আধুনিক অসমীয়া কবিতাৰ অবিকল্প প্ৰতিভু নৱকান্ত বৰুৱা

প্ৰয়াগ শইকীয়া

নৱকান্ত বৰুৱা
আমি ষ্ট্ৰুগাত গোৱাৰ দৰে
কবিতা গাম
কলঙক আকৌ জীয়াম
১৪ জুলাই
নৱকান্তৰ পাৰ্থিৱ কায়াৰ বিদায়ৰ দিন

প্ৰণৱৰ কাষৰীয়া এখন দলঙত উঠি
বিয়লি আমি নৱকান্তৰ কবিতা গাম

কবিতাৰ এখিলাকৈ পাত কলঙত উটুৱাম

ধুমুহা-বৰষুণ আহিলেও কথা নাই
আমি মুকলি আকাশৰ তলত ৰৈ
দলং আৰু নৈৰ মাজৰ শূন্যতা পূৰাম

এখন সৰু কবিতাৰ চিঠিৰে নগাঁৱৰ কেইজনমান কবিতাপ্ৰেমীয়ে নৱকান্তৰ বিয়োগৰ ঠিক এবছৰ পিছত এখন দলঙলৈ নৱকান্তৰ গুণমুগ্দ্ধসকলক নিমন্ত্ৰণ কৰিছিল। কবিতাৰ সৰু চিঠিখনত আছিল কবিৰ প্ৰস্থানৰ আগেয়ে এই ধৰা এৰি গুচি যোৱা শিল্পী প্ৰণৱ বৰুৱাই আঁকি যোৱা কবিৰ হাঁহিমুখীয়া এটি স্কেচ্ছ। নৱকান্তই ভালপোৱা, মৰমৰ সৰু বাপ—প্ৰণৱ বৰুৱাৰ বহাৰ কাষৰীয়া এখন কাঠৰ দলঙত ২০০৩ চনৰ ১৪ জুলাইৰ আবেলিটিত মানুহৰ ভিৰ লাগিছিল। ‘ৰঙা জিঞা’ৰ কবি মহিম বৰাই প্ৰথমে কবিতা পাঠ কৰি এথোপা ফুলেৰে সৈতে নৱকান্তৰ কবিতা এটি কলঙৰ বুকুত অৰ্পণ কৰি কৰযোৰে কলঙৰ ফালে চাই প্ৰাৰ্থনা কৰাৰ ভংগীত কৈছিল—তুমি য’তে আছা কুশলে থাকা। বিভিন্নজনৰ কণ্ঠত অসমীয়া, ওড়িয়া, ইংৰাজী, বাঙালী আৰু হিন্দী ভাষাত পঢ়া নৱকান্তৰ কবিতাই কলংপৰীয়া বতাহ প্ৰাণময় কৰি তুলিছিল। বিভিন্নজনে পাঠ কৰা কবিতাৰ মাজত মাথোঁ এটা কবিতাহে যেন কাৰো কণ্ঠেৰে নিঃসৃত হোৱা নাছিল—কি আছিল সেই কবিতাটো? কবিতাটো আছিল, দলঙত তামীঘৰা সাজি ভাল পোৱা নৱকান্তৰ উভতি নহাৰ কবিতা–

মই নাহোঁ মই নাহোঁ
এবাৰেই আহি গুচি গ'লোঁ
উভতি অহাৰ কথা নাই
মই জানো মই নাহোঁ
মই জানো কোনো নাহে

মাথোন এই পৃথিৱীখনক ভাল পাই গ'লোঁ
এই কথাটোকে কিমানবাৰ যে ক'লোঁ
কিমান ভাবেৰে ক'লোঁ
যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ 
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ'লোঁ
আলিৰ কানৰ জাবৰৰপৰা এপাহ বকুল
এবাৰেই তুলি ল'লোঁ

কোনোবা আহিব মোৰ দৰে কোনো দিনা?
মোৰ সুৰতেই বাজিব নতুন বীণা?
ওহোঁ, সেয়া হ'ব নতুন মানুহ
সেই দিনো হ'ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।

বকুল তলত ফুল পৰি ৰ'ব
মইতো নহয়, কোনোবাই বুটলিব
মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ
হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ
মই নাহোঁ, মই নাহোঁ
পৃথিৱী, তোমাক ভাল পাই গ'লোঁ
তথাপিও মই নাহোঁ

এয়া সম্পূৰ্ণ বৌদ্ধ বিশ্বাসেৰে লিখা কবিতা। নিজকে কৃষ্ণ-প্ৰেমী বুলি ক’বলৈ ভাল পোৱা নৱকান্ত যেন আত্মাৰ অস্তিত্বত বিশ্বাসী নহয়। সেয়েই তেওঁৰ বাবে তেওঁ হয়তো তেওঁ হৈ আৰু নাহে। কিন্তু, তেওঁ, তেওঁ হৈ আহিছিলনো কেতিয়া? ১৯২৬ চনৰ ২৯ ডিচেম্বৰত নৱকান্ত আহিছিল নীলকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱাৰ চতুৰ্থ পুত্ৰ হিচাপে। নগাঁৱত শৈশৱ আৰু কৈশোৰ পাৰ কৰা নৱকান্তৰ জন্মস্থান গুৱাহাটীত। পিতৃ নীলকান্ত বৰুৱা আছিল বুৰঞ্জীপ্ৰসিদ্ধ খৰঙি বৰুৱাৰ বংশলতাৰে আগুৱাই অহা সময়ৰ এজন। আহোমসকলৰ ৰাজত্বকালত নগাঁৱৰ কলিয়াবৰ আৰু দৰঙৰ চতিয়া অঞ্চলকে সম্ভৱতঃ খৰঙি বোলা হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰে বিস্তৃত খৰঙিৰ এই অঞ্চলৰে বৰুৱাজনক বোলা হৈছিল খৰঙি বৰুৱা। পূৰ্বপুৰুষ এজন উল্লেখযোগ্য লোক কানাই আতা। কানাই আতাৰ তিথি হয় মাঘৰ শুক্লা দ্বিতীয়াত, এই তিথিতেই পৰম্পৰা অনুসৰি খৰঙিৰ বিস্তৃত অঞ্চলজুৰি সিঁচৰতি হৈ থকা বংশ-পৰিয়াল মিলিত হয়। জয়ধ্বজসিংহৰ ৰাজত্বকালত কানাই আতাৰ এজন নাতিৰ নামো আছিল জয়ধ্বজ। ৰজা জয়ধ্বজৰ অনুগ্ৰহত জয়ধ্বজৰ দহজন পুত্ৰই দহোটা বাব পায় আৰু দহঘৰ বৰুৱা হিচাপে খৰঙিত প্ৰতিষ্ঠিত হয়। এওঁলোকৰ প্ৰথমজনৰ নাম আছিল ময়ূৰধ্বজ আৰু এৱেঁই প্ৰকৃততে প্ৰথমজন খৰঙি বৰুৱা।

ব্ৰিটিছ ৰাজৰ আৰম্ভণিতে খৰঙি বৰুৱাৰ এই পৰিয়ালটি নগাঁৱৰ পুৰণিগুদামলৈ উঠি আহে। তাৰ পিছত জিলাৰ সদৰ নগাঁৱলৈ স্থানান্তৰিত হোৱাত জীৱিকাসূত্ৰে এই পৰিয়ালটিও নগাঁৱলৈ উঠি আহে। নৱকান্তৰ পিতৃ নীলকান্ত বৰুৱাই পঢ়িছিল কলিকতাৰ জেনেৰেল এছেম্বলি কলেজত আৰু পিছলৈ কটন কলেজত। অসময়ত পিতৃহাৰা হোৱাত নীলকান্তই ঘৰুৱা দায়িত্ব ল’বলৈ কলেজ এৰি শিক্ষা বিভাগত সোমায়। প্ৰথম সহ-পৰিদৰ্শক হিচাপে, কৰ্মক্ষেত্ৰ আছিল বৰপেটা আৰু গুৱাহাটী। ঘোঁৰাত উঠি ফুৰি চাকৰি চলোৱাত অসুবিধা হোৱাত পিছলৈ নগাঁও চৰকাৰী হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। নীলকান্ত বৰুৱাৰ চাৰিজন পুত্ৰ—দেৱকান্ত, শিৱকান্ত, জীৱকান্ত আৰু নৱকান্ত। ৰমণ্যাসিক যুগৰ পেটমোচা তথা ‘আমি দুৱাৰ মুকলি কৰোঁ’ নামৰ কবিতাটিৰে আধুনিক যুগৰ দুৱাৰত টুকুৰিওৱা কবি দেৱকান্ত আৰু হে অৰণ্য হে মহানগৰৰে অসমীয়া আধুনিক কবিতাৰ ভগীৰথ হৈ উঠা নৱকান্তৰ বয়সৰ ব্যৱধান আছিল ১২ বছৰ।

নগাঁৱৰ মাজমজিয়াত থকা আমোলাপট্টি নামৰ অঞ্চলটোত নীলকান্ত বৰুৱাৰ ঘৰ। ঘৰৰ ওচৰৰে বালিকা বিদ্যালয় (এতিয়াৰ নগাঁও মিছন স্কুল) এখনত নৱকান্তৰ শিক্ষাজীৱন আৰম্ভ হয়। ইয়াৰ পিছত চৰকাৰী মজলীয়া স্কুলত বাংলা মাধ্যমত তেওঁ প্ৰথম শ্ৰেণীলৈকে পঢ়ে। এই স্কুলৰ প্ৰধান শিক্ষক আছিল উপাৰ্জন শইকীয়া। ১৯৩৩ চনলৈকে ইয়াতে পঢ়ি দ্বিতীয় শ্ৰেণী নপঢ়াকৈ নগাঁও চৰকাৰী হাইস্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি কৰে। তেতিয়া নগাঁও চৰকাৰী স্কুলৰ প্ৰধান শিক্ষক আছিল ৰামেশ্বৰ বৰুৱা আৰু সহকাৰী প্ৰধান শিক্ষক ব্ৰজদয়াল বিদ্যাবিনোদ। ১৯৪১ চনত নগাঁও চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ সন্নিপাত জ্বৰত আক্ৰান্ত হৈ দুবছৰ ধৰি আনুষ্ঠানিক শিক্ষাৰপৰা আঁতৰি থাকিব লগা হয়। ১৯৪৩ চনত আই-এ পঢ়িবলৈ শান্তিনিকেতনলৈ যাত্ৰা কৰে। ১৯৪৫ চনত তাৰেপৰা আই-এ পৰীক্ষা আৰু ১৯৪৭ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ এম-এ পাঠ্যক্ৰমত নামভৰ্তি কৰিলেও তাত তেওঁৰ পঢ়া নহয়। নৱকান্তই ইংৰাজী বিষয়ত এম-এ পাছ কৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰপৰা, তেতিয়া তাৰ উপাচাৰ্য আছিল ড জাকিৰ হুছেইন। গ্ৰন্থকীট হিচাপে খ্যাত সাগৰ দেখিছাৰ কবি দেৱকান্ত বৰুৱাৰ ভ্ৰাতৃ নৱকান্তৰ শৈশৱ আৰম্ভ হৈছিল গ্ৰন্থৰ আৱেশত। নীলকান্ত বৰুৱাৰ ঘৰখন সাহিত্য-সংগীতৰ প্ৰবল অনুৰাগী আছিল। ল’ৰালি কালতে নৱকান্তই ঘৰতে পঢ়িবলৈ পাইছিল ৰবীন্দ্ৰনাথ, বংকিমচন্দ্ৰ, শৰৎচন্দ্ৰ, নজৰুল ইছলাম, সত্যেন্দ্ৰনাথ দত্ত আদিৰ ৰচনাৱলী।

কথাৰ মাজৰ বতৰা নামৰ গ্ৰন্থখনিত ল’ৰালিৰ কবিতা ধেমালিৰ কথা ক’বলৈ গৈ নৱকান্তই কৈছে—মোৰ ছাত্ৰবন্ধু বিগত নন্দ তালুকদাৰে ৰাজহুৱাভাৱে মোক চিলঠীয়া কবি বুলি চিনাকি দিছিল—কাৰণ মোৰ প্ৰথম কবিতা ৰচনাৰ আৰম্ভণি হৈছিল প্ৰাথমিক শ্ৰেণীত থাকোঁতে, যেতিয়া স্কুলত আমাক কাগজ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। …আমাৰ আছিল কিতাপ আৰু চিলঠ। সেই ব্যৱস্থা আছিল ক, খ শ্ৰেণীৰপৰা প্ৰথম শ্ৰেণীলৈকে। দ্বিতীয় শ্ৰেণীত বহী আৰু চিয়াঁহী ব্যৱহাৰ কৰিবলৈ দিয়ে। তেওঁ লিখিছে—মই প্ৰথম শ্ৰেণীত পঢ়োঁতে প্ৰথম কবিতা নামৰ যৌগিক পদাৰ্থ বা বৰ্ণসংকৰ প্ৰাণী এটা সৃষ্টি কৰিছিলোঁ ‘চিলঠ’ত।

এটা শিক্ষিত পৰিয়ালৰ সদস্য হোৱা গুণেৰে ছয় বছৰত প্ৰকৃত স্কুললৈ যোৱাৰ আগেয়ে আখৰৰ সৈতে চিনাকি তেওঁৰ হৈছিল। তেওঁৰ ভাষাত, প্ৰথম শ্ৰেণীত পঢ়োঁতে মই হৰিনাৰায়ণ দত্তবৰুৱাৰ সাহিত্য সোপানতো পঢ়িব পাৰিছিলোঁৱেই, আনকি মহাদেৱ শৰ্মাৰ ধ্ৰুৱখনো। ধ্ৰুৱখন আছিল তেওঁৰ জীৱনৰ এখন গুৰুত্বপূৰ্ণ কিতাপ।

চিলঠত কবিতা লিখা নৱকান্তৰ অগ্ৰজ কবি দেৱকান্ত সেই সময়ত কাশীত অধ্যয়নৰত। ককায়েকৰ কবিতাৰ বহীখন নৱকান্তই লিৰিকি-বিদাৰি থাকে। এদিন তেওঁ পঢ়িলে এটি কবিতা–‘স্বৰ্গৰ সপোন মোৰ মাটিৰ মহিমা স’তে মিলি’। ককায়েকৰ কবিতাৰ প্ৰথম শাৰীৰ এটা অংশ তেওঁ চিলঠত লিখিলে–‘স্বৰ্গৰ সপোন মোৰ’। তাৰ পিছত মাটিত মিলাৰ কিবা এটা থকা দেখি তেওঁ লিখিলে–‘মিলিছে মাটিত’।

তাৰ পিছত ক’ত কাৰ কবিতাত পাইছিল নাজানে, ‘বাঁহীৰ সুৰ’ এই শব্দ দুটা, কিন্তু কবিৰ মনত পৰে ধুনীয়াকৈ বাঁহী বজোৱা শৈশৱৰ লগৰীয়া মন্দু সিঙলৈ। দ্বিতীয় শাৰীটো লিখে ‘বাঁহীৰ সুৰত মই’। তৃতীয় শাৰীটো আহি যায় ভৈৰৱচন্দ্ৰ খাটনিয়াৰৰপৰা–

আহ পখী আহ
গীত গাবি ফুলনিত
শুনি হ'ম হৰষিত

কবিয়ে লিখি পেলায় ‘হ’লোঁ হৰষিত’। কবিতাৰ প্ৰথম দুটা লাইন এনে ধৰণেৰে সম্পূৰ্ণ হয়।

“স্বৰ্গৰ সপোন মোৰ মিলিছে মাটিত,
বাঁহীৰ সুৰত মই হ'লোঁ হৰষিত।”

তাৰ পিছত তেওঁৰ মনত পৰে তৃতীয় শাৰীটিৰ বাবে ৰত্নকান্ত বৰকাকতী অথবা তেনে কোনো এজন কবিৰ মাজলৈ সোমাই যোৱা আৰু বহু ধৰণেৰে লিখিবলৈ চেষ্টা কৰা।

চিলঠৰ কবিতাই অৱেশ্য কাগজ দেখা নাপালে। চিলঠৰ কবিতা চিলঠতে মচ খালে। কিন্তু কবিৰ স্মৃতি সহজে মচ নাখায়। বৰ্তমানে অতীত হৈ পৰা এটি সময়ত তেওঁ লিখিছে–আজি তিনিকুৰি পোন্ধৰ বছৰলৈকে কথাখিনি বা খেলিমেলিটো মনলৈ আহি থাকে। আজি এতিয়া কোৱা কথাখিনিত মাত্ৰ সেই অতীতটোকে মই পুনৰায় নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলোঁ। আজি ডেৰকুৰি বছৰৰ আগতে মই অসমীয়া কবিতাৰ ছন্দৰ বিষয়ে আলোচনা কৰিছিলোঁ। সেই সময়ৰ তত্ত্ব অনুসৰি এইটো এটা চতুষ্ক হিচাপত ভাবিব পাৰি। ইয়াৰ ছন্দসজ্জাটো যৌগিক পয়াৰ বা চৈধ্য আখৰীয়া পদ। নৱকান্তৰ ভাষাত মুঠতে ছন্দৰ ৰচনা এটা হ’ল। কবিতা নহ’ল। কবিতাৰ গাটো হ’ল। কবিতাৰ ভাব-বস্তু প্ৰশ্নবোধক হৈ ৰ’ল। তেওঁ নিজকে সুধিলে, কণীৰ ভিতৰত থকা হাঁহটোক জানো হাঁহ বুলিব পাৰি, কিন্তু খোলাটোৰ ভিতৰত সি পাখি ধপধপালে! হায় কবিতাৰ দেহ আৰু মন! তেওঁ ক’লে, অসমীয়া ছন্দৰ এই ৰূপকল্পকেইটা মোক কোনো অনুপ্ৰেৰণাই দিয়া নাছিল। মই মাথোন পৰিৱেশৰপৰাই শিশুৱে খোজ কঢ়াৰ দৰে থৰকবৰককৈ খোজ দিছিলোঁ, যাৰ কোনো লক্ষ্য নাছিল, আছিল মাথোঁ যোৱাৰ আনন্দ। ইয়াৰ পিছত নৱকান্তৰ কবিসত্তা গৈ থাকিল। হাইস্কুলৰ হাতে লিখা আলোচনী কুঁহিত কবিয়ে এটা কবিতা লিখিলে, য’ত আছিল প্ৰেমৰ উল্লেখ। কবিতাটো পঢ়ি শিক্ষাগুৰু প্ৰাণনাথ শৰ্মা ছাৰ সন্তুষ্ট নহ’ল। ছাৰে ক’লে, এই বয়সত এনে কবিতা কিয়? ছাৰৰ কথাই কিশোৰ কবিৰ মনত আঘাত দিলে। নৱকান্তৰ মনৰ অৱস্থা ধৰিব পাৰি এজন বন্ধুৱে আশ্বাস দি ক’লে—ছাৰে কৈছে কওক দিয়া। তুমি তোমাৰ কাম কৰি যোৱা। সেইদিনাই তেওঁ বেজাৰত লিখিলে–

কবিতাৰ পৰশ নাপাই
কৰি গ'ল মোক উপহাস

আন এজন শিক্ষাগুৰুলৈ নৱকান্তই আগুৱাই দিলে—এটা কবিতাৰ পাণ্ডুলিপি। ছাৰক অনুৰোধ কৰিলে–ভাল-বেয়া চাই শুধৰাই দিবলৈ। বহুদিনৰ মূৰত পাণ্ডুলিপিটো ঘূৰাই দি সেই ছাৰে ক’লে—এয়া বিশেষ একো ভাল কবিতা হোৱা নাই। কিন্তু কবিতাখিনি আন ৰচনাৰ দৰে নহয়। ইয়াক শুধৰাব নোৱাৰি। এয়া একেবাৰে তোমাৰ নিজৰ বস্তু।

কবিতাৰ প্ৰথম যাত্ৰাত তেওঁৰ মাজত নিশ্চয় সোমাই আছিল দেৱকান্ত, ৰত্নকান্ত, গণেশ গগৈ, যতীন দুৱৰাৰ দৰে কবিসকল, কিন্তু লাহে লাহে নৱকান্ত নৱকান্ত হৈ উঠিল। তেওঁৰ কথাৰে— যি দুটা কবিতা মই প্ৰথম নিজৰ কবিতা বুলি ভাবিবলৈ চেষ্টা কৰোঁ, সেই কবিতা দুটা হৈছে ‘সাহস’ আৰু ‘প্ৰাৰ্থনা’। কবিতাকেইটা নিশ্চয় শান্তিনিকেতনত ৰচনা কৰা। কাৰণ কবিয়ে লিখিছে–‘কিমিদা ব্যহৃতা ময়া’ বুলি শান্তিনিকেতনৰপৰা মই অমূল্যলৈ পঠিয়াই দিছিলোঁ। বন্ধু যতি নাৰায়ণ শৰ্মাই তেওঁৰ আধুনিক অসমীয়া কবিতা বোলা সংকলনটিত ছপাইছিল।

প্ৰাৰ্থনা

But what about god? Have you left him out?
I find no need, Sire, of that hypothesis.

ঈশ্বৰ ঈশ্বৰ
মন্দিৰৰ ধূপৰ ধোঁৱাৰ আঁৰত তুমি থাকা
সেইহে তুমি ইমান অস্পষ্ট।
ভয়ৰ নাৱত পাৰি দি তুমি আহিলা
মানুহৰ বিশ্বাসৰ মাটিলৈ,
মানুহে সাজি দিলে তোমাৰ বাবে
গীৰ্জা মন্দিৰ মছজিদ
নিজে সিহঁত জুপুৰি ঘৰত থাকিও।
অসম্পূৰ্ণ কল্পনাৰ ঢুকি পোৱা
সকলো মমতাৰ অমাৰ্জিত অলংকাৰ
আঁৰি দি তোমাৰ গাত
তোমাক কৰিলে মহান।
এয়ে তাৰ প্ৰতিদান?
তোমাক ডাঙৰ কৰোঁতে কৰোঁতে
নিজকে কৰিলে সৰু
বিচাৰক তুমি
পোহাৰীৰ তুলাচনী...?
তোমাৰ নিজৰ সৃষ্টিকৰ্তাৰ বিচাৰ তুমি কৰা।
হায় অবোধ মানুহ
আৰু মানুহৰ অবোধ ঈশ্বৰ।
তুমি মাথোন প্ৰিমিটিভ মানুহৰ
অনুৰ্বৰ কল্পনা
এটা জীৱন্ত কুসংস্কাৰ
মানুহৰ বৰ্বৰ দিনৰ এটা দুখ লগা সোঁৱৰণি
ঈশ্বৰ
তুমি মাথোন এটা
বীজগণিতৰ এক্স?

ঈশ্বৰৰ অৱস্থিতি সম্পৰ্কে সন্দিগ্দ্ধ, নিজকে এজন কনফিউজড মেন হিচাপে অভিহিত কৰা নৱকান্তই পিছে নিজৰ কবিতা সম্পৰ্কে এটা কথা স্পষ্টকৈ কৈছিল—এটা মাথোঁ কথা ক’ব পাৰোঁ। মই এতিয়ালৈকে পঢ়া, যি ভাষাৰে নহওক, সকলো কবিতাই মোৰ কবিতাত কোনোবাখিনিত, ভিতৰত বা বাহিৰত হাত বুলনি দি গৈছে। এতিয়া নিজেই চিনিব নোৱাৰোঁ সেইবোৰ। তাকো আত্মসাৎ বোলে নেকি জানো (?), অংগীকাৰ শব্দৰ ব্যুৎপত্তিগত অৰ্থ যেনেকৈ নিজৰ অংগ কৰি লোৱা, আত্মসাতো বোধকৰো তেনেকৈ নিজৰ কৰি ল’ব পৰা ক্ষমতাটোৱেই প্ৰেম। কবিতাৰ লগত মানুহৰ আঁৰ-বেৰ নাই। মাত্ৰ ভাষাৰ কাৰচাজিয়েহে সহজক জটিল কৰে বা জটিলতাক সহজ যেন কৰে।

নৱকান্তৰ স্কুলীয়া জীৱনৰ উল্লেখযোগ্য স্মৰণীয় শিক্ষকৰ ভিতৰত আছিল তোষেশ্বৰ শৰ্মা আৰু পিতৃ নীলকান্ত বৰুৱা। দশম মানত প্ৰধান শিক্ষক হিচাপে পোৱা শিল্প-সংগীতৰ প্ৰবল অনুৰাগী ইন্দ্ৰেশ্বৰ বৰঠাকুৰ নৱকান্তৰ বাবে আছিল এক আদৰ্শ ব্যক্তি। নৱকান্তৰ হাইস্কুলীয়া দিনত স্বৰাজ আন্দোলনৰ উত্তাল বতাহ। নীলকান্ত বৰুৱাৰ ঘৰখন সদা সংগ্ৰামৰ ঢৌৱে স্পৰ্শ কৰি আছিল। কবি-গীতিকাৰ মলিন বৰাৰ স’তে, সেই সময়ত নৱকান্তৰ নিবিড় সম্পৰ্ক। নৱম মানৰ ছাত্ৰ নৱকান্তই লিখি উলিয়ালে এখন কবিতাৰ পুথি। নাম থ’লে ‘মুক্তি’। মলিন বৰাই কবিতাৰে ‘মুক্তি’ৰ পাতনি লিখিছিল—

“কেঁচা তেজ ঢালি নেলাগে কৰিব
মুক্তিৰ কাৰণে ৰাঙলী ধৰা
অহিংস বন্তিৰে জ্বলালে প্ৰদীপ
জ্বলিব মুক্তিৰ মুক্তিতৰা''

নৱকান্তৰ স্বপ্ন আছিল মুক্তি আন্দোলনৰ মাজতে প্ৰকাশ হ’ব মুক্তি। কিন্তু সেয়া হৈ নুঠিল। বৰুৱা পৰিয়ালৰ অতি ঘনিষ্ঠ আৰু আত্মীয়, শেৱালি কবি ৰত্নকান্ত বৰকাকতিৰ স’তে এক বিৰল আত্মিক সম্পৰ্ক স্থাপন হৈছিল নৱকান্তৰ। ৰবীন্দ্ৰনাথৰ জীৱন দৰ্শনৰদ্বাৰা প্ৰভাৱিত ৰবীন্দ্ৰ কাব্যৰে মুগ্দ্ধ এই দাৰ্শনিক কবিজনাৰ পৰা ৰবীন্দ্ৰনাথ সম্পৰ্কে অনেক বাতৰি পাইছিল নৱকান্তই। প্ৰকৃততে শৈশৱতে নৱকান্তৰ কবিতাৰ প্ৰতি যি টানৰ সূচনা হৈছিল, তাৰ মূল কাৰণ আছিল ৰত্নকান্ত। স্বৰাজৰ আন্দোলনৰ সময়ত কলিকতাত প্ৰতিষ্ঠিত হোৱা নেচনেল কলেজত পঢ়িবলৈ গৈছিল ৰত্নকান্ত কিন্তু মুক্তি আন্দোলনত লাগি পঢ়া শেষ নকৰাকৈ উভতি আহি মৌজা চলোৱাৰ কামত লাগিল। গান্ধীজীৰ হিন্দ স্বৰাজ তেওঁ ভাঙিছিল আন্দোলনৰ কালত। নৱকান্তই এই অনুবাদ পঢ়ি অনুপ্ৰাণিত হৈছিল।

চৰকাৰী চাকৰিয়াল নীলকান্ত বৰুৱাই প্ৰত্যক্ষভাৱে স্বৰাজৰ আন্দোলনত নামিব নোৱাৰিলেও তেওঁ আছিল ইয়াৰ ঘোৰ সমৰ্থক। বৰপুত্ৰ দেৱকান্তই মেট্ৰিকুলেশনৰ পিছতে কাৰাবাস বৰিবলগীয়া হয়। মাক স্বৰ্ণলতা বৰুৱাই ওৰেটো জীৱনৰ বাবে বৰণ কৰে খদ্দৰ। নৱকান্তহঁতে খাদীৰ ৰঙচুৱা কুৰ্তা পিন্ধি স্বৰাজৰ জয় দিবলৈ লয়। বহু পৰিয়ালৰ দৰে তেওঁলোকৰো কংগ্ৰেছ হৈ পৰে সৰ্বস্ব।

অৱশ্যে হয়তো কেৱল লিখাৰ তাড়নাতেই কিশোৰ মুক্তিকামী নৱকান্ত প্ৰত্যক্ষ ৰাজনীতিৰপৰা আঁতৰি থাকিল। ভিতৰুৱাভাৱে সংযোগ ৰাখিলেও, সেই সময়ত গঠন হোৱা ছাত্ৰ কংগ্ৰেছ, ছাত্ৰ সন্মিলন, ছাত্ৰ ইউনিয়ন কাৰো প্ৰকাশ্য তালিকাত তেওঁক পোৱা নগ’ল।

মেট্ৰিক পৰীক্ষা পাছ কৰি নৱকান্ত প্ৰথমে কটন কলেজত ভৰ্তি হয়। কিন্তু সন্নিপাত ৰোগত পৰাত তেওঁৰ দুবছৰ পঢ়া নষ্ট হয়। কলেজ এৰি নৱকান্ত আহি উঠে উত্তৰ লখিমপুৰৰ এগৰাকী বয়েকৰ ঘৰত। ইয়াতে তেওঁ সান্নিধ্যলৈ আহে তেতিয়াৰ চফল ডেকা সাহিত্যিক চৈয়দ আব্দুল মালিকৰ। বিয়াল্লিছৰ আন্দোলনৰ প্ৰবল ধুমুহাত নীলকান্ত বৰুৱাৰ ঘৰত পুলিচৰ খানা-তালাচী চলে। কিছুমান কাগজ-পত্ৰৰ স’তে পুলিচে লৈ যায় কবিৰ ৰচনাৰ কিছুমান পাণ্ডুলিপি। ককায়েক দেৱকান্তই বেনাৰসৰ পৰা স্নাতক আৰু আইন পৰীক্ষাত উত্তীৰ্ণ হৈ দুদিনমান ওকালতি কৰে, ইয়াৰ মাজতে দুবাৰকৈ জে’ল খাটে, আৰু পিছলৈ পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কংগ্ৰেছ অফিচত থাকিবলৈ লয়। পৰৱৰ্তী সময়ত অসমীয়া আৰু দৈনিক অসমীয়াৰ লগত সাংবাদিক হিচাপে জড়িত হয়, পিছত তেওঁ নতুন অসমীয়াৰ সম্পাদক হয়। অসমীয়া সাহিত্যৰ স্মৰণীয় কাব্যগ্ৰন্থ সাগৰ দেখিছা কবিতাসমূহৰ জন্ম হৈছিল এই কালছোৱাতে। ১৯৪৩ চনত নৱকান্ত শান্তিনিকেতন অভিমুখী হয়। শান্তিনিকেতনৰ প্ৰতি নৱকান্তৰ আছিল প্ৰবল ধাউতি। গুৱাহাটীতকৈ শান্তিনিকেতনত পঢ়াটো সেই সময়ত তুলনামূলকভাৱে কম খৰচী আছিল। শান্তিনিকেতনত তেতিয়া মাহিলি খৰচ আছিল ৩২ টকা। দেশে দেশে মোৰ দেশ নামৰ গ্ৰন্থত নৱকান্তই কৈছে—দেউতালৈ মনত পৰে। মাহে ৩২ টকা দিব লাগে শান্তিনিকেতনৰ খৰচ, দেউতাই পেঞ্চন পায় মাত্ৰ ৫০ টকা। ককাইদেউ কিজনো আৰ্থিকভাৱে সচ্ছল নাছিল। তথাপি তেওঁলোকে পঠিয়াইছিল মোক শান্তিনিকেতনত পঢ়িবলৈ। মোৰ জীৱনৰ গতিপথ কিজানি আন ধৰণৰ হৈ গ’ল হয় যদিহে শান্তিনিকেতনত নপঢ়িলোঁহেঁতেন। শান্তিনিকেতনত কবি ইমানেই মিতব্যয়ী আছিল যে আনকি পূজাৰ বন্ধতো ঘৰলৈ নাহি শান্তিনিকেতনৰ কিছুদূৰৰ জামছেদপুৰত থকা বংশৰে এজন ককাইদেৱেক সুশীল কুমাৰ বৰুৱাৰ ঘৰত আছিল। মাইনিং ইঞ্জিনিয়াৰ সুশীল কুমাৰ বৰুৱা আছিল ড বিৰিঞ্চিকুমাৰ বৰুৱাৰ ককায়েক আৰু ডাঃ ললিতকুমাৰ বৰুৱাৰ ভায়েক। কবি শান্তিনিকেতনত থাকোঁতে ১৯৪৪ চনত নীলকান্ত বৰুৱা প্ৰয়াত হয়। আৰ্থিক অসুবিধা হ’লেও শান্তিনিকেতনৰ দিনবোৰ সহজে কাটিছিল। বি-এ পৰীক্ষা দিয়াৰ ঠিক আগেয়ে শান্তিনিকেতনৰ অধ্যক্ষ অনিল চন্দই তেওঁক মাতি নি কৈছিল—তুমি চিন্তা নকৰিবা। ইউনিভাৰ্ছিটিত ইতিমধ্যে আমি তোমাৰ পইচা দি দিছোঁ। তুমি পিছত আশ্ৰমৰ পইচা দি দিলেই হ’ব। শান্তিনিকেতনৰ তিতা-মিঠা অভিজ্ঞতাৰে কবি নৱকান্তই লিখিছিল ডনকুইকচট নামৰ এটা আত্মজীৱনীমূলক কবিতা।

পৰিচয় মোৰ কলেজৰ ছাত্ৰ
বহুদিনৰ ফিজ যদিও বাকী
কিন্তু মই যে প্ৰেমিক, ইনটেলেকচুৱেল কবি
এবাৰ বাহিৰলৈ চাওঁ
জোনটো দেখোঁ
বিধৱাৰ দৰে বগা ডাৱৰৰ কাপোৰ পিন্ধা
বিধৱা আইলৈ মনত পৰে হঠাতে
কাইলৈ ফিজ নিদিলে নহ'ব পৰীক্ষা
নৱকান্ত বৰুৱাৰ দুখন গ্ৰন্থ

শান্তিনিকেতনৰ পৰা নৱকান্তই ১৯৪৭ চনত ইংৰাজীত অনাৰ্ছ লৈ বি-এ পাছ কৰে। বি-এত তেওঁৰ বাকী বিষয়সমূহ আছিল বুৰঞ্জী, বঙলা আৰু অসমীয়া। বঙলা সাহিত্যৰ অধ্যাপক প্ৰবোধচন্দ্ৰ সেনৰ তেওঁৰ ওপৰত অপৰিসীম প্ৰভাৱ পৰিছিল। প্ৰবোধচন্দ্ৰ সেনৰ ছন্দ-অলংকাৰ সম্পৰ্কীয় জ্ঞানেৰে তেওঁ যেন আলোকিত হৈছিল, পৰৱৰ্তী কালত ইয়াৰ বাবেই যেন সম্ভৱ হৈছিল, তেওঁৰ দুখনি অমূল্য গ্ৰন্থ অসমীয়া ছন্দ শিল্পৰ ভূমিকা আৰু কবিতাৰ দেহবিচাৰ। তেওঁৰ আন আন নমস্য গুৰু আছিল–ইংৰাজী সাহিত্যৰ কৃষ্ণ কৃপালনী। ইংৰাজীত বি গ্ৰুপ লোৱাৰ বাবে তেওঁ হৈ পৰিছিল ড সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ প্ৰত্যক্ষ ছাত্ৰ। আন শিক্ষকসকলৰ মাজত আছিল শ্ৰীকুমাৰ বন্দ্যোপাধ্যায়, প্ৰবোধ সেন, প্ৰিয়ৰঞ্জন সেন, অমিয় চক্ৰৱৰ্তী আদি। ইয়াৰ উপৰি তেওঁ সান্নিধ্য লাভ কৰিছিল ক্ষিতিমোহন সেন, বিধুশেখৰ শাস্ত্ৰী, অবনীন্দ্ৰ ঠাকুৰ আৰু ৰামকিংকৰ বেইজৰ দৰে প্ৰসিদ্ধ শিল্পীসকলৰ। শান্তিনিকেতনৰ ছাত্ৰসলৰ মাজত সংগঠিত সাহিত্যানুষ্ঠান ‘সাহিত্যকাৰ’ৰ তেওঁ দুবাৰো সম্পাদক হয়। শান্তিনিকেতনত তেওঁ ধুনীয়াকৈ বঙলা ভাষা আয়ত্ত কৰে আৰু এই ভাষাত লিখিবলৈয়ো লয়। শান্তিনিকেতনৰ বুকুতেই ঠন ধৰি উঠে এটা সৰ্বভাৰতীয় দৃষ্টিভংগী। তামিল কবি সুব্ৰহ্মণ্য ভাৰতী, ছোভিয়েট লেখক মিখাইল চলকভৰ ৰচনা তথা খলিল জিব্ৰানৰ ৰচনাৰ স’তে পৰিচয় ঘটে শান্তিনিকেতনত। সৰোজনী নাইডুৰ ভাষণত এবাৰ তেওঁ খলিল জিব্ৰানৰ কথা শুনিছিল। প্ৰফেট খ্যাত খলিল জিব্ৰানৰ কিতাপ তেতিয়া শান্তিনিকেতনত নাছিল। অৱশ্যে শান্তিনিকেতনৰ এজন ছাত্ৰই উৰ্দুলৈ অনূদিত উচনে কাহা নামৰ এখন কিতাপ তেওঁৰ হাতত তুলি দিয়ে। পৰৱৰ্তী কালত আলিগড় বিশ্ববিদ্যালয়লৈ এম-এ পঢ়িবলৈ আহি তেওঁ উৰ্দু ভাষাটোও আয়ত্তলৈ আনে। জীৱনৰ অভিজ্ঞতাৰপৰা তেওঁ এষাৰ কথা কৈছিল–নাৰী আৰু শিশুৰ সংস্পৰ্শই মানুহক যিকোনো ভাষা আয়ত্ত কৰাত যথেষ্ট সুযোগ দিয়ে। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ বাদেও নৱকান্তই শান্তিনিকেতনত পঢ়িছিল ৰবীন্দ্ৰ সাহিত্য। তেওঁক পঢ়াইছিল ওমৰ খায়ামৰ অনুবাদককান্তিচন্দ্ৰ ঘোষে। কান্তি ঘোষ নৱকান্তহঁতৰ বাবে আছিল কান্তিদা। এই কান্তিদাই ৰবীন্দ্ৰনাথৰ গীত আৰু অন্যান্য অংশ ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিছিল। সেই সময়ত নৱকান্তই অলপ-অচৰপকৈ ৰবীন্দ্ৰনাথ অসমীয়ালৈয়ো অনুবাদ কৰিছিল। ৰবীন্দ্ৰনাথ কবিৰ ইমান গভীৰলৈ শিপাই উঠিছিল যে এসময়ত তেওঁ কৈছিল যে—ৰবীন্দ্ৰনাথ নোহোৱা হ’লে মই কিজানি কবি নহ’লোঁ হয়।

চকুৰ অসুখত ভোগাৰ এক জটিল সময়ত নিতৌ কবিয়ে টেপ ৰেকৰ্ডাৰত শুনিছিল ৰবীন্দ্ৰ-সংগীত। গীতটি আছিল–

আগুনেৰ পৰশমণি ছোয়াও প্ৰাণে।
এজীবন পুণ্য কৰো দহন দানে।
আমাৰ এই দেহ খানি তুলে ধৰো।
তোমাৰ এই দেবালয়েৰ প্ৰদীপ কৰোঁ।।
নিশিদিন আলোক শিখা জ্বলুক গানে।
আধাৰেৰে গায়ে গায়ে পৰশ তব
সাৰাৰাত ফোটাক তাৰা নৱ নব।
নয়নেৰে দৃষ্টি হবে ঘুচবে কালো
যেখানে পড়বে সেথায় দেখবে আলো
ব্যাথা মোৰ উঠবে জ্বলে উৰ্ধ্ব পানে।।

ব্ৰাহ্ম সমাজৰ মজিয়াত শুনা সৰুকালৰ ৰবীন্দ্ৰ সংগীতৰ তাড়না যথেষ্টভাৱে বৃদ্ধি পাইছিল শান্তিনিকেতনত। শান্তিনিকেতনৰ পুৱাবেলা শিক্ষাভৱনৰ পাঠ শেষ কৰি আবেলি বেলা তেওঁ ঢাপলি মেলিছিল কলাভৱনলৈ। তাত লগ পাইছিল প্ৰসিদ্ধ শিল্পী নন্দলাল বসুক। লগ পাইছিল পণ্ডিত প্ৰাচ্যবিদ ক্ষিতিমোহন সেনক, যিজন ব্যক্তিয়ে শিশুৰ দৰে ধেমালি কৰিবলৈ জানিছিল। শিল্পী নন্দলাল বসুৰ ওচৰত তেওঁ ছবি অঁকাৰ ইচ্ছা ব্যক্ত কৰোঁতে, বসুৱে তেওঁক যি জানে আঁকিবলৈ কৈছিল। নন্দলালৰ কথাত নৱকান্তই সেইদিনা পাহাৰ, নদী, দুজুপিমান গছ আৰু চৰি ফুৰা এটা হৰিণা পোৱালিৰে এখন লেণ্ডস্কেপ আঁকি দিলে। নন্দলালে একো নকৈ মিচিকিয়াই হাঁহিলে আৰু ডিজাইন কাৰ্ড কেইখনমান অভ্যাসৰ বাবে দি নৱকান্তক মধুকৰ নামৰ কলাভৱনৰ জ্যেষ্ঠ ছাত্ৰ এজনৰ পৰা প্ৰথমে অলপ শিকিবলৈ দিলে। নৱকান্তই প্ৰথম দুবছৰ চিত্ৰকলাত কিছু মনোনিৱেশ কৰিলেও, কিন্তু বি-এ অনাৰ্ছৰ ক্লাছ পিছলৈ আবেলিও হোৱাত, কলাৰ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে। শব্দৰ দ্বাৰা ছবি অঁকাৰ সামৰ্থ্য আয়ত্ত কৰা নৱকান্তই ব্ৰাছেৰে ছবি অঁকাটো আগুৱাই নিয়াটো কলাভৱনত আৰু সম্ভৱ নহ’ল, অৱশ্যে তেওঁ বহু ছবি আঁকি গ’ল। কলাভৱনৰ প্ৰভাৱতেই তেওঁ তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ হে অৰণ্য হে মহানগৰৰ বেটুপাত আঁকিলে। প্ৰথম উপন্যাস কপিলী পৰীয়া সাধুৰ প্ৰথম সংস্কৰণৰ বেটুপাত, ড বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ৰাজপথে ৰিঙিয়ায়, ড প্ৰফুল্লদত্ত গোস্বামীৰ শেষ , পৰাগ চলিহাৰ চাৰি হাজাৰ বছৰৰ অসম আৰু অধ্যাপনাৰ কালত কটন কলেজৰ আলোচনীৰ বেটুপাতো এবাৰ নৱকান্তই আঁকিলে। শান্তিনিকেতনৰ পৰা বি-এ পাছ কৰাৰ পিছত নৱকান্তই কলিকতা বিশ্ববিদ্যালয়ত এম-এ পাঠ্যক্ৰমত নামভৰ্তি কৰে, কিন্তু এনে সময়তে এটা দুৰ্ঘটনা ঘটে, নৱকান্তৰ অভিভাৱকত্বত নৱকান্তৰ সৌজন্যত, শান্তিনিকেতনত নাম লগোৱা দুজন নগাঁৱৰ ছাত্ৰৰ অকাল বিয়োগ ঘটে। দুয়োটা মৃত্যু আছিল মাথোঁ ২২টা দিনৰ ব্যৱধানত। জীৱনত প্ৰথমবাৰৰ বাবে দেখা নিমতলা ঘাটৰ চিতাগ্নিৰ জুয়ে তেওঁক বিচলিত কৰি তোলে। এনে মানসিক আঘাত সহিব নোৱাৰি তেওঁ উভতি আহে নগাঁৱৰ গৃহলৈ। পঢ়াৰ কথা বাদ দি চাকৰিৰ সন্ধানত লাগে, কিন্তু পৰিয়ালৰ মানুহৰ চেষ্টাত তেওঁ পুনৰবাৰৰ বাবে এম-এ পাঠ্যক্ৰমত যোগ দিবলৈ মানসিকভাৱে প্ৰস্তুত হয়।

নৱকান্ত এইবাৰ আহে আলিগড় বিশ্ববিদ্যালয়লৈ। পঢ়াৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহে আৰ্থিকভাৱে স্বচ্ছল হৈ উঠা মাজু ককায়েক শিৱকান্ত বৰুৱা, যাৰ আছিল এজন প্ৰসিদ্ধ চিকাৰী হোৱাৰ খ্যাতি। শিৱকান্তই অসমীয়া সাহিত্যৰ ভঁৰাললৈ থৈ গৈছে চিকাৰৰ কাহিনী– চিকাৰীৰ জোলোঙা। আলিগড়ত নৱকান্তই লগ পাইছিল তেতিয়াৰ উপাচাৰ্য আৰু পিছলৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা ড জাকিৰ হুছেইনক। লিখিছে ‘কৌম আৰু দিন’– দেশ আৰু ধৰ্মত তেওঁৰ আছিল অচল মতি। তাৰ লগতে ‘ইলম’ আৰু ‘ৰহম’– বিদ্যা আৰু দয়া। কেয়ামতৰ দিনত তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰ মুকলি হৈ থাকিবই, কিন্তু আৰু এখন স্বৰ্গত তেওঁ সদায় উজ্জ্বল হৈ থাকিব–সেয়া হৈছে ছাত্ৰসকলৰ হৃদয়।

কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ আৰ্হিৰ অনুকৰণেৰে গঢ় লৈ উঠা আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নৱকান্তই পোৱা গুণী-মানি শিক্ষকসকলৰ মাজত আছিল ড অমলেন্দু বসু, অধ্যাপক নুৰুল হাচান, অধ্যাপক হবিব, হাদি হাচান আদি। নৱকান্ত অভিভূত হৈছিল পাৰ্চীৰ অধ্যাপক হাদি হাচানে গণিতজ্ঞ ওমৰ খায়ামৰ বিষয়ে দিয়া অগতানুগতিক ভাষণত। দুটা বিপৰীতধৰ্মী দলৰ বহু কথাৰ মাজত আলিগড়ৰ নৱকান্ত অভ্যস্ত হৈ পৰিল। দল দুটাৰ এটা আছিল নিৰীশ্বৰবাদী ধৰণৰ বামপন্থী চিন্তাধাৰাৰ, যি অৱশ্যে কমিউনিষ্ট বুলি পৰিচিত নাছিল আৰু আনটো তাৰ বিপৰীতধৰ্মী মোল্লাপাৰ্টি। আৰবী অধ্যাপক আলিমক পাইছিল কমিউনিষ্ট হিচাপে। তাত যথেষ্ট সংখ্যক হিন্দু ছাত্ৰ থাকিলেও নৱকান্তক সকলোৱে বৌদ্ধ বুলিয়েই ভাবিছিল। তেওঁৰ পঢ়া কোঠাত আছিল বুদ্ধৰ এখন ধুনীয়া ছবি।

নৱকান্ত বোধহয় বুদ্ধৰ বেছিকৈ কাষ চাপি আহিছিল। শান্তিনিকেতনৰ সেই কৰুণ পৰিণতিৰ পিছত। শান্তিনিকেতনত মৃত্যু হোৱা ছাত্ৰ দুজনৰ এজন আছিল তেওঁক শান্তিনিকেতনৰ বাট দেখুৱাই দিয়া ড ললিতকুমাৰ বৰুৱাৰ ল’ৰা, আনজন বিখ্যাত ফুটবল ৰেফাৰী, ফিফাৰ বেজপ্ৰাপ্ত বাবুল বাৰ্মিজৰ ভতিজাক।

বৌদ্ধ হ’বলৈও তেওঁ স্থিৰ কৰি পেলাইছিল আৰু কলিকতাৰ বৌদ্ধিষ্ট ছ’চাইটিৰ লগত যোগাযোগ কৰিছিল। মহাবোধ ছ’চাইটিৰ সচিব দেববলীপ্ৰিয় সিংহক তেওঁ তেওঁৰ অভিপ্ৰায় জনোৱাত তেওঁ হেনো নৱকান্ত বৰুৱাক ক’লে, আপুনি বৌদ্ধ হ’ম বুলি মন স্থিৰ কৰিলে যেতিয়া বৌদ্ধ হৈয়েই গ’ল। এম-এ পাছ কৰাৰ পিছত তেওঁ কেইজনমান বন্ধুৰ স’তে বৌদ্ধ আশ্ৰমলৈ যাত্ৰা কৰিছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক বন্ধুকেইজনে কলিকতাৰপৰা নগাঁৱলৈ লৈ আহে। তেওঁৰ বৌদ্ধ হোৱাৰ স্বপ্ন পুৰণ নহ’ল, কিন্তু মনেৰে নৱকান্ত যেন বুদ্ধৰ কাষত থাকি গ’ল। এই মনৰ সংযোগ যেন কলাৰ মাধ্যমেৰেহে। বৌদ্ধ সমাজৰ সংস্পৰ্শৰ পৰা তেওঁ লক্ষ্য কৰিছিল ফুল নিছিঙাকৈ বুদ্ধৰ মূৰ্তিত অৰ্পণ কৰা ফুলৰ দৃশ্য। তেওঁ কৈছিল, তেওঁ লিখাত মূৰ্ত হোৱা বৌদ্ধ ভাব-অনুৰাগৰ চিন নহয়, এয়া আগ্ৰহৰ বা আকৰ্ষণৰ চিন, কৈছিল বৌদ্ধ ধৰ্ম বা জীৱনৰ প্ৰতি তেওঁৰ আকৰ্ষণ কলাৰ যোগেদিহে, ধৰ্মৰ যোগেদি নহয়। এই আগ্ৰহ বা আকৰ্ষণ উপলব্ধি কৰিব পাৰি তেওঁৰ ‘বোধিদ্ৰুমৰ খৰি’, ‘বুদ্ধ পূৰ্ণিমা’, ‘বুদ্ধক যেতিয়া মোৰ মৃতদেহে লগ পালে’ আদি অনেক কবিতাত আৰু মানুহ আটাইবোৰ দ্বীপ আৰু পটাচাৰাৰ দৰে উপন্যাসত। বুদ্ধৰ বিখ্যাত Fire Sermonৰ ভিত্তিত হয়তো ৰচিত হৈছিল তেওঁৰ ‘বোধিদ্ৰুমৰ খৰি’। পৰৱৰ্তী সময়ত ১৯৭৮ চনত এইচ-এম-ভি কোম্পানীয়ে উলিওৱা সপ্তৰ্ষি নামৰ LP ৰেকৰ্ডখনত ইয়াৰ আবৃত্তি বাণীৱদ্ধ হৈছিল প্ৰখ্যাত আবৃত্তি শিল্পী ড অমৰজ্যোতি চৌধুৰীৰ কণ্ঠেৰে। গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাত ধ্বনিত হৈছিল বোধিদ্ৰুমৰ খৰি–

'As long as there are fools in the World,
there will be hope’– GBS
পৃথিৱীক কোনে ভাল পালে
কাৰ প্ৰেমে কষটিত কোনো চিন দিব নোৱাৰিলে...'

এম-এ পাছ কৰাৰ পিছত নৱকান্তই কিছু দিনৰ বাবে উত্তৰ প্ৰদেশৰ শিকোহাবাদত ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে কাম কৰে। ১৯৫৩ চনত মাতৃ স্বৰ্ণলতা বৰুৱাই চিঠিৰে জনালে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত অধ্যাপক পদ এটি খালি হোৱাৰ কথা। অসমলৈ গুচি আহি সেই বছৰৰে ছেপ্টেম্বৰ মাহত তেওঁ জে বি কলেজত যোগ দিয়ে। যোৰহাটত তেওঁ লগ পায় মিত্ৰদেৱ মহন্ত, আনন্দচন্দ্ৰ বৰুৱা, চৈয়দ আব্দুল মালিক, আব্দুছ ছাত্তাৰ, যতিনাৰায়ণ শৰ্মা আদিক। ৰামধেনুকে ধৰি কাকত-আলোচনীৰ পাতত ইতিমধ্যে নৱকান্ত প্ৰতিষ্ঠিত হৈ উঠিছে। ৰামধেনুত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত সাহিত্যৰ বিভিন্ন নতুন বিষয়ৰ পৰীক্ষা-নিৰীক্ষা চলিছে। এই সময়ছোৱাত নৱকান্তৰ অধ্যাপনাৰ ক্ষেত্ৰ আকৌ সলনি হয়। জে বি কলেজ এৰি পিছৰ বছৰতে তেওঁ কটন কলেজত যোগ দিয়ে। ১৯৫৪ চনৰ পৰা ১৯৬৪ চনলৈ কটনত অধ্যাপনা কৰাৰ পিছত ‘৬৪ ৰপৰা ‘৬৭ চনলৈ নৱকান্ত বৰুৱাই অসম মাধ্যমিক শিক্ষা পৰিষদৰ ইংৰাজী শিক্ষা বিষয়া হিচাপে যোগ দিয়ে। অৱশ্যে ‘৬৭ চনত পুনৰ তেওঁ কটন কলেজলৈ প্ৰত্যাৱৰ্তন কৰে আৰু তাৰ পৰাই ১৯৮৪ চনত উপাধ্যক্ষৰূপে অৱসৰ লয়। নৱকান্ত আছিল এজন সু-শিক্ষক। বহু নামজ্বলা ছাত্ৰই আজিও তেওঁক সোঁৱৰে। কবি নৱকান্তই কবি জীৱনৰ প্ৰথমছোৱা সময়ত এটা ছদ্মনাম লৈছিল। নামটো সীমা দত্ত। এই নামেৰে তেওঁৰ কবিতা প্ৰকাশ হৈছিল প্ৰায় তিনিটামান, ইয়াৰে বাঁহীত প্ৰকাশ হোৱা কবিতা এটি আছিল ‘বুৰঞ্জী’–

প্ৰথমে এদিন প্ৰথম মানুহটো আচৰিত :
পূবফালৰ সেই বিৰাট কাৰবাৰটো কি?
ৰাতি ওপৰৰ পৰা ইমানবোৰ চকুৱে 
ইংগিতেৰে সিহঁতক ক'লৈ মাতিছে?
সৃষ্টি হ'ল উপনিষদৰ কবিৰ প্ৰাৰ্থনা মন্ত্ৰ
হে পূষণ
তোমাৰ হিৰন্ময় পাত্ৰেৰে সত্যৰ মুখ আচ্ছন্ন
উন্মুক্ত কৰা সেই আৱৰণ।

আকৌ এদিন নতুনকৈ আচৰিত হ'ল ৰবীন্দ্ৰনাথ
সেই প্ৰথম মানুহটোৰ দৰে,
উত্তৰ নোপোৱাৰ গ্লানিটোও ৰঙাই গ'ল
জীৱনেৰে…
আমি যে আচৰিত হ'বলৈ পাহৰিলোঁ
ঈশ্বৰ
মাথোন এবাৰ
আমাকো, এবাৰ আচৰিত কৰি দিয়া।

পুৰণিগুদামৰ গ্ৰাম্য আৱেশ, নগাঁৱৰ সৰল নগৰীয়া জীৱন, প্ৰকৃতিৰ দানেৰে সমৃদ্ধ অসমৰ বুকুৰে ৰবীন্দ্ৰনাথৰ স্বপ্নাশ্ৰম শান্তিনিকেতনত প্ৰৱেশ কৰা নৱকান্তই দেখিছিল মহাযুদ্ধ আৰু দেশ বিভাজনৰ দুৰ্দশাৰে ধূমায়িত বিধ্বস্ত মহানগৰ–

কাৰ্ফুৰ সময় হ'ল
সূৰ্যস্নাত নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল'লে ৰতিৰ আকাশে
নিস্তব্ধ মৰণ নামে। নগৰীৰ ধমনীত কৰো অনুভৱ
কাজিৰঙা ডবকাৰ আৰণ্যক অপস্মাৰ
সৰীসৃপ-ক্ৰূৰ মৃত্যু-সৰ্পিল জীৱন,
পলাতক দৈনন্দিন-নিয়ন উজ্জ্বল গধূলিৰ
ৰঙা-নীলা শেঁতা মুখ
হেনা মধুমালা আৰু অলকানন্দাৰ

১৯৫১ চনত প্ৰকাশ হৈ ওলাল নৱকান্তৰ হে অৰণ্য হে মহানগৰ এনে অনুভৱৰে। ক্ষুদ্ৰ কলেৱৰৰ এই পুথিখন যেন অসমীয়া আধুনিক কবিতাৰ গুণমালা। ই তৰুণ আৰু প্ৰবীণ পাঠক, সমালোচক, বুদ্ধিজীৱী সকলোকে আচৰিত কৰি তুলিছিল। এখন সৰু পোষ্টকাৰ্ডত জ্ঞানদাভিৰাম বৰুৱাৰ পৰা এখন ইংৰাজীত লিখা চিঠি আহিল– Shantiniketon has left an indelible impression upon the poet.

ৰবীন্দ্ৰ কাব্য দৰ্শনৰ উপৰি ইংৰাজী সাহিত্যৰ ছাত্ৰ নৱকান্তক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত কৰিছিল আন এজন বিখ্যাত আধুনিক কবিয়ে, নাম যাৰ টি. এছ. এলিয়ট। ড মহেন্দ্ৰ বৰাই ক’লে, এফালে ৰবীন্দ্ৰনাথ, আনফালে এলিয়ট–এয়া বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ সুমেৰু কুমেৰু। তেওঁ আৰু লিখিলে–তেওঁ দুৱাৰ মুকলি কৰি দিলে, কবিতাৰ মাটিৰ ঘৰলৈ সোমাই আহিবৰ কাৰণে–অজস্ৰ জটিল জীৱন আৰু জীৱিকা সংক্ৰান্ত সমস্যাক, সিবিলাকৰ লগতে খাপ খাই পৰা অনতি বিন্যস্ত স্পন্দনৰ ছন্দ-চেতনাক আৰু মসৃণে-কৰ্কশে মিলিত ভাষাৰ সুৰ-সমলয়ক। নৱকান্তই লিখি গ’ল অসমীয়া সাহিত্যৰ বহু উল্লেখযোগ্য কবিতা। হে অৰণ্যহে মহানগৰৰ পিছত ওলাল এটি দুটি এঘাৰটি তৰা (১৯৫৮);যতি আৰু কেইটিমান স্কেচ্ছ (১৯৬০); সম্ৰাট (১৯৬২); ৰাৱণ (১৯৬৩); মোৰ আৰু পৃথিৱীৰ (১৯৭০); ৰত্নাকৰ আৰু অন্যান্য কবিতা (১৯৮৩); এখন স্বচ্ছ মুখাৰে (১৯৯০); সূৰ্যমুখীৰ অংগীকাৰ (১৯৯৪); নৱকান্ত বৰুৱাৰ কবিতাৱলী; ৰাতি জিলমিল তৰা জিলমিল আৰু দলঙত তামীঘৰা। নিৰ্বাচিত কাব্য সংকলন মোৰ আৰু পৃথিৱীৰত সন্নিৱিষ্ট হ’ল বিশিষ্ট সমালোচক ড হীৰেন গোহাঁইৰ এটি অনন্য আলোচনা। বাকলি পিঠিৰ নক্সাত ব্যৱহৃত হ’ল বেণু মিশ্ৰই অঁকা প্ৰমেথিয়ুচ নামৰ চিত্ৰ এখন। কবিৰ মতে এই প্ৰমেথিয়ুছ শ্যেলীৰ মুক্তজন নহয়, এয়া ইছকিলাছৰ (Aeschylus) জনহে।

নৱকান্তই ঘৰ সাজিছিল গুৱাহাটীৰ শিলপুখুৰীত। এটা সৰু আছাম টাইপৰ ঘৰ, য’ত তেওঁ আছিল ১৯৬৪ চনৰ পৰা। এটা সৰু হাইকুৰ দৰে ঘৰ, য’ত আছিল কৃত্ৰিম পুখুৰী, একুৰিয়াম, ফুলেৰে ভৰা বাগিচা, প্ৰণবেন্দু বিকাশ ধৰে স্ক্ৰেপ মেটেলেৰ সজা এটা ফেঁচা। পঢ়া কোঠাত বুদ্ধৰ মূৰ্তি, ঘৰৰ বেৰত দুই-চাৰিখন চিত্ৰ। যাৰ এখন আছিল প্ৰিয় সৰু বাপ প্ৰণৱ বৰুৱাৰ।

কবি-পত্নী বীণা বৰুৱা, দুই কন্যা আইনু আৰু জুনুকা। বীণা বৰুৱা আছিল সীতাহৰণ কাব্যৰ ৰচয়িতা ভোলানাথ দাসৰ নাতি। দেউতাক লক্ষ্মীনাথ দাস, যি অলপ দিনৰ বাবে কটন কলেজতো পদাৰ্থবিজ্ঞানৰ অধ্যাপনা কৰিছিল।

লক্ষ্মীনাথ দাসে জোঁৱায়েক নৱকান্তক Hiodoliteৰ চুঙাত microscopeৰ eye piece লগাই দূৰবীণ সাজি দিছিল। নৱকান্তই আকাশ ভাল পাইছিল। তেওঁ তৰা চিনি পাইছিল। বন্ধু-বান্ধৱ, সৰু ল’ৰা-ছোৱালীক দেখুৱাইছিল শনিগ্ৰহৰ আঙঠি, বৃহস্পতিৰ উপগ্ৰহ, শুক্ৰগ্ৰহৰ কাঁচি জোনৰ দৰে ৰূপ। আকাশ ভৰা সূৰ্য-তৰাৰ দৰে গান লিখা নৱকান্তই লিখিলে—

আকাশ আমাক অকণি আকাশ দিয়া
মাটিৰ বুকুত উচুপে আমাৰ
আকাশ পিয়াসী হিয়া
অকণি আকাশ দিয়া

নৱকান্তৰ দুটা বিখ্যাত দীঘলীয়া কবিতা ‘সম্ৰাট’ আৰু ‘ৰাৱণ’। কবিৰ নিজৰ ভাষাত দুয়োটাৰে অনুপূৰকভাৱে ‘ৰত্নাকৰ’ কবিতাটো তেওঁ আৰম্ভ কৰিছিল ষাঠিৰ দশকত। ৰচনা সম্পূৰ্ণ হৈছিল ১৯৭৩ চনত। তেওঁ লিখিছিল—ভাৰতীয় পৰম্পৰাৰ তিনিটা চৰিত্ৰৰ মাজেৰে জীৱনৰ সৰ্বকালীন সমস্যাৰ ক্ষেত্ৰত মোৰ ব্যক্তিগত ধ্যান-ধাৰণা আৰু দুৰ্বলতা প্ৰৱণতাখিনি ৰূপ দিয়াৰ মানসেৰে এটা ত্ৰয়ী কল্পনা কৰিছিলোঁ। ‘ৰাৱণ’ত শিল্প আৰু মানুহ, ‘সম্ৰাট’ত ৰাষ্ট্ৰ আৰু মানুহ আৰু ‘ৰত্নাকৰ’ত মানুহৰ ৰূপান্তৰৰ সম্ভাৱনা—এই তিনিটাই কবিতা তিনিটাৰ বিষয়বস্তু বুলিব পাৰি। ‘ৰাৱণ’ আৰু ‘সম্ৰাট’ কবিতা দুটা ৰাৱণ আৰু ধৃতৰাষ্ট্ৰৰ একোক্তিৰ আংগিকতে ৰচনা কৰা হৈছিল। ‘ৰত্নাকৰ’ৰ বেলিকা তাৰ ব্যতিক্ৰম ঘটিছে। জৈৱিক আৰু মানসিক ৰূপান্তৰ অনুধাৱন কৰোঁতে ‘ৰত্নাকৰ’ পৃথক পৃথক কবিতাৰ দৰে হ’ল। ৰূপান্তৰ (যাক ইংৰাজীত কোৱা হয় মেটামৰফছিছ) লগত জড়িত কিছু পুৰাণ, উপ-পুৰাণ, ধৰ্মীয় আৰু লোকবিশ্বাস আৰু জীৱ-বিদ্যাৰ এৰাধৰা বতৰাই কবিতাটোৰ দেহ গঠন কৰিছে।

তাৰ পিছত ‘ৰাৱণ’, ‘সম্ৰাট’ আৰু ‘ৰত্নাকৰ’ কবিতা তিনিটাৰ চৰিত্ৰসমূহৰ একোটাকৈ বিশেষ পৰিস্থিতি কল্পনা কৰি লোৱা হৈছে। ‘ৰাৱণ’ত অশোকবনত বন্দিনী সীতাৰ সন্মুখত ৰাৱণ, ‘সম্ৰাট’ত কুৰুক্ষেত্ৰ ৰণৰ পিছত ধৃতৰাষ্ট্ৰ। ‘ৰত্নাকৰ’ত সেই নামত ব্যক্তিজনক এনে এটা অৱস্থিতিতি চাবলৈ যত্ন কৰিছোঁ য’ত তেওঁ দস্যুও হৈ থকা নাই আৰু ঋষি হৈয়ো ওলাই অহা নাই, ৰত্নাকৰ বল্মীকৰ ভিতৰতে আছে আৰু ৰূপান্তৰ প্ৰক্ৰিয়াই তেওঁৰ সত্তাত নিজা নিয়মেৰে কাম কৰিছে।

নৱকান্তই কৈছে—কবিতাটো ৰচনা কৰি যাওঁতে তেওঁৰ প্ৰায় অজ্ঞাতে আন এটা কণ্ঠস্বৰে মাজে মাজে নিজৰ অস্তিত্ব ঘোষণা কৰি গ’ল—সি হ’ল ভাবালুতাক বাস্তৱলৈ নমাই অনা ব্যৱহাৰিক প্ৰাত্যহিকতাৰ গ্ৰাম্যস্বৰ। নৱকান্তৰ কবিতাৰ মাজত ব্যৱহাৰ কৰা অভিনৱ এই গ্ৰাম্যস্বৰবোৰ আছিল এনে ধৰণৰ—

‘ৰত্নাকৰ’ৰ ‘ক্ষেত্ৰজ’ত খণ্ডত—
বাপা তুমি অন্ধ কামসিকৰ দৰে কথা কৈছাদে।
গামছাত আঁচুফল লাগবোই। নহলি মৰা ঢকা
কাপুৰহে হ'ব।

আৰু

বাপা, তুমি বন্দুক লৈ চিকাৰ কৰি ফুৰব খুজছা
ফুৰা। আমাৰ কবাক লাগি একো নাই। আমি
হলি খেতিখলা কৰি খোৱা মানুহ। বতৰ
মানবোই লাগবো।

‘বল্মীক’ত—

বাপা, কৈছা ঠিকেই। পাছে কুঁৱা খান্দা মাটিত শহ ভাল নহয়।

‘ক্ষেত্ৰজ’ত তেওঁ কবিতা আৰু কবিৰ সংজ্ঞা ধৰি ৰাখিছে এক আচৰিত অনুভৱেৰে—

প্ৰত্যেক কবিতাই মুখা 
হেজাৰে হেজাৰে ছপা কৰা একান্ত ব্যক্তিগত চিঠি

অথবা

কাণে কাণে বাগৰি অহা জনৰৱৰ দৰেই ব্যক্তিগত
কাৰণ কবিতা হ'ল গোষ্ঠীৰ

আৰু—

প্ৰত্যেক কবিৰ নামেই ছদ্মনাম
বাল্মীকি এজন ঋষিৰ নাম
কবিজনৰ নাম ৰত্নাকৰ—অৰ্থ সংযোগহীন অভিধা
কবিতাৰে তেওঁ দেৱতাৰ পৰা কাঢ়ি ল'লে শাওপাত দিয়া স্বত্ত
যি শাওপাতৰ বলি হ'ল মানুহৰ আদি জীৱিকা।

নৱকান্তই কৈছিল—মোৰ যেতিয়া কবিতা নাথাকে, মই তেতিয়া আনৰ কবিতা লিখোঁ। নৱকান্তই অনুবাদক এক অতি প্ৰয়োজনীয় সাহিত্যকৰ্ম হিচাপে গ্ৰহণ কৰিছিল। স্কুলীয়া দিনতে আৰম্ভ হয় তেওঁৰ অনুবাদ কৰ্ম। তেওঁ কথাৰমাজৰবতৰা নামৰ গ্ৰন্থত ল’ৰালিৰ কবিতা ধেমালি নামৰ ৰচনাটিত এই কথা উল্লেখ আছে—মই আৰু জীৱকান্ত ককাইদেৱে ইংৰাজীৰ পৰা কবিতা অনুবাদ কৰিছিলোঁ আৰু বাইৰনৰো কাষ চাপিছিলোঁগৈ। তাৰে এটা—

When we parted
In silence and tears

শাৰী দুটা অনুবাদ কৰিছিলোঁ এনেদৰে—বিদায় মাগিলোঁ যেৱে নীৰৱতা। তেতিয়া স্কুলত পঢ়া কবিতাত বা অমিত্ৰাক্ষৰ ছন্দৰ পৌৰাণিক নাটকত ‘যেৱে তেৱে’ এনেবোৰ শব্দ চলিছিল।

মৃত্যুৰ প্ৰায় দুবছৰ আগেয়ে তেওঁ এজন অনুজ কবিলৈ এখন ব্যক্তিগত চিঠিত লিখিছিল—লোকজীৱন আৰু মহৎ কবিৰ আত্মিক সংগ—এই দুটা মোৰ কবিতাৰ জীৱন-শক্তি বুলি মই ভাবোঁ। মহেন্দ্ৰ বৰাই কৈছিল—প্ৰত্যেকজন কবিয়ে অনুবাদ কৰাৰ পিছত বা সময়ত তেওঁৰ কবিতাই এক বিশেষ আয়তন লাভ কৰে আৰু মোৰ ভাষাৰে কওঁ মোৰ নিজৰ কবিতা নাথাকিলেও মই অনুবাদ কৰোঁ– I relieve in them and learn to look at myself, go my way in writing on my own, কথাটো electric chargeৰ দৰে হয় এক প্ৰকাৰ। হুইটেমনৰপৰা পালোঁ Vigour (পৌৰুষ), Goetheৰ পৰা পালোঁ doggerel, নিৰৰ্থকতাৰ Phycho intellectual self analysis, এতিয়া ডাণ্টেই দি আছে অনাড়ম্বৰতাৰ গভীৰতা আৰু কবীৰৰ কবিতাই দিওঁ দিওঁকৈ আছে ‘আহদকা মুচাফিৰ’—অসীমৰ বাটৰুৱা হোৱাৰ নিৰ্দেশ। মোৰ নিজৰ আছে কেৱল আত্মসাৎ কৰাৰ ক্ষমতা। চিঠিখন ব্যক্তিগত যদিও কথাখিনি ৰাজহুৱা।

ওপৰত সদা এটা ফেঁচাৰ মোহৰ লাগি থকা নৱকান্তৰ পেডৰ এই চিঠিখন এনেদৰেই শেষ হৈছিল। নৱকন্তৰ শেষ কাব্যগ্ৰন্থ দলঙত তামীঘৰাৰ এটা কবিতাত আছে ‘মই আৰু মোৰ গে’টে’৷ ইয়াক পঢ়িলে নৱকান্ত কেনেদৰে অনুবাদত মজি গৈছিল বুজিব পাৰি। এই কবিতাৰ এঠাইত তেওঁ লিখিছে—

এটা কথা কৈ থওঁ মই, গে'টেই মোৰ স'তে
বেলেগ ভাষাৰ পৰ্দাখনৰ আঁৰৰ পৰা
সকলো কথা অসমীয়াতে পাতে।

ওখ মানুহ, ওপৰৰ পৰা কয়, বহুত কথাই নাপাওঁ বুজি
সেইখিনিকে অলপ আগতে বলকি আছিলোঁ অলপ ঘঁহি-মাজি
এই কথাটো জানো মাথোন, গে'টেৰ মই কৰিব নোৱাৰোঁ হানি
অক্ষম ভাষাতো জিলিকি থাকিব বিশ্বমনৰ বাণী নহ'লেও
বাণীৰ প্ৰতিধ্বনি

সাহিত্য অকাডেমীয়ে আয়োজন কৰা এক অনুবাদ কৰ্মশালাত নৱকান্তই এজন অনুজ অনুবাদকক এটা কবিতা লিখি দিছিল—

কৃষ্ণ দুলাল নহয় শাম্ব নহয় অনিৰুদ্ধ
ভাষাৰ পাকে নোৱাৰে তেওঁক কৰি ৰাখিব ৰুদ্ধ
টোপ গিলিলেও ভাষাৰ বঁটীয়া নাটানে,
Gospel শুভবাৰ্তা হয়নে, শুভবাৰ্তা Gospel

এনে ধৰণৰ লেলপেল
থোৰ জঁট ভাঙিবৰ বাবে সকলো কিটিপ জানে
আৰু জানে তেওঁ নৱকান্তৰ জুলুমবোৰৰ মানে
নৱকান্ত বৰুৱাৰ হাতৰ আখৰ

নৱকান্তৰ কবিতাৰে ধন্য এই অনুবাদকজন এতিয়াৰ অসমীয়া সাহিত্যৰ এজন গুৰুত্বপূৰ্ণ অনুবাদক কৃষ্ণ দুলাল বৰুৱা।

নৱকান্তই শব্দৰ লগত খেলি বৰ ভাল পাইছিল। প্ৰফুল্লচন্দ্ৰ বৰাই জীৱন, কবিতা আৰু নৱকান্ত নামৰ গ্ৰন্থত লিখিছে, তেওঁৰ মুখত শুনিছোঁ মই অভিধানবোৰ পঢ়ি থাকোঁ জানা—অভিধানবোৰৰ পৰা মই বহুতো শিকিছোঁ। নৱকান্তই ড মহেশ্বৰ নেওগ আৰু ৰজনীকান্ত দেৱশৰ্মাৰ স’তে অসম প্ৰকাশন পৰিষদে কৰা আধুনিক অসমীয়া অভিধান সম্পাদনা কৰিছিল। দলঙত তামীঘৰা শব্দটোৰ বিষয়ে ক’বলৈ গৈ কৈছিল—শব্দটো অসম বুৰঞ্জীৰপৰা বুটলিছোঁ। শব্দটো হেমচন্দ্ৰই সম্ভৱতঃ নাপালে, অৰুণোদইত পুৰণি বুৰঞ্জীৰ কিছু অংশ প্ৰকাশ হৈছিল যদিও সূৰ্য ভূঞা ছাৰৰ আগলৈকে অসমীয়া মানুহে পুৰণি অসম বুৰঞ্জীৰ পুথিবিলাকৰ খবৰ বিশেষ জনা নাছিল হ’বলা। চন্দ্ৰকান্ত অভিধানতো শব্দটো দিয়া নাই। বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্যই তেওঁৰ ইংৰাজী-অসমীয়া অভিধানত Tent শব্দৰ অৰ্থ দিওঁতে শব্দটো দিছে। সেইটো অৱশ্যে পিছৰ তাঙৰণৰ সংযোজনো হ’ব পাৰে।

উঠি অহা তৰুণসকলৰ ওপৰত তেওঁৰ আছিল অগাধ বিশ্বাস। তেওঁৰ বিশ্বাস কৰিছিল, তেওঁৰ কবিতাৰ শেষ শাৰীটি হ’ব পাৰে কোনো অনুজৰ প্ৰথম শাৰী। তৰুণসকলক তেওঁ তেওঁৰ Contemporary হিচাপে লৈছিল। এখন স্বচ্ছ মুখাৰে নামৰ কাব্যগ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্ব দিছিল তেতিয়াৰ নবীন এতিয়াৰ প্ৰভাৱশালী লেখক উৎপল দত্তৰ হাতত।

নৱকান্তই সভাত কথা কৈছিল একান্ত আত্মীয়তাৰে ঘৰুৱাভাৱে। তেওঁৰ কথাৰ কলাই মানুহৰ হিয়া চুই গৈছিল। কলিকতাত কবি জয় গোস্বামীৰ হাতত আনন্দ পুৰস্কাৰ তুলি দিয়াৰ সময়ত তেওঁ কবিক তুমি বুলি সম্বোধন কৰিছিল আৰু কৈছিল—কবি আৰু ঈশ্বৰক তুমি বুলিয়েই সম্বোধন কৰা হয়।

নৱকান্তৰ কাব্যকৃতিৰ মূল্যায়ন কৰি গৈছে কেইবাগৰাকীও সমালোচকে, ইয়াৰ ভিতৰত উল্লেখযোগ্য ড মহেশ্বৰ নেওগ, ড সত্যেন্দ্ৰনাথ শৰ্মা, ড হীৰেন গোহাঁই অন্যতম। অধ্যাপক ভৱেন বৰুৱা, নলিনীধৰ ভট্টাচাৰ্য, অৱনীন্দ্ৰ বৰায়েও নৱকান্তৰ বিষয়ে আলোচনা ৰাখিছে। ইয়াৰ ভিতৰত অৱনীন্দ্ৰ বৰাৰ ৰামধেনু  আৰু কল্পদ্ৰুমৰ চাৰিটা সংখ্যাত কৰা ‘মোৰ আৰু পৃথিৱীৰ কবি’ উল্লেখযোগ্য। কবি-সমালোচক কবীন ফুকনে নৱকান্তক বহলাই আলোচনা কৰিছে হোমেন বৰগোহাঞিৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ডত। আধুনিক অসমীয়া কবিতা–প্ৰকৃতি আৰু পটভূমিত তেওঁ লিখিছে, আধুনিকতাৰ লক্ষণ বুলি নৱকান্ত বৰুৱাৰ কবিতাত বিশেষকৈ চকুত পৰে তেওঁৰ ইতিহাস চেতনা আৰু বিজ্ঞান চেতনা। সময় প্ৰৱাহৰ গ্ৰহণে তেওঁক ইতিহাস সচেতন কৰিছে। তেওঁৰ কাৰণে ইতিহাস মৃত্যুৰ, হাড়ৰ পলসৰ স্তূপ, কিন্তু তাৰেই মাজেদি জীৱনৰ সৰীসৃপ বগাই যায় (ক্ৰমশঃ) অজ্ঞাতবাসৰ বৃহন্নলাৰ ৰূপত (অজ্ঞাতবাসৰ আগনিশা) যেন ইতিহাসৰে ৰহস্যময় অলসতা প্ৰকাশ পাইছে। আনহাতে নৱকান্ত বৰুৱাক যুক্তি বা বিজ্ঞান বিদ্বেষী বোলাৰ থল নাই। ভূ-বিদ্যা, নৃ-বিজ্ঞান আৰু জীৱবিজ্ঞানে তেওঁৰ কবিতাত পাহ কটা দেখা যায়। ‘স্বীকৃতি’ত তেওঁ নিৰীশ্বৰ বিজ্ঞানৰ স্বপ্নেৰে নিজকে পতিয়াইছে। সেয়ে মনৰ গোপন ৰহস্যতকৈ সময় আৰু পৃথিৱীৰ ৰহস্য পোৱাটোহে নৱকান্ত বৰুৱাৰ কবি-বন্দনাৰ মুখ্য আকূতি। ‘মুখাৰ সাঁকো’ নামৰ নৱকান্তৰ কবিতাৰ ওপৰত এটা অতি বুদ্ধিদীপ্ত আলোচনা প্ৰকাশ পাইছিল সূত্ৰধাৰ আলোচনীৰ প্ৰথম বছৰগ দ্বাদশ সংখ্যাত। আলোচনাটি উৎপল দত্ত সম্পাদিত নৱকান্ত বৰুৱাৰ এখন স্বচ্ছ মুখাৰে নামৰ কাব্যগ্ৰন্থতো সংযোজিত হৈছিল। আলোচনাটি লিখিছে সৰহসংখ্যক অসমীয়া কবিক অনুবাদেৰে বাহিৰত চিনাকি কৰি দিয়া অনুবাদক-সমালোচক প্ৰদীপ আচাৰ্যই। তেওঁ লিখিছে, বাটকুৰি বাই আহি কবিয়ে এক স্থিৰতা বিচাৰিছে–মুখাৰ স্থিৰতা।

মুখাতেই সকলো স্থিৰ। সকলো ধ্ৰুৱ,
            জড়তাৰ চেতনা
ভিতৰত অবিৰত পৰিৱৰ্তনশীল শূন্যতা।

আচাৰ্যই প্ৰশ্ন কৰিছে, প্ৰবহনৰ (flux) ৰপৰা স্থিৰতালৈ বাট বোলোতে কবিৰ চেতনা জড়তাত নিমগ্ন হৈ নেযায়তো? তেওঁ নিজেই গভীৰ প্ৰত্যয়েৰে উত্তৰ দিছে–নেযায়। কিয়নো কবিয়ে দোহাৰিছে ভিতৰত অবিৰত পৰিৱৰ্তনশীল শূন্যতা। কবিক লাগে জীৱন-প্ৰবাহৰ মাজৰ শূন্য-স্থিৰ পৰিৱৰ্তনশীল। তেওঁ নিজকে পুনৰ জিজ্ঞাসা কৰিছে—সেই আলোড়িত শূন্যতাৰ মনিৰ্বন্ধ চেতনে প্ৰত্যয় স্থানু হ’বলৈ দিব জানো? ২০০৩ চনৰ ১৪ জুলাইত মৃত্যুৰ এবছৰ পিছত কোনো নৱকান্তপ্ৰেমীয়ে কলঙৰ এখন দুৰ্বল কাঠৰ দলঙত পাঠ কৰিলে–

মাইলৰ খুঁটা বাগৰি পৰিল
তলত কুৰুং দ
সিয়েই এখন দলং হ'ল
হেৰৌ কবি, তাতেই অলপ ৰ।

তললৈ চাই মূৰ ঘূৰাব পাৰে
আকাশখনলৈ চা
পাৰ হ'লে পাবি নতুন আলি দোমোজা
পাৰ হৈ গুচি যা

ভাল কথা হ'ল।
মাইলৰ খুঁটা বাগৰি গ'ল
কাইলৈৰ বাবে এখন দলং হ'ল

থিয় হৈ থাকি ফেৰ মৰাতকৈ
পৰি থকাটোহে ভাল
পৰি থাকিলেই পতন হোৱা
নাই কোনো আহুকাল।

পাঠ শেষ কৰি কবিতাৰ কাগজখন তেওঁ নৌকাৰ আৰ্হিত সজালে আৰু আলফুলে কলঙৰ বুকুত অৰ্পণ কৰিলে। কলেঙেৰে উটি গ’ল তেওঁৰ শ্ৰদ্ধাৰ্ঘ্য। লাহে লাহে বেলি ডুবিবলৈ লৈছিল। উভতি অহাৰ সময়। তেওঁতকৈ আগেয়ে গুচি যোৱা মৰমৰ জীয়ৰী জুনুকাজনীৰ ৩৩ বছৰত লিখা ডগেৰেল ফ্লাক্স আৰু ফ্লাক্সৰ আবৃত্তিৰে দলঙত যেন কোনোবাই পোহৰৰ তামীঘৰা সামৰিছিল।

ঘৰত থাকিও দলংবাসী হোৱাৰ যি আনন্দ
দিয়াৰ বাবেই এয়া মোৰ অহৈতুকী ছন্দ
‘মই গৈ আছোঁ নে ৰৈ আছোঁ'
মই জ্ঞান সিঁচো নে মন যাচো
মই গ'লেচোন দলঙো যায়
ক'ৰ কলং ক'ত হেৰাই¯ অলং দলং মৰিকলং
জীৱনটো এটা Flux?...

জানিছ, ভাবিছোঁ কি?
বন্ধ দশাত কম বাঢ়ে নেকি
প্ৰাণৰ Entropy!

২০০২ চনৰ ১৪ জুলাইত প্ৰস্থান কৰা আধুনিক অসমীয়া কবিতাৰ অবিকল্প প্ৰতিভু নৱকান্তই কৈছিল—দলং মোৰ বৰ প্ৰিয় চিত্ৰকল্প। কিমান যে প্ৰয়োজনত মই ব্যৱহাৰ নকৰোঁ তাক। দলং, সেতু, সাঁকো, আমাৰ নিজা ভাষাৰ এই তিনিটা শব্দৰ প্ৰত্যেকৰে আঁতি-গুৰি আৰু জাত্যৰ্থ পৃথক, কিন্তু লক্ষ্যাৰ্থ এতিয়া একেই। দলঙে সংযোগ কৰে আৰু আমি পাৰ হৈ যাওঁ। দলং যেন বাটৰেই অস্থায়ী সম্প্ৰসাৰণ, বাট মাটিৰ লগত মিলি থকাৰ বাবে তাক স্থায়ী বুলি ভাবি ল’ব পাৰোঁ, দলঙক নোৱাৰোঁ। তাৰ লগত যে শূন্যতাৰ সংযোগ আছে।

প্ৰয়াগ শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট কবি আৰু ঔপন্যাসিক৷

Leave a Reply

Your email address will not be published. Required fields are marked *