প্ৰকল্প ৰঞ্জন ভাগৱতী
Issue: Vol. IV, No. 2, August-October, 2025
এচাম আধুনিক সাহিত্য সমালোচকে পাঠ একোটাৰ কোনো স্থিৰ অৰ্থ থাকিব পাৰে বোলা ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে৷ ৰোলাঁ বাৰ্থ নামৰ তাত্ত্বিকগৰাকীয়ে পাঠক-কেন্দ্ৰিক পাঠ (Readerly Text) আৰু লেখক-কেন্দ্ৰিক পাঠ(Writerly Text)ৰ কথা কৈছে৷ পাঠক-কেন্দ্ৰিক পাঠত পাঠক এজনৰ নিজাকৈ কৰিবলগীয়া বিশেষ নাথাকে৷ এনে পাঠ সৰল আৰু পোনপটীয়া৷ এনে পাঠত লেখকৰ ভূমিকা কেৱল উপভোক্তাৰ৷ কিন্তু লেখক-কেন্দ্ৰিক পাঠত পাঠকৰ ভূমিকা উৎপাদকৰ৷ এনে পাঠে পাঠকৰ সক্ৰিয়তা বিচাৰে৷ অনুভৱ তুলসীৰ কবিতাবোৰ পাঠক-কেন্দ্ৰিক পাঠ নহয়৷ তেওঁৰ কবিতাবোৰে পাঠকৰ সক্ৰিয় অংশগ্ৰহণ আহ্বান কৰে৷ তেওঁৰ কবিতাবোৰ লেখক-কেন্দ্ৰিক পাঠ৷ পাঠকে বিভিন্ন ব্যাখ্যা আৰু বিশ্লেষণৰ জৰিয়তে নিজেই তাৰ অৰ্থ নিৰ্মাণ কৰি ল’বলগীয়া হয়৷

অনুভৱ তুলসীয়ে তেওঁৰ বানান কৰি পঢ়া লুইতৰ পানী (২੦১৯) নামৰ সংকলনখনৰ পাতনিত কবিতাক ভাষা-নিৰ্ভৰ কলা বুলি কৈছে৷ তেওঁ লগতে কৈছে যে ভাষাৰ প্ৰকাশিকা শক্তিৰ সৰ্বোৎকৃষ্ট অভিব্যক্তি কবিতাতেই সম্ভৱ বুলি সৰ্বস্বীকৃত৷ থমাছ গ্ৰেই লক্ষ্য কৰিছিল যে “যুগৰ ভাষাটো কেতিয়াও কবিতাৰ ভাষা নহয়৷” তেওঁৰ মতে কবিতাৰ প্ৰয়োজন অনুসৰি ভাষা নিৰ্বাচন আৰু গ্ৰহণ কৰা হয়৷ ৱৰ্ডছৱৰ্থে লিৰিকেল বেলাডছৰ দ্বিতীয় সংস্কৰণৰ পাতনিত দৈনন্দিন জীৱনত ব্যৱহৃত কথিত ভাষা কবিতাত প্ৰয়োগ কৰাৰ পোষকতা কৰিছিল৷ জে.এ. কাডনৰ মতে কবি এজনৰ বাবে যিকোনো শব্দই উপযুক্ত সঁজুলি৷ কিন্তু সেই উপযুক্ততা নিৰ্ভৰ কৰিব তাক কেনেকৈ ব্যৱহাৰ কৰিব তাৰ ওপৰত৷ অনুভৱ তুলসী কাব্যভাষাৰ প্ৰতি সচেতন এগৰাকী কবি৷ ৱৰ্ডছৱৰ্থৰ নিচিনাকৈ তেৱোঁ কাব্যভাষাক কথ্যভাষাৰ ওচৰ চপাবলৈ যত্ন কৰিছিল৷ ভাষাৰ এক পৰিৱেশনগত দিশ থাকে৷ চাৰ্লছ অলছনে কবিতাক এক শক্তি (energy) বুলি কৈছে৷ এই শক্তি উৎপন্ন হয় কবিতাটোৰ পৰিৱেশনৰপৰা৷ অনুভৱ তুলসীৰ কবিতা-সংকলন ‘বানান কৰি পঢ়া লুইতৰ পানী’ নামটোত দুটা দিশ লক্ষ্য কৰিবলগীয়া৷ তাৰে এটা হ’ল, কবিতা বানান কৰি পঢ়িব লাগে অৰ্থাৎ কবিতা ফুটাই পঢ়িব লাগে (Poetry read loud)৷ অলছনৰ দৰে তুলসীয়েও নিশ্চয় বিশ্বাস কৰে যে ফুটাই পঢ়িলে কবিতাৰপৰা একধৰণৰ শক্তিৰ উৎপন্ন হয়। কবিতা বানান কৰি পঢ়াৰ আনটো লক্ষ্য কৰিবলগীয়া দিশ হ’ল, আধুনিক কবিতাই পাঠকৰপৰা অধিক মনোযোগ আৰু অংশগ্ৰহণ আহ্বান কৰে। অনুভৱ তুলসী সাহিত্যতত্ত্বৰ শেহতীয়া গতি-প্ৰকৃতি সম্পৰ্কে সজাগ আছিল। উক্ত সংকলনখনত সন্নিৱিষ্ট ‘গল্পপাঠ’ শীৰ্ষক কবিতাটোত পাঠ একোটাই পাঠকৰ মনঃসংযোগ আহ্বান কৰা কথাটো এনেকৈ কোৱা হৈছে :
“আজিৰ পাঠৰ উভৈনদী মৃত্যুক চেৰাই যাবলৈ
আমাক গভীৰ মনঃসংযোগৰ দৰকাৰ৷”
পাঠৰ কোনো এটা স্থিৰ অৰ্থ নাথাকে৷ পাঠক-মানসত নিৰ্মিত প্ৰতিটো পাঠেই স্বতন্ত্ৰ৷ অৰ্থাৎ এটা পাঠক-ভেদে একেটা কবিতাৰে ভিন্ন পাঠ থাকে৷ লেখক-কেন্দ্ৰিক পাঠ সদায় মুকলি (open-ended)৷ উদ্ধৃত শাৰী দুটাত থকা ‘পাঠৰ উভৈনদী মৃত্যু’ৰ কথাখিনিয়ে লেখক-কেন্দ্ৰিক পাঠৰ মুকলি চৰিত্ৰৰ দিশটোলৈকে ইংগিত কৰিছে৷ পাঠকে অৰ্থ একোটা নিৰ্মাণ কৰি নুলিওৱালৈকে প্ৰতিটো কবিতাই কাগজত কেৱল কিছুমান অৰ্থহীন ক’লা চিন ( meaningless black marks)। টেৰী ঈগলটনে কৈছে যে অৰ্থবোৰ আমাৰ সাংস্কৃতিক আচৰণৰ সৈতে বান্ধ খাই থাকে। আমি ভাষাৰ আমূল পৰিৱৰ্তন ঘটাব নোৱাৰোঁ। অৰ্থহীন ক’লা চিনবোৰত আমি নিজৰ ইচ্ছা অনুসৰি অৰ্থ আৰোপ কৰিব নোৱাৰোঁ। সকলো সাহিত্যকৰ্মই কাগজত থকা শব্দ। ঈগলটনৰ মতে কবিতা হিচাপে এটা পৃষ্ঠাত থকা শব্দবোৰ পঢ়াৰ অৰ্থ হ’ল সিহঁতৰ বস্তুগত শৰীৰৰ হেৰুৱা কিছু অংশ সিহঁতৰ ওচৰলৈ ঘূৰাই অনা। কিন্তু পাঠক এজনে সেই কাম সাংস্কৃতিক পৰিমণ্ডলটোৰ ভিতৰত থাকিয়েই কৰিব লাগিব।
বানান কৰি পঢ়া লুইতৰ পানী সংকলনত থকা ‘তামোলবাৰী বাগিচাত’ শীৰ্ষক কবিতাটোৰ বিষয়বস্তু হ’ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি-বিজড়িত তামোলবাৰী চাহবাগিচা ভ্ৰমণৰ অভিজ্ঞতা৷ কবিতাটোৰ বক্তাৰ মতে তামোলবাৰীত জ্যোতিপ্ৰসাদৰ স্মৃতি ভালকৈ সংৰক্ষিত হৈ থকা নাই :
“তুমি তামোলবাৰী বাগিচাত
তেনেই আলৈ-আথানি
তোমাৰ বুকুত চাং পাতি
চিৰকালৰ দুখৰ আত্ৰাণি”
জ্যোতিপ্ৰসাদৰ ব্ৰঞ্জৰ মূৰ্তিত মকৰাই জাল বান্ধিছে৷ চৌপাশৰ সেউজ পৰিৱেশ জহিখহি গৈছে৷ সমগ্ৰ পৰিৱেশটোৱে বক্তাৰ মনত একধৰণৰ সংশয়ৰ সৃষ্টি কৰিছে :
“আমি মৰিম নে তোমাক বচাম
তুমি মৰিবা নে আমাক বচাবা
যাতনাৰ তাঁত-বাটি”
কিন্তু এই অৱহেলা, এই আলৈ-আথানিয়ে বৰেণ্য ব্যক্তিগৰাকীৰ জীৱন আৰু কৰ্মৰ যি ব্যাপ্তি তাত কোনো প্ৰভাৱ নেপেলায় :
“সিমানৰ পিছতো তোমাৰ পিছ এৰা নাই
জীৱন দি জীওৱা তোমাৰ শইচৰ পিছ এৰা নাই”
সংকলনটোৰ ‘তেওঁৰ হাতত’ এটা চুটি আনন্দদায়ক কবিতা৷ কবিতাটোত ইংগিতপূৰ্ণ ভাষাৰে এজন ব্যক্তিৰ চাকৰি-জীৱনৰ পৰা অৱসৰ পোৱাৰ পৰিস্থিতিটো বৰ্ণনা কৰা হৈছে৷ প্ৰথম চাকৰিত যোগ দিবৰ দিনা সকলো লোকেই যেন এটি উঠি অহা বেলি৷ চাকৰি-কালছোৱাত ফৰিঙৰ দৰে এটা ধানপাতৰপৰা আন এটালৈ জঁপিয়াই ফুৰাৰ অতি ব্যস্ততাময় সময়৷ বৰণ সলাই সলাই এনেকৈয়ে ব্যক্তিৰ চাকৰি-জীৱন সেৱা-নিবৃত্তিৰ ফালে আহে৷ কবিতাটোৰ অন্তিম স্তৱকটো:
“সেৱা নিবৃ্ত্তিৰ দিনা
হাতত হাঁকুটি লৈ
বেলি গ’ল
থেকেৰা পাৰিবলৈ৷”
কবিতাটোত বৰ্ণিত চৰিত্ৰটো অৱসৰৰ দিনটোতে হাঁকুটি লৈ থেকেৰা পাৰিবলৈ যোৱা কথাটোত একধৰণৰ পৰিহাস সোমাই আছে৷ সেই দিনটো ইতিমধ্যে ডেৰকুৰি বছৰ ধৰি কৰা চাকৰিটোৰপৰাহে সেৱা-নিবৃত্তি৷ জীৱনৰপৰা নহয়৷ থেকেৰা পাৰিবলৈ যোৱা কথাটোত ইয়াৰ পিছতে মানুহজনৰ জীৱনৰ অন্য এক অধ্যায়ৰ আৰম্ভণিৰ ইংগিত দিয়া হৈছে৷ সেই নতুন অধ্যায়ত থেকেৰাৰ দৰে ঔষধি গুণযুক্ত চিৰসেউজ ফলৰ গুৰুত্ব থাকিব৷
‘শাওণৰ আকাশ’ আন এটা চুটি ভাবোদ্দীপক কবিতা৷ শাওণৰ সৈতে কবিতাৰ বক্তাৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে৷ অসমৰ কৃষিকেন্দ্ৰিক জীৱনত শাওণ মাহৰ গুৰুত্ব আছে৷ এইখিনি সময়তে পথাৰত বোকা দি ৰোৱাতলি সাজু কৰি তোলা হয়৷ শাওণ মাহত কবিতাৰ বক্তাৰ শৈশৱলৈ মনত পৰিছে:
“শাওণৰ আকাশ মোৰ পঢ়াশালি
বোকা দিয়া পথাৰ মোৰ পাঠ্য বিষয়”
বক্তাৰ শৈশৱ-কৈশোৰ কৃষিজীৱী গাঁৱৰ জীৱনৰ সৈতে কেনেদৰে সংপৃক্ত হৈ আছে সেয়া উক্ত শাৰী দুটাত প্ৰকাশ পাইছে৷ কিন্তু বৰ্তমানত থিয় হৈ বক্তাই লক্ষ্য কৰিছে যে আকাশত মেঘে গাজি আছে, কিন্তু বৰষুণৰহে কোনো দেখাদেখি নাই:
“বিজুলী শিঙাল
গোঁৱাৰ গাজনি
মেঘ সভাৰ
অভিজাত আয়োজন
বৰষুণৰহে
দেখাদেখি নাই”
প্ৰকৃতিৰ ৰূঢ় ৰূপে তেওঁৰ মনত সংশয়ৰ সৃষ্টি কৰিছে:
“এই শূন্য
শূন্য হৈয়ো
অসহনীয়”
কিয়নো বৰষুণ নোহোৱাৰ অৰ্থ হ’ল পথাৰ ছন পৰি থকা৷ আকালৰ সম্ভাবনা।
‘ধ্বনিময় হেঙুলৰ হেঁপাহ’ শীৰ্ষক কবিতাটো মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ সৈতে জড়িত পাঁচগৰাকী নাৰীক লৈ লিখা পাঁচটা কবিতাৰ সমষ্টি৷ সেই নাৰীকেইগৰাকী হ’ল ক্ৰমে খেৰসূতী, সত্যসন্ধা, কালিন্দী, কমলাপ্ৰিয়া আৰু ৰাধিকা৷ প্ৰথম কবিতাত বৰ্ণিত খেৰসূতী শংকৰদেৱৰ আইতাক৷ শৈশৱতে পিতৃ-মাতৃহাৰা শংকৰক এই খেৰসূতীয়েই তুলিতালি ডাঙৰ কৰিছিল৷ কবিতাটোৰ শেষৰ শাৰীটো মন কৰিবলগীয়া:
“বহু পুণ্যবলে মই হ’লোঁ উঠা বেলিৰ বুঢ়ীমাক৷”
পৰৱৰ্তী সময়ত স্বমহিমাৰ উজলি উঠা নাতিয়েকক লৈ গৌৰৱান্বিত বুঢ়ীমাক এগৰাকীৰ চিত্ৰ ইয়াত প্ৰকাশ পাইছে৷ উল্লেখযোগ্য যে অনুভৱ তুলসীয়ে বেলিক কেতিয়াবা ৰূপক আৰু কেতিয়া উপমা হিচাপে বিভিন্ন কবিতাত ব্যৱহাৰ কৰিছে৷ এই কবিতাটোত শংকৰদেৱক উঠা বেলিৰ লগত তুলনা কৰিছে৷ পূৰ্বতে উল্লেখ কৰা ‘তেওঁৰ হাতত’ কবিতাটোতো উঠা বেলি উপমাটিৰ উল্লেখ পাওঁ। দুয়োটা কবিতাতে ‘উঠা বেলি’য়ে তেজোদীপ্ত যৌৱনকাললৈ ইংগিত কৰিছে।
দ্বিতীয় কবিতাত বৰ্ণিত সত্যসন্ধা হ’ল শংকৰদেৱৰ মাতৃ৷ মাতৃৰ স্নেহস্পৰ্শৰ পৰা বঞ্চিত পুত্ৰৰ বেদনা কবিতাটোৰ অন্তিম তিনিটা শাৰীত প্ৰকাশ পাইছে:
“আইমাতৃ আইমাতৃ উদাৰ এজাৰফুল এপাহ
ওচৰ পাওঁগৈ মানে মহীয়সী নীৰৱতা
নীলা পাহাৰত লীন।”
তৃতীয় কবিতাত বৰ্ণিত কালিন্দী হ’ল শংকৰদেৱৰ দ্বিতীয় পত্নী৷ শংকৰৰ প্ৰথম বিবাহ সুখৰ নাছিল৷ বিয়াৰ চাৰিবছৰৰ পিছতে এটি কন্যা সন্তান জন্ম দি তেওঁৰ প্ৰথম পত্নী সূৰ্যৱতীৰ মৃত্যু ঘটিছিল। চতুৰ্থ কবিতাত বৰ্ণিত কমলাপ্ৰিয়া হ’ল শংকৰদেৱৰ ভতিজী৷ কোঁচ সেনাপতি শুক্লধ্বজ ওৰফে চিলাৰায়ৰ সৈতে তেওঁৰ বিবাহ হৈছিল৷ তেওঁ সংগীতত পাৰ্গত আছিল৷ তেওঁৰ মুখত শংকৰদেৱ-প্ৰণীত বৰগীত শুনিয়েই চিলাৰায় মহাপুৰুষজনাৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল৷ অনুভৱ তুলসীৰ কবিতাত এই কাহিনী ইংগিতেৰে সৈতে উল্লেখ কৰা হৈছে:
“পৰিতৃপ্ত বতাহে ঢালিলেগৈ সুৰৰ ঢৌ
কাৰ শ্ৰৱণ-মন্দিৰত, সন্মোহনে পালে সংগীতৰ ৰূপ
চৰণ স্পৰ্শৰ দুৰ্ঘোৰ স্পৃহা হ’ল”
পঞ্চম কবিতাত বৰ্ণিত ৰাধিকা হ’ল শংকৰদেৱৰ এগৰাকী নিষ্ঠাৱান শিষ্য৷ ৰাধিকা শান্তিৰ কাহিনী অসমৰ বৈষ্ণৱ সমাজত চৰিত্ৰবল আৰু ভক্তিনিষ্ঠাৰ উদাহৰণ হিচাপে জনপ্ৰিয়৷
‘হেমন্তৰ চিঠি’ জীৱনীধৰ্মী কবিতা৷ কবিতাটো কলম্বিয়ান সাহিত্যিক গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ মৃত্যুত লিখা আৰু স্বাভাৱিকতে মাৰ্কেজৰ জীৱনৰ দুই-এটা প্ৰসংগই ইয়াত স্থান পাইছে৷
অনুভৱ তুলসীৰ প্ৰথমৰ ফালৰ কবিতাবোৰ আলংকাৰিক আছিল৷ বিশেষকৈ উৎপ্রেক্ষা(simile বা metaphor)ৰ ব্যৱহাৰ চমকলগাকৈ বেছি আছিল, যাৰ বাবে তেওঁৰ কবিতা সাধাৰণ পাঠকে জটিল পাইছিল৷ বানান কৰি পঢ়া লুইতৰ পানীত সন্নিৱিষ্ট সৰহখিনি কবিতাই তেনে অভিযোগৰপৰা মুক্ত৷ বিভিন্ন কবিতাৰপৰা চয়ন কৰা প্ৰেমৰ অভিব্যক্তিপ্ৰকাশক তলৰ স্তৱককেইটাই যিকোনো ৰসগ্ৰাহী পাঠকেকে কাষলৈ টানিব:
“কোৱা চোন কোৱা
তোমাৰ দুখ কেনেকুৱা
মুখ ফালি নক’লে
জানিম কেনেকুৱা” (‘কোৱা চোন কোৱা’)
“প্ৰথম প্ৰেম নগদ ধন,
ধোঁৱাখুলীয়াৰ নুটুটে জীৱন৷
প্ৰথম প্ৰেম বা-মাৰলিৰ নয়নাভিৰাম নাচ
প্ৰথম প্ৰেম মেঘ বিজুলী-গাজনিৰে গা-ভাৰী৷” (‘পোখা মেলা’)
“সবাতোকৈ সুন্দৰ চকুযুৰিৰ বাবে মই ৰুইছিলো এটি নাহৰ পুলি
সবাতোকৈ সুন্দৰ চকুযুৰিৰ বাবে ঘন গৰ্জনলৈ ভয় নকৰি
এদিন টুলুঙা নাওখন বুৰাই সোমাই গৈছিলোঁ সাগৰ গৰ্ভলৈ
নিষিদ্ধ হৰিণা পুহিছিলোঁ সবাতোকৈ সুন্দৰ চকুযুৰিৰ বাবেই” (‘চকু’)
মৃত্যুক লৈ পৰিহাস কৰা তলৰ স্তৱকটোৱেও যিকোনো পাঠককে আকৰ্ষিত কৰিব:
“জানে তাৰ প্ৰতি মোৰ তুমুল ঈৰ্ষা
মইনো কিয় হ’ব লাগে প্ৰতাৰিত,
মৃত্যুৰ পানীখোৱা পুখুৰীত
মই কিবা বিষ ঢালিলোঁনে
মোক এৰি মৃত্যুৱে কিয় তাক ধৰিলে
তাৰ ওচৰত মৃত্যুৱে ইমান সহজেই
কিয় বাৰু ধৰা দিলে৷” (‘মৰগীয়াত মগন’)
বানান কৰি পঢ়া লুইতৰ পানী সংকলনৰ কবিতাবোৰ ঘাইকৈ কবিৰ ইতিহাস, স্মৃতি, সাহিত্যপাঠ, প্ৰেম, মৃত্যু আৰু জীৱনৰ ভিন্ন ৰূপ আৰু অভিজ্ঞতাৰ প্ৰতি গভীৰ আৰু অৰ্থপূৰ্ণ সঁহাৰি। কবিৰ পৰিণত বয়সৰ ধী-শক্তি আৰু জীৱন-বোধ কবিতাখিনিত পাঠকে বিচাৰি পাব। সংকলনটোৰ সুলিখিত পাতনিখনে অনুভৱ তুলসীৰ কবি-মানসটোকো সুন্দৰকৈ ধৰি ৰাখিছে।