অনিৰ্বাণ দত্তৰ দুটা কবিতা

ভ্ৰম

এই বাটেৰেই উন্নয়নৰ অশ্ব দৌৰিব বুলি কৈ
পদূলিৰ বাট-পথবোৰ কাঁড় যেন পোন কৰি আছে
আহল-বহল কৰি আছে
পকী কৰি আছে 

আচলতে—
শাৰী শাৰী পুৰণি গছবোৰ কাটি আছে
কলৰৱমুখৰ জলাশয়বোৰ পুতি আছে
কৃষিভূমিৰ কোমল পিঠিবোৰ খান্দি-কুৰুকি
চিৰাচিৰ কৰি আছে 

চকুৰ সন্মুখেৰে—
   চহা গাঁওবোৰ
   চিৰসেউজ পাহাৰবোৰ 
   মুক্তকেশী নৈ নিজৰাবোৰ
সবকে নাকি লগাই জহন্নামলৈ চোঁচৰাই নি আছে

আৰু পাছে পাছে গৈ আছে এটা সভ্যতা

ভুলতে নে ভোকতে 
ৰজাঘৰীয়াই দেখোন সুধিলেও একো নামাতে৷
ভিতৰে বাহিৰে ইমান কোঢ়াল

শানিত তৰোৱালপাত
কাৰ মুঠিত টগবগাই আছে
ওৰেটো নিশা চালেৰে টোপটোপকৈ সৰি আছে
তেজৰ টোপাল৷

উন্নত শিৰবোৰ নত হৈ
কাৰ পদত পৰি আছে
প্ৰজ্জ্বলিত তৰাটো কোনটো কোণত গৈ 
লুকাই আছে 
শিলাবৃষ্টিৰ নিশাটোৱে নিৰ্বিবাদে ভাঙিছে
শৰাইঘটীয়া সপোন৷

ইগাওঁ-সিগাওঁ সংযোগী পথবোৰ খহি গ’ল
খহিল মুখ আৰু মনৰ সংযোগী সাঁকোবোৰো ৷
বিচ্ছিন্ন মানুহবোৰ নিৰৱচ্ছিন্ন কোঢ়ালত
নিজে নিজক নিচিনা হ’ল ৷

শূন্যতে ওপঙি ওপঙি
কাণে-নুশুনা চেঁপা চিঞৰবোৰ—
আৰু তাৰ ধ্বনি-প্ৰতিধ্বনিবোৰ
কোনখন গহনবনলৈ গতি কৰিছে?
আৰু অগণিত মানুহৰ আশাহত আৰ্ত মুখবোৰ!

ভিতৰে বাহিৰে ইমান কোঢ়াল
কি আছিল, কি হ’লগৈ দিনকাল!
যুঁজৰ জামানা কি ইয়াতে শেষ হ’ল!

কি আচৰিত
প্ৰভাতফেৰি গাম বুলি
চহৰলৈ উৰি অহা শুকুলা পাখিৰ চৰাইবোৰো
লালসাৰ জাতিংগাতে ফাঁচ লৈ
মৰি গ’ল৷

Click for an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *