অনুভৱ তুলসীৰ কবিতা

ৰোমৰ দুপৰীয়া

এক প্ৰাচীন ভৱনৰ ছাঁ।
চহৰখনৰ দৰেই প্ৰাচীন। 
অন্তৰঙ্গ মুহূৰ্তৰ যৌৱন উদযাপন-
যৌৱনো বহুকাল গৰকি অহা। 
চালৰ খাপৰিবোৰত ক্ষয় লাগিছে,
টাইবাৰৰ পানীতো তেনেকুৱা কিবা। 
যেনেকুৱাই নহওক সাম্প্ৰতিক, 
ইহঁতৰ শৈশৱ যৌৱনৰ ঘৰ ৰোমত,
ইতিহাসৰ ৰঙা ইটা চূণ চুৰকিৰে নিৰ্মিত,
আৰু ইহঁতেই ৰোম।
ইহঁতৰ ধমনীত থিয় দঙা দিয়া দা ভিন্সি, মিকেলএঞ্জেলʼ।
মই পৰিভ্ৰমী এখিলা উকাপাত।
ৰোম ইয়াৰ মাটিতে গজিছে।
উৰণীয়া কাঁহীত উঠি অন্য গ্ৰহৰপৰা অহা নাই।
চিজাৰৰ তেজেও নিচান উৰা এই চহৰৰ কলঙ্ক মচি আছে।
আহি আহি মই এটা ডাকবাকচৰ ওচৰ পাইছোঁ-
ডাণ্টেই ভাৰ্জিলিঅʼলৈ লিখা চিঠি সাম্প্ৰতিক প্ৰযুক্তিৰ লাটিন ভাষাত।
অন্তৰঙ্গ নিবিড়তাত নীৰৱে শুনা বুৰঞ্জীৰ মৌন পাঠ,
ইহঁতৰ পল্লৱিত ওঁঠত কালাতীত আঙুলিৰ উদগ্ৰ হেঁপাহত।

An English translation of the Poem.