হৰেকৃষ্ণ ডেকা
Issue: Vol. IV, No. 2, August-October, 2025

১৯৮৫ চনত কোনোবা এটা দিনত পাণবজাৰৰ গ্ৰন্থবিপণী ‘প্রকাশিকা’ত অন্যমনস্কভাৱে এখন সৰু কবিতাৰ কিতাপ হাতত তুলি লৈছিলোঁ, হয়তো কিতাপখনৰ নামটো, বেটুপাতৰ ৰেখাচিত্ৰ আৰু কবিজনৰ নামৰ আচহুৱা উপাধিটোৱে আকর্ষণ কৰিছিল। কিতাপখনৰ নাম আছিল নাজমা আৰু কবিজন আছিল অনুভৱ তুলসী— তেতিয়ালৈকে এক অপৰিচিত নাম। কবিৰ নামটো যে সজোৱা নাম তেতিয়াই অনুমান কৰিছিলোঁ। কিতাপখনৰ পাত লুটিয়াই কবিতাবোৰ নপঢ়াকৈ থাকিব নোৱাৰিলোঁ৷ উর্দু কবিতাৰ দৰে এক শ্ৰেণীৰ দৰদী কবিতা অসমীয়াত হীৰেন ভট্টাচাৰ্যই আগতেই লিখিবলৈ লৈছিল, তাত অনুপ্ৰাসৰ মাজেৰে গীতিময় স্পন্দন একোটা পোৱা গৈছিল। এই নতুন কবিজনৰ নাজমাতো অনুভৱ কৰিছিলোঁ উর্দু কবিতাৰ দৰদ, কিন্তু ইয়াৰ প্রকাশত দেখিছিলোঁ কল্পচিত্ৰৰ প্ৰতি ধাউতি, অনুচ্চ কণ্ঠেৰে হৃদয়ানুভূতিৰ সংহত প্ৰকাশ৷ চাৰিশাৰী কবিতাৰ তিনিটা শাৰীত কল্পচিত্র, চতুৰ্থ শাৰীত তাৎপর্যলৈ উত্তৰণ। নাজমা এক নাৰী প্রেম-প্রতিমা, তুলসী নিবেদক, বিষয়ী পুৰুষ— যাৰ দৰদ ভৰা অনুভৱৰ নিবেদন কবিতাখিনি। কবি যে তুলসীমুখৰ আৰু তাৰ পৰাই ‘তুলসী’ উপাধি হৈ আহিছে তেতিয়া জনা নাছিলোঁ। ধাৰণা হৈছিল, এটা সংস্কৃতিৰপৰা অনা ‘নাজমা’ নামৰ প্রতীকক প্ৰেমৰ উচ্চাৰণৰ মাজেৰে সংলগ্ন কৰা হৈছে। দৰদী কণ্ঠৰ আৱেগ উচ্চাৰণক সংহত কৰিছিল চিত্ৰৰূপময় ভাষাই,
১. জপাই নিদিবা নাজমা,
ভাল লগা অনেক কথা
খিৰিকীৰে সোমাই আছে,
গোলাপৰ কাষলে নিওঁ৷
২. হাত বঢ়াই দিয়া নদী
মোৰ ওঁঠত উঠক ঢৌ
গোলাপৰ গোন্ধেৰে ভৰা,
সূৰুয নুডুবা সাগৰ।
এটা কবিতাত পঢ়িবলৈ পাওঁ,
“চহাই ছন পৰা মাটি
লাহনীৰে সিঁচি লৈ তেজ
তুলসীয়ে ৰুইছে ভূঁই,
জালিকটা ৰ’দৰে স’চ৷”
এই নতুন কবিৰ কবিতাত উৎপ্রেক্ষাৰ ব্যৱহাৰ আছিল চমকপ্রদ। মুঠ ১০০টা চুটি কবিতাৰ সংকলন আছিল এইখন, ইয়াৰে ৯৯ নং কবিতাত ‘নাজমা’ আৰু নাৰী প্ৰতিমা হৈ থকা নাছিল, হৈ পৰিছিল “সৰ্বকালৰ কবিতা”লৈ উত্তৰণ কৰাৰ হেঁপাহ পুৰোৱাৰ বাবে এক “সোণৰ সোপান”, আৰু শেষৰ কবিতাটোত আকাংক্ষা হৈ পৰিছিল দূৰ দূৰণিৰপৰা অহা সঁহাৰি। “ইতি” বুলি কৈ অনুভৱ তুলসীয়ে এই এশটি কবিতাকেই ৰূপান্তৰিত কৰিছিল সেই সঁহাৰিৰ উত্তৰলৈ। এক সংবেদনশীল মনৰ দৰদ ভৰা অনুভূতি প্ৰকাশৰ এই পৰিকল্পনা আছিল নতুন। সেয়েই অনুভৱ তুলসীৰ কবিতাৰ পিছৰ উত্তৰণলৈ অপেক্ষা কৰিছিলোঁ।
কিন্তু মনত এটা প্ৰশ্নও জাগিছিল, ১৯৮৫ চনত প্ৰকাশিত এই পুথিখনৰ কবিতাবোৰৰ উকমুকনি কবিৰ মনত হৈছিল নিশ্চয় ইয়াৰ আগৰ কেইটামান বছৰত আৰু সেইটো আছিল অসম আন্দোলনৰ ভৰপক সময়। ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ সময় এছোৱাত তেতিয়াৰ যুৱ-সমাজৰ মাজত যিধৰণে ৰাজনৈতিক চেতনা বিয়পি গৈছিল, সেই অনুপাতে সাহিত্যৰ প্ৰতি সংবেদনশীলতা কমি যোৱা যেন লাগিছিল আৰু তাৰ ঠাই লৈছিল আন এক ধৰণৰ ৰুচিয়ে। এই ৰুচি আছিল বাতৰিকাকতৰ সংবাদ-প্রীতি। অনুভৱ তুলসীৰ অনুভূতিৰ জগতখনক প্ৰভাৱশালী এই সময়ৰ ৰুচিবোধে আকৰ্ষণ কৰিব পৰা নাছিল নেকি? নাইবা, তেতিয়াৰ যুৱ সমাজৰ মানসিক আলোড়নৰ অংশীদাৰ নহৈ নিৰলাত আপোন ভাৱত মগ্ন হৈ ৰৈছিল নেকি? সমাজ জীৱনৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ আত্মমগ্ন হৈ থকাটোত আপত্তি কৰিবলগীয়া একো নাছিল— সেইটো আছিল তেওঁৰ ব্যক্তিগত নিৰ্বাচন— কিন্তু এই একেটি সুৰৰ বাঁহীৰ জগতখন সীমিত হৈ ৰোৱাৰো আশংকা কৰিছিলোঁ। সমাজক জোঁকাৰি যোৱা অভিজ্ঞতাৰ সকলো সমল আওকাণ কৰিলে মধুৰ বাঁহীৰ একেটা সুৰ উৎসতে শুকাই যোৱাৰ সম্ভাৱনা আছিল।
কিন্তু ১৯৯৬ চনত প্ৰকাশিত জলমগ্ন দৃশ্যাৱলীৰ বাটচ’ৰাতে আয়না এখন পাই নিজক নিজে চিনি পোৱাৰ মাজেৰে কবিয়ে আমাক আশ্বস্ত কৰিলে এইদৰে, “আমাৰ পাৰ্থিৱ অস্তিত্বৰপৰা কবিতা অবিচ্ছেদ্য”, লগতে ক’লে, “জীৱনক শিল্প কৰি তোলাৰ প্ৰয়াসেই কবিতা— সংগঠিত, ছিন্ন-ভিন্ন, বিপনণ, জঁট লগা জীৱনৰ ই শিল্পবিন্যাস, … আৱেগ-অনুভূতি, অনুভৱ-উপলব্ধি, চিন্তন, মনন, প্ৰেমৰ বৰ্ণময় অভিজ্ঞতা, স্মৃতিনির্ভৰ গ্ৰাম্য জীৱন আৰু পৰম্পৰা— আশাবাদ লৈ, আশাভংগৰ আঘাতদীৰ্ণ হৈ, জীৱন আৰু মৃত্যু নিৰ্বাহৰ বিশিষ্ট ভংগী প্রকাশ— সহৃদয় পাঠক সমাজে বিষয়বস্তু বুলি মোৰ কবিতাত কিবা বিচাৰিলে ইয়াকে পাব” —কবিৰ কাব্যচৰ্চাৰ ই যেন এক ইস্তাহাৰ। বহিৰ্জীৱনৰ পৰা আঁতৰি আত্মমগ্ন হৈ নপৰা বুলি তেওঁ আমাক আশ্বস্ত কৰিছে, যদিও তেওঁ বিষয়বস্তুৰ কাৰণে সমসাময়িক ঘটনাৱলীৰপৰা আঁতৰি ৰোৱাৰো ইংগিত দিছে।
নাজমা আছিল এক মানস প্রতিমা, যি শেষলৈ “সৰ্বকালৰ” কবিতাৰ প্ৰতিমা হোৱাৰো ইংগিত দিছিল। কিন্তু জলমগ্ন দৃশ্যাৱলীৰ প্ৰথম কবিতা “চিৰশ্ৰী”ত আমি এক তেজ-মঙহৰ নাৰীৰ উপস্থিতি অনুভৱ কৰোঁ। তাত স্থান, কাল স্পষ্টভাৱে উল্লেখিত আৰু নাৰীগৰাকী এক পূৰ্বৰাগৰ উপলক্ষ্য। “চিৰশ্ৰী” নামটোৰ পৰাই যেন পূৰ্বৰাগৰ এক ৰং চিৰকলীয়া হৈ কবিৰ বিষয়ীৰ অনুভূতিত সেউজীয়া বোল হৈ ৰ’ল। তাৰ প্রমাণ এই কবিতা৷ এই পূৰ্বৰাগ প্ৰেমলৈ ৰূপান্তৰিত নহ’ল,
“অপসৃয়মান সেই অস্তিত্বৰ পৰা
তোমাক সামৰি নিজক চম্ভালি ল’বলৈ
মোকো লাগিছিল লক্ষকোটি দীপান্বিত দিন।”
সাহিত্য আৰু কলাই উপলব্ধিৰ অসাধাৰণত্বৰ ৰূপান্তৰেৰে ক্ষন্তেকীয়া অভিজ্ঞতাৰ মুহূৰ্তক স্থায়িত্ব দান কৰিব পাৰে। “নিজক চম্ভালি লোৱা” বিষয়ীৰ সেই সময়খিনি তাৎপর্যময় হৈ উঠি এই কবিতাটো ৰসময় মুহূৰ্ত হিচাপে চিৰকলীয়া হৈ ৰৈছে। কবিতাটোৰ তৃতীয় অংশটো পিছত যোগ দিয়া হৈছে (কাৰণ এই কবিতাটোৰ প্ৰথম দুটা অংশহে আগৰ সংকলনত আছে)৷ এই অংশটোৱে প্ৰথম দুটা অংশৰ অভিজ্ঞতাত নতুন মাত্রা সংযোগ কৰি ইয়াক অসমীয়া সাহিত্যত পূৰ্বৰাগৰ এক উৎকৃষ্ট নিদর্শন কৰি ৰাখিছে। চিৰশ্ৰীৰ সৈতে বিষয়ীৰ পুনৰ সাক্ষাতৰ এটা বেলেগ মুহূৰ্ত, য’ত পৰিস্থিতি সলনি হৈছে, পূৰ্বৰাগৰ মুহূৰ্তটো সম্প্ৰসাৰিত হৈছে, কিন্তু বাস্তৱৰ সৈতে বুজা-পৰা কৰাৰ প্রয়োজনো হৈছে। এক সমাহিত মনেৰে বিষয়ীয়ে পূৰ্বৰাগক অস্বীকাৰ নৰকৰাকৈয়ে বাস্তৱৰ মুহূৰ্তৰপৰা কবিতাক উত্তোলন কৰিছে,
“সুখস্পৰ্শৰ ক’ৰবাত শিলীভূত সেই ক্ষণ
পুনৰ বিচাৰি কিয় খান্দিম খণ্ডগিৰি”
এই উত্তৰণত পূৰ্বৰাগৰ অস্বীকাৰ নাই। সময়ে মনক সমাহিত কৰিছে আৰু উপলব্ধিক মাত্রা দান কৰিছে।
অনুভৱ তুলসীৰ কবিতাত যিবোৰ ৰূপক আৰু উৎপ্ৰেক্ষাৰ উন্মোচন দেখোঁ, তাত দেখা পাওঁ বহিৰ্প্ৰকৃতি আৰু অন্তৰ্প্ৰকৃতিৰ বিভিন্ন আদান-প্রদান৷ এই আদান-প্ৰদান অৰ্থপূৰ্ণ। তেওঁৰ “আলহী” কবিতাত কবিৰ ঘৰ “বাঁহনিখনৰ চেঁচুকত” আৰু “আনন্দৰ ওলোটা পিঠিত”। ক্রিয়াপদ অতীতৰ আৰু এই স্মৃতি-চাৰণ শৈশৱৰ বুলি অনুমান কৰিবলৈ অসুবিধা নহয়। “আলহী”জন এই সংবেদনাত “আকাশৰ কেঁকুৰিৰ কোনোবা এজোপা হিজলৰ ডাল” সংশ্লেষী কল্পনাই আগন্তুক আৰু প্রকৃতিক একাত্ম কৰিছে, কাৰণ প্ৰকৃতিৰ সৈতে নিবিড় সম্পর্ক থকা কবিমনে আলহীক একাত্ম কৰিছে। “আলহী” যদিও বাহিৰৰ, তেওঁ পৰিচিত প্ৰকৃতিৰ অংশ হৈ পৰিছে,
“পুখুৰীৰ প্ৰতিৱেশী আছিল পাৰ আৰু যুৱকজনৰ কেতেকী কণ্ঠ
মাগুৰ বৰণীয়া পানীৰ অত্মীয় আছিল।
মেটেকাৰ সত যোৱা নাছিল সপোনত গজিবলৈ।”
দৃশ্যত ঘটা তন্ময়তাৰ উপলব্ধিও হৈ পৰিছে মন্ময়তা আৰু সেয়া হৈছে প্ৰকৃতি আৰু মানুহৰ সক্ৰিয় আদান-প্রদানত।
এনে আদান-প্রদানত সকলো সময়তে সহৃদয়তাৰ সৃষ্টি হোৱা নাই। “কাব্যস্তম্ভ” কবিতাত নিজৰ কাব্যৰ অন্বিষ্ট আৰু সম্ভাৱনাৰ বিষয়ে কবি যেতিয়া ভাৱনা-মগ্ন হৈছে, তেওঁৰ মনলৈ অনিশ্চয়তা আহিছে, অনুমান হয় বহির্জগতৰ অনিশ্চয়তাৰে ই প্রতিফলন,
“ঢৌ খেলা নিবিড় দিনবোৰতো এতিয়া বালিৰ চট।
জনাকীর্ণ সভাত হাজিৰা দিবলৈকো যেন বাচি আছোঁ।”
আকৌ,
“তথাপি কেতিয়াবা পোহৰ তীব্ৰ হ’লে
সাহ কৰি কোনো এক শব্দৰ খোলা খিৰিকীৰে তললৈ চাওঁ,
জানোচা তুমি আছাই ধ্বংসৰ বাটৰ তোৰণ হৈ… কিন্তু
সেই আশাও অবান্তৰ,”
নাৰীক আহ্বান কৰিবলৈ সংকোচ হোৱাৰ আঁৰত কিন্তু বহির্জগতৰ ঘটনাৱলীতকৈ আছে যুৱ মানসৰ মনক বাধা দিয়া সংস্কাৰ,
“কিয়নো তৰোৱালৰ চিকমিকনি লৈ, শব্দস্তম্ভলৈ নাৰীৰ প্ৰবেশ সদ্যহতে নিষিদ্ধ।”
এই সংকোচেই কাব্যস্তম্ভ নির্মাণত একমাত্র বাধা নহয়। বহির্জগতৰ অভিজ্ঞতায়ো এই অনিশ্চয়তা বঢ়াই তুলিছে,
“তিতা-কেহা লাগি গৈছে ইয়াত, একেবাৰে, অৰ্থ সংকীর্ণ,
দুষ্টৰ লটপট শান্তৰ মৰণ আৰু চহকীৰ টকাৰ গৰম
দুখীয়াৰ লাজৰ ওৰণিৰ আঁৰলৈকে।”
নাজমাৰ কবি তেওঁৰ কবিতাৰ এই উত্তৰণত আত্মমুখী নোহোৱাকৈ থকা নাই। কিন্তু এতিয়াও সমাজমুখী হোৱা নাই, কিন্তু জীৱন-জগতৰ ফালে পিঠি দি তেওঁ আত্মমগ্নও হৈ ৰোৱা নাই। অনিশ্চয়তা অতিক্ৰম কৰি আনকি কবিয়ে আশাৰ বালিচৰতো ভৰি থৈছে—
“মোৰ কণ্ঠ অৱৰুদ্ধ কৰে কোন যতি চিহ্নৰ
সেই সাহ, প্ৰত্যাৱৰ্তনৰ বহুকাল পাছতো মোৰ স্তৱকত মই
থাকিম ছন্দোবদ্ধ হৈ।”
আনকি তেওঁ নিজৰ আত্মমুখী ৰচনাৰ “আয়ভৰি টাৱাৰ”ৰপৰা নামি অহাৰ প্ৰতিশ্ৰুতি দিছে,
“স্তম্ভৰ উচ্চতাৰপৰা শব্দৰ
দ্যোতনাৰে মই নামি আহিম, পাৰ্কৰ কোনো এটি চিত্ৰকল্পৰ
ছায়াত আমাৰ মিলন অনিবার্য।”
অৱশ্যে তেওঁ যি মিলনৰ কথা কৈছে, সেই মিলন সমাজ-ক্ষেত্ৰত নহয়, এই উত্তৰণ হ’ব কেৱল কবিতাৰ শিল্প-ক্ষেত্ৰতহে। সামাজিক ভূমিকাতকৈ নান্দনিক ভূমিকাৰ ওপৰতো কবিৰ অধিক আস্থা।
এই নান্দনিক ক্ষেত্ৰখনলৈকে অনুভৱ তুলসী নামটোৰ আঁৰত লুকাই থকা এই কবিজনে শৈশৱৰ আৰু নিজৰ চৌপাশৰ যাদুকৰী কল্পনাৰ জগতখনত কিছুমান দৃশ্য অতি চিত্তাকর্ষকভাৱে লৈ আহিছে “চিহ্নযাত্ৰাৰ কেইটামান জলমগ্ন দৃশ্য” নামৰ কবিতাটোত। এই দৃশ্যবোৰ ‘জলমগ্ন’ স্মৃতিৰ তলীত আলোড়িত হৈ থকা আৰু হয়তো অৱচেতনতো মগ্ন হৈ যাব খোজা কিছুমান স্মৃতি, শিশু-মনত বিস্ময় আৰু ৰোমাঞ্চেৰে ভৰাই ৰখা এক সময়ৰ অভিজ্ঞান— ঘৰখনৰ আপোন মানুহৰ, তেওঁলোকৰ চৌপাশৰ গ্রাম্য প্ৰকৃতিৰ ৰূপক সমৃদ্ধ সোঁৱৰণ সেই কল্পনাই ভৰপূৰ কৰি ৰখা এৰি অহা জগতখনলৈ পুনৰ উভতি যোৱাৰ এক আকাংক্ষা। আৱেগ-অনুভূতিৰে ভৰপূৰ এই স্মৃতিৰ দৃশ্যাৱলী ওপৰা-উপৰি হৈ পৰাৰ কাৰণেই নেকি উৎপ্রেক্ষাৰ দলদোপে মাজে মাজে পকনীয়াৰ সৃষ্টি কৰিছে। তেনে পকনীয়াৰ “নিস্তৰংগ নিস্ৰোত”“খলকনি কল্লোল” কাঁইটেৰে লিখা ভাব-তৰংগ পাৰ হৈ আহিলে শৈশৱৰ অভিজ্ঞতাৰ কিছুমান অতি সুন্দৰ ভাবোদ্দীপক ছবি কবিতাটোত পোৱা যায়। কবিয়ে সুধিছে, “দেউতাই মোৰ বাবে নাও এখন এৰি থৈ গৈ ভুল কৰা নাইতো?” কিন্তু যি শৈশৱৰ উদ্ভাসন আমি পাইছোঁ, তাত স্মৃতি-কাতৰতা নাই, তাত সোঁৱৰণৰ বিস্ময় আছে আৰু সেই সোঁৱৰণৰ আকৰ্ষণতে ক’ব পাৰি যে পূৰ্বজে কবি-মনক যি সংবেদনা দিছে, সেই সংবেদনাই শিশু-মনক “নাওখন” দি ভুল কৰা নাই। মই এবাৰ কৈছিলোঁ, অনুভৱ তুলসীৰ বহু কবিতা “ৰূপকৰ শিল্পালয়” যেন লাগে৷ এই দুর্বলতা জলমগ্ন দৃশ্যাৱলীতো মাজে-মাজে দেখা পোৱা গৈছে, কিন্তু তেনে দুর্বলতাই কবিতাটোৰ সামূহিক তাৎপর্যত ব্যাঘাত জন্মোৱা নাই৷
কবিয়ে নিজৰ কাব্যাৰোহণৰ বাট বৰ সহজ বুলি ভবা নাই। “চেৰীফুলৰ স্বৰ্গাৰোহণ”ত তেওঁ কৈছে,
“নদীৰ যিটো পাৰে মানুহৰ বসতি
বাঁহ-গাজ যাৰ চুবুৰীয়া
তাৰ পৰা লুংলুঙীয়া এটি বাট
দীপশিখাৰ পাহাৰলৈ
সেই বাটে চেৰীফুলৰ স্বৰ্গাৰোহণ”
মানুহৰ জীৱন আৰু মানুহৰ সংস্কৃতিৰ পৰা কবিতা দূৰত নহয়, কিন্তু ইয়াৰ পথো ৰাজহুৱা পথ —এনে এটা ধাৰণা এই কবিতাৰ ভিতৰুৱা অৰ্থৰ পৰা আমাৰ মনত জাগিছে “লুংলুঙীয়া” কবিতাৰ পথ নিচিনিলে ভুল হোৱাৰ সম্ভাৱনা —দীপশিখাৰ পাহাৰ তেতিয়া অদৃশ্যপ্ৰায় হৈ ৰয়। সেইদৰে প্ৰেমৰ পথো কবিৰ কাৰণে দৃশ্যমান আলোকিত বাট নহয়। “উজ্জ্বলতাৰ জলপথ” পৰিক্ৰমাত ভাগৰি যোৱাৰ সময়ত জোনাকী-বাটেৰে বিপথগামী হৈ এক আন্ধাৰ যাত্ৰাৰ মূৰত আৱিষ্কাৰ কৰা এক অনুভূতি হ’ল প্ৰেম (“আঙুলিৰ ফুলনি”), “হেঁপাহৰ লঠঙা ডাললৈ আন্ধাৰে আনে কুঁহিপাত”, আৰু “আন্ধাৰত আঙুলিৰ ফুলনিৰ পৰা আমি কাচিৎহে ফুল ছিঙো”। কিন্তু কাচিৎ ছিঙা এই ফুল মৰ্মত ৰৈ যোৱা ফুল, কবিয়ে পোনপটীয়াকৈ কোৱা নাই, নক’লেও আমি বুজোঁ, তেনে আস্থা নেথাকিলে কবিয়ে এখন “আঙুলিৰ ফুলনি” আমাৰ বাবে সৃষ্টি নকৰিলেহেঁতেন।
এই সংবেদনশীল সুকুমাৰ মনৰ কবিজনৰ মনত মাজে মাজে নৈৰাজ্যই দেখা দিয়ে নেকি, মনটো স্পৰ্শকাতৰ হৈ আৰ্তনাদ কৰি উঠে নেকি? কিহৰ প্ৰতিক্ৰিয়া এয়া? কি নিঃসীম হতাশাৰ অন্ধকাৰৰ পৰা কবি-হৃদয়ে আৰ্তনাদ কৰি কয়,
“জ্ঞানৰ মৰাশত শগুণ পৰক
আন্ধাৰে পোক দিয়ক,
শিয়ালে হাগক সূৰুযৰ সমাধিত
মৰাজোনৰ টোপনিত গজক তিতালাও৷”
“কীট-জীৱন” কবিতাৰ এই শেষৰ শাৰীকেইটা মোৰ ব্যঙ্গ যেন লগা নাই। তাৰ আগতে “আঙুৰ লতাত লালিত মোতকৈ সহস্রগুণ অধিক উদ্ধত/আৰু খকুৱা আন্ধাৰৰ নৱ নৱ প্ৰজাতিবোৰলৈ মোৰ অভিনন্দন” বুলি যেতিয়া কোৱা শুনো, তেতিয়া কবিতাৰ শাৰীবোৰ ৰূপকধর্মী ব্যঙ্গ যেনেই অনুভৱ হয়। কিন্তু এই ব্যঙ্গৰ মাজেদি গৈ যি পৰিহাসত কবিতাটো সমাপ্ত হৈছে, তাত কীট-জীৱনৰ পৰা পৰিত্ৰাণ নাপাই হতাশ হোৱাৰ আৰ্তনাদ অভিশাপ হৈ বৰ্ষিত হৈছে। কবিৰ মন যেন বিপৰীত ভাবেৰে দোদুল্যমান৷ অৱশ্যে এই কীট-জীৱনৰ আন্ধাৰ পিছত গৈ “চেৰীফুলৰ স্বৰ্গাৰোহণ”ত আলোকপ্রাপ্তিৰ বাট হৈছে।
এনে এক নৈৰাজ্যৰ ভাৱনাতে মগ্ন হৈ থাকিলে কবি হিচাপে অনুভৱ তুলসী ক্ষতিগ্রস্ত হ’লহেঁতেন। কিন্তু পিছৰ কবিতাবিলাকে আমাক আশ্বস্ত কৰিছে যে এই ভাবনা তেওঁৰ সাময়িকহে। বহুত পিছত “দিব্য উপহাৰ” নামৰ এটা কবিতাত সেয়েই কবিয়ে দিব্য উপহাৰ দৃষ্টি/ সেই শক্তিৰ সিংহভাগ সম্প্রতি/ মই হেৰুৱাইছোঁ/ হেৰুৱাই পুতৌৰ পাইছোঁ জুতি” বুলি স্বীকাৰোক্তি দি হতাশাত স্তব্ধ হৈ যোৱা নাই। তেওঁ নতুন ইঙ্গিত শুনিছে,
“‘কবি নধৰিবানে বাৰু মোৰ হাতত আজি’
দেখা গ’ল যে জড় ভাবৰ বুৰবুৰণি এৰি
স্বচ্ছ ফটিক ধাৰ আহিছে নিগৰি।”
ইয়ৰো শেষ শাৰীটোত এটা সন্দিগ্ধ মনৰ আমনি নথকা নহয়, “আটাই কেইখিলা পাতচোন ফুলতে বাঁৰী,” কবি চৰিত্ৰৰ এনে ধৰণৰ উদ্বিগ্নতা আমি বাৰে বাৰে দেখা পাইছোঁ। কিন্তু তেওঁৰ এক উত্তৰণো হৈছে। কিন্তু তেওঁ মনৰ জগতখনতে আত্মমগ্ন হৈ থকা নাই। আত্মমগ্ন হৈ থকা সময়ছোৱাত যিদৰে প্ৰকাশৰ আকুতিয়ে তেওঁক জটিলৰ পৰা জটিলতৰ চিত্ৰকল্প নিৰ্মাণ কৰিবলৈ প্ৰৰোচিত কৰিছিল, সাম্প্রতিক সময়ত এনে প্ৰয়াসৰ পৰা তেওঁ আঁতৰত ৰৈছে, পৰিমিত ভাষাৰ কৌশল আয়ত্ত কৰিছে। চেতনা বহির্মুখী হোৱাৰ লগে লগে দৃষ্টিও যেন স্বচ্ছ হৈছে। তেওঁৰ “গৰুগাড়ী” নামৰ কবিতাটোত (জয় জয়তীৰ জয়) স্মৃতিয়ে তেওঁক আত্মমগ্ন কৰা নাই, সংস্কৃতিৰ প্রতীক গৰুগাড়ীখনতে তেওঁৰ দৃষ্টি নিবদ্ধ আৰু “চিৰকালৰ ৰখীয়া” গৰুগাড়ীখনৰ মাজেদি পৰিমিত ভাষাৰ সহযোগত গ্রাম্য-সংস্কৃতিৰ এটা ৰূপ কবিতাৰ ৰূপক হৈ চিৰকলীয়া হৈ পৰা দেখা গৈছে। এই বহির্দৃষ্টিতো বাস্তৱ জীৱনৰ কিছুমান পৰিস্থিতি ভয়াবহ হৈ দেখা নিদিয়াকৈ থকা নাই। “ন-খোৱা” কবিতাত শস্য চপোৱাৰ অনুষ্ঠান ন-খোৱা হৈ পৰিছে,
“মনু দানৱৰ
কোৱাৰিত তেজ
শ্মশানৰ নঙলামুখত
দহকুৰি তীখাৰ দাঁতৰ
নিৰানব্বৈটা তীখাৰ নখৰ
অনন্য ন-খোৱা”
কিন্তু কবিয়ে সৃষ্টি কৰি লৈছে কবিতাৰ এক নান্দনিক জগত, য’ত অভিজ্ঞতাৰ নেতি উত্তীৰ্ণ হয় কাব্যৰসৰ ইতিলৈ। সেয়েই সময়ে বোৱাই অনা পগলা পানীৰ ঢল পদ্যত বৰ্ণাব পৰা হয় “পগলা পানী” কবিতাত,
“সময়ে বোৱাই আনে ঢল
পগলা পানীৰ
পদ্যত বৰ্ণাব পৰাকৈ”
সাম্প্ৰতিক সময়ৰ ধ্বংসাত্মক ঘটনাৰ প্ৰতি কবি-মনৰ যি বিৰূপ প্রতিক্রিয়া, তাৰ পৰাও পৰিত্ৰাণ যেন কবিতাৰ মাজেৰেই। থেকেৰাগুৰিত সন্ত্রাসবাদীয়ে অইল ডিপোত কৰা ধ্বংসাত্মক বিস্ফোৰণত কবি-মনৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আছিল ক্ৰোধৰ৷ সেই ক্ৰোধ “কবিতাৰে পতা লোৱা পূজা”ত ৰূপান্তৰিত হৈছে এক তাৎপৰ্যপূৰ্ণ ৰূপকলৈ আৰু পৰিণত হৈছে কাব্যৰসত। আৰু সেই কাব্যৰসত,
“থেকেৰাগুৰিৰ জাগি-জা-গিজাও জুই ছবি
জলক-তবক হৈ পৰিল
মনে খন্দা খঙাল কুঁৱা সমূলি শুকাল”
দাও-দাওকৈ জ্বলা জুইৰ শিখাৰ মাজলৈ চাওতালি নাচৰ ছবিখন সুমুৱাই দি কবিয়ে এক মূৰ্তিময় কল্পচিত্ৰৰ সৃষ্টি কৰিছে, আৰু সেয়েই
“উল্লসিত উজানৰ অলকানন্দা এটি সোঁত
কলপতীয়া উচ্চতাত আৱিষ্কাৰ কৰিলোঁ যেতিয়া
সুপ্রাচীন সুনীল হে নাৱিক,
কবিতাৰে পতা লোৱা পূজা”
পিছৰ ফালৰ কবিতাত তেওঁৰ আগৰ কবিতাৰ প্ৰথম কণ্ঠস্বৰ আলাপধৰ্মীও হৈছে। কিন্তু কবি এছোৱা বিপন্ন সময়ৰো সাক্ষী। দুটা কণ্ঠস্বৰৰ মাজত সেয়ে দেখা পাওঁ কবিয়ে এটা তৃতীয় কণ্ঠস্বৰৰো অনুসন্ধান কৰে। এই কণ্ঠস্বৰৰ সন্ধান ঘটিছে “তৃতীয় কণ্ঠৰ সতে কথা পতা” নামৰ কবিতাটোত। দুটা কণ্ঠৰ এটা অত্যাচাৰী “ডমিনেণ্ট” কণ্ঠস্বৰ, যি পৰিস্থিতিৰ ওপৰত দখল লয়, কাৰণ দ্বিতীয় কণ্ঠস্বৰ “অনুপস্থিত”,
“প্রথম কণ্ঠ অত্যাচাৰী
প্রথম কণ্ঠৰ উদ্যত তর্জনী
প্ৰথম কণ্ঠৰ তৰ্জন-গর্জন”
আৰু এনে এটা অৱস্থাত “তৃতীয় কণ্ঠ” (বিৱেক?) ভীতিগ্ৰস্ত (এই দৃশ্যপট অসমৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটলৈ নিক্ষেপ কৰিলে আমি এনে এখন ছবিয়েই দেখা পাম।) কিন্তু কবিৰ চেতনাই নিৰৱছিন্নভাৱে তৃতীয় কণ্ঠৰ অনুসন্ধানত ৰত,
“আকণ্ঠ চলাথ কৰোঁ
কণ্ঠস্বৰ ক’ত
কণ্ঠস্বৰ ক’ত”
কবিৰ সংবেদনশীল মনে এনে এটা বিবেকহীন পৰিস্থিতিৰ সমুখত হতাশ হৈ পৰা নাই। আমি আগতে উল্লেখ কৰিছোঁ “কীট-জীৱন” কবিতাত এই মনে নৈৰাজ্য দেখি হতাশমনে আর্তনাদ কৰি সময়ক অভিশাপ দিছিল। কিন্তু সাম্প্ৰতিক সময়ত লিখা উপর্যুক্ত কবিতাত তীব্র বাধাৰ সন্মুখীন হৈও “তৃতীয় কণ্ঠস্বৰ”ৰ অনুসন্ধান কবিয়ে এৰি দিয়া নাই৷ বিভ্রান্ত বিৱেকক জগাবলৈ
“চকুৰ পতাত সানো
অস্থিৰ প্ৰলেপ
তোমাৰ কাণত ঢালো
কুলিৰ মাত
মূৰত ভৰণ দিওঁ
জাক জাক জোনাকি”
আৰু বিচাৰি পায় “কৃষ্ণাইৰ মূৰতে/বকুল ফুল এপাহি”—ইংগিত আমাৰ লোকজীৱনৰ প্ৰাণস্পন্দনলৈ। আগৰ কবিতাবোৰত আমি কবি-কণ্ঠত যি প্রথম কণ্ঠস্বৰ শুনিবলৈ পাইছিলোঁ সি আছিল বিষয়ীৰ নিজা৷ এই কবিতাত দুয়োবিধ কণ্ঠস্বৰ ৰাজহুৱা৷ তৃতীয় কণ্ঠস্বৰৰ অনুসন্ধান কৰি তেনে হ’ল কবি-বিষয়ী, তেওঁ পৰিস্থিতিৰ দৰ্শক, দ্বিতীয় কণ্ঠস্বৰৰ পলায়নত আৰু প্ৰথম কণ্ঠস্বৰৰ দপদপনিত মর্মাহত। তৃতীয় কণ্ঠস্বৰৰ সন্ধান তেওঁ কৰিছে জনজীৱনৰ লোক-সংস্কৃতিত, কাৰণ তাত শুভ বিলুপ্ত হোৱা নাই৷ মোৰ ধাৰণা হৈছে, এই কবিতাটো ভাস্কো পপাৰ কবিতাৰ দ্বাৰা অনুপ্ৰাণিত, তেওঁৰ দৰেই পৰিস্থিতিৰ উদ্বিগ্নতাৰ পৰা মুক্ত হ’বলৈ এক প্রয়াস৷
নীলমণি ফুকনে এটা কবিতাত এষাৰ কথা ব্যৱহাৰ কৰিছিল, কবি হিচাপে তেওঁ “চিত্ৰকল্প চিকাৰী”৷ তেওঁৰ পিছৰ পুৰুষত ছবিপ্রধান কবিতাৰ প্ৰাধান্য বাঢ়িছে। সেইবোৰ অৱশ্যে বৰ্ণনামূলক ছবি নহয়। যিসকলে সার্থক আধুনিক কবিতা লিখিছে, সেইসকলৰ চিত্ৰকল্পৰ অৱলম্বন হৈছে উৎপ্রেক্ষা আৰু ৰূপক আদি অর্থালংকাৰ৷ অনুভৱ তুলসীৰ কবিতাত উৎপ্রেক্ষাই প্রাধান্যই পাইছে। তাত চিত্রকল্প মাত্রাবিশিষ্ট হৈছে উৎপ্ৰেক্ষাৰ অৱলম্বনত, কিন্তু নাজমাৰ পিছত ক্ৰমান্বয়ে উৎপ্ৰেক্ষাৰ ভিতৰতে উৎপ্রেক্ষা প্ৰৱণতা বৃদ্ধি পাইছিল। মাজে মাজে এই জটিল পাকবোৰৰ মাজেদি তাৎপর্য ধুঁৱলি-কুঁৱলি হৈ পৰিছিল। উপলব্ধিৰ ভাব-ছবিখন অধিক সাৰ্থকতাৰে চিত্ৰকল্পত প্ৰকাশ কৰাৰ হাবিয়াসত সৃষ্টি হোৱা জটিল চিত্ৰকল্পৰ জঁটৰ পৰা পঢ়ুৱৈৰ কাৰণে পাকবোৰৰ মাজেৰে ছবিখন বিচাৰি অনা টান হৈ পৰিছিল। কিন্তু পিছৰ কবিতাত এই প্ৰৱণতাৰ পৰা তেওঁ নিজকে মুক্ত কৰিব পাৰিছে। আগৰ ফালৰ চিত্ৰকল্প আছিল গ্রাম্য জীৱন, আৰু তাৰ প্ৰাণৱান সংস্কৃতিৰ মাজত থাকি আহৰণ কৰা অভিজ্ঞতাৰ ৰূপকীয় ৰূপান্তৰ৷ নিজৰ উপলব্ধিৰ পৰা সচেতন মনক দূৰত্বলৈ অনা নাছিল তেওঁ, ভালেমান কবিতা যেন আছিল স্বাকীৰোক্তিমূলক, আনকি তেওঁ লগ পোৱা মানুহ, তেওঁৰ অভিজ্ঞতাত ছাপ বহুৱাই যোৱা ঠাইৰ উপলব্ধিৰ মুহূর্ত কিছুমান কবিতাত ভাবোদ্দীপক হৈও প্ৰকাশ পাইছে। জীৱিকাৰ খাতিৰত কবি চহৰমুখী হোৱাৰ পিছত তেওঁ স্মৃতিৰ তলিৰ পৰা কবিতাৰ উপাদান উত্তোলন কৰাতকৈ প্ৰত্যক্ষ অভিজ্ঞতাৰ বাস্তৱৰ সম্মুখীন হ’ল, সেই অনুপাতে তেওঁৰ উৎপ্রেক্ষা-ৰূপকৰ ব্যৱহাৰো সলনি হ’ল৷ নানা ধৰণৰ অভিজ্ঞতাৰ কাব্যিক ৰসায়ন কৰোতে পিছৰ পৰ্যায়ত ভালেমান কবিতাত তেওঁক পর্যবেক্ষকৰ ৰূপত পোৱা যায়। “মগজুৰ চেলত পহৰা চকী” কবিতাত পাওঁ তেওঁৰ কৰ্ম-জীৱনৰ কিছুমান খণ্ডচিত্ৰৰ উপাদেয় ৰসায়ন, নাগৰিক জীৱনৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা আহৰিত কিছুমান ছবিৰ সমাহাৰ। কবিতাটোত কবি (বিষয়ী হিচাপে) এটি চৰিত্ৰ হ’লেও, কবি হিচাপে তেওঁ এজন পৰ্যবেক্ষক আৰু এই পর্যবেক্ষণ সূক্ষ্ম৷
স্বাধীনতাৰ পিছৰ অনিশ্চিত, অস্থিৰ সময়ক যিসকল কবিয়ে প্রতিনিধিত্ব কৰিছে সেই “তৰুণ প্ৰজন্ম”ৰ অনুভৱ তুলসী অন্যতম। তেওঁৰ শৈশৱৰ লোক-জীৱনৰ স্পন্দনেৰে আলোড়িত পৃথিৱী আৰু যৌৱনকালৰ অনিশ্চিত বাস্তৱৰ মাজত পাৰ্থক্য তেওঁৰ কবিতাৰ উত্তৰণৰ মাজেৰে ধৰা পৰিছে আৰু বিভিন্ন অভিব্যক্তিৰ প্ৰকাশৰ মাজেৰে তেওঁৰ অভিজ্ঞতাপুষ্ট উপলব্ধিৰ ৰসায়নে অসমীয়া আধুনিক কবিতাৰ বিৱৰ্তনত তৰুণ প্ৰজন্মৰ হৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যিসকল পূৰ্বজ আধুনিকতাবাদীৰ পৰা তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে কবিতাৰ গঢ়টো লৈছে, সেইসকল পূৰ্বজক অতিক্ৰম কৰাৰ চেষ্টা নকৰাকৈয়ে শব্দ ব্যৱহাৰত তেওঁ মৌলিকতা আনিছে আৰু তেওঁৰ কবিতাৰ পটভূমিত নিজা অভিজ্ঞতাৰ চয়ন ঘটিছে। কবিৰ সংবেদনাৰ এই প্ৰকাশ গুৰুত্বপূৰ্ণ আৰু তৰুণ প্ৰজন্মৰ কবিসকলৰ প্ৰথম পংক্তিতে তেওঁৰ স্থান নিৰ্ধাৰণ কৰাত এই লেখকৰ কোনো সংকোচ হোৱা নাই। বিদেশী কবিতাৰ পঠনেও তেওঁৰ মনক সমৃদ্ধ কৰিছে। ভাস্কো পপাৰ অনুৰণনৰ কথা এঠাইত উল্লেখ কৰিছোঁ। ছেইণ্ট জন পেছৰ অনুৰণনো দুই-এঠাইত পোৱা গৈছে। আনা আখমাট’ভা তেওঁৰ প্রিয় কবি। এইসকলে তেওঁৰ কাব্যিক চেতনাক সমৃদ্ধ কৰিছে আৰু কবিতাৰ বয়নক তেওঁলোকৰ প্রভাৱে চহকী কৰিছে।
হৰেকৃষ্ণ ডেকা অসমৰ এগৰাকী আগশাৰীৰ কবি, গল্পকাৰ আৰু সমালোচক।