প্ৰকল্প ৰঞ্জন ভাগৱতী
অজিৎ বৰুৱাৰ কবিতাবোৰত শিৰোনামবোৰৰ বিশেষ তাৎপৰ্য থাকে। কবিতাৰ অৰ্থ অন্বেষণ আৰু ৰস উপলব্ধিৰ কুহেলিকা যাত্ৰাত শিৰোনামটোৱে কেতিয়াবা আৰিয়াৰ ভূমিকা পালন কৰে। তেওঁৰ ‘এযোৰ তামৰ অৰ্ঘা’ তেনে এটা কবিতা। শিৰোনামটোৱে কবিতাটোৰ অন্তৰ্ভাগলৈ পাঠকক হাতত ধৰি লৈ যাব খোজে।
এযোৰ তামৰ অৰ্ঘা অজিৎ বৰুৱা যিদিনাই খুব ৰাতিপুৱাই সাৰ পাওঁ সিদিনাই মনটোত কিহবাই ৰোকে লাহে লাহে, দুখ-পাই-দুখ-নাপাইকৈ— আজিয়েই কিজানি আকৌ ঘটে সি ঘটনা যি কোনো দিনেই ঘটিবৰ সম্ভাৱনা নাছিল। আজিয়েই কিজানি আকৌ দেখোঁ মোৰ পূৰ্ব জনমৰ প্ৰথমা প্ৰিয়াই হঠাৎ চছমা খোলা; ফিৰিঙতি চকু হঠাৎ নিষ্প্ৰাণ— শালিকাৰ পাখিৰ ৰঙৰ চকু (ভয় নাই, তেওঁ কেতিয়াও কান্দিব নোৱাৰে) কিন্তু এতিয়া মাজে মাজে কেৱল সন্দেহ হয় কিজানি তেওঁ কান্দিব পাৰিছিল? আৰু সিদিনা হীৰাৰ দৰে সংযমত কেৱল উদ্ধত আছিল। ১৯৬৫
‘এযোৰ তামৰ অৰ্ঘা’ বাক্যাংশ কেৱল কবিতাটোৰ শিৰোনামতহে আছে। শিৰোনামৰ তলৰ মূল পাঠত এই বাক্যাংশ অনুপস্থিত। কবিয়ে যেনিবা শব্দৰে এখন ছবি আঁকিছে আৰু ছবিখন ‘এযোৰ তামৰ অৰ্ঘা’ বুলি পাঠকক জানিবলৈ দিছে। ‘অৰ্ঘা’ এটা তৎসম শব্দ। ইয়াৰ আভিধানিক অৰ্থ হ’ল ‘অৰ্ঘ দিওঁতে বা পূজা কৰোঁতে দেৱতাক পানী দিয়া এটা সৰু পাত্ৰ’। অৰ্ঘাৰ সৈতে জড়িত হৈ থকা পূজা, দেৱতা আদি অনুষংগবোৰে পাঠকৰ মনলৈ একধৰণৰ পৱিত্ৰ ভাব আনে। আনহাতে ‘এযোৰ’ শব্দৰ সৈতে প্ৰেম আৰু সহধৰ্মিতাৰ অনুষংগ জড়িত হৈ আছে। তাম ধাতু নমনীয়তাৰ প্ৰতীক। আনহাতে ৰং হিচাপে তামে প্ৰাচীনতা আৰু নম্ৰতাৰ ইংগিত দিয়ে। কবিতাটোত প্ৰেয়সীৰ চকুযুৰিক এযোৰ তামৰ অৰ্ঘাৰ সৈতে তুলনা কৰা হৈছে। গতিকে স্বাভাৱিকতে ‘এযোৰ’, ‘তাম’ আৰু ‘অৰ্ঘা’ শব্দৰ সৈতে যুক্ত হৈ থকা অনুষংগবোৰে প্ৰেয়সীৰ চকুযুৰিকে অভিব্যঞ্জিত কৰিছে।
দুটা অৰ্ঘা মুখামুখিকৈ ৰাখিলে এযোৰ চকু যেন লাগিব। চকু মানুহৰ হৃদয় আৰু মনৰ আইনা সদৃশ। হৃদয় আৰু মনত ঘটা চিন্তা-অনুভূতিৰ প্ৰতিফলন ঘটে চকুযুৰিত। চকুত সদায় সত্যৰে প্ৰতিফলন ঘটে। সেয়ে ইয়াক মানুহৰ আত্মাৰ আইনা বুলিও গণ্য কৰা হয়। সাহিত্যত চকুযুৰিৰ অনেক তুলনা পোৱা যায়, যেনে মাছৰ দৰে চকু—মীনাক্ষী; হৰিণীৰ দৰে চকু—মৃগনয়না; পদুমৰ দৰে চকু—কমললোচন ইত্যাদি। মাছ, হৰিণী, পদুম এইবোৰ প্ৰকৃতিৰ জীৱন্ত বস্তু। কিন্তু তামৰ অৰ্ঘা এক নিৰ্জীৱ বস্তু। কবিতাটোত প্ৰেয়সীৰ চকুযুৰিক এযোৰ তামৰ অৰ্ঘাৰ সৈতে অৰ্থাৎ এক নিষ্প্ৰাণ বস্তুৰ সৈতে কৰা তুলনাত অভিনৱত্ব আছে, যিয়ে পাঠকক আকৃষ্ট কৰে।
মুঠ সোতৰ শাৰীৰ কবিতাটো দুটা স্তৱক বিন্যস্ত। প্ৰথম স্তৱকত এঘাৰটা শাৰী আৰু দ্বিতীয় স্তৱকত ছটা শাৰী আছে। স্তৱক দুটাৰ মাজৰ শূন্য স্থানে বক্তাৰ মনৰ দুটা সুকীয়া অৱস্থানৰ ইংগিত দিছে।
কবিতাটো আৰম্ভ হৈছে পুৱা সোনকালে সাৰ পোৱাৰ প্ৰসংগৰে। বক্তাই যিদিনাই পুৱা সোনকালে সাৰ পায় সেইদিনাই তেওঁৰ মনত এক অচিন ভাবনাৰ উদয় হয়। পুৱা হ’ল দিন আৰু ৰাতিৰ সংগমস্থল। দিন-ৰাতিৰ সংগম আমি সন্ধিয়া বেলিকাও পাওঁ। কিন্তু পুৱাৰ তাৎপৰ্য সন্ধিয়াৰ বিপৰীত। পুৱা বেলিকা সময়ে ৰাতিৰ পৰা দিনলৈ আৰু সন্ধিয়া বেলিকা দিনৰ পৰা ৰাতিলৈ গমন কৰে। ৰাতিৰ অন্ধকাৰৰ পৰা দিনৰ পোহৰলৈ গমনত আশা আৰু প্ৰতিশ্ৰুতি থাকে। দিনটোৰ আৰম্ভণি আশাপ্ৰদ হোৱাটো সকলোৱে বিচাৰে। কিন্তু কেতিয়াবা বক্তাৰ দিনটো স্বাভাৱিকৰূপে আৰম্ভ নহয়। যিদিনা তেওঁ সোনকালে সাৰ পায়, সিদিনাই তেওঁক এক অচিন ভাবনাই আমনি কৰে। প্ৰথম শাৰীৰ ‘খুব’ শব্দটোৱে ৰাতিপুৱা সাৰ পোৱা কাৰ্যটোৰ অস্বাভাৱিকতালৈ আঙুলিয়ায়। আনহাতে দ্বিতীয় শাৰীৰ ‘কিহবাই’ শব্দই তেওঁৰ মনত দোলা দিয়া ভাবনাৰ অচিন, অজানা দিশটোলৈ ইংগিত দিয়ে। উক্ত অজান ভাবনাটিয়ে বক্তাৰ মনত কেনেধৰণৰ অভিঘাতৰ সৃষ্টি কৰিছে তাৰ উমান পোৱা যায় তৃতীয় শাৰীত—
“লাহে লাহে, দুখ-পাই-দুখ-নাপাইকৈ--”
অচিন ভাবনাটিয়ে ‘দুখ-পাই-দুখ-নাপাইকৈ’ অৰ্থাৎ অতি মৃদুভাৱে বক্তাৰ মনত আঘাত দিয়ে।
বক্তাৰ মনক ৰোকা সেই অচিন ভাবনাটিনো কি? বক্তাৰ মনত এটা ঘটনা ঘটাৰ শংকা আছে। এনেকুৱা এটা ঘটনা যিটো কেতিয়াও ঘটাৰ সম্ভাবনা নাই, কিন্তু বক্তাৰ ভাব যেন ঘটনাটো আজিয়েই ঘটিব। সেই শংকাই বক্তাৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কবিতাটোৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শাৰীত আমি ঘটনাটোৰ উল্লেখ পাওঁ। অতীতৰ কোনো এক সময়ত বক্তাৰ প্ৰথমা প্ৰিয়াই হঠাতে চছমা খোলাত তেওঁৰ চকুৰ অভিব্যক্তিয়ে বক্তাৰ মনত কৌতূহলৰ সৃষ্টি কৰিছিল। হঠাতে চছমা খোলাত বক্তাই তেওঁৰ চকুযুৰি নিষ্প্ৰাণ যেন দেখিছিল। তাত ফিৰিঙতি নাছিল। সেই দৃশ্যটো বক্তাৰ সমুখত পুনৰ ঘটিব যেন ভাব হয় যদিও তেনে ঘটাৰ সম্ভাৱনা নাই। দশম শাৰীত প্ৰেয়সীৰ চকুক শালিকাৰ পাখিৰ ৰঙৰ সৈতে তুলনা কৰা হৈছে। শালিকাৰ পাখিৰ ৰঙে শিৰোনামত থকা তামৰ অৰ্ঘালৈ পাঠকৰ মনোযোগ টানে। শালিকাৰ পাখিৰ ৰং তামবৰণীয়া। গতিকে কবিয়ে অৰ্ঘাযোৰ তামৰ বুলি কওঁতে ধাতুবিধৰ ৰংটোলৈকো যে ইংগিত কৰিছিল শালিকা পাখিৰ প্ৰসংগই সেই কথা নিশ্চিত কৰে। চছমা খোলাত বক্তাৰ দৃষ্টিগোচৰ হোৱা প্ৰেয়সীৰ নিষ্প্ৰাণ চকুযুৰিৰে নিৰ্জীৱ তামৰ অৰ্ঘাৰ তুলনা সংগতিপূৰ্ণ। তামবৰণীয়া চকুৱে খং আৰু অভিমানৰ অভিব্যক্তিলৈ ইংগিত কৰে। দশম শাৰীৰ পিছত থকা বন্ধনীৰ ভিতৰৰ শাৰীটোৱে ভিন্ন অৰ্থব্যঞ্জনাৰ সৃষ্টি কৰিছে—
“(ভয় নাই, তেওঁ কেতিয়াও কান্দিব নোৱাৰে)”
হয়তো বক্তাৰ প্ৰেয়সীয়ে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু কন্দা নাছিল। খং আৰু অভিমানত তেওঁৰ চকু তামবৰণীয়া হৈছিল। এতিয়া ভয় কৰিবলগীয়া নাই, কাৰণ ঘটনাটো পূৰ্ব জনমত ঘটিছিল। এই জনমত সেয়া ঘটাৰ সম্ভাৱনা নাই। কবিতাটোৰ দ্বিতীয় স্তৱকত বক্তাই সন্দেহ কৰিছে—
“কিন্তু এতিয়া মাজে মাজে কেৱল সন্দেহ হয় কিজানি তেওঁ কান্দিব পাৰিছিল?”
কান্দিব পাৰিছিল যদিও সেইদিনা তেওঁ কন্দা নাছিল। সেইদিনা কঠোৰ সংযমেৰে তেওঁ নিজৰ কান্দোন দমাই ৰাখিছিল। সংযমক হীৰাৰ সৈতে কৰা তুলনা মনকৰিবলগীয়া। হীৰাত এহাতে কঠিনতা আছে, আনহাতে চমকনিও আছে। হীৰাৰ প্ৰসংগই অন্তিম শাৰীৰ ‘উদ্ধত’ শব্দটোক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।
পূৰ্ব জন্মৰ প্ৰসংগই দুই নাৰী-পুৰুষৰ মাজত থকা গভীৰ প্ৰেমৰ ইংগিত বহন কৰে। কিন্তু কবিতাটোত উল্লেখ কৰা পূৰ্ব জনমৰ লগত জন্মান্তৰৰ কোনো সম্বন্ধ নাই। পূৰ্ব জনমে ইয়াত বক্তাৰ জীৱনৰ বৰ্তমানৰ আগৰ অন্য এক সময়ক বুজাইছে, য’ত তেওঁৰ প্ৰেমৰ এক সম্ভাৱনা ব্যৰ্থ হৈছিল। প্ৰেয়সীৰ চকুৰ ভাষা পঢ়াত তেওঁ বিফল হৈছিল।
কবিতাটোত তামৰ অৰ্ঘা আৰু শালিকাৰ প্ৰসংগৰ আন এক তাৎপৰ্যও আছে। পূৰ্বতে উল্লেখ কৰা দৰে তামৰ অৰ্ঘাই পৱিত্ৰতাৰ ভাব আনে। আনহাতে যুৰীয়া শালিকা শুভবোধ আৰু সহধৰ্মিতাৰ প্ৰতীক। যদিও কবিতাটোত যুৰীয়া শালিকাৰ কথা নাই কিন্তু প্ৰেমৰ কবিতা হিচাপে শালিকাৰ পাখিৰ উল্লেখে পাঠকৰ মনত প্ৰেমৰ প্ৰসংগত তেনে এক শুভবোধকে জগাই তোলে। ‘এযোৰ তামৰ অৰ্ঘা’ এক বিফল প্ৰেমৰ কবিতা। অতীতৰ ঘটনাটোৰ সঠিক পাঠ উদ্ধাৰত বক্তা ব্যৰ্থ হোৱাৰ বাবে প্ৰেম আগবাঢ়িব পৰা নাছিল। তাৰ বাবে বক্তাৰ অৱচেতনত ক’ৰবাত আপচোচ আছে, যাৰ বাবে ঘটনাটোৰ অম্ল-মধুৰ স্মৃতিয়ে আজিও তেওঁৰ মনত ৰোকে।
কবিতাটোলৈ গতিময়তা আনিছে ভাবৰ আকস্মিকতা আৰু সন্দেহে। ‘আজিয়েই’ (দুবাৰ), ‘হঠাৎ’ (দুবাৰ) আদি বাক্যাংশই কবিতাটোলৈ যিদৰে আকস্মিকতা আনিছে, ঠিক একেদৰে ‘কিজানি’ (তিনিবাৰ), ‘সন্দেহ’ আদি বাক্যাংশই সন্দেহ ভাবৰ সৃষ্টি কৰিছে।
অতীত জীৱনৰ প্ৰণয়জনিত ঘটনা এটি পুনৰাবৃত্ত হোৱাৰ সন্দেহ কেৱল ৰাতিপুৱা খুব সোনকালে সাৰ পালেহে বক্তাৰ মনলৈ আহে। অন্য সময়ত তেনে সন্দেহৰ সৃষ্টি হয় নে নহয় সেই তথ্য আমাৰ অজ্ঞাত। পুৱাৰ সময়খিনি অন্ধকাৰৰপৰা পোহৰলৈ, অজ্ঞানতাৰপৰা জ্ঞানলৈ, চেতনৰপৰা অৱচেতনলৈ যোৱাৰ সময়। বক্তাৰ মনত অতীত অভিজ্ঞতাটোৰ অজ্ঞান দিশটো অন্ধকাৰৰ পৰা পোহৰলৈ অহাৰ দৰে ক্ৰমাৎ স্পষ্ট হৈ উঠিছে। প্ৰেয়সীৰ চকু চছমা খোলোতে সেই দিনা কিয় নিষ্প্ৰাণ দেখিছিল, কিয় তামবৰণীয়া দেখিছিল, তাৰ কাৰণ বক্তাই অনুমান কৰিব পাৰিছে। হীৰা-কঠিন সংযমী হৈ আছিল বাবে প্ৰেয়সীয়ে সেইদিনা কন্দা নাছিল, যাৰ বাবে তেওঁক উদ্ধত দেখাইছিল। সেইদিনা বক্তাই প্ৰেয়সীৰ সংযমী চকুৰ পাঠ সঠিকভাৱে অনুধাৱন কৰিব পৰা হ’লে সেই স্মৃতি আজি অন্য ধৰণৰ হ’লহেঁতেন। অজিৎ বৰুৱাৰ শ্ৰেষ্ঠ কবিতাবোৰৰ ভিতৰত ‘এযোৰ তামৰ অৰ্ঘা’ অন্যতম। ভাষাৰ সতৰ্ক প্ৰয়োগ আৰু মিতব্যয়িতাই কবিতাটোলৈ ঘনত্ব আনিছে, যাৰ বাবে বাৰে বাৰে পঢ়ি থাকিব পাৰি।
কবিতাটি বাৰে বাৰে পঢ়িছোঁ বিশ্লেষণৰ সৈতে ৰিজাই।ভাল লাগিল ।কবিতাটিৰ ৰসাস্বাদনত সহায়ক হৈছে।
ইমানবোৰ ভাব যে অন্তৰ্নিহিত হৈ আছিল বুজাই নাছিলোঁ ৷ বৰ উপকৃত হ’লোঁ ৷ আমাৰ বাবে এয়াই জটিল কবিতা ৷
ভাল পালোঁ। পাঠকক সহায় কৰিব কবিতাটো বুজাত বা তেনেদৰে আন কবিতা পঢ়াত।
পঢ়ি ভাল লাগিল। অৰ্ঘা আৰু চকুযুৰিৰ ছবি তুলি দিয়াত কথাখিনি বেছিকৈ ভাল লাগিল।
ভাল বিশ্লেষণ