অনুভৱ তুলসীৰ কবিতা

মুনীন বায়ন

Issue: Vol. IV, No. 2, August-October, 2025

অনুভৱ তুলসী

কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত জন্মলাভ কৰা অসমীয়া কবিসকলৰ ভিতৰত অনুভৱ তুলসীৰ কবিতাৰ বিপুলতা মন কৰিবলগীয়া৷ এতিয়ালৈকে প্ৰায় কুৰিখন কবিতা-সংকলনেৰে তেওঁ কবিতা অনুৰাগীৰ মনত এক সুকীয়া স্থান অধিকাৰ কৰাটোৱে নিশ্চিত কৰে৷ কিন্তু কবিতাৰ লেখেৰে অনুভৱ তুলসীৰ কবিতাৰ সিদ্ধি জুখিবলৈ যোৱাটো সঠিক নহ’ব৷ ১৯৮৫ চনত নাজমা নামৰ সংকলনটোৰে অনুভৱ তুলসী নামৰ অনুভৱী কবিগৰাকীয়ে অসমীয়া সাহিত্যত ভুমুকি মাৰিছিল৷ উর্দু কবিতাৰ আৰ্হিত তেওঁ কিছুমান চুটি চুটি স্তৱকত আৱেগ-অনুভূতি-সংবেদনৰ কোমল ধ্বনিময়, চিত্ৰময় জগত এখন ৰচনাৰ প্ৰয়াস কৰিছিল৷ চৰিত্ৰৰ পিনৰ পৰা লিৰিকেল এই কবিতাখিনিত তেওঁৰ কবিসত্তাৰ উপস্থিতি পঢ়ুৱৈৰ দৃষ্টিত ধৰা নপৰাকৈ নাথাকে৷ কবিতাৰ বক্তা প্ৰায়ে প্ৰথম পুৰুষত, নহয়তো দ্বিতীয় পুৰুষত৷ য’ত কবিয়ে পোনপটীয়াকৈ তুলসী নাইবা নাজমাক সম্বোধন কৰিছে৷ সৰ্বনামবোৰো নিচেই ওচৰৰ মই, মোক, মোৰ, তই, তোক, তুমি, তোমাৰ ইত্যাদি৷ অনুভৱৰ তীব্ৰতা আৰু আৱেগৰ আধিক্যৰ বাবেই হয়তো কবিৰ মনত একধৰণৰ অস্থিৰতা আৰু অভিব্যক্তিৰ ব্যগ্রতা পৰিলক্ষিত হৈছিল৷

বিষাদ-অভিমান-উদাসীনতাৰ ৰুদ্ধদ্বাৰ মেলি কেতিয়াবা কবিয়ে বিচাৰি পাইছে ৰমণীয় প্ৰকৃতিৰ মাজত গভীৰ আশ্বাস৷ কবিৰ আৱেগ আত্মনিষ্ঠ যদিও প্রতীক আৰু চিত্ৰকল্পবোৰ যেন এক সংবেদনশীল কবি-মনৰ কৰ্ষিত অনুশীলনৰ ফলশ্রুতি৷

আৱেগ-অনুভূতি-অভিজ্ঞতাৰ নৈৰ্ব্যক্তিক আৰু কাব্যিক (Poetic) অনুসন্ধান এনেবোৰ কবিতাত পৰিলক্ষিত নহ’লেও তেনেবোৰ অভিজ্ঞতাৰ আবেদন সাধাৰণ পঢ়ুৱৈৰ বাবে উলাই কৰিব পৰা নহয়৷ কবিৰ অনুভূতি-অভিজ্ঞতাৰ বৰ্ণিল মানচিত্ৰত কিছুমান জাগতিক সংঘটনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়ায়ো ধ্বনি-প্রতিধ্বনি তোলা পৰিলক্ষিত হৈছিল৷

বিষাদ আৰু অৱহেলাৰ অন্ধকাৰত তিলে তিলে জীৱন উদ্‌যাপনৰ এনে কিছুমান কঠিন অভিব্যক্তি—

লিৰিক আৰু আত্মনিষ্ঠ আৱেগৰ বৃত্তৰ ভিতৰৰ পৰা জীৱন আৰু জগতৰ যি ৰূপ প্রতিবিম্বিত হয় সেয়া বহু সময়ত একমাত্ৰিক হোৱাৰো সম্ভাৱনা বেছি৷ কবিতা কবিৰ ব্যক্তিগত আৱেগ-অনুভূতিৰ উচ্ছল লীলা বুলি ধাৰণা কৰা অসতৰ্ক পঢ়ুৱৈক এনে একমাত্ৰিক জীৱনে আকৰ্ষণ কৰিব পাৰে; কিন্তু তাৰ আবেদন এটা সময়ত থমকি ৰ’বলৈ বাধ্য৷ কবি পল ভালেৰীয়ে কবিতাৰ ভাষাৰ স্বকীয়তাক বুজাবলৈ পঢ়ুৱৈৰ মনত কাব্যিক অভিজ্ঞতাৰ অনুৰণনৰ কথা কৈছিল৷ অর্থাৎ কবিৰ অনুভূতি তথা সাধাৰণ অভিজ্ঞতাই কবিতাৰ ভাষাৰ মাজেৰে বৃহত্তৰ সাৰ্বজনীন, কাব্যিক অভিজ্ঞতাৰ আয়তন লাভ কৰিলেহে সিয়ে পঢ়ুৱৈৰ মনত কবিতা পাঠৰ পাছত বহু সময়লৈ অনুৰণিত হৈ থাকিব৷ জীৱন আৰু সামাজিক সংঘটনৰ এই বহুমাত্রিক কাব্যিক অভিজ্ঞতা আয়ত্ত কৰিবলৈ হ’লে এলিয়টে কোৱাৰ দৰে কবিয়ে সচেতনভাবে তেওঁৰ ব্যক্তিগত সত্তাৰ বিলয়ৰ অনুশীলন কৰিব লাগিব৷ আত্মনিষ্ঠতাৰ বৃত্ত অতিক্ৰম কৰিব পাৰিলেহে একাধিক প্ৰেক্ষিতৰ পৰা জীৱন আৰু জগতৰ প্রপঞ্চবোৰ পৰ্যবেক্ষণ কৰা সহজ হৈ পৰে৷

অনুভৱ তুলসীৰ নাজমাৰ পৰা দ্বিতীয় কাব্য-সংকলন দোৰোণ ফুল(১৯৯৬)ৰ সময়ৰ ব্যৱধান এঘাৰ বছৰ৷ এঘাৰ বছৰত তেওঁৰ কাব্য-পৰিক্ৰমাই উৎকৰ্ষৰ কিছুমান তাৎপৰ্যপূৰ্ণ বিন্দু স্পৰ্শ কৰাৰ চিন স্পষ্ট৷ দোৰোণ ফুল নামটোৰ মাজতেই আছে কবিতাৰ বহুধা ব্যঞ্জনাৰ ইংগিত৷ তিতা ঔষধি বনশাকৰ শুভ্ৰ ফুল— জীৱনৰ বৈপৰীত্য, অনির্ণেয়তা আৰু প্ৰকৃতিৰ ৰহস্যময়তাৰ অনুষংগ বহন কৰা কাব্য-ভাষা সন্ধানৰ আন্তৰিক প্ৰয়াস যেন এই শিৰোনামাতে স্পষ্ট৷ এই সংকলনৰ কিছুমান কবিতাৰ শিৰোনামতো এই কথা মন কৰিব পাৰি— “খিৰিকিৰ কাঁচ ভাঙি”, “আহিন ফুটুকী”, “নদীয়াল গাঁৱত সন্ধ্যা”, “বালিমাহী মাত”, “গন্ধমৌ গাঁৱৰ মূলাতলিলৈ”, “শিপাৰে চপচপীয়া”, “টুটুৰ কন্যাকাল”, “মোনাই নৈৰ শিপা” আদি৷ কবিৰ সৰ্বনামপ্রীতি আছে যদিও পোনপটীয়া সম্বোধন কমি আহিছে৷ মাজে মাজে মই-তুমিৰ মাজত উৎকণ্ঠা জগাব পৰা কবিৰ অন্য এক সত্তা “সেয়া কোন”ৰ উপস্থিতি—

পৰিচিত চিত্রল উপমাৰ ঠাইত আৱেগৰহিত, ইংগিতধর্মী কাব্যভাষাৰ প্রয়োগে এই সংকলনত সকলোৰে নজৰ কাঢ়ে। অতীত প্রপাত, পাখি লগা নয়ন, স্বচ্ছতাৰ কাঁচ আদি শব্দবন্ধই পঢ়ুৱৈৰ মন-মগজুক স্পন্দিত কৰাৰ লগতে কাব্যিক অভিজ্ঞতাক নতুন এক সংবেদনাৰে সিক্ত কৰি তোলে৷ এই সংকলনৰ “আহিন ফুটুকী” নামৰ কবিতাটোত নীলমণি ফুকনৰ অনুৰণন থাকিলেও তাৰ আবেদন সুকীয়া৷ য’ত কবিৰ ব্যক্তিগত হাবিয়াহ প্ৰকৃতিৰ নিবিড় উপলব্ধিৰ মাজত একাকাৰ হৈ বৃহত্তৰ জাগতিক মহিমা লাভ কৰিছে৷

জীৱন আৰু অভিজ্ঞতাৰ গভীৰ মৰ্মৰ পিনে পঢ়ুৱৈৰ মনোযোগ আকৰ্ষণ কৰিব পৰা কবিতাৰ সংখ্যা সংকলনটোত সীমিত যদিও দোৰোণ ফুলত আধুনিক কবিতাৰ উপযোগী এক অর্থ-ঘনীভূত ভাষাৰ পৰীক্ষা-নিৰীক্ষা সুলভ৷

দোৰোণ ফুলৰ বছৰটোতে প্ৰকাশ হৈছিল অনুভৱ তুলসীৰ তৃতীয়খন কাব্যগ্ৰন্থ জলমগ্ন দৃশ্যাৱলী (১৯৯৬)৷ তেওঁৰ আগৰ দুয়োটা সংকলনৰ সৰহ সংখ্যক কবিতা আছিল চুটি চুটি৷ চুটি কবিতাত ভাবনা একোটাৰ বিস্তাৰতকৈ ভাবনাৰ সংহতিৰ গুৰুত্ব সৰহ৷ অৱশ্যে এই কঠিন পৰীক্ষাত তেওঁ সকলোতে উত্তীৰ্ণ হৈছে বুলি ক’ব নোৱাৰি৷ পৰৱৰ্তী সংকলনত তেওঁৰ কেইবাটাও দীঘল কবিতা সন্নিৱিষ্ট হৈছে৷ এনে দীঘল কবিতাবোৰত কবিৰ এৰি অহা শৈশৱ, অতীতৰ কোনো অনাহুত ঘটনা অথবা স্মৃতিয়ে ভৰ কৰিছে৷ “চিৰশ্ৰী” তেনে এটা কবিতা৷ “চিৰশ্ৰী”ৰ প্ৰথম দুটা স্তৱক দোৰোণ ফুলত পঢ়িবলৈ পাইছিলোঁ৷ তৃতীয় স্তৱকটো জলমগ্ন দৃশ্যাৱলীত অন্তৰ্ভুক্ত হৈছে৷ কবিতাটো হৈছে আপাতত ক্ষণিক পৰিচয়ৰ পাছত কোনো অপৰিচিতাৰ সৈতে হোৱা সম্পৰ্কৰ ৰোমন্থন৷ সেই সম্পৰ্কৰ সূচনাত প্ৰেমৰ উত্তেজনা শাৰীৰিক সান্নিধ্যৰ ব্যাকুলতা-অস্থিৰতা-আড়ষ্টতা সকলো আছিল৷

অনুপ্রাসে গুঞ্জন তোলা এই শাৰীকেইটাৰ মাজেৰে দুই নৰ-নাৰীৰ পাৰস্পৰিক সঁহাৰি আৰু প্ৰথম প্ৰেমৰ আড়ষ্টতা সুন্দৰকৈ ফুটি উঠিছে৷ সেই অনুৰাগ কিন্তু প্ৰাপ্তিৰ দুৱাৰডলিত উপনীত হ’ব নোৱাৰিলে৷ বক্তাৰ স্বীকাৰোক্তি মতে “বিশেষ কাৰণবশতঃ সেই আবেলি আছিল বিয়োগান্ত”৷ মন কৰিবলগীয়া কথা, তথ্যজ্ঞাপক এই বাক্যটো সমগ্ৰ কবিতাটোত তেনেই গদ্যগন্ধী৷ কিয় আছিল আবেলিটো বিয়োগান্ত? বক্তাৰ বাবে সেই আবেলিৰ অভিজ্ঞতা যে প্রীতিকৰ নাছিল সেই কথা এনে কিছুমান চমকপ্রদ কাব্যোক্তিৰ মাজেদি প্ৰকাশ পাইছে—

এই ঘটনাৰ পাছত সেই ক্ষণিকৰ পৰিচিতা হয়তো আঁতৰি গৈছিল। কিন্তু বক্তাৰ জীৱনৰ পৰা তেওঁ জানো সঁচাকৈ আঁতৰি গৈছিল? বক্তাৰ স্মৃতিত এতিয়াও ডগমগীয়া হৈ থকা সাগৰতীৰৰ সেই আবেলিৰ অপসৃয়মান অস্তিত্বই আজিও আমনি কৰে৷

বক্তাৰ এই উক্তিয়ে আমাক জনায়, সেই দুঃসহ স্মৃতিৰ পৰা আজিও তেওঁ পৰিত্ৰাণ পোৱা নাই৷ তাৰ বাবে তেওঁ বিচাৰিছে ক্ষুদ্ৰ মানুহৰ জীৱনে ঢুকি নোপোৱা লক্ষ কোটি দীপান্বিত দিন! “কলংকিত সেই অধ্যায়”ৰ বাবে বক্তাৰ মনত সংশয় আৰু অপৰাধবোধৰ লগতে অনুশোচনাও আছে৷ “লক্ষ কোটি দীপান্বিত দিন”ৰ বাবে অপেক্ষাই ধর্মীয় অনুষংগ কিছুমানৰ লগতে আধ্যাত্মিক উত্তৰণৰ আকাংক্ষাকো প্ৰতিফলিত কৰে।

জলমগ্ন দৃশ্যাৱলীৰ “চিৰশ্ৰী”ৰ স্তৱকটোতে আমি পাওঁ সময়ৰ ব্যৱধানে কবিৰ সেই অভিজ্ঞতাৰ নিদাঘ যেন পাতলাই দিছে৷ বয়স বঢ়াৰ লগে লগে বক্তা স্থিতধী হৈছে, সকলো অভিজ্ঞতা আৰু যন্ত্ৰণাক অভিযোগ নকৰাকৈ গ্ৰহণ কৰাৰ সৌম্য মানসিকতা অৰ্জন কৰিছে৷

সেই “সময়হীন সাপ” বক্তাৰ চেতনাত আজিও সেই সুখস্মৃতি, বিচ্ছেদৰ বেদনা জগাব নিবিচাৰিলেও যেন লিপিট খাই আছে৷বুকুত সামৰি তেওঁ কৰিব বিচাৰিছে জীৱনৰ সৈতে নতুন সন্ধি—

“চিহ্নযাত্ৰাৰ কেইটিমান জলমগ্ন দৃশ্য” আন এটা দীর্ঘ কবিতা৷ শৈশৱৰ পৰা যৌৱন, যৌৱনৰ পৰা প্রৌঢ়ত্বলৈ জীৱন-চেতনাৰ বিস্তাৰ আৰু উপলব্ধি কবিতাটোৰ বিষয়৷ বক্তাৰ চেতনাত পোত খাই থকা জীৱনৰ কিছুমান খণ্ডচিত্ৰৰ জৰিয়তে উন্মোচিত হৈছে পাৰিবাৰিক আৰু মানৱীয় সম্পৰ্কৰ অনাবিল অনুভূতি, নিসর্গৰ সৈতে গাঁৱলীয়া জীৱনৰ নিবিড় সান্নিধ্যৰ কথা। সেই জীৱনত অনিশ্চয়তা থাকিলেও বিস্ময়বোধৰ অভাৱ নাছিল, দুখ আছিল, কিন্তু সেই দুখে জীৱনৰ আন বহু ঐশ্বর্য মলিন কৰি দিয়া নাছিল

প্রাত্যহিক জীৱনৰ তুচ্ছাতিতুচ্ছ টনা-আঁজোৰা, সংঘাত-সংঘৰ্ষ আৰু মান-অভিমানৰ মাজত থাউনি নোপোৱা সাধাৰণ মানুহৰ মনত ধ্বংস আৰু সৃষ্টিৰ অপাৰ্থিৱ ৰহস্যময়তাই জীয়াই ৰাখিছিল জীৱনৰ অন্তহীন স্পৃহা—

অসমীয়া ভাষাৰ শব্দ ঐশ্বৰ্য আৰু তাৰ প্ৰকাশিকা শক্তিৰ প্ৰতি অনুভৱ তুলসী যথেষ্ট সজাগ৷ সময়ৰ লগে লগে তেওঁৰ কবিতাত অসমীয়া ভাষাৰ এক নিজা শৈলী তথা ভংগী আয়ত্ত কৰাৰ আন্তৰিক প্ৰয়াস স্পষ্ট৷ লোকজীৱনৰ পৰা তুলি অনা সহজ-সৰল শব্দৰ লগতে সংস্কৃত তৎসম শব্দৰ প্ৰয়োগেৰে ধ্বনিময়তাৰ এক আবহ সৃষ্টি কৰাৰ প্ৰচেষ্টা তেওঁৰ বহু কবিতাত পৰিলক্ষিত হয়৷ সম্ভৱতঃ এই কাৰণেই তেওঁৰ কবিতাৰ অনুপ্ৰাসৰ দৰে শব্দালংকাৰ আৰু উৎপ্রেক্ষাৰ দৰে অৰ্থালংকাৰৰ প্রয়োগ চকুত পৰা বিধৰ৷ অৱশ্যে প্রতীকঘন ভাষাৰ প্ৰতি অহেতুক দুৰ্বলতা আৰু অলংকাৰ বাহুল্যই কবিতাক দুৰ্বোধ্যতা আৰু বিভ্ৰান্তিৰে ভাৰাক্ৰান্ত কৰি তোলাৰ সম্ভাৱনা প্ৰচুৰ৷ অনুভৱ তুলসীৰ কবিতাতো তেনে উদাহৰণ আছে৷ আলোচ্য কবিতা “চিহ্নযাত্ৰাৰ কেইটিমান জলমগ্ন দৃশ্য”ৰ এই স্তৱকটোৰ আউল লগা ভাষা আৰু উৎপ্রেক্ষা-প্রতীকৰ বহুলতাই কবিতাটোৰ অন্তৰ্নিহিত ভাবৰ সংহতি দুর্বল কৰাৰ লগতে তাৰ সৌন্দৰ্যও ম্লান কৰিছে৷ তেওঁৰ চুটি কবিতাবোৰত এনে দুৰ্বলতা কম৷

মুনীন বায়ন এগৰাকী মননশীল সমালোচক আৰু সাংবাদিক৷ সমালোচক হিচাপে তেওঁ সাহিত্য আৰু চলচ্চিত্ৰ দুয়োখন ক্ষেত্ৰতে সক্ৰিয়৷ জীৱনৰ স্বপ্ন দুৰ্নিবাৰ (২੦২৪) তেওঁৰ শেহতীয়া গ্ৰন্থ, য’ত সাহিত্য আৰু চলচ্চিত্ৰৰ লগতে সমসাময়িক সমাজ আৰু ৰাজনৈতিক প্ৰসংগৰো নিৰ্বাচিত প্ৰবন্ধ সন্নিৱিষ্ট হৈছে৷