অনিৰ্বাণ দত্তৰ কবিতা

গছ

আটাইতকৈ যদি বেছি হিংসা ভোগ কৰিছে
তেনে সেয়া গছে৷ 

ফল-ফুল ডাল-পাত 
লাগ বুলিলেই কাটি-ছিঙি নিয়াৰ পাছত
যদি মন গ'লেই কাৰোবাৰ গুৰি কাটি 
গিৰাই দিয়া হৈছে 
তেনে সেইজোপা গছ৷

পথ বহলোৱাৰ নামত
ঘৰ বন্ধোৱাৰ নামত
কাঠ-শৰীৰ বেছি ধন ঘটাৰ নামত
নিদাৰুণভাবে বগৰাই দিয়া হৈছে গছক৷

আপুনি নিৰ্যাতিত বুলি মিছাতেই কিয় কান্দে
কান্দিব লাগে যদি কান্দক গছে
অস্তিত্বৰ সংকট বুলি মিছাতে কিয় বিদ্ৰোহ কৰে
কৰে যদি কৰক গছে৷

আপোনাৰ বাবে নিৰাপদ ঠাই
নগৰ চহৰ গাঁও আছে
গছৰ বাবে ক’ত?
দুৰ্গম পৰ্বতৰ মাজতো সুৰক্ষা নাই গছৰ৷

অথচ, অৰণ্য-গৃহত গছে 
আতিথ্য কাক দিয়া নাই?

গছৰ বদান্যতাত আপুনি মানুহ 
মানুহ হৈ আছে
চৰাই চৰাই
বাঘ বাঘ
মাছ মাছ
বিনিময়ত গছেচোন কাকো একো বিচৰা নাই ৷

কাকো একো নিবিচাৰে
কাৰো চোতাল নগচকে
কাকো বিধিপথালি নিদিয়ে
কাকো কটু কথা নকয় 
বৰং সকলোকে লালন-পালন কৰে
আনকি মৰাৰ পাছতো 
শৰীৰ দান কৰে— তেৱেঁই গছ ৷
ইচ্ছা কৰিলে মানুহ গছ হ’ব পাৰেনে?

কটা যোৱাৰ পাছতো 
গুৰিতে গজালি মেলা
পৰোপকাৰী আৰু অত্যন্ত অমায়িক গছবোৰ
আসুৰিক মানুহ নহয়
সিহঁতক তুলি ধৰিবলৈ 
অলপো আতংকিত হ’ব নালাগে৷

An English translation of the poem.