ড০ সত্যকাম বৰঠাকুৰ
কবিতাৰ ইতিহাস প্ৰণয়ন কৰাটো যথেষ্ট ব্যাপক আৰু বৌদ্ধিক কছৰতৰ কাম৷ এই পৰ্যায়ৰ কাম এটা কৰিব পৰাকৈ মোৰ জ্ঞানৰ পৰিসৰ সমৃদ্ধ নহয়৷ তথাপি সাহিত্যৰ ছাত্ৰ হিচাপে ইতিহাসৰ ন ন পৰ্যবেক্ষণ আৰু বিষয়ভিত্তিক বিশ্লেষণৰ প্ৰতি সদায় এটি আগ্ৰহ অনুভৱ কৰি আহিছোঁ৷ মই বিশ্বাস কৰোঁ যে, ইতিহাস বোলা ধাৰণাটো এটা বদ্ধমূল সত্য বুলি ভাবিব পৰা কথা নহয়৷ ইতিহাস হৈছে এগৰাকী পৰ্যবেক্ষকে নিজৰ জ্ঞান, বুদ্ধি, দৰ্শন আৰু ৰাজনৈতিক আদৰ্শৰ দ্বাৰা লাভ কৰা মনোভংগীৰে আগবঢ়োৱা অতীত দিনৰ ব্যাখ্যা৷ সেই বাবে এটা সময়ৰ প্ৰভাৱশালী ৰাজনৈতিক আদৰ্শৰ সপক্ষ বা বিপক্ষৰ সীমা দুটা পাৰ হৈ সেই কালৰ ইতিহাসচৰ্চাই এক পানী নসৰকা নিৰপেক্ষ পাঠ তৈয়াৰ কৰিব নোৱাৰে৷ একেটা কাৰণতে এটা সময়ত আলোচিত ইতিহাসৰে আন এক সময়ত নতুন ব্যাখ্যা তৈয়াৰ হ’ব পাৰে৷ এনে কাৰণতে সাহিত্যৰ ইতিহাসৰো ন ন ব্যাখ্যা সৃষ্টি হ’ব পাৰে৷
তদুপৰি আমি সততে যিবোৰ কথাক লিখিত ইতিহাস বুলি শিলৰ ৰেখাৰ দৰে মানি আহিছোঁ, সেই বেছিভাগ কথাই পক্ষপাতদুষ্ট ৰাজবন্দনা আৰু সমাজৰ এটা ফালক পোহৰ পেলোৱা কথাহে৷ ইয়াৰ বেছিভাগেই ৰাজনীতিৰ সৈতে জড়িত৷ ৰাজনীতিত ইতিহাস সদায় ৰজাঘৰৰ শ্ৰুতলিপিত লিখা হয়৷ পৃথিৱীত কোনো ৰাজনৈতিক ইতিহাসে ৰজাঘৰৰ স্বীকৃতি অবিহনে প্ৰতিষ্ঠা লাভ কৰা নাই৷ গতিকে এনে ইতিহাসক আমি অতীত দিনৰ আংশিক সত্যৰ ব্যাখ্যা বুলিহে গ্ৰহণ কৰিব পাৰোঁ৷ প্ৰকৃততে যদি মানুহৰ মন আৰু প্ৰাত্যহিক জীৱনৰ সত্যবোৰ ধৰি ৰখা মাধ্যম আছে, তেন্তে সেয়া হৈছে সাহিত্য৷ সাহিত্যইহে সমাজৰ গতিশীল ইতিহাসক প্ৰকৃত ৰূপত ধৰি ৰাখে৷ কাৰণ, সাহিত্যৰ ওপৰত ৰজাঘৰৰ নিয়ন্ত্ৰণ থাকিলেও ই দুটা কাৰণত এনে নিয়ন্ত্ৰণ অতিক্ৰমি প্ৰকৃত সত্যক ধৰি ৰাখিব পাৰে৷ প্ৰথম কাৰণ হৈছে, লেখকৰ স্বাধীনতা৷ যিমান নিয়ন্ত্ৰিত ব্যৱস্থা নহ’লেও সাহিত্যিকে এটা পৰ্যায়লৈকে সমাজৰ সমকালীন ইতিহাসক নিজৰ ধৰণেৰে তুলি ধৰিবই৷ অৰ্থাৎ সাহিত্যই সমাজৰ এটা কালপৰ্বৰ ইতিহাস ৰক্ষা কৰিবৰ বাবে বদ্ধপৰিকৰ৷ দ্বিতীয়তে সাহিত্যই ৰূপকধৰ্মিতাৰ সহায় লৈ বহু সময়ত এনে কেতবোৰ পাঠ তৈয়াৰ কৰে, যিবোৰে পৰৱৰ্তী সময়ত সমাজৰ এটা পৰ্বৰ বহু কথা উন্মোচন কৰে৷ গতিকে সাহিত্যৰ ইতিহাস অধ্যয়নক মই সদায় সমাজৰ ইতিহাস অধ্যয়নৰ অংশ হিচাপে গণ্য কৰি আহিছোঁ৷
এতিয়া কথা হ’ল মই কিয় কবিতাৰ ইতিহাস লিখাৰ কথা ভাবিলোঁ? মই এটা কথা মন কৰিছিলোঁ যে, অসমীয়া সাহিত্যৰ ইতিহাস ৰচনাৰ বাবে ইতিমধ্যে ভালেসংখ্যক বৰেণ্য ব্যক্তিয়ে উল্লেখযোগ্য প্ৰয়াস চলাই গৈছে৷ দেবেন্দ্ৰনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি সত্যেন্দ্ৰনাথ শৰ্মা-মহেশ্বৰ নেওগলৈকে বৰেণ্য ইতিহাসবিদসকলে অসমীয়া সাহিত্যৰ ইতিহাস ৰচনাৰ প্ৰয়াস চলাই গৈছে৷ তেখেতসকলৰ পাছতো ভালেকেইটা প্ৰয়াস চলিছে৷ কিন্তু এই ইতিহাস অধ্যয়ন অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি অধ্যয়নৰ বাবে সময়ৰ প্ৰয়োজন অনুসৰি চলোৱা প্ৰয়াস৷ ইয়াৰ দ্বাৰা অসমীয়া সাহিত্যৰ বিৱৰ্তনৰ সাধাৰণ প্ৰকৃতিৰ আভাস পোৱা যায়৷ কিন্তু সাহিত্যৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন বিধাভিত্তিক অধ্যয়নৰ এক সুকীয়া গুৰুত্ব আছে৷ কাৰণ ই একোটা বিধাৰ বিৱৰ্তনৰ এক অবিচ্ছিন্ন ৰূপৰেখা তুলি ধৰিব পাৰে৷ তদুপৰি এনে অধ্যয়নৰ যোগেদি অধিক ব্যাপক ৰূপত সাহিত্যৰ এটা ৰূপৰ বিষয়ে অধ্যয়ন কৰিব পাৰে৷ সাহিত্যৰ ছাত্ৰ হিচাপে সদায় মনত কিছুমান প্ৰশ্নই খুদুৱনিৰ সৃষ্টি কৰি আহিছিল৷ কথা হ’ল যে, আমাৰ প্ৰতিষ্ঠিত সমালোচনাই কোৱাৰ দৰে প্ৰকৃততে ৰোমাণ্টিক সাহিত্যই আমাৰ পুৰণি সাহিত্যৰ পৰা বিচ্ছিন্ন হৈ এটা নতুন ধাৰাৰ সৃষ্টি কৰিলেনে? ৰামধেনুৱে প্ৰতিষ্ঠা কৰা কবিতাৰ ধাৰাটো ৰোমাণ্টিকতাক সম্পূৰ্ণ ৰূপে কৰা অস্বীকাৰৰ পৰিণতিনে? আমাৰ কবিতাৰ ইতিহাসক সাহিত্যৰ বুৰঞ্জীয়ে প্ৰতিষ্ঠা কৰা যুগ বিভাজনৰ সূত্ৰ মানি বিভাজিত কৰিব পাৰোঁনে? আমাৰ মাজত কবিতাৰ এটা ধ্ৰুপদী পৰম্পৰা প্ৰতিষ্ঠিত হোৱা নাছিলনে? ইয়াৰ আধাৰতে কবিতাৰ ইতিহাসক নতুনকৈ চাব পাৰি নেকি? আমাৰ পুৰণি কবিতাৰ বিষয়ে এতিয়ালৈকে উদ্ধাৰ হোৱা তথ্যবোৰ পুনৰ বিচাৰ কৰাৰ থল নাইনে? অসমীয়া কবিতাৰ ইতিহাসত নোসোমোৱাকৈ কিছুমান তথ্য ৰৈ যোৱা নাইনে? হেম সৰস্বতীৰ ৰচনাসমগ্ৰ সম্পূৰ্ণ ৰূপত প্ৰকাশ পোৱাৰ পাছতো আমি কবিগৰাকীৰ বিষয়ে নতুনকৈ আলোচনা কৰাৰ কথা ভবা নাই৷ একেদৰেই মাধৱ কন্দলি, অনন্ত কন্দলি, ৰাম সৰস্বতী, অনন্ত কন্দলি, শ্ৰীধৰ কন্দলি আদি কবিসকলৰ বিষয়ে সকলো কথা আলোচনা কৰি শেষ হৈছেনে বাৰু? চৰিতপুথিক কেন্দ্ৰ কৰি কৰা আলোচনাবোৰে শংকৰদেৱ আৰু তেওঁৰ সমকালৰ কবিসকলৰ বিষয়ে প্ৰকৃত সত্য প্ৰতিষ্ঠা কৰিব পাৰিছেনে? মনকৰ, পীতাম্বৰ কবি আদিৰ কাল সম্পৰ্কে শুদ্ধ তথ্য বিচাৰি অধিক অনুসন্ধান কৰাৰ বাট বন্ধ হৈ গৈছে জানো? বংগীয় সাহিত্য পৰিষদ, ক’লকাতাৰ এছিয়াটিক চ’চাইটি অথবা কোচবেহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰৰ দৰে গ্ৰন্থাগাৰ তথা অভিলেখাগাৰবোৰৰ মাজত বহু অনুদ্ধাৰিত অসমীয়া কবিৰ কবিতা সোমাই আছেনেকি বাৰু? আমি আমাৰ কবিতাৰ ইতিহাস অনুসন্ধান কৰিবলৈ যাওঁতে প্ৰকৃত অৰ্থত প্ৰসংগভিত্তিক অধ্যয়ন কৰি সমকালীন কাব্যসাহিত্যৰ পৰিপ্ৰেক্ষিতৰ সৈতে পাঠৰ সংযোগ স্থাপন কৰিবলৈ কিমান যত্ন কৰিছোঁ?
এই ধৰণৰ প্ৰশ্নবোৰৰ সমিধান বিচাৰিয়ে অসমীয়া কবিতাৰ ইতিবৃত্ত (ধ্ৰুপদী যুগ) লিখি উলিওৱা হ’ল৷ ইয়াত ভালেমান প্ৰতিষ্ঠিত প্ৰসংগক প্ৰশ্ন কৰা হৈছে আৰু অস্বীকাৰ কৰি নতুন তথ্য প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা হৈছে৷ আমাৰ এই কথাবোৰ কোনো সম্পৰীক্ষা নহয়৷ অসমীয়া কবিতাৰ ইতিহাসক নতুনকৈ চোৱাৰ প্ৰয়াস মাত্ৰ৷ এই কথাবোৰ কোনোবাই মানিবও পাৰে আৰু নামানিবও পাৰে৷ কোনোবাই এই কথাবোৰ নামানি অধিক সত্যৰ ওচৰ চপা কথাৰে নতুন আলোচনাৰ বাট মুকলি কৰিলে ভাবিম মোৰ শ্ৰম সাৰ্থক হৈছে৷
ড੦ সত্যকাম বৰঠাকুৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আৰু এগৰাকী কবি, সমালোচক৷ অসমীয়া কবিতাৰ ইতিবৃত্ত (ধ্ৰুপদী যুগ) তেওঁৰ শেহতীয়া গ্ৰন্থ।