অজিৎ বৰুৱা : ব্ৰহ্মপুত্ৰ

এম. কামালুদ্দিন আহমেদ

Issue: Vol. IV, No. 3, November-January, 2025-26

অজিৎ বৰুৱা

‘ব্ৰহ্মপুত্ৰ’ কবিতাত আধুনিকতাৰ নিৰ্যাস অনুভূত হয়: সকলো তন্ত্ৰই প্ৰতিশ্ৰুতিহন্তা৷ কবিতাটোলৈ চাৰিবাৰ (৩১, ৪৯, ১৮৩, ১৮৯ নং শাৰী) অহা এই বাক্যটোৱে কবিৰ সকলো প্ৰকাৰৰ পূৰ্ব সিদ্ধান্তৰ প্ৰতি নেতিবাচক দৃষ্টিকোণ প্ৰতিফলিত কৰিছে৷ ‘অনিৰ্ণেয়’ও বুলিব পাৰি এই সিদ্ধান্ত: আধুনিক মন কেতিয়াও সদৰ্থকতাত বুৰ গৈ থাকিব নোৱাৰে৷ তাৰ সমধৰ্মী হিচাপে আমি পাওঁ: “ৰাগা ৰাগা পোহৰৰ মৰণত”ৰ দৰে পংক্তি৷ বিশেষ্য ক্ৰিয়ালৈ ৰূপান্তৰিত কৰি কবিয়ে হয়ধৰ্মিতাৰ পথো ৰুদ্ধ কৰি পেলাইছে৷

এই দীঘল কবিতাটোত চাৰি প্ৰকাৰৰ কথক আছে: প্ৰথম লেখক, দ্বিতীয় অদৃশ্য বৰ্ণনাকাৰী, তৃতীয় ব্ৰহ্মপুত্ৰ, চতুৰ্থ কোনো চৰিত্ৰ, যেনে— লামা৷ এই প্ৰসংগত Allusion বা পৰোক্ষ উল্লেখবোৰৰ কথাও মনলৈ আহে, যিবোৰে এই কবিতাটি সমৃদ্ধ কৰিছে৷ চৰাই, জীৱ-জন্তুৰ বাহিৰেও ইয়াত কেইবাটাও আকৰ্ষণীয় মানৱ-চৰিত্ৰৰ সমাবেশ ঘটিছে: চিকিমৰ কিন্‌থূপ, জেকব টমাছ, মাধৱদেৱ, মাইলছ ব্ৰন্সন, হৰদত্ত, হংসবেগ আদি৷ কল্পনাৰ দীপ্তিৰে আৰু অভিনৱ কল্পচিত্ৰৰ জৰিয়তে চৰিত্ৰসমূহ অপূৰ্ব কাব্যময়তাৰে সমৃদ্ধ হৈ পৰিছে:

(ক) ইস্বৰৰ চিহ্ন কিয় ম্ৰিত্যু? যীশুৰ,
জেকব টমাছৰ?

ঈশ্বৰৰ চিহ্ন কিয় পৰিপূৰ্ণ জীৱন নহয়?
ভাত… কাপোৰ… পিয়াহৰ পানী
মূৰৰ ওপৰফালে এখনি খেৰৰ ছাল?
(প্ৰভুৰ সেৱকৰ আগমন)

(খ) চাকনৈয়াৰ ৰং সুদীৰ্ঘ মিত্ৰতাৰ দৰে, য’ত এজন
দীঘল পুৰুষৰ ছাঁ পাকঘূৰণি খায়৷ নাৰায়ণপুৰৰ বালিত সেই
(মুক্তিত নিস্পৃহ যিটো)

(গ) শৰতৰ জোনাকতকৈও বিমল পাটৰ টঙালি
বহুবৰ্ণী বেতে বেতে সজা জপাত ভৰোৱা,
সোণ-পানী ছটিওৱা নলীয়া
(ৰাঙলী বুৰুজত হংসবেগ)

সংস্কৃত ভাষাৰপৰা যিবোৰ উদ্ধৃতি কবিতাটোলৈ আহিছে তাৰ ধ্বনিময়তা অসমীয়া কবিতাটোলৈও সঞ্চাৰিত কৰাৰ প্ৰয়াস চকুত পৰে৷ যদিওবা কথোপকথনৰ ভাষাও ইয়াত সম্পৃক্ত হৈ আছে বাৰুকৈয়ে৷ আনুভূতিক তীব্ৰতা বৈ আহিছে এনেদৰে:

পৃথিৱীৰ আৰম্ভৰ লগে লগে…
পান্নাৰ ৰঙৰ বালিয়েদি মোৰ পুষ্প-সমৰ্পণ

কথ্যভাষাতো অনুৰণিত হয় লয়:

ৰহস্য-সন্ধানী কাঠৰ টকুৰাবোৰ
উটি যায় নিৰুদ্দেশ হৈ
ৰহস্য ৰহস্য ৰয়
ট্চাংপো ট্চাংপো৷

শোকে খুন্দা মাৰি ধৰা আৱেগৰ আতিশয্য বিৰল দক্ষতাৰে কবিয়ে সামৰি লয়:

শিল নিৰ্ভাৰ হয়
কিন্তু
শেষ জয় আন্ধাৰ মৃত্যুৰ

–১৮৮৮ চনত কিন্‌থুপ নামৰ চিকিম দেশৰ এজন লোকক টচাংপো আৰু ব্ৰহ্মপুত্ৰ যে একেটাই নদী সেয়া প্ৰমাণ কৰিব দিয়া হৈছিল৷ কিন্তু তেওঁ সফল হ’ব পৰা নাছিল৷

দেশৰ প্ৰতি ভালপোৱাৰ প্ৰকাশৰ অনুষংগবোৰ একেবাৰেই অভিনৱ৷ ‘যৌথ অৱচেতন’ত গঢ় লৈ উঠা ‘প্ৰতিশ্ৰুত দেশ প্ৰত্যেক জাতিৰ– কাঁচি জোনৰ মৌজোল’৷

মূৰ্ত ভৌগোলিকতা, বিমূৰ্ত হৃদয়ত তাৰ অৱস্থান, এলিয়টৰ দৰেই গভীৰতা-চপলতা য’ত একাকাৰ হৈ যায়:

প্ৰিয়াৰ ওঁঠৰ সোণালী ৰাংপতা
শেষ হয় কেঁকনিত৷

গোমচেঙৰ ফতুৱাৰ অলেখ টাপলি শূন্যতাত বিলীন হৈ যোৱাৰ কল্পনাৰ সজীৱতাই অসমীয়া কবিতাৰ প্ৰকাশিকা শক্তিৰ ওপৰত আস্থাৰে নৱীকৰণ কৰে৷

পোনপটীয়া উক্তি আৰু উপমান-উপমেয়ৰ অভিনৱত্বৰে এফালে ধ্বনি মাধুৰ্যৰ সৃষ্টি হৈছে, শ্ৰুতি চিত্ৰকল্পও পাই গৈছোঁ:

আৰু কি আছে বাক্য বিন্যাসৰ জলতৰংগত?

নীলমণি ফুকনে চৰাই এটা আমাৰ অন্তৰত সুমুৱাই থ’বলৈ কৈছিল৷ অজিৎ বৰুৱাই চৰাইৰ লগতে নিবিড়তাৰে বান্ধি থ’বলৈ শিকাইছিল ফুল, এনেকি পৰ্বত:

নিৰ্ভয় হৃদয়৷ সেয়ে লাগে পৰ্বতৰ প্ৰচ্ছন্ন প্ৰণয়৷

–পৰ্বতৰ প্ৰণয় প্ৰকাশ কৰিবলৈ বিহুসুৰীয়া পংক্তি সন্নিৱিষ্ট কৰিছে কবিয়ে, চকোৱাৰ অৱতাৰণা কৰা হৈছে, কিয়নো:

চকোৱাৰ বিননিত পৰ্বতৰ কুৰুঙত
সূৰুযৰ চকুলো সৰে

মাধৱদেৱৰ কবিতাৰ মূল্যায়ন য’ত কোৱা হৈছে পৰিমিতিবোধ, আনুভূতিক তীব্ৰতা, অভিনৱ উপমা, অপূৰ্ব কল্পনাৰ কথা৷

এলিয়টৰ প্ৰেৰণা কবিতাটোৰ গাঁথনিগত দিশতে আছে এনে নহয়, এনেবোৰ পংক্তিতো আছে:

একেই পানী যি সদায়ৰ আৰু কোনো মুহূৰ্তৰ নহয়৷

চিত্ৰকল্পৰ শক্তিমত্তা নিহিত আছে মূৰ্ত আৰু বিমূৰ্ত বিষয়ৰ অৱতাৰণাত:

কলপটুৱাত উটি যায় দুকুৰি মাটিৰ চাকি
কিন্তু অনন্তই একো অংগীকাৰ নকৰে
জেঠত, শাওণত, আহিনত
কপালৰ ঘামৰ টোপাল জাহ যায় কোবাল সোঁতত৷

ব্যক্তিগত ঠেক পৰিসৰৰ সীমাবদ্ধতা নেওচি নৈৰ্ব্যক্তিকতা অৰ্জনৰ বাবে মানৱ মনৰ বাবে অপৰিহাৰ্য আৰু প্ৰশস্ত বহুকেন্দ্ৰিকতা বা ‘পলিফনি’ৰ সমাৱেশ ঘটাইছে ‘ব্ৰহ্মপুত্ৰ’ কবিতাত৷ কবিতাটোত কবিৰ স্বৰেও বিশেষ প্ৰাধান্য পাইছে৷ বাখতিনে উপন্যাসৰ প্ৰসংগত কোৱা, এইখিনি কথা এইখিনিতে প্ৰণিধানযোগ্য: বহু স্বৰ বিশিষ্ট উপন্যাসৰ স্ৰষ্টাগৰাকী উপন্যাসখনত বহুলাংশে সক্ৰিয় হৈ থাকে৷ কিন্তু তেওঁৰ চেতনা আৰু ইয়াৰ ৰূপ একস্বৰ বিশিষ্ট উপন্যাসতকৈ পৃথক: এই চেতনাই অইন(চৰিত্ৰ)ৰ চেতনাৰ ৰূপান্তৰ সাধন নকৰে, অইনৰ চেতনাক Object আৰু পূৰ্বে ব্যৱহৃত তথা চূড়ান্তকামী সংজ্ঞা হিচাপে ৰূপায়িত নকৰে (মিখাইল বাখতিনৰ Problem of Dostoevsky’s Poetics, Caryl Emerson সম্পাদিত আৰু অনূদিত Introduction দ্ৰষ্টব্য)৷ ‘বিচিত্ৰ জীৱন-মাৰ্গ! আৰু এক হ’ল ভোগ বঞ্চনাৰ’ –এই স্তৱকটোত কবি নিজস্ব সুখ ভোগবাদী ৰূপে (আনন্দৰ সন্ধান আৰু বেদনা পৰিহাৰৰ প্ৰচেষ্টা) উদ্ভাসিত হৈছে৷ ইয়াত কবি সক্ৰিয় হৈ আছে আৰু অইন চৰিত্ৰৰ ধাৰণাৰ ৰূপান্তৰ সাধন কৰা নাই৷

কবিতাটোৰ গাঁথনিগত দৃঢ়তা চমকপ্ৰদ৷ ‘ব্ৰহ্মপুত্ৰ’ৰ দৰে দীঘল কবিতা এটাৰ বাবে ই অৱশ্যেই প্ৰয়োজনীয়৷ আমাৰ ভাষাত নীলমণি ফুকনৰ কবিতাবোৰত এই চমৎকাৰ গাঁথনি অনুভূত হয়৷ বিভিন্ন মণি এডাল সূতাত গ্ৰথিত হৈ থকা ‘ব্ৰহ্মপুত্ৰ’ কবিতা পঢ়িলে পঢ়ুৱৈৰ মনত এই সামগ্ৰিকতাৰ বোধ জন্মে৷ অধ্যয়নশীলতাৰো (আনকি মনোবিজ্ঞান) ছাপ ৰৈ যোৱা এই কবিতাটি মননশীল অসমীয়া কবিতাৰ এটি উজ্জ্বল ৰূপ হিচাপে সদ্যয়েই পঢ়ুৱৈৰ মনত থাকি যাব৷