বৰষুণ আদি দুৰ্ঘটনাই উদ্যোগীকৰণৰ ভয়াৱহ ছবিখন সমগ্ৰ বিশ্ববাসীৰ সমুখত উদঙাই দিয়ে। ১৯৬২ চনত ৰাশ্বেল কাৰ্চনৰ Silent Spring গ্ৰন্থই এই ক্ষতিগ্ৰস্ততাৰ প্ৰতি জনমানসত সচেতনতা বৃদ্ধি কৰাত ভূমিকা গ্ৰহণ কৰে। এনে পৰিপ্ৰেক্ষিতত বিশ্বস্তৰত এক সুস্থ সন্তুলিত পাৰিপাৰ্শ্বিকতাৰ হকে নীতি নিৰ্দ্ধাৰণৰ দাবী উত্থাপন হ’বলৈ লয়। “United Nations Conference on the Human Environment” শীৰ্ষক ১৯৭২ চনত ষ্টকহ’মত বহা আন্তৰ্জাতিক সন্মিলনত পোনপ্ৰথমবাৰৰ বাবে এই বিষয়সমূহৰ আলোচনা হয় যদিও সমস্যা সমাধানত সেয়া ফলপ্ৰসূ নহ’ল। ৭০ৰ দশকত উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত পাৰমাণৱিক সম্পৰীক্ষা, প্ৰদূষণ আৰু পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা আদি দিশত বিবাদৰ সূচনা হয়। উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এনে পৰীক্ষা-নিৰীক্ষা তথা প্ৰকৃতিৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টিকাৰী পদক্ষেপৰ বিৰোধিতা কৰে। অৱশ্যে উন্নত ৰাষ্ট্ৰসমূহেও একেই বাটেৰেই উন্নতি লাভ কৰিছিল। 

আশীৰ দশকত United Nation-এ এনে এক দোদুল্যমান পৰিস্থিতিত নেতৃত্বকাৰীৰ ভূমিকা গ্ৰহণ কৰে। পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সমন্বয় স্থাপনৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ নেতৃত্বতে “World Commission on Environment and Development” (WCED)  ১৯৮৩ চনত প্ৰতিষ্ঠা হয়। এই আয়োগৰ অধ্যক্ষ আছিল সেই সময়ৰ নৰৱেৰ প্ৰধানমন্ত্ৰী গ্ৰো হাৰ্লেম ব্ৰুণ্টলেণ্ড। পৰৱৰ্তী সময়ত এই আয়োগখনেই “ব্ৰুণ্টলেণ্ড আয়োগ” নামেৰে জনপ্ৰিয় হয়। এই আয়োগৰ প্ৰধান উদ্দেশ্য আছিল পৰিৱেশ আৰু বিকাশ সম্বন্ধীয় সমস্যাসমূহৰ আন্তঃসম্বন্ধৰ বিশ্লেষণেৰে ইয়াৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সহযোগ সুদৃঢ় কৰা তথা ২০০০ চনলৈ বৰ্তমানৰ আৱশ্যকতা পূৰ হোৱা আৰু ভৱিষ্যতৰ আৱশ্যকতাত কোনো ক্ষতি নোহোৱাকৈ বিকাশৰ নতুন দৃষ্টিকোণৰ সন্ধান কৰা। সেইমৰ্মে এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা আদি ক্ষেত্ৰ ভ্ৰমণেৰে পৰিস্থিতি আৰু সমস্যাৰ বুজ লৈ তথা বিভিন্ন দিশৰ বিশেষজ্ঞৰ মত লৈ চাৰি বছৰৰ অধ্যয়ন আৰু পৰামৰ্শ গ্ৰহণৰ মূৰত ব্ৰুণ্টলেণ্ড আয়োগে ১৯৮৭ চনত এখন প্ৰতিবেদন প্ৰস্তুত কৰে। এই প্ৰতিবেদনখনৰ শীৰ্ষক আছিল “Our Common Future” অৰ্থাৎ আমাৰ সমূহীয়া ভৱিষ্যৎ। এই প্ৰতিবেদন বিশ্বৰ সন্তুলিত পাৰিপাৰ্শ্বিক নীতিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয় আৰু ইয়াৰ পৰাই বহনক্ষম উন্নয়নৰ ধাৰণা প্ৰসাৰিত হয়। বহনক্ষম উন্নয়নৰ পৰিভাষা নিৰ্ণয়েৰে এই আয়োগে ১৯৯২ চনত Rio Earth Summit-ৰ দৰে আন্তৰ্জাতিক সন্মিলনৰ পৃষ্ঠপোষকতা কৰে য’ত Agenda 21-ৰ দৰে বহনক্ষম উন্নয়নৰ ধাৰণা বিশ্ব নেতৃবৃন্দই গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ ৫৭তম্ অধিৱেশনত ২০০৫-২০১৪-লৈকে “বহনক্ষম বিকাশৰ শিক্ষাবৰ্ষ” হিচাপে ঘোষণা কৰা হয়।

বহনক্ষম উন্নয়নৰ ধাৰণাই মানৱ সভ্যতাৰ উন্নয়নক এক পৃথক মাত্ৰা প্ৰদান কৰিলে। মানৱ সভ্যতাৰ উন্নয়নৰ সৈতে পাৰিপাৰ্শ্বিক সন্তুলনৰ ধাৰণা সংপৃক্ত হৈ পৰিল। বহনক্ষম উন্নয়নে মানৱ সভ্যতাৰ উন্নয়নৰ এনে এক দিশক সূচায় য’ত বৰ্তমান প্ৰজন্মই প্ৰাকৃতিক সম্পদৰাজি ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে ভৱিষ্যৎ প্ৰজন্মই যাতে এইসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত কোনো অন্তৰায়ৰ সৃষ্টি নহয়। 

ব্ৰুণ্টলেণ্ড আয়োগৰ “Our Common Future” শীৰ্ষক প্ৰতিবেদনত বহনক্ষম উন্নয়নৰ “ত্ৰি-স্তম্ভ আৰ্হি”(Three pillar model)ৰ ধাৰণাটোৱৰ উন্মেষ ঘটে। এই তিনি স্তম্ভ হৈছে—পৰিৱেশ, অৰ্থনীতি আৰু সমাজ। পাৰিৱেশিক সমস্যা নিৰ্মূল তথা পৰিৱেশ সন্তুলিতকৰণক আৰু ভৱিষ্যৎ প্ৰজন্মলৈ প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখিয়েই বহনক্ষম উন্নয়নৰ ধাৰণা বিকশিত হৈছিল। দ্বি-মেৰু বিভাজন অৰ্থাৎ উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ উন্নয়নকেন্দ্ৰিক বিবাদে এই ধাৰণাৰ সৈতে অৰ্থনৈতিক দিশটো সংযুক্ত কৰিলে। উদ্যোগীকৰণৰ অপাৰ সম্প্ৰসাৰণৰ ফলত মূৰ দাঙি উঠা পুঁজিবাদ, ধনী-দুখীয়াৰ অৰ্থনৈতিক বিভেদ, সামাজিক ন্যায়ৰ অসমতা, স্বাস্থ্য, শিক্ষা আদি খণ্ডৰ অনুন্নত অৱস্থা, লৈংগিক অসমতা আদি সৰ্বগ্ৰাসী সমস্যাই বহনক্ষম উন্নয়নৰ ধাৰণাৰ সৈতে সামাজিক সমতা স্থাপনৰ দিশটোকো সংপৃক্ত কৰিলে। 

বিংশ শতিকাৰ শেষৰ দশকত কিছুসংখ্যক বিশেষজ্ঞ আৰু UNESCO-ই সন্মিলিতভাৱে এটা সিদ্ধান্ত আগবঢ়ালে যে “Without culture, development is incomplete.” UNESCOৰ দ্বাৰা ১৯৯৮ চনত ষ্টকহ’মত অনুষ্ঠিত Cultural Policies for Development সন্মিলনৰ আলোচ্য বিষয়বস্তুয়েই আছিল– “The Power of Culture: Towards Development through Cultural Policies”। এই সন্মিলনতে UNESCO-ই ঘোষণা কৰিছিল যে “Development divorced from its human or cultural context is growth without a soul.” ( উৎস: UNESCO World Conference on Cultural Policies for Development, Stockholm, 1998)। ২০০১ চনৰ UNESCO Universal Declaration on Cultural Diversity-ৰ Article 3-ত কোৱা হৈছে– “Cultural diversity widens the range of choices open to everyone; it is one of the roots of development, understood not simply in terms of economic growth, but also as a means to achieve a more satisfactory intellectual, emotional, moral and spiritual existence.” এনেদৰে একবিংশ শতিকাৰ আৰম্ভণিতে “সংস্কৃতি” বিষয়টো বহনক্ষম উন্নয়নৰ চতুৰ্থ স্তম্ভলৈ পৰিগণিত হ’ল। ইয়াৰ পৰাই সাংস্কৃতিক বহনক্ষমতা(Cultural Sustainability)ৰ ধাৰণাটো সম্প্ৰসাৰিত হ’ল। 

প্ৰখ্যাত অৰ্থনীতিবিদ, সাংস্কৃতিক তাত্ত্বিক, পণ্ডিত ডেভিদ থ্ৰ’ছবাই(David Throsby)-এ তেওঁৰ ১৯৯৫ চনত প্ৰকাশিত ৰচনা “Culture, Economics and Sustainability”-ত সাংস্কৃতিক বহনক্ষমতাক পোনপ্ৰথমবাৰৰ বাবে সংজ্ঞায়িত কৰিছিল। থ্ৰ’ছবাইৰ মতে “Cultural sustainability implies the preservation and continuation of cultural practices, institutions, and values that maintain a community’s cultural identity over time.” ( উৎস: Journal of Cultural Economics,Vol. 19, No. 3 (1995), pp. 199-206) অৰ্থাৎ, সাংস্কৃতিক বহনক্ষমতাৰ অৰ্থ হৈছে একোটা সম্প্ৰদায়ৰ সেইবোৰ সাংস্কৃতিক পৰিচয়সূচক উপাদানৰ সংৰক্ষণ আৰু ধাৰাবাহিকতা ৰক্ষা যিবোৰে সেই সম্প্ৰদায় বিশেষৰ সাংস্কৃতিক পৰম্পৰা, আনুষ্ঠানিক বিধান আৰু প্ৰমূল্যবোধক কালান্তৰলৈ সংবহন কৰে।

জৈৱ-বৈচিত্ৰ্য যিদৰে প্ৰকৃতিতন্ত্ৰৰ বাবে অত্যাৱশ্যকীয়, সাংস্কৃতিক বিচিত্ৰতাও তেনেদৰে মানৱসভ্যতাৰ বাবে অপৰিহাৰ্য। ভৱিষ্যৎ প্ৰজন্মৰ বাবে সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, সাংস্কৃতিক বিচিত্ৰতাৰ ক্ষেত্ৰত আন্তঃসম্বন্ধৰ সন্ধান তথা সহাৱস্থানৰ পথ নিৰ্ণয়, সাংস্কৃতিক পৰিচয়ৰ ধাৰাবাহিকতা ৰক্ষা, সাংস্কৃতিক সংহতি আৰু উন্নয়ন আদিয়েই হৈছে সাংস্কৃতিক বহনক্ষমতাৰ মূল লক্ষ্য৷ 

সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ তথা ভৱিষ্যতলৈ সাংস্কৃতিক পৰিচয়ৰ সংবহনৰ এনে চিন্তা-চেতনাই সমসাময়িক সাহিত্যতো বিস্তৰ প্ৰভাৱ পেলায়। বিংশ শতিকাৰ শেষাৰ্দ্ধত যেতিয়া আফ্ৰিকা, এছিয়া, লেটিন আমেৰিকা আদি প্ৰান্তত ঔপনিৱেশিক শক্তিৰ সাংস্কৃতিক প্ৰভুত্বৰ বিৰোধ হ’বলৈ লয় তেতিয়া সমকালীন সমাজ-সাহিত্যকো ইয়াৰ প্ৰভাৱে জোঁকাৰি যায়। উত্তৰ-ঔপনিৱেশিক সাহিত্য ধাৰাত এনে ধ্যান-ধাৰণাৰ ব্যাপক প্ৰতিফলন দেখা যায়। Chinua Achebe, Ngũgĩ wa Thiong’o, Leslie Marmon Silko, Louise Edrich, ছলমান ৰুশ্বডি আদিৰ সাহিত্যৰ বিষয়বস্তু আৰু কাহিনী-কথন পৰম্পৰাত স্থানীয় পৰম্পৰা, ভাষা শৈলী, আঞ্চলিক দৃষ্টিভংগীৰ সংৰক্ষণে সাহিত্যত সংস্কৃতি সংৰক্ষণ আৰু পৰিচয় সংবহনৰ দৰে ধাৰণাৰ প্ৰতিষ্ঠা কৰি এই ধাৰাৰ শুভাৰম্ভণি ঘটায়। ভাৰততো মহাশ্বেতা দেৱী, টেমচুলা আও, গোপীনাথ মহান্তি, অৰুন্ধতী ৰয় আদি ভালেমান সাহিত্যিকে জনজাতীয়, স্থানীয় আৰু আঞ্চলিক পৰিচয়ক প্ৰতিভাত কৰি তোলা দেখা যায়। অসমীয়া সাহিত্যত বেজবৰুৱাৰ পাছত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, নীলমণি ফুকন আদি আৰু সাম্প্ৰতিক সময়ৰ য়েছে দৰজে ঠংচিকে প্ৰমুখ্য কৰি ভালেমান সাহিত্যিকে এনে চেতনাক সচেতনভাৱে ৰূপায়িত কৰা দেখা যায়।

আধুনিক অসমীয়া কবিতাৰ এক বলিষ্ঠ স্বাক্ষৰ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪)৷ বৰদলৈৰ কবিতা আধুনিক ধ্যান-ধাৰণাৰ সকলো উপকৰণেৰে সমৃদ্ধ। আমাৰ আলোচ্য কবিতা “কৰুণতম”ও ইয়াৰ ব্যতিক্ৰম নহয়। কবিতাটো কবিৰ দিনৰ পিছত দিন শীৰ্ষক কাব্যগ্ৰন্থত সংকলিত হৈছে। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত অসমৰ লোকজীৱন-সমাজ-সংস্কৃতিৰ ঐতিহ্যৰ প্ৰতিফলন, লুপ্তপ্ৰায় সাংস্কৃতিক উপকৰণৰ প্ৰতি উদ্বিগ্নতা তেনেই সুলভ। আলোচ্য কবিতাটিও তাৰেই ৰূপায়ণ যদিও ইয়াৰ মাজত অদ্যপি অনালোচিত এক সুকীয়া দৃষ্টিভংগী বিদ্যমান। আলোচনাৰ পূৰ্বে বৰদলৈৰ উক্ত কাব্য-পাঠটি ইয়াত উদ্ধৃত কৰা হ’ল—

কৰুণতম

আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে’ নাকত আহি লাগিলে
মই হেৰাপাওঁ মোৰ দেউতাক৷

দোকানৰ জাপভঙা
গামোচাৰ সুবাসত
মই হেৰাপাওঁ মোৰ আইক৷

মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম,
ক’ত??

তিনিটা স্তৱকত সৰ্বমুঠ দহটা শাৰীৰে ‘কৰুণতম’ এটি চুটি কবিতা। বৰদলৈৰ দিনৰ পিছত দিন কাব্য-সংকলনখনৰ প্ৰায়সমূহ কবিতাৰ সংক্ষিপ্তাৱয়ৱ লক্ষ্যণীয় বৈশিষ্ট্য৷ অৱশ্য ভাবৰ ব্যাপকতাই প্ৰতিটো কবিতাকে এক বিশেষ আয়তন প্ৰদান কৰিছে। 

আধুনিকতাৰ কৰাল গ্ৰাসত সংকটাপন্ন হৈ উঠিছে কবি আৰু কবিৰ অতীত প্ৰজন্মৰ অস্তিত্ব। কবি সন্ধিক্ষণৰ মানুহ। ‘কৰুণতম’- কবিৰ হৃদয় ৰোদন। প্ৰথম স্তৱকত কবিয়ে হেৰাই পাইছে তেওঁৰ পিতৃৰ অস্তিত্ব, আহিনৰ ভৰুণ পথাৰখনিৰ সুবাসত—

আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে’ নাকত আহি লাগিলে
মই হেৰাপাওঁ মোৰ দেউতাক৷

কবিৰ দেউতাক অতীতৰ কোনো কৰ্মঠ কৃষিজীৱী৷ আহিনৰ সোণালী পথাৰখনৰ দৰেই কবি-মানসত প্ৰতিভাত পিতৃৰ সোণালী স্মৃতি। চহা নিৰক্ষৰ কৃষক পিতৃৰ অসীম কৰুণাতে কবিয়ে লাভ কৰিছিল বোকা-মাটিৰ এটি সুন্দৰ শৈশৱ। ভৰুণ পথাৰ-ভঁৰাল। আকাল-অভাৱৰ সমস্যাহীন। সময়ৰ লগে লগে সলনি হ’ল দৃশ্যপট। আধুনিকতাত মোহান্ধ হৈ কবিৰ প্ৰজন্মই পথাৰ-ভঁৰাললৈ পিঠি দিলে। ঔদ্যোগিক অৰ্থনীতিয়ে গ্ৰাস কৰিলে সকলো। বতৰ পৰিৱৰ্তন-জলবায়ু পৰিৱৰ্তন। আহিনে কোনোবাখিনিত হেৰুৱাই পেলালে অতীজ ৰূপ-লাৱণ্য৷ সভ্য আৰু দ্ৰুত উন্নতিৰ নীচাত্মিকাত মূলচ্ছিন্ন হৈ পৰিল সকলো।

যুগসন্ধিত থিয় দি কবিয়ে গধুৰ অন্তৰেৰে প্ৰত্যক্ষ কৰিছে পৰিৱৰ্তনৰ ৰেহ-ৰূপ। কৃষিজীৱী সমাজ ক্ৰমাৎ অধুনালুপ্তিৰ দিশে। আহিনৰ সোণবৰণীয়া পথাৰ-চৌদিশজুৰি বিয়পি পৰা তাৰ সুবাসৰ পৰা এতিয়া বঞ্চিত কবি আৰু কবিৰ উত্তৰ প্ৰজন্ম। কদাচিৎ উপঙি অহা সেই সুবাস কবিৰ বিৰল প্ৰাপ্তি! ‘কেনেবাকে’ পদে বহন কৰিছে সেই দুৰ্লভ প্ৰাপ্তিৰ ইংগিতময়তা। কবিৰ এনে কৰুণতম উপলব্ধি তেওঁৰ আন এটি কবিতা ‘মৰ্মান্তিক’ত ধ্বনিত হৈছে এনেদৰে—

তেওঁক মই যোৱাগৈ দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
পথাৰৰ বঁকিয়াইদি।

মূৰত জাপি,
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক জিৰিক মাত।

তেওঁৰ পাছে পাছেই গ’লগৈ—
আঘোণৰ সোণবৰণীয়া ৰদ,
খেৰৰ চুবুৰীটো, বাঁহ-বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক।

গৈ আছিল আৰু গ’লগৈ।

কোনে জানে
তেওঁ আৰু এই জন্মত
উভতি আহিবনে নাহে!!

‘কৰুণতম’ কবিতাৰ দ্বিতীয় স্তৱকত কবিয়ে মাতৃৰ স্মৃতি সোঁৱৰণ কৰিছে। কবিৰ মাতৃ আছিল কাজী শিপিনী। বোৱা-কটাত অভ্যস্ত কবিৰ মাতৃৰ অস্তিত্ব তেওঁ বিচাৰি পাইছে জাপভঙা গামোচাৰ সুবাসত। 

ঔদ্যোগিক বিপ্লৱৰ ধাম্‌খুমীয়াত পৰি ক্ৰমাৎ নিশ্চিহ্ন হৈ পৰিল থলুৱা কুটীৰ শিল্পসমূহ। বজাৰ অৰ্থনীতিত নিৰূপিত নহ’ল থলুৱা বয়ন শিল্পৰ উচিত মূল্য৷ বহিৰাগত আমদানিৰ সৈতে ফেৰ মাৰিব নোৱাৰি ৰুদ্ধ হৈ পৰিল অসমীয়া শিপিনীৰ তাঁতশাল। এনে পৰিপ্ৰেক্ষিতত জাপভঙা গামোচাৰ সুবাস বিচাৰি উপায়ন্তৰ কবি ঢপলিয়াই যাবলগীয়া হৈছে কোনো বিপণীৰ কাষলৈ। তাতেই যেন বিচাৰি পাইছে তেওঁ মাতৃৰ চানেকি—

দোকানৰ জাপভঙা
গামোচাৰ সুবাসত
মই হেৰাপাওঁ মোৰ আইক৷

কবিতাটিৰ তৃতীয় স্তৱক আটাইতকৈ তাৎপৰ্যপূৰ্ণ—

মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম,
ক’ত??

সন্ধিক্ষণৰ কবিৰ এনে প্ৰশ্ন মুঠেই অমূলক নহয়। কবিৰ এই উদ্বিগ্নতাৰ বাস্তৱ ভিত্তি আছে। অতীত সংস্কৃতি-ঐতিহ্য সকলো অধুনালুপ্তিৰ উপক্ৰম হোৱাত সৰ্বহাৰাৰ ভাৱনাই কবিক চিন্তান্বিত কৰি তুলিছে। 

কবিৰ এই উদ্বিগ্নতা ভৱিষ্যতকেন্দ্ৰিক। কবিৰ পিতৃ-মাতৃয়ে অশেষ ত্যাগ-কষ্ট স্বীকাৰ কৰি হ’লেও পৰৱৰ্তী প্ৰজন্মক এক সম্পদশালী ভৱিষ্যৎ উপহাৰ দি থৈ গ’ল। পূৰ্বাপৰ প্ৰচলিত সাংস্কৃতিক ঐতিহ্য, স্বকীয় সাংস্কৃতিক পৰিচয়ক ভৱিষ্যৎ প্ৰজন্মলৈ যথোচিত ৰূপত সংবহন কৰি থৈ গ’ল। আধুনিকতাৰ নীচাত্মিকাত নিমজ্জিত কবিৰ প্ৰজন্মই সেই ধৰোহৰক উচিত মূল্য দিবলৈ অসমৰ্থ হ’ল। অসমৰ্থ হ’ল তাৰ ভৱিষ্যৎ সংৰক্ষণত। কবিৰ প্ৰজন্মৰ সমুখত বৰ্তি ৰ’ল এখন ধ্বংসমুখী পৃথিৱী। সত্তৰৰ দশকত ৰচিত এই কবিতাটিত সমসাময়িক বিশ্বৰ প্ৰকৃতিতন্ত্ৰলৈ আগমন ঘটা ভয়াৱহতা, অৰ্থনৈতিক অসমতা, সামাজিক-সাংস্কৃতিক বিপৰ্যয়, মানৱসভ্যতাৰ উন্নয়নৰ দৌৰত বধ্যভূমিলৈ ৰূপান্তৰিত হোৱা পৃথিৱীৰ ইংগিত আৱহমান হৈ আছে। কেউফালে ধূসৰতা দেখি কবিয়ে আত্মপৰিচয় হেৰুওৱাৰ শংকাত ভুগিছে—ভৱিষ্যৎ প্ৰজন্মক পূৰ্বাপৰ ঐতিহ্যৰ একো দি যাব নোৱাৰাত কবি আত্মগ্লানিত দগ্ধ হৈছে।

বহনক্ষম উন্নয়নৰ ধাৰণাই বৰ্তমান প্ৰজন্মই প্ৰাকৃতিকভাৱে লাভ কৰা সম্পদৰাজিৰ পৰিমিত ব্যৱহাৰক সূচায় যাতে ভৱিষ্যৎ প্ৰজন্মই অদূৰ ভৱিষ্যতে তাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। বহনক্ষম উন্নয়নৰ ধাৰণাই পৰৱৰ্তী সময়ত সম্প্ৰসাৰিত হৈ সাংস্কৃতিক দিশটোকো সাঙুৰি লয় আৰু সাংস্কৃতিক বহনক্ষমতাৰ দৰে ধাৰণাৰ উদ্‌গম হয়। 

সাংস্কৃতিক বহনক্ষমতাই একোটা জাতিৰ পৰিচয়ৰ বাহক সাংস্কৃতিক ঐতিহ্য বা উপাদানসমূহ ভৱিষ্যতলৈ সংৰক্ষণ তথা সংবহনক সূচায়। নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতা এনে ধাৰণাই তাত্ত্বিক আধাৰ লাভ কৰাৰ পূৰ্বৰে ৰচনা। তথাপি কবিতাটিত এনে চেতনাৰ ৰেঙনি দেখা যায়। কবিতাটিৰ মূল উপজীৱ্য সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ বা সংবহন নহয়। বৰঞ্চ কবিৰ সমকালীন প্ৰজন্মৰ হাতত নিঃশ্চিহ্ন হৈ পৰা অতীত ঐতিহ্য আৰু তাৰ ভৱিষ্যৎ সংৰক্ষণত কবিৰ অসমৰ্থতাৰ প্ৰতি গভীৰ দুঃখবোধহে ইয়াৰ মূলাধাৰ। এই দুঃখবোধেই কবিৰ অন্তৰৰ কৰণতম উপলব্ধি।

কবি নিৰ্মলপ্ৰভাৰ কাব্য-যাত্ৰা আৰম্ভই হৈছিল যুগসন্ধিৰ মানসতাত। ১৯৫৭ চনত প্ৰকাশিত তেওঁৰ প্ৰথম কাব্য-সংকলন বন ফৰিঙৰ ৰং-ৰ কবিতাসমূহক লৈ তেওঁ কৰা স্বগতোক্তিৰেই এই আলোচনাৰ মোখনি মৰা হ’ল— “কবিতাবোৰ যুগসন্ধিৰ ক্লান্তি, উদ্বাস্তু সমস্যাক লৈ সৃষ্টি হোৱা উদ্বেগ, যান্ত্রিক যুগৰ অভিশাপ ইত্যাদিৰে তেতিয়াই সমাজ-সচেতন আছিল। Sensitive কবিসকলৰ মনৰ বাহিৰৰ পৃথিৱীখনৰ পতন, ভণ্ডামি, কূটনীটিৰ খেলা বা প্ৰকৃতিৰ পৰা আঁতৰি অহা কাৰুণ্যই তীব্রভাবেই প্রতিক্রিয়া কৰে। যান্ত্রিক যুগৰ যন্ত্রণা অসমত তেতিয়া অনুভূত হৈছিল। বংগদেশৰ প্রখ্যাত কবি জীবনানন্দ দাশৰ কবিতাই সেই সময়ত মোক বৰকৈ মুগ্ধ কৰিছিল। ইংৰাজী কবিতাও অজস্ৰ পঢ়িছিলোঁ৷ বিশেষকৈ ৰিল্কে, ডাইলেন থমাছ, ৱাল্টা হুইটমেন, ডম মৰেইছ আদিৰ কবিতা।” (উৎস: মোৰ সৃষ্টিসমূহৰ নেপথ্যৰ কিছু কথা, ° নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতাসমগ্র, সম্পা. ড° মনোৰমা শৰ্মা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, ২০০৮ ইং )

সহায়ক সূত্ৰ
গ্ৰন্থপঞ্জী:
• বৰদলৈ, নিৰ্মলপ্ৰভা । জীৱন-জীৱন বৰ অনুপম । জ্যোতি প্ৰকাশন। ২০১৫ ইং
• শৰ্মা, মনোৰমা (সম্পা.)। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ গীত আৰু কবিতাসমগ্র। সদৌ অসম লেখিকা সমাৰোহ সমিতি । ২০০৮ ইং

গৱেষণা পত্ৰিকা:
• Throsby, David । “Culture, Economics and Sustainability” । Journal of Cultural Economics, Vol. 19, No. 3, Springer Nature, 1995, pp. 199-206
• মেধি, কবিতা । “বহনক্ষম উন্নয়নত জৈৱিক কৃষিৰ ভূমিকা” । AJANTA, Vol. VIII , ISSUE- II, PART- III , Ajanta Prakashan , April-June, 2019 , pp. 164-166

প্ৰতিবেদন:
• “OUR COMMON FUTURE”, A Report by World Commission on Environment and Development, 1987
• UNESCO World Conference on Cultural Policies for Development, Stockholm, 1998
• UNESCO Universal Declaration on Cultural Diversity, 2001
• লগতে ইণ্টাৰনেটত উপলব্ধ বিভিন্ন তথ্য-পাতিৰ সহায় লোৱা হৈছে।

ধ্ৰুৱজ্যোতি কলিতা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ৷ ইতিমধ্যে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক তেওঁৰ কিছুসংখ্যক গৱেষণামূলক প্ৰবন্ধ আৰু সৃষ্টিশীল ৰচনা আগশাৰীৰ কাকত-আলোচনী আৰু গ্ৰন্থ অধ্যায় ৰূপে প্ৰকাশ পাইছে৷ কটন বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে ‘নীলমণি ফুকন সোঁৱৰণী বঁটা’ৰ উপৰি বিদ্যায়তনিক ক্ষেত্ৰত পাৰদৰ্শিতাৰ বাবে ‘হেমন্ত কুমাৰ শৰ্মা স্মাৰক বিদ্যাৰ্থী বঁটা ২০২৪’, ‘লক্ষ্মীনন্দন বৰা শৈক্ষিক পাৰদৰ্শিতা বঁটা-২০২৫’ লাভ কৰিছে৷ ইমেইলঃ dhrubajkalita1122@gmail.com