সুৰেন্দ্ৰ মোহন দাস
শিশু-কবিতা শিশু-সাহিত্যৰে এটা অংগ৷ শিশু-সাহিত্য বুলিলে শিশু-কিশোৰৰ উপযোগীকৈ ডাঙৰে লিখি উলিওৱা সাহিত্যকৰ্মক বুজায়৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ লিখা ভালেমান লেখা বিভিন্ন কাকত-আলোচনীত আমি পঢ়িবলৈ পাই আহিছোঁ৷ এই লেখাসমূহৰ ভিতৰত সাধুকথা, গল্প, কবিতা, পদ্য, জীৱনী, প্ৰবন্ধ আদিয়েই প্ৰধান৷ ইয়াৰ উপৰি কুইজ, খেলৰ বাতৰি, শব্দ-শৃংখল, চিত্ৰাংকন, নাটক আদিও থাকে৷ শিশু-আলোচনীত ডাঙৰৰ লগতে শিশুসকলৰ লেখা, ছবি আদিও প্ৰকাশ পাই আহিছে৷ পুৰণি লেখক-লেখিকাসকলে লিখা পদ্যসমূহ আমাৰ সকলোৰে প্ৰিয়৷ আজিৰ লেখক-লেখিকাসকলৰ ভিতৰৰ ভালেমানে ছাত্ৰ অৱস্থাৰেপৰাই লিখি আহিছে৷ সেই পুৰণি ছাত্ৰ-ছাত্ৰীৰ মাজৰপৰাই বৰ্তমানে প্ৰতিষ্ঠা লাভ কৰা ভালেমান শিশু-সাহিত্যিকক আমি পাইছোঁ। ঠিক তেনেকৈ আজিৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰপৰাও ভৱিষ্যতে ভাল লেখক-লেখিকা, সাহিত্যিকৰ জন্ম হ’ব বুলিও আমি আশাবাদী৷
অসমীয়া শিশু-সাহিত্যৰ সকলো দিশৰ কথা আলোচনা নকৰি, ইয়াত মাথোঁ শিশু-কবিতা বা পদ্যৰ ধাৰা সম্পৰ্কেহে কিছু কথা আলোচনা কৰিব খুজিছোঁ৷ দেখি, শুনি, কল্পনা কৰি সাধুকথা, গল্প একোটা হয়তো লিখি উলিয়াব পাৰি৷ কিন্তু ছন্দোবদ্ধ কবিতা লিখাটো বৰ জটিল কাম৷ তাতে আকৌ শুদ্ধ ছন্দত৷ আচলতে শিশুসকলৰ মনৰ জগতখনত সোমোৱাটোৱেই দুৰূহ কাম৷ তাতে আকৌ সাধুকথাৰ সলনি যদি পদ্য ৰচনাৰ দৰে কঠিন কামত ব্ৰতী হ’বলগীয়া হয়৷ কোমল শব্দৰ সুন্দৰ ছন্দযুক্ত, ছবি থকা পদ্যহে শিশুসকলে পঢ়ি চাই বা শুনি ভাল পায়৷ ছন্দোবদ্ধ হ’লে মুখস্থ কৰিবলৈও সহজ হয় আৰু তেনে কবিতা আবৃত্তি কৰিবলৈও ভাল পায় তেওঁলোকে৷
লিখিত সাহিত্যৰ আগেয়ে সকলোবোৰ মৌখিক সাহিত্যহে আছিল৷ অসমীয়া ভাষাতো মৌখিকভাৱে নানা গীত-পদ, প্ৰবাদ-প্ৰবচন, যোজনা-পটন্তৰ, সাঁথৰ, নিচুকনি গীত আদিৰ প্ৰচলন আছিল৷ মৌখিক সাহিত্যৰ সময়ত এইবোৰ পদ্যতে ৰচনা কৰিছিল আৰু সেই পদ্যবোৰ মুখ বাগৰি কিছুমান সলনি হৈছিল৷ পাছলৈ এই সকলোবোৰে লিখিত ৰূপ লয়৷
ষোড়শ শতিকাতে ৰাম সৰস্বতীয়ে ৰচনা কৰা বধকাব্যসমূহৰ পাঠ যদি ডাঙৰসকলে শিশুসকলক পঢ়ি শুনালেহেঁতেন বা পঢ়াৰ ব্যৱস্থা কৰিলেহেঁতেন, তেনে ৰসাল পদ্যসমূহ শুনি বা পঢ়ি তেওঁলোকে নিশ্চয় আমোদ পালেহেঁতেন৷ কিন্তু আজিকালি সকলোৱে নিজক লৈ আৰু ল’ৰা-ছোৱালীক ‘যান্ত্ৰিক মানুহ’ কৰাৰ নিগনি দৌৰত ব্যস্ত৷ আমাৰ দিনত থকাৰ দৰে পাঠ্যপুথিত এতিয়া ৰাম সৰস্বতীয়ে পদ্যত ৰচনা কৰা ভীম–চৰিতৰ ৰসাল কাহিনী সন্নিৱিষ্ট আছে নে নাই নাজানো৷ তাৰো আগৰ অৰ্থাৎ পঞ্চদশ শতিকাৰ শংকৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ ৰচনা সকলোৰে জ্ঞাত৷ তেৰাসৱৰো পূৰ্বে মাধৱ কন্দলি, হেম সৰস্বতী, হৰিবৰ বিপ্ৰ আদিয়ে ৰামায়ণ, মহাভাৰতৰ কাহিনী, উপকাহিনীবোৰ অসমীয়া ভাষাৰ পদ্যত ৰচনা কৰিছিল আৰু সেই উপকাহিনীবোৰত শিশুসকলৰ বাবেও যথেষ্ট সমল আছে৷ ভক্ত প্ৰহ্লাদৰ কথা পঢ়িও শিশুসকলে ভাল পাব৷ শিশুক টোপনি নিয়াবৰ বাবে মাক, আইতাকসকলে গোৱা নিচুকনি গীত, জোনবাইৰ কথা, ফুল, তৰাৰ কথা মুখে মুখে চলি আহিছে৷ পৰৱৰ্তী সময়ত এইবোৰ গীত, সাধু, শিশু-কবিতা স্বৰূপে কিতাপত ছপা হৈছে৷ প্ৰাক্-শংকৰী আৰু শংকৰী যুগৰ পয়াৰ, দুলড়ী, ছবি, লেচাৰি আদি ভিন ভিন ছন্দত ৰচিত পদসমূহৰ পৰাই পৰৱৰ্তী সময়ত বিভিন্নজনে আধুনিক কালৰ ছন্দোবদ্ধ কবিতা ৰচনা কৰিছিল৷ শিশুসকলৰ বাবে ৰচিত এই কবিতাবোৰত নীতিশিক্ষাৰ লগতে শিশুক আকৰ্ষণ কৰিব পৰাকৈ হাস্যৰসৰো সংযোগ হৈছিল৷
সামগ্ৰিকভাৱে অসমীয়া শিশু-সাহিত্য আৰু বিশেষভাৱে শিশু-কবিতাৰ বিকাশৰ ক্ষেত্ৰত অসমীয়া আলোচনীসমূহৰ উল্লেখযোগ্য বৰঙণি আছে৷ আলোচনীৰ পাতত লিখিব পৰা সুবিধাটো থকা বাবেই বহুতো লেখকে লিখে৷ সেই কাৰণটোতেই অসমীয়া শিশু-কবিতা সৃষ্টিৰ ক্ষেত্ৰখন বহল হৈছে৷ প্ৰথম অসমীয়া আলোচনী অৰুনোদইৰ পাতত অসমীয়া লেখাবোৰ প্ৰকাশৰ পাছত লাহে লাহে অসমীয়া শিশু-আলোচনীৰো জন্ম হয়৷ বিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে প্ৰকৃততে শিশু-কবিতাৰ প্ৰচলন হয়৷ প্ৰথম অসমীয়া শিশু-আলোচনী হ’ল ল’ৰাবন্ধু৷ ১৮৮৮ চনত প্ৰকাশ পোৱা আলোচনীখনৰ সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা৷ প্ৰথম অৱস্থাত শিশু-আলোচনীত কাহিনী, সাধুকথা, নীতিবচনমূলক কথা, দেশ-বিদেশৰ কথা আদিহে প্ৰকাশ পাইছিল৷ পাছলৈ শিশু-কবিতাও প্ৰকাশ হ’বলৈ ধৰে৷ ল’ৰাবন্ধু প্ৰকাশৰ সুদীৰ্ঘ ২৮ বছৰৰ পাছত ১৯১৬ চনত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাৰে প্ৰকাশ পাইছিল অকণ নামৰ শিশু-আলোচনীখন৷ দ্বিতীয় শিশু-আলোচনী অকণৰ পাছত ভালেমান অসমীয়া শিশু-আলোচনী প্ৰকাশ পাইছিল৷ কিন্তু সৰহ সংখ্যক আলোচনীয়েই দীঘলীয়া সময়ৰ বাবে তিষ্ঠি থাকিব নোৱাৰিলে৷ যোৱা শতিকাৰ তেনে কেইখনমান শিশু-আলোচনী হ’ল মইনা (১৯২৩), অৰুণ (১৯২৭), আমাৰ দেশ (১৯৩২), পখিলা (১৯৩৩), অকণ (১৯৩৩), পাৰিজাত (১৯৪০), ৰংঘৰ (১৯৪০), কাঁচিজোন (১৯৫১), দীপক (১৯৫৪), জোনবাই (১৯৬১), মইনা (১৯৬২) ইত্যাদি৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে সৰ্বভাৰতীয় শিশু-আলোচনী চান্দমামাৰ অসমীয়া সংস্কৰণ প্ৰকাশ পাইছিল ১৯৭৬ চনত৷ আন এখন সৰ্বভাৰতীয় শিশু-আলোচনী হ’ল টিংকল৷ ১৯৮৪ চনত প্ৰকাশ পাইছিল৷ ১৯৮২ চনত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাইছিল সঁফুৰা, যিখনৰ এতিয়াও প্ৰচলন হৈ আছে৷ অৱশ্যে ড° শইকীয়াৰ মৃত্যুৰ পাছত কিছুকাল সঁফুৰাৰ প্ৰকাশ বন্ধ আছিল৷
১৯৮৪ চনতেই শান্তনু তামূলীৰ সম্পাদনাত প্ৰকাশ পোৱা মৌচাক আলোচনীখনে বিশেষ উল্লেখনীয় স্থান দখল কৰি আছে৷ কিয়নো ১৯৮৪ চনৰেপৰা বৰ্তমানলৈকে সুদীৰ্ঘ চাৰিটা দশক নিৰৱচ্ছিন্নভাৱে প্ৰকাশ পাই আহিছে আলোচনীখন৷ শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত আৰু ১৯৮৮ চনৰপৰা একেলেথাৰিয়ে প্ৰকাশ পাই অহা একমাত্ৰ বিজ্ঞান আলোচনী হ’ল নতুন আৱিষ্কাৰ৷ অৱশ্যে বিজ্ঞান জেউতি ১৯৬৬ চনতে প্ৰকাশ পাইছিল যদিও মাজছোৱাত ভালেমান দিন বন্ধ হৈ আছিল৷ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত বৰ্তমানৰ মুকুতা আলোচনীখন কুমুদ গোস্বামীৰ সম্পাদনাৰে প্ৰথম প্ৰকাশ পাইছিল ১৯৮৭ চনত৷ কিন্তু মাজতে ইয়াৰ প্ৰকাশ বন্ধ হৈ আছিল৷ ১৯৯৫ চনত ওলাইছিল অকণিৰ অগ্ৰদূত৷ বৰ্তমান প্ৰচলিত শিশু-আলোচনীসমূহৰ প্ৰমুখ মৌচাক, সঁফুৰা, মুকুতা, নতুন ৰংমেলা, ৰংমন, বাৰওঠৰ আদি মাহেকীয়া আলোচনীবোৰত বহুতো কবিৰ কবিতা প্ৰকাশ পাই আহিছে৷ সি যি হওক, এই আলোচনীবোৰৰ পাততেই আৰম্ভণি কালৰ পৰা এতিয়ালৈকে অজস্ৰ কবিৰ শিশু-কবিতা প্ৰকাশ পাইছে আৰু পৰৱৰ্তী সময়ত ভালেমান কবিয়ে বা প্ৰকাশন গোষ্ঠীয়ে সেইবোৰ কিতাপ আকাৰে সংকলিত কৰিছে৷ তেনেদৰে এই আলোচনীসমূহেই শিশুৰ বাবে লেখা লেখক আৰু কবিৰ সৃষ্টি কৰিছে আৰু অসমীয়া শিশু-কবিতাৰ ভঁৰাল চহকী কৰিছে৷ দৈনিক বাতৰিকাকতসমূহৰ প্ৰায়ভাগতে সাপ্তাহিক বা পষেকীয়া শিশু-শিতান আছে৷ উদাহৰণস্বৰূপে দৈনিক জনমভূমিৰ সাপ্তাহিক শিতান ‘মইনা-মেল’, দৈনিক অসমৰ পষেকীয়া শিতান ‘অকণিৰ ৰংঘৰ’, অসমীয়া প্ৰতিদিনৰ সাপ্তাহিক পৃষ্ঠা ‘সাদিনৰ চোতাল’, অসমীয়া খবৰৰ ‘মৌমেল’ ইত্যাদি৷ এই পৰিপূৰিকাসমূহতো যথেষ্ট সংখ্যক শিশু-কবিতা প্ৰকাশ পাই আহিছে৷ এইবোৰেও শিশু-সাহিত্য আৰু শিশু-কবিতাৰ ভঁৰাল মজবুত কৰিছে৷ ইয়াৰ উপৰি অসমৰ প্ৰায় পাঁচ হাজাৰমান বিদ্যালয়ৰ আলোচনীবোৰে শিশুসকলৰ বৌদ্ধিক বিকাশত অৰিহণা যোগাইছে৷
পুৰণি পুথিসমূহৰ কাব্য পদানুসৰণ কৰি বহুতো কবিয়ে যোৱা শতিকাৰ আৰম্ভণিৰ পৰাই অসমীয়া শিশু-কবিতা ৰচনা কৰি আহিছে৷ মহম্মদ চোলেইমান খাঁ, অনন্ত দেৱ শৰ্মা, যতিনাৰায়ণ শৰ্মা, দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা, মিত্ৰদেৱ মহন্ত, বলদেৱ মহন্ত, লীলা গগৈ, পদ্মনাথ গোহাঞিবৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, ধনাই বৰা, আনন্দচন্দ্ৰ আগৰৱালা, বিনন্দচন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মফিজুদ্দিন আহমদ হাজৰিকা, ৰত্নকান্ত বৰকাকতী, হৰিনাৰায়ণ দত্তবৰুৱা, নৱকান্ত বৰুৱা, ড° ভবেন্দ্ৰ নাথ শইকীয়া, নীলিমা দত্ত, গগনচন্দ্ৰ অধিকাৰী ইত্যাদি বহু কবিয়ে অসমীয়া শিশু-কবিতাৰ জগতখন সমৃদ্ধ কৰিছে৷ এইসকলৰ প্ৰায়ভাগেই পয়াৰ অথবা ত্ৰিপদী ছন্দত কবিতাবোৰ ৰচনা কৰিছে৷ দীঘলীয়া নহ’বৰ বাবে মাথোঁ কেইটামান কবিতাৰ উদ্ধৃতিহে দিয়াৰ প্ৰয়াস কৰিলোঁ৷
বলদেৱ মহন্তৰ প্ৰায়বোৰ কবিতাই পয়াৰ বা পদ ছন্দত ৰচিত৷ প্ৰতিটো শাৰী চৈধ্য-আখৰীয়া৷ তেওঁৰ ভালেমান কবিতা আমাৰ পাঠ্যপুথিত আছিল আৰু সুন্দৰ ছন্দত ৰচিত উপদেশমূলক এই কবিতাবোৰ পঢ়ি আমাৰ মনত ৰৈ গৈছিল৷ সকলোৰে প্ৰিয় কেইটামান কবিতাৰ প্ৰথম শাৰীবোৰ এনেকুৱা— “মূৰ্খপুত্ৰ হয় যদি এশ বা হাজাৰ/ সিহঁতৰ পৰা নাই একো উপকাৰ” (গুণী পুত্ৰ), “বজালেই কাঁহ-পাত্ৰ ভগা ভাল চিনি/ সাক্ষী ক’লে চিনি লোক কত দূৰ জ্ঞানী” (কেতিয়া কাক চিনি), “সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ/ অণুমাত্ৰ সুখ নাই চিৰৰুগীয়াৰ” (কাৰ সুখ নাই), “সাপৰ সমান খং কাৰো নাই নাই/ হিমালয় সম গিৰি পৃথিৱীত নাই” (কাৰ সমান কি নাই) ইত্যাদি৷ আটাইকেইটা কবিতাৰ শাৰীবোৰ পঢ়িলে এটা কবিতা পঢ়া যেনেই নালাগেনে? একেদৰে সূৰ্য্যকুমাৰ ভূঞাৰ ‘ধনপতি বুলি তুমি লভিছা সন্মান/ দেশব্যাপী শুনো মাথোঁ তোমাৰেহে গান৷/ আমি জানো তুমি ধন লভিলা কিমতে/ মিছা প্ৰৱঞ্চনা আৰু ভণ্ডামিৰ স’তে৷’ (ধনপতি)
আনন্দচন্দ্ৰ আগৰৱালাৰ ‘মৰমৰ আই’, সুখৰ ঠাই’, ‘সুখ’, ‘উপদেশ’, ‘আমাৰ গাঁও’, ‘চহা আৰু পণ্ডিত’, ‘জীৱন সংগীত’ আদি কবিতাৰ প্ৰতিটো শাৰীৰ আখৰৰ সংখ্যাৰ সমমিল আছে আৰু ত্ৰিপদী দুলড়ী ছন্দত ৰচনা কৰিছে৷ যেনে, ‘শুৱনি আমাৰ, গাঁওখন অতি / শুৱনি গছেৰে ভৰা / ডাল ভৰি ভৰি, ফল ফুল লাগে / কত পাওঁ তলসৰা৷’ (আমাৰ গাঁও) ঠিক তেনেকৈ ৰঘুনাথ চৌধাৰীৰ ‘নিচিনো তোমাক, ক’ত আছা প্ৰভু / আমি অতি সৰু ল’ৰা / চিঞৰি চিঞৰি, মাতিলে তোমাক / নামাতা দূৰৈৰ পৰা’ (ঈশ্বৰ); ‘চকুৰে নমনা, ক্ষুদ্ৰ ধূলিকণা / বতাহত উৰি উৰি / ফুলৰ পাহিত, ওখ বিৰিখত / পৰে দশোদিশ জুৰি’ (অহংকাৰ); চোলেইমান খানৰ ‘সৰু কিম্বা বৰ, আপোন কি পৰ / নক’বা বচন বঢ়া / নিতে সৰু হ’ই, মিঠা কথা ক’ই / সবাকে তুষিব পাৰা ‘ (বিনয়) আদি কবিতাও দুলড়ী ছন্দত ৰচিত সুন্দৰ কবিতা৷ কেতিয়াবা কেতিয়াবা কবিসকলে পয়াৰৰ পৰা দীৰ্ঘ পয়াৰ, দীৰ্ঘ ত্ৰিপদী ছন্দত কবিতা ৰচিছে৷ যেনে, হৰিনাৰায়ণ দত্তবৰুৱাৰ ‘যেতিয়াৰ যিটো বন, কৰা তেতিয়াই / পাছলৈ নথ’বা পেলাই / কৰিম কৰিম বুলি, গহৰি কৰিলে / কৰিব কি পাৰে কোনোবাই?’ (যেতিয়াৰ যিটো বন৷); ‘ঘূৰোৱা তোমাৰ বোপা, আগবঢ়া ভৰি / নামাৰিবা ক্ষুদ্ৰ পৰুৱাক / তুমি যাক অৱহেলা, কৰিছা সোণাই / জীৱ দিছে ঈশ্বৰেহে তাক৷’ (দয়া) ইত্যাদি৷
বিংশ শতিকাৰ শেষৰ তিনিটা দশক আৰু এই শতিকাৰ দুটা দশকত শিশু-কবিতা ৰচনাৰ ক্ষেত্ৰত অতি পৰিচিত আৰু জনপ্ৰিয় শিশু-সাহিত্যিকগৰাকী হৈছে গগন চন্দ্ৰ অধিকাৰী৷ তেওঁৰ প্ৰথম শিশু-কবিতা পুথি হৈছে টকাত একোটা হাতী৷ দ্বিতীয় শিশু-কবিতাৰ পুথি হৈছে সাহিত্য প্ৰকাশে প্ৰকাশ কৰা ৰ’দালি এ, ৰ’দ একণ দে। আন পদ্যৰ পুথিসমূহ হৈছে টৰ্চ মৰা মহ, তিনিখন ঠেং হ’ল বুঢ়ী আইতাৰ, আখৰৰ গীত, কে কে হুৱা, মাৰ গুলী পকা চুলি… ভিজা মেকুৰীৰ অতপালি ইত্যাদি৷ এই আটাইবোৰ কবিতাপুথিৰ কবিতাবোৰ হাস্য ৰসেৰে পূৰ্ণ আৰু ছন্দোময়৷ তেওঁৰ কবিতাত পয়াৰ ছন্দৰ উপৰি তেওঁ বিভিন্ন প্ৰকাৰৰ নিজা ছন্দশিল্পও প্ৰয়োগ কৰিছে৷ দুটামান কবিতাৰ শাৰী এনেকুৱা— ‘কৰাছীত বোলে ফৰাচীসকলে / কিনে জাপানৰ পাণ / শিয়ালকোটত শিয়ালেহে কোট / কৰি থাকে পৰিধান’ (গোল ভূগোল) আকৌ, ‘মেকুৰী এটাই, চেঁকুৰি চেঁকুৰি / কেঁকুৰি এটা পালে / গণি গণি গণি, তিনিটা নিগনি / কামুৰি কামুৰি খালে’ ( কিবাকিবি)৷
‘শিশু-সাহিত্য’ বুলিলে কেৱল যেন গদ্যকহে বুজায়, পদ্যৰ নাম-গোন্ধেই নাই, কেৱল পদ্য লিখিলে শিশু-সাহিত্যৰ অংশীদাৰ হ’ব নোৱাৰে— এনে ভাব হয় কেতিয়াবা৷ আমি ভালেকেইখন শিশু-সাহিত্য সমগ্ৰত এই কথা দেখিছোঁ যে আগৰ কবিসকলৰ দৰে শুদ্ধ ছন্দত কবিতা লিখা মানুহ নাইকিয়া হৈ আহিছে৷ যুগললোচন দাস , বন্দিতা ফুকন, তোষপ্ৰভা কলিতা, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, শশীপ্ৰভা দাস, ডা° কিৰণময়ী তামূলী আদি শিশু-সাহিত্যিকসকলে শিশুসকলৰ বাবে গদ্য ৰচনাতহে অধিক গুৰুত্ব দিছে৷ এলি আহমেদে শিশুৰ বাবে ভালেমান গীত আৰু কবিতা ৰচনা কৰিছে৷ হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ দ্বাৰা সম্পাদিত বিংশ শতিকাৰ লেখিকাৰ শিশু-সাহিত্য সম্ভাৰ সংকলনখনত ২৮গৰাকী লেখিকাই সাধু, ৩৯গৰাকীয়ে গল্প, ১৫গৰাকীয়ে জীৱনী আদি লিখাৰ বিপৰীতে ৩৩গৰাকীয়েহে শিশু-কবিতা লিখিছে৷ এই ৩৩টাৰ ভিতৰতো কেইটামান হৈছে সাধুৰ পদ্যৰূপহে, মৌলিক শিশু-কবিতা নহয়৷ কিছুমান পদ্যৰ ছন্দমিল সঠিক হোৱাই নাই৷ উদাহৰণস্বৰূপে ‘ভূঁইকঁপ’ কবিতাটো পঢ়িলেই কথাটো বুজিব পাৰি— ‘ঘটঘটকৈ বিছনাখন / উঠে কিয় কঁপি / মই চালোঁ ঘূৰি ঘূৰি / কোনে দিলে ঠেলি৷’ আকৌ, ‘মা আছে পাকঘৰত / লাউ-বেঙেনা কুটি / দেউতা আছে পঢ়া মেজত / কিবাকিবি লেখি৷’ কেৱল আ-কাৰ, ই-কাৰ মিলালেই যে ছন্দমিল হোৱাটো নুবুজায়, সেই কথাটোকে নুবুজা কবিয়ে শিশুৰ বাবে ছন্দোবদ্ধ কবিতা লিখা উচিত নহয়৷ কিয়নো তেনে ভুল ছন্দই শিশুক ভুল শিক্ষাহে দিব৷ আখৰ আৰু ধ্বনিৰ মিল হ’লেহে প্ৰকৃত ছন্দোবদ্ধ কবিতা হয়৷ ‘কঁপি’ৰ লগত ‘ঠেলি’, ‘কুটি’ৰ লগত ‘লেখি’ শব্দৰ ছন্দমিল হ’ব পাৰেনে? আকৌ ‘লেখি’ শব্দটোৰ অৰ্থ হৈছে গণনা কৰি৷ দেউতাকে পঢ়ামেজত গণনা কৰি থকা নাছিল৷ লিখিহে আছিল৷ এতেকে ‘লেখি’ৰ ঠাইত ‘লিখি’ লিখিলেহে শিশুসকলে প্ৰকৃত সত্যৰ লগত পৰিচিত হ’ব৷ অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ ইমানেই দুখীয়া হ’লনে যে আগৰ বৰেণ্য কবিসকলে লিখাৰ দৰে সুন্দৰ অন্ত্যমিলৰ ছন্দ লিখিব নোৱৰা হ’ল? আজিকালি সামাজিক মাধ্যমতো এনেধৰণৰ কবিতা দেখি ‘ক’ত লুকাওঁ, ক’তে মৰোঁ’ ধৰণৰ অৱস্থা হয় আমাৰ৷
‘হিয়াৰ ৰামধেনু’ৰ দ্বাৰা প্ৰকাশিত আৰু অনুভৱ পৰাশৰৰ দ্বাৰা সম্পাদিত নিৰ্বাচিত অসমীয়া শিশু-কবিতা নামৰ গ্ৰন্থখনত প্ৰায় ন-কুৰি শিশু-কবিতা সন্নিৱিষ্ট হৈছে৷ প্ৰথম ভাগত পুৰণি কবিসকলৰ আৰু দ্বিতীয় ভাগত কিছুমান পুৰণি আৰু সৰহসংখ্যক নতুন কবিৰ শিশু-কবিতা সংকলিত হৈছে৷ নবীন কবিসকলৰ সৰহসংখ্যকৰেই কবিতাবোৰ পঢ়ি ভাব হ’ল যে পুৰণি কবিসকলৰ ছন্দোবদ্ধ কবিতা তেওঁলোকে ভালদৰে অধ্যয়ন নকৰাকৈয়ে শিশু-কবিতা লিখাৰ বৃথা চেষ্টা কৰিছে৷ উদ্ধৃতি দিয়াৰ পৰা বিৰত থাকিলোঁ৷
ভবেন কুমাৰ বৰাৰ অকাল বিয়োগে অসমীয়া শিশু-কবিতাৰ ক্ষেত্ৰখন বহুত ক্ষতিগ্ৰস্ত কৰিলে৷ ভবেন কুমাৰ বৰা ৰচনাসম্ভাৰ ফচলত সন্নিবিষ্ট কবিতাসমূহ কণ কণ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ ৰচনা কৰিছিল আৰু অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৈছে৷ তাৰে দুশাৰীমান এনেকুৱা — ‘এদিন ৰাতিপুৱা / লাগিল হুৱা-দুৱা / শিয়াল ককায়ে মনৰ দুখত / দিছিলে বোলে হোৱা / ভতুৱা এটাই পটুৱা চেলেকি / শুনিছিল তাৰ হোৱা / শিয়াল ককাইক পকাই সুধিলে / হৈছে কি কোৱা৷’ আকৌ, ‘কণমানি ছাগলী/ কোঁচত থাকে বহি / পঢ়া-শুনাত মন নাই / ফালে কিতাপ-বহী৷’ —এনেকুৱা পদ্যবোৰে শিশুৰ মনত অপাৰ আনন্দ দিয়ে৷ ছবি দিলে আৰু ভাল পায় শিশুহঁতে৷
প্ৰায় কুৰিখন শিশু-গ্ৰন্থ ৰচনা কৰা শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীৰ লেখা আৰু পদ্যবোৰ নপঢ়া পঢ়ুৱৈ হয়তো কমেইহে ওলাব৷ তেওঁৰ শিশু-সাহিত্য (প্ৰথম ভাগ) ১৮৮ পৃষ্ঠাৰ ক্ৰাউন ছাইজৰ শিশু-কবিতাৰ গ্ৰন্থ৷ গগন চন্দ্ৰ অধিকাৰীৰ ভাতৃ শশীন্দ্ৰ কুমাৰ অধিকাৰীৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে চচল স্বৰ্ণ শাখা সাহিত্য সভাই৷ শিশুমনক আকৰ্ষণ কৰিব পৰা ছন্দ শিল্পৰ সুন্দৰ প্ৰকাশেৰে অধিকাৰীয়ে অসমীয়া শিশু-আলোচনী আৰু কাকতৰ শিশু-পৃষ্ঠাত অজস্ৰ কবিতা লিখিছিল৷ তেওঁৰ শিশু-কবিতা পুথি ভাইটিৰ ভাবনা, কাকতি ফৰিং আৰু বৰুৱা শ্ৰীগু, বনৰ ৰজাৰ কথা, আইতাৰ লিপ্ষ্টিক, অদ্ভূত অদ্ভূত আদিৰ পৰাই গ্ৰন্থখন সংকলিত হৈছে৷ সুন্দৰ ছন্দৰ কবিতা লিখা এই শিশু-সাহিত্যিকগৰাকীকো অসময়ত হেৰুৱাই পদ্যৰ ক্ষেত্ৰত আমি অধিক দুখীয়া হ’লোঁ৷ তেওঁৰ দুটামান পদ্যৰ শাৰী এনেকুৱা — ‘ভাইটিয়ে আইতাৰ ওচৰতে বহি / সুধিলেহি মাৰি এটা মিচিকিয়া হাঁহি — / তিনিকুৰি বয়সতো ৰঙা টিক্টিক্ / কিয় ঘঁহা আইতা তুমি লিপ্ষ্টিক?’ (আইতাৰ লিপ্ষ্টিক) আকৌ, ‘দিনে নিশাই, ভাইটিয়ে ভাবি / উৱাদিহ পোৱা নাই / কি যে আচৰিত, আটাইমখাই / থকাটোকো কয় নাই, / ককাই সদায়, কাহিলি পুৱাই / গা ধুবলৈ গৈ, / পেটটো ফুলাই, দিয়ে তাতে তেল / আঙুলি মূৰত লৈ৷…’ (থকাটোকো কয় নাই৷)
শশীপ্ৰভা দাসৰ শব্দত উজুটি খাওঁ নামৰ পুথিখনত এঘাৰটা শিশু-কবিতা সন্নিৱিষ্ট হৈছে৷ পদ্যসমূহ ছন্দোবদ্ধ৷ ‘শীত ককা’ নামৰ পদ্যত ‘হলৌ-চোলা হলৌ-পেণ্ট / মূৰত উলৰ হেট / আঁঠুলৈকে ওলমিছে / দীঘল গৰম পেণ্ট৷’ ভাল লগা শিশু-কবিতা৷ সাম্প্ৰতিক সময়ত বিভিন্ন কাকত-আলোচনীত শিশু-কবিতা লিখি থকা কবিসকলৰ ভিতৰত সুৰেন্দ্ৰ মোহন দাস, তপন বৰুৱা, জোনমণি দাস, পুলেনৰাজ ডেকা, অৰুণ গগৈ, স্বপ্নালী কলিতা, নিৰু দত্ত, প্ৰতিভা ভাগৱতী, অনসূয়া বৰঠাকুৰ, ঝৰ্ণালী শৰ্মা বৰকটকী, অংকুৰিতা ফুকন, গায়ত্ৰী দেৱী বৰঠাকুৰ, ভাৰতী চক্ৰৱৰ্তী, প্ৰদীপ পাটগিৰি, দিগন্ত কুমাৰ বড়া, গীতুমণি তালুকদাৰ, অৰুন্ধতী ফুকন, যুতিকা শৰ্মা, অনিমা বৰঠাকুৰ, জাহ্নৱী কাকতি, যোগানন্দ মহন্ত, অতুল চন্দ্ৰ বৰা, সত্যজিৎ নাথ, সংকল্পজিৎ শইকীয়া আদিৰ নাম উল্লেখযোগ্য৷ ওপৰত উল্লেখ কৰা লেখকসকলৰ ভালেকেইজনে শিশু-কবিতাৰ পুথি প্ৰকাশ কৰি উলিয়াইছে৷ তাৰ ভিতৰৰে জোনমণি দাসৰ মইনাহঁতৰ ওমলা পদ্য পুথিৰ বাবে ‘কিৰণ তামূলী শিশু-সাহিত্য বঁটা’, সুৰেন্দ্ৰ মোহন দাসৰ পদ্যৰ সঁফুৰা পুথিৰ বাবে অকণিৰ সাহিত্য সভাৰ ‘বৰ্ষশ্ৰেষ্ঠ শিশু-গ্ৰন্থ বঁটা’ লাভ কৰিছে৷ বৰ্তমানে কাকত আলোচনীত লিখি থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰী শৈবালসাগৰ বৰা, এইচ্ বি দিব্যাক্ষী চৌধুৰী আদিয়ে একাণপতীয়াকৈ লাগি থাকিলে আগলৈ ভাল শিশু-কবিতাৰ লেখক হ’বগৈ বুলি আশা কৰিব পাৰি৷ অসমীয়া শিশু-কবিতাৰ জয়জয় ময়ময় হওক৷
সুৰেন্দ্ৰ মোহন দাস এগৰাকী শিশু-সাহিত্যিক আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া৷ গুৱাহাটী নিবাসী দাসে শিশু-কিশোৰৰ বাবে বিভিন্ন আলোচনীত শিশু-কবিতা আৰু সৰু সৰু লেখা ১৯৯৬ চনৰ পৰা লিখি আহিছে৷ বিভিন্ন কাকত-আলোচনীত তেওঁৰ শব্দ আৰু ভাষাৰ ব্যৱহাৰ সম্পৰ্কে ভালেমান লেখা, চিঠিপত্ৰ প্ৰকাশ পাইছে৷ পদ্যৰ সঁফুৰা আৰু তিনিকুৰি শব্দবিভ্ৰাট তেওঁৰ প্ৰকাশিত গ্ৰন্থ৷ পদ্যৰ সঁফুৰা গ্ৰন্থখনলৈ অকণিৰ সাহিত্য সভাই ‘২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশু-গ্ৰন্থ বঁটা’ আগবঢ়াইছিল৷