Issue: Vol. IV, No. 2, August-October, 2025
গোৱা আয়ুস গোৱা
আপোনালোকে দুগুণ উছাহেৰে হাতচাপৰি দিয়ক
আপোনালোকৰ হেঁপাহ তিনিগুণ বঢ়াই
নীৰৱে শুনিবলৈ সাজু হওক
এক দুই তিনি চাৰি চাৰি তিনি দুই এক
আমাৰ আগলৈ এতিয়া আহিব আয়ুস্মান
আয়ুস্মান শইকীয়া বিশেষভাৱে সক্ষম এটি শিশু
এয়া তেওঁ মাইকৰ সমুখত
ধ্ৰুপদী সাঁচৰ সুগঢ়ী মুখ
এয়া তেওঁ লগাইছে শুদ্ধ স্বৰ
স্বৰগমৰ বাটেৰে আগুৱাইছে
গোৱা গোৱা আয়ুস সুৰটি গোৱা
দিশে দিশে কলতানৰ গন্ধ যোৱা
আপোনালোকে তাক আগুৰি নধৰিব
গান আহিবলৈ বাট অকণ দিয়ক
আকাশভৰা ব্ৰহ্মাণ্ডৰ গান
শিশু আয়ুস্মানে গোৱা গান
মাইকে তুলি ধৰিব পৰা নাই
শ্ৰোতাৰ ঔৎসুক্য কমা নাই
সেয়া আয়ুসৰ ওঁঠ ঠিকেই কঁপিছে
আয়ুসে গানেই গাইছে নিৰ্ঘাত
তেওঁ নিজৰ গান নিজ কণ্ঠেৰে
নিজক শুনাবৰ বাবেহে গাইছে
মাইকটোৱে মিছাই উচ্পিচাই আছে
বিফলতাৰ দুখত দুখী মাইক নামৰ
যন্ত্ৰটোৰ মুখলৈ চাব নোৱৰা অৱস্থা
হেলেনা
ট্ৰয় নগৰৰ একো নাই বাকী
কাঠৰ ঘোঁৰাটো উছনৰ সাক্ষী
ইয়ালৈ আহিছ কবি
সুন্দৰী হেলেনাৰ
ল’বি খবৰ
খান্দি কবৰ
ল’বি হাড়
বিফল হ’বি