পিণ্ড
ফেনেকি ফেনেকি খোৱাবস্তুখিনি
আওহাতে নৈৰ পাৰত
আগবঢ়াই দিলেই জানো শেষ হৈ যায়
সিৰাই-সিৰাই বৈ থকা তেজৰ সম্পৰ্ক
আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱা,
গাৰু এটা বান্ধি চাইকেলত লৈ যোৱা,
হাতত ধৰি আখৰ শিকোৱা কথাবোৰ জানো
আওহতীয়া ভংগীমাতে শেষ হৈ যায় নৈৰ পাৰত
অসুখীয়া নিশাবোৰত উজাগৰে পাৰ কৰা,
দুখত লুকাই চকুলো টোকা মুখখন,
আনন্দত সাঁচতীয়া ধন উলিয়াই দিয়া সেই আবেগিক ক্ষণ
এনেকৈয়ে এক হাতৰ মুদ্ৰাতে নোহোৱা কৰি দিব পাৰিনে
কোন সতেৰে পাৰে জীয়াই থাকোঁতেই দেখুৱাব
বৃদ্ধাশ্ৰমত আওহতীয়া হাতৰ মুদ্ৰা
সম্পৰ্কবোৰ ইমানো ঠুনুকা নহয়
হাতৰ এক ওলোটা পাকেই শেষ কৰি দিব
কেৱল এটা দিন নহয়
হৃদয়ত থকা ছবিখন উলিয়াই চালেই
ছবিখনে নিতৌ লৈ আহে আশীৰ্বাদৰ ৰং৷
An English translation of the poem.