অৱৰুদ্ধ জীৱনৰ গতি, পাৰিপাৰ্শ্বিকতা, আৰু কবিতা

ৰমেন শইকীয়া

Issue: Vol. IV, No. 2, Aug-Oct

আধুনিক সাহিত্যত পাৰিপাৰ্শ্বিক চিন্তাধাৰাই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তাৰ কাৰণ পৰিৱেশৰ ভয়ানক অৱনতি। ঊনৈছ শতিকাৰ সাহিত্যিকসকলৰ বাবে সাহিত্যত প্ৰকৃতিৰ প্ৰতি এনে উৎকন্ঠা প্ৰকাশ পোৱা নাছিল। তেতিয়া সাহিত্যত প্ৰকৃতিৰ উপস্থিতি আছিল সৌন্দৰ্যৰ প্ৰতীক আৰু প্ৰেৰণাদায়ক। গল্প, কবিতা, উপন্যাসত প্ৰকাশ পাইছিল প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনা। কবি, শিল্পী, সাহিত্যিকসকল আছিল প্ৰকৃতিৰ উপাসক। পুঁজিবাদী সভ্যতাই মানুহৰ জীৱনলৈ বৈচিত্ৰ্য আৰু অনেক সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে জীৱন সম্বন্ধে উদ্বেগ, উৎকণ্ঠা, অনিশ্চয়তা, আশংকা আদি বৃদ্ধি কৰিছে। এনে পৰিস্থিতিৰপৰা উপশম বিচাৰি কবি প্ৰকৃতিৰ বুকুলৈ উভতি গৈছে আশ্ৰয় বিচাৰি। আমেৰিকান কবি ৱেণ্ডেল বেৰীৰ এটা জনপ্ৰিয় কবিতাক উদাহৰণ হিচাপে লʼব পাৰোঁ :

মানুহৰ বাবে প্রকৃতি হৈছে প্রশান্তিদায়ক শক্তিৰ উৎস। মানুহে প্ৰাকৃতিক ছন্দৰ লগত মিলি জীয়াই থাকিবলৈ শিকিব লাগিব, ইয়াৰ অন্যথা মানুহ ধ্বংস হৈ যাব —এই ইংগিত কবিতাটোত সুস্পষ্ট। সাহিত্যই সমাজ জীৱনৰ দাপোণ আৰু অনুঘটক দুয়োটাৰ কাম কৰে—পৰিৱৰ্তনক প্ৰেৰণা দিয়াৰ লগতে গ্ৰহটোৰ গতি-প্ৰকৃতিৰো প্ৰতিফলন ঘটায়। কিন্তু চিন্তনীয় বিষয়টো হৈছে জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰকৃতিৰ এই পৰিচিত দৃশ্যপট হেৰাই যাবলৈ ধৰিছে। আমাৰ এজন ধেমাজিৰ বন্ধুক তেওঁৰ আচল ঘৰ কʼত বুলি সোধাত তেওঁ উত্তৰ দিছিল, “আপোনাক মোৰ জন্মৰ ঘৰখন দেখুৱাবলৈ হʼলে ব্রহ্মপুত্রৰ মাজৰ ঠাই এডোখৰলৈ আঙুলিয়াই দেখুৱাব লাগিব।” নদীয়ে যদিও এফালে ভাঙে, আনফালে গঢ়েও। অদ্বৈতমল্ল বৰ্মনে তেওঁৰ উপন্যাস তিতাস একটি নদীৰ নামত কৈছে, “এজন উন্মত্ত ভাস্কৰ যি উন্মত্ত আনন্দত ভয়ঙ্কৰ শক্তিৰ উচ্চ-উৰণীয়া দোলনাত উঠি অস্থিৰভাৱে ধ্বংস আৰু সৃষ্টি কৰিছে, —ই এক প্ৰকাৰৰ শিল্প।” বুকাৰ বঁটা বিজয়ী (২০২৪) ছামান্থা হাৰ্ভিৰ উপন্যাস অৰ্বিটাল(Orbital)ৰ এঠাইত এনে বৰ্ণনা পোৱা যায় যে, মহাকাশ যানৰপৰা এজন মহাকাশচাৰীয়ে পৃথিৱীৰ উপৰি ভাগত দেখা ডাৱৰৰ আৰু ঘূৰ্ণিবায়ুৰ গতি পর্যবেক্ষণ কৰি কৈছে, প্ৰকৃতিৰ এই ভূমিকা হিংস্ৰ আৰ তাণ্ডৱকাৰী ৰূপে তেওঁ দেখা পোৱা নাই। পৃথিৱীৰ উপৰি ভাগত বায়ুৰ ই এক স্বাভাৱিক পৰিক্ৰমা। ঘূৰ্ণিবায়ু সমুদ্ৰৰ জলপৃষ্ঠৰ উষ্ণতাৰ হ্ৰাস আৰু বৃদ্ধিৰ সৈতে সম্পৰ্কিত এটা ভৌগোলিক কাৰক। প্ৰকৃতিত এইদৰে যি ঘটনা বা পৰিৱর্তন ঘটে সেয়া ঘটে প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি, কিন্তু আজিৰ যুগৰ প্ৰকৃতিত সংঘটিত বহু পৰিঘটনা মানৱ-সৃষ্ট। মানুহৰ বাসনাৰ আচৰিত শক্তিয়ে গ্ৰহটোৰ বায়ু, পানী, নদ-নদী, পাহাৰ সকলোবোৰ সলনি কৰি পেলাইছে। ইতিহাসবিদ, উত্তৰ উপনিৱেশবাদ আৰু ছাবঅল্টাৰ্ন তত্ত্বৰ গৱেষক দীপেশ চক্রৱর্তীৰ মতে, “humans have become geological agents, changing the most basic physical processes of the earth.” এই কথা অস্বীকাৰ কৰাৰ কোনো উপায় নাই যে, পুঁজিবাদী সভ্যতা আৰু আমাৰ বিকাশৰ প্ৰতি উন্মত্ত হাবিয়াসে প্ৰকৃতি আৰু পৃথিৱীৰ বিস্তৰ ক্ষতি সাধন কৰিছে আৰু মানুহ তথা জগতৰ সকলো প্ৰাণীকেই অকল্পনীয়ভাৱে ভয়ংকৰ দিশলৈ ঠেলি দিছে। পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষাৰ বিষয়বোৰৰ বিপৰীতে অসীম বা সীমাহীন সম্পদ বৃদ্ধি আৰু বিকাশৰ ধাৰণা অর্থনীতিবিদ, বিত্তযোগানকাৰী আৰু প্রযুক্তি বিশেষজ্ঞসকলৰ ওচৰত অতি আকর্ষণীয় বুলি প্রমাণিত হৈছে। জীৱনৰ গতিক অৱৰুদ্ধ কৰিবলৈ বিচৰা এনে শক্তিবোৰৰ প্ৰকৃত স্বৰূপ আমাৰ সাহিত্যত—গল্প, উপন্যাস, কবিতাত—যিদৰে উন্মোচিত হʼব লাগে তেনে প্ৰভাৱী ৰূপত হৈছে নে নাই?

বিশিষ্ট ঔপন্যাসিক, লেখক অমিতাভ ঘোষে তেওঁৰ The Great Derangement: Climate Change and the Unthinkable নামৰ গ্ৰন্থখনত জলবায়ু পৰিৱৰ্তনৰ দৰে জৰুৰী বিষয়টো কিয় কেৱল অকাল্পনিক (non-fiction) বিষয় ভিত্তিক ৰচনাৰ মাজতেই সীমাবদ্ধ হৈ আছে, কল্পকাহিনীত তাৰ প্ৰভাৱ কম —এই সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়াইছে। তেওঁৰ মতে সাহিত্যৰ সাহিত্যিক ৰূপ আৰু নীতি-নিয়ম সেই গাঁথনিৰ (grid) পৰাই উদ্ভৱ হৈছিল যিবোৰে আখ্যানমূলক কল্পনাক গঢ় দিছিল, ঠিক সেই সময়ছোৱাত যেতিয়া বায়ুমণ্ডলত কাৰ্বনৰ সঞ্চয়ে পৃথিৱীৰ ভাগ্যক পুনর্লিখন কৰিছিল। তেওঁ কৈছে, জলবায়ু পৰিৱৰ্তনে প্ৰকৃততে পৃথিৱীৰ ভৱিষ্যতৰ বাবে কি সংকেত দিয়ে, সেইটো বিবেচনা কৰিলে নিশ্চয়কৈ এইটো ধাৰণা হয় যে, ই সমগ্ৰ বিশ্বজুৰি লেখকসকলৰ প্ৰধান উদ্বেগৰ বিষয় হোৱা উচিত, কিন্তু এইটো সত্যৰপৰা বহু দূৰত। ৰাজহুৱা ক্ষেত্ৰখনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কে যিমান চৰ্চা হৈছে তাৰ তুলনাত সাহিত্যিকৰ কল্পকাহিনীৰ লেণ্ডস্কেপত তাৰ প্ৰভাৱ অতি সামান্য। ঘোষে নিজেও স্বীকাৰ কৰিছে, তেওঁৰ উপন্যাসবোৰতো জলবায়ু পৰিৱৰ্তনৰ বিষয়টো অপ্ৰত্যক্ষভাৱেহে অন্তৰ্ভুক্ত হৈছে। তেওঁৰ গ্ৰন্থৰ শিৰোনামত উল্লেখ কৰা “Derangement” শব্দটোৱে মনক আউল লগোৱা বা বিকাৰগ্ৰস্ত অৱস্থাক নিৰ্দেশ কৰে। শিল্পীসকলে জলবায়ু পৰিৱৰ্তনৰ দৰে এটা জৰুৰী বিষয়ক আওকাণ কৰাটো নিজেই এটা “বৃহৎ বিকাৰগ্ৰস্ততা”ৰ লক্ষণ। গ্ৰন্থখনৰ উপশিৰোনামত উল্লেখ কৰা “অচিন্তনীয়” (unthinkable) কেৱল এক জ্ঞানমূলক (cognitive) অক্ষমতাৰ প্ৰতি প্ৰত্যাহ্বান নহয়, “বৰঞ্চ সি স্বাভাৱিক আৰু সম্ভাৱনাৰ প্ৰতিষ্ঠিত গাঠনিটোক অমান্য কৰা পৰিঘটনাসমূহ ঐক্যবদ্ধ কৰাৰ ক্ষেত্রত সাংস্কৃতিক আৰু উদ্ভাৱনী চিন্তাৰ এক গভীৰ অক্ষমতা।” তেওঁ পুনৰ কৈছে, যদি কোনো সাহিত্যিক ৰূপে (form) এই ধাৰাবোৰৰ সৈতে বুজা-পৰা কৰিবলৈ অক্ষম হয় অৰ্থাৎ আমাৰ প্ৰধান আখ্যান আৰু জ্ঞানমূলক গাঁথনিৰ ভিতৰত এনে পৰিঘটনাৰ কল্পনা কৰিবলৈ অক্ষম হয়, তেন্তে এই অক্ষমতাই আমি পৃথিৱীখনৰ অৰ্থ উলিয়াবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰ বিফল বুলি পৰিগণিত হ’ব— আৰু এই বিফলতা জলবায়ু সংকটৰ কেন্দ্ৰবিন্দুত থকা বৃহত্তৰ কল্পনাপ্ৰসূত আৰু সাংস্কৃতিক বিফলতাৰ এটা দিশ হিচাপে গণ্য কৰিব লাগিব। এই বিফলতাৰ কাৰণ সম্বন্ধে তেওঁ কথা-সাহিত্যৰ কিছু বিচ্যুতি আৰু অন্তৰ্নিহিত জটিলতাৰ বিষয়েও আলোচনা কৰিছে। বাস্তৱ আৰু সাহিত্যৰ সম্পৰ্ক বিড়ম্বনাপূৰ্ণ। বাস্তৱৰ সত্য আৰু সাহিত্যৰ সত্য একে নহয়। বাস্তৱৰ ঘটনা এটা অবিকল ৰূপত সাহিত্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। ১৯৭৮ চনৰ ১৭ জানুৱাৰী তাৰিখে দিল্লীত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত তেওঁ আচম্বিতে এক ভয়ানক ঘূৰ্ণীবায়ু আৰু শিলাবৃষ্টিৰ মুখামুখি হৈছিল। দিল্লীত সেই সময়ত এনে বতৰ আছিল অপ্ৰত্যাশিত। তেওঁৰ চকুৰ সন্মুখতে চাইকেল, স্কুটাৰ, লেম্পপোষ্ট, ক’ৰগেটেড আইৰন ছিট, আনকি গোটেই চাহৰ ষ্টলবোৰো ওপৰলৈ উৰি গৈছে। বাছবোৰ ওলোটা খাই পৰিছে, স্কুটাৰবোৰ গছৰ ফেৰেঙনিত ওলমি আছে। চাৰিওফালে ঘটি যোৱা ঘটনাবোৰৰ সন্মুখত তেওঁ বোবা হৈ পৰিছিল। টাইমছ অব ইন্ডিয়াৰ প্ৰতিবেদন অনুযায়ী মৃতকৰ সংখ্যা ৩০জন আৰু ৭০০জন আহত। এই সকলোবোৰ ঘটনা তেওঁ পুখানুপুংখভাৱে ডায়েৰীত লিখি ৰাখিছিল, কিন্তু ঘটনাটো তেওঁ চেষ্টা কৰিও উপন্যাসত ব্যৱহাৰ কৰিব পৰা নাই, যদিও ইয়াক বৰ্ণনা কৰিবলৈ তেওঁৰ শব্দভাণ্ডাৰৰ অভাৱ নাই। পূৰ্বৰ বৰ্ণনাধৰ্মী আখ্যানত কোনো সমস্যা নাছিল, কিন্তু আধুনিক উপন্যাসৰ বৰ্ণনাত কাকতালীয় আৰু আকস্মিকতা অতি গুৰুত্বপূৰ্ণ। তেওঁ কৈছে, “যদি উপন্যাসসমূহ ব্যতিক্ৰমী মুহূৰ্তৰ ‘স্কেফ’ল্ডিঙ’ৰ ওপৰত নিৰ্মাণ কৰা নহ’লহেঁতেন, তেন্তে লেখকসকলে পৃথিৱীখনক সম্পূৰ্ণ ৰূপে পুনৰুৎপাদন কৰাৰ বৰ্জেছিয়ান (Jorge Luis Borges) কামৰ সন্মুখীন হ’বলগীয়া হ’লহেঁতেন। কিন্তু আধুনিক উপন্যাস ভূতত্ত্বৰ দৰে কেতিয়াও অসম্ভৱৰ কেন্দ্ৰীয়তাৰ সন্মুখীন হ’বলৈ বাধ্য হোৱা নাই : ইয়াৰ পৰিঘটনাবোৰ যি ‘স্কেফ’ল্ডিঙ’ত নিৰ্মাণ কৰা হয়, তাক আঁৰ কৰি ৰখাটো ইয়াৰ কাৰ্যকলাপৰ বাবে অপৰিহাৰ্য হৈয়েই আছে।” তেওঁ পুনৰ কৈছে, “তেতিয়া হʼলে ‘বাস্তৱবাদী’ উপন্যাসৰ বিড়ম্বনাটো ইয়াতেই : ই যি ভাব-ভংগিমাৰ সৈতে বাস্তৱতাক উজাগৰ কৰে বাস্তৱিকতে সি বাস্তৱক লকুৱাই ৰখা কাৰ্যহে। (the very gestures with which it conjures up reality are actually a concealment of the real)। কাৰ্যক্ষেত্ৰত ইয়াৰ অৰ্থ হ’ল উপন্যাস এখনৰ কাল্পনিক জগতখনৰ ভিতৰত নিয়োজিত হোৱা সম্ভাৱনাৰ ‘কেলকুলাছ’টো আৰু ইয়াৰ বাহিৰত পোৱা ‘কেলকুলাছ’টো একে নহয়, এই কাৰণেই সাধাৰণতে কোৱা হয়, “এইটো যদি উপন্যাসত হ’লহেঁতেন তেন্তে কোনেও বিশ্বাস নকৰিলেহেঁতেন। বৰ্তমান কথা-সাহিত্যৰ জনপ্ৰিয় শৈলী অতিবাস্তৱবাদ, আৰু বিশেষকৈ যাদুকৰী বাস্তৱবাদ যিবোৰ এনেকুৱা ঘটনাৰে পৰিপূর্ণ, যাৰ সম্ভাৱ্যতাৰ গণিতৰ সৈতে কোনো সম্পর্ক নাই।”

প্ৰকৃতিৰ সৈতে কবিতাৰ এটা অন্তৰংগ সম্পৰ্ক আছে। কিন্তু জলবায়ু পৰিৱর্তনৰ পৰিঘটনাবোৰ সাহিত্যত ‘প্ৰকৃতি’ৰ ক্ষেত্ৰত প্ৰয়োগ কৰা গতানুগতিক কাঠামোৰ প্ৰতি অদ্ভুতভাৱে প্ৰতিৰোধী। পূৰ্বৰ বুৰ্জোৱা জীৱনৰ সৈতে সামঞ্জস্যপূর্ণ আখ্যানেৰে প্ৰাক-আধুনিক কালৰ গল্প কোৱাৰ ঐতিহ্যই ফলপ্ৰসূভাৱে পৰিৱেশক স্থিৰ, অ-ক্ৰিয়াশীল উপাদান হিচাপে পৃষ্ঠভূমিলৈ ঠেলি দিয়ে। প্ৰকৃতিৰ পৰা মানুহৰ বিচ্ছিন্নতাই পৰিৱেশগত লেখাৰ ধাৰণাটোকেই বিভ্রান্ত কৰিছে। আনহাতে ঊনৈছ শতিকাৰ পৰাই বাস্তৱবাদক পোষকতা কৰা আধুনিক সাহিত্যিত দেখা গৈছিল, দৈনন্দিন বিষয়, মানৱকেন্দ্ৰিক আৰু ব্যক্তিগত চেতনা, আত্মমগ্নতা, আৰু মনস্তত্ত্বক কেন্দ্ৰ কৰি লোৱাৰ প্ৰৱণতা। মানৱকেন্দ্ৰিক বাস্তৱবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰা আধুনিক উপন্যাসখনৰ উত্থানে প্ৰকৃতি আৰু অ-মানৱিক (non-human) জগতখন গুৰুত্বহীন কৰি তোলাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ দৰে সামূহিক আৰু ব্যৱস্থাগত পৰিঘটনাবোৰ গল্পই হওক, উপন্যাসেই হওক বা কবিতাই হওক—সাহিত্যৰ গতানুগতিক গাঁথনিৰ ভিতৰত ধৰি ৰখাটো কঠিন হৈ পৰে। আনহাতে বিংশ শতিকাৰ সাহিত্যিক আন্দোলনসমূহে কাহিনী আৰু আখ্যানক প্ৰায় একেদৰেই অৱজ্ঞা কৰিছিল, শৈলী আৰু ‘পৰ্যবেক্ষণ’ৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল, সেয়া দৈনন্দিন বিৱৰণেই হওক, চৰিত্ৰৰ বৈশিষ্টই হওক বা আৱেগৰ সূক্ষ্মতাই হওক। সেইবাবেই সৃষ্টিশীল লেখাৰ শিক্ষকসকলে এতিয়া তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দিয়ে কেৱল, “দেখুওৱা, একো নকʼবা” (‘show, don’t tell)। ঘোষে তেওঁৰ গ্ৰন্থখনত সুস্পষ্টভাৱে এটা বাৰ্তা দিবলৈ বিচাৰিছে যে “বৃহৎ বিকাৰগ্ৰস্ততা”ক অতিক্ৰম কৰিবলৈ হʼলে “অমানৱিক জগতখনৰ সৈতে মানৱতাৰ সম্পৰ্কৰ মৌলিক পুনর্কল্পনা”ৰ (radical reimagining of humanity’s relationship with the nonhuman world) প্ৰয়োজন আৰু প্ৰয়োজন সামূহিক অস্তিত্বৰ প্ৰতি সহানুভূতিপূৰ্বক সঁহাৰি। এই ৰূপান্তৰ শিল্প আৰু ৰাজনীতিৰ নতুন ৰূপ গঢ়ি তোলাৰ বাবে অতি প্ৰয়োজনীয়, যি “অকল্পনীয় চিন্তা” কৰাৰ ক্ষমতা ৰাখে আৰু আমাৰ বিপন্ন গ্ৰহটো যি ভয়ানক বাস্তৱতা আৰু ভয়ংকৰ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে, সেই দিশক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰি মানৱতাক উদ্ধাৰৰ পথ দেখুৱাব পাৰে।

অমিতাভ ঘোষে তেওঁৰ গ্ৰন্থখনত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো সাহিত্যত প্ৰতিনিধিত্বৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰি গোলকীয় উষ্ণতাৰ কাৰণ আৰু তাৰ প্ৰশমনৰ সম্ভাৱ্যতা আৰু প্ৰচেষ্টাৰ সম্পৰ্কেও বিশদ আলোচনা আগবঢ়াইছে। গ্ৰন্থখনৰ প্ৰথমভাগতেই তেওঁ কৈছে, “এই পৰিভাষাটো আবিষ্কাৰৰ অনেক আগৰে পৰাই মোৰ পূর্বপুৰুষসকল পৰিৱেশগত উদ্বাস্তু আছিল।” (My ancestors were ecological refugees long before the term was invented.) তেওঁলোক পূৰ্ববংগৰ (বাংলাদেশ) বাসিন্দা আছিল। ১৮৫০ চনত পদ্মানদীৰ ভয়ানক বানে তেওঁলোকৰ গাঁওখন উটুৱাই লৈ যোৱাত তেওঁলোক আহি পুনৰ বিহাৰৰ গঙ্গাৰ পাৰৰ বাসিন্দা হ’লহি। তেওঁ আলোচনাটোত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বিষয়টোৰ লগতে প্ৰকৃতিৰ তাণ্ডৱৰ বিষয়টোও সামৰি লৈছে। প্ৰাকৃতিক বিপৰ্যয়ৰপৰা পৰিত্রাণ পাবলৈ হ’লে মানুহে প্ৰযুক্তিৰ সহায়ত প্ৰাকৃতিক পৰিঘটনাৰ ইতিহাস অধ্যয়ন কৰি বিপদসংকুল ভৌগোলিক স্থানসমূহত বসবাস কৰাৰপৰা বিৰত থাকিব পাৰে। ভাৰতবৰ্ষত ঘূৰ্ণিবায়ুৰ প্ৰভাৱ সম্পৰ্কত অধ্যয়ন কৰি অমিতাভ ঘোষে কৈছে, তথ্য অনুযায়ী ২০2৫ চনত বঙ্গোপসাগৰতকৈ আৰব সাগৰত অধিক ধুমুহাৰ সৃষ্টি হোৱাৰ সম্ভৱনা আছে। ঘণ্টাত ২৪০ কিলোমিটাৰ বা তাতকৈ অধিক বতাহৰ গতিবেগ থকা চতুৰ্থ বা পঞ্চম বৰ্গৰ ঘূৰ্ণিবায়ু পোনে পোনে মুম্বাইত প্ৰৱেশ কৰিলে কি হ’ব পাৰে? মুম্বাইত পূৰ্বে যেতিয়া শক্তিশালী ঘূৰ্ণিবতাহে আঘাত হানিছিল সেই সময়ত চহৰখনৰ জনসংখ্যা ১০ লাখতকৈ যথেষ্ট কম আছিল, আজি ই বিশ্বৰ দ্বিতীয় বৃহত্তম পৌৰসভা আৰু ইয়াৰ জনসংখ্যা ২ কোটিতকৈ অধিক। ২০০৫ চনৰ ২৫ জুলাইত মুম্বাই নগৰত বৃষ্টিৰ পৰিমাণ আছিল ৯৪.৪ চেন্টিমিটাৰ। বৰষুণ হৈছিল চাৰি ঘন্টা ধৰি। এইদৰে হঠাৎ উদ্ভৱ হোৱা বিপৰ্যয়ৰ ফলত ২৫ লাখ মানুহ একেলেথাৰিয়ে ঘণ্টাৰ পিছত ঘণ্টা পানীৰ তলত আছিল। সপ্তাহান্তত মুম্বাই উপনগৰীয়া ৰেলৱে-নেটৱৰ্কে কঢ়িয়াই অনা প্ৰায় ৬৬ লাখ আৰু বাছে ১৫ লাখতকৈ অধিক যাত্রী চহৰখনত আৱদ্ধ হৈ পৰিল। পানীৰে ভৰি থকা ৰাস্তাত অসংখ্য স্কুটাৰ, মটৰ চাইকেল, গাড়ী, বাছ পৰি ৰৈছিল। ৫০০ৰো অধিক লোকৰ মৃত্যু হ’ল, বহুতকেই বানে উটুৱাই লৈ গ’ল। প্ৰকৃতিক বিপৰ্যয়ৰ আগজাননী লাভ কৰিলেও কেৱল মুম্বাই মহানগৰেই নহয়, অন্য কোনো নগৰৰপৰাই বৃহৎ অংশৰ মানুহক খালি কৰোৱাটো লজিষ্টিকভাৱে অসম্ভৱ।

সাতটা দ্বীপৰ এটা সমষ্টি হ’ল মুম্বাই, ই গঠন হৈছিল প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু মানুহৰ হস্তক্ষেপৰ সমন্বয়ত। ঔপনিৱেশিক কালছোৱাতেই আন্তঃগাঁথনি উন্নয়নৰ জড়িয়তে বৰ্তমানৰ চহৰখন গঠন হয়। ভৌগলিক দিশৰপৰা সংকটৰ সম্ভাৱনাক উপেক্ষা কৰি সমুদ্ৰতীৰৰ দৰে দৰ্শনীয় স্থানত বিলাসবহুলভাৱে বসবাস কৰাৰ ধাৰণাটোত ঔপনিৱেশিক বুৰ্জুৱাসকলৰ অৱদান আছে। আজি মুম্বাইৰ বিপদসংকুল ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বিপৰ্যৰ কথা কৈ মুম্বাইৰ চহৰৰ আটাইতকৈ বিখ্যাত লেণ্ডমাৰ্ক, আইকনিক মেৰিন ড্ৰাইভ, ইয়াৰ সাগৰমুখী হোটেলসমূহ, ইয়াৰ সূৰ্যাস্তৰ দৃশ্যৰ বাবে বিখ্যাত আৰু ইয়াৰ নেকেলেচৰ দৰে অট্টালিকাৰে ভৰা ৰম্যস্থানৰ পৰা মানুহক আঁতৰাই লৈ যাব পৰা নাযাব। আনহাতে সৰ্বসাধাৰণ মানুহৰ মাজতো এনে প্ৰৱণতা দেখা যায় যে, প্ৰাকৃতিক বিপৰ্যয়ৰ সতৰ্কবাণী শুনোৱাৰ পিছতো ভগৱানৰ ওপৰত ভৰসা কৰি বিপদসংকুল পৰিৱশতে মানুহ থাকি যায়। জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্রতো এই একেই প্ৰৱণতা পৰিলক্ষিত হয়। অকল্পনীয় বিপৰ্যয়টো অনুধাৱন কৰাটো দূৰৰে কথা, জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়টোকে গম্ভীৰভাৱে বিবেচনা কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ প্ৰস্তুত নহয়। জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়টো বিশ্বস্ততাৰ ক্ষেত্রত পৰিৱেশ বিজ্ঞানীসকলৰ সতৰ্কবাণী গ্ৰীক মহাকাব্যৰ ট্ৰজান ৰজাৰ দুহিতা কাছান্দ্ৰাৰ দৰেই হৈছে, যাৰ ভৱিষ্যদ্বাণী কৰিব পৰা ভগৱানপ্ৰদত্ত ক্ষমতা আছিল, কিন্তু এপল’ দেৱতাক প্ৰতাৰণা কৰাৰ অপৰাধত এপল’ৱে অভিশাপ দিছিল—তাইৰ ভৱিষ্যদ্বাণী সত্য হʼলেও কোনেও বিশ্বাস নকৰিব।

এছিয়া মহাদেশ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিটো দিশৰ প্ৰতি ধাৰণাগতভাৱে সতৰ্ক যেন দেখা গ’লেও, এছিয়াৰ দ্ৰুত আৰু সম্প্ৰসাৰিত ঔদ্যোগীকৰণে জলবায়ু সংকটৰ পৰিণতিৰ শৃংখলটোক গতিশীল কৰি গুৰুত্বপূৰ্ণ ভূমিকাহে পালন কৰিছে। কাৰ্বন অৰ্থনীতিৰ ইতিহাস অধ্যয়ন কৰি তেওঁ কৈছে, গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱ্য ভুক্তভুগীৰ অধিকাংশই এছিয়াৰ। সাম্ৰাজ্যবাদী ঔপনিৱেশকাৰীৰ শাসনকালতেই এই ভূখণ্ডত যেতিয়া কয়লা আৰু পেট্ৰলিয়ামৰ দৰে প্ৰাকৃতিক সম্পদৰ আহৰণ, প্ৰক্ৰিয়াকৰণ আৰু ব্যৱহাৰ আৰম্ভ হয় তেতিয়াৰ পৰাই এই অঞ্চলৰ জলবায়ুৰ ভাগ্যৰ ইতিহাসৰ পুনৰ লিখন আৰম্ভ হৈ গৈছিল। কাৰ্বন ‘ইনটেনছিভ’ প্ৰযুক্তি তথা কাৰ্বন নিৰ্গমন আৰম্ভণিৰে পৰাই সকলো দিশতে অৰ্থনৈতিক শক্তিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছে যদিও সেই কথা স্বীকাৰ কৰা নহয়। এইটো সমসাময়িক গোলকীয় উষ্ণতা বৃদ্ধিৰ ৰাজনীতিত এটা ডাঙৰ কাৰক হৈয়েই আছে। কয়লা আৰু পেট্ৰলিয়াম ইউৰোপীয় সাম্ৰাজ্যবাদী শক্তিসমূহৰ আজিও শক্তি আৰু সক্ষমতাৰ উৎস হৈ আছে। জীৱাশ্ম ইন্ধনে পশ্চিমীয়া শক্তিক যুদ্ধৰ বাবে কিদৰে উৎসাহিত কৰিছিল তাৰ প্ৰমাণ প্ৰথম ‘অপিয়াম ৱাৰ’ত (১৮৩৯-৪২) স্পষ্টকৈ দেখা পোৱা গৈছিল। জলবায়ুৰ পৰিৱৰ্তনৰ সমাধান সূত্র হিচাপে গোটেই দেশবোৰৰ মাজত পৃথিৱীৰ সম্পদৰ সম-বিভাজন আৰু ইন্ধন শক্তিৰ সম-বিতৰণৰ কথা কোৱা হৈছে, কিন্তু বৰ্তমান পৰিস্থিতিত যাৰ কোনো সম্ভৱনা নাই। পেৰিছ চুক্তি গৃহীত হৈছিল ২০১৫ চনত পেৰিছত অনুষ্ঠিত জলবায়ু সন্মিলনত। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে বিশ্বৰ ১৯৫খন ৰাষ্ট্ৰৰ নেতাসকলে একমতত উপনীত হৈ এই চুক্তি কৰিছিল। মার্কিন যুক্তৰাষ্ট্র আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত কাৰ্যবাহী কৰ্তৃত্বৰ জড়িয়তে আনুষ্ঠানিকভাৱে এই চুক্তিত প্ৰৱেশ কৰিলেও ইয়াৰ দ্বাৰা দেশখনৰ ওপৰত কোনো নতুন আইনী বাধ্যবাধকতা জাপি দিয়া হোৱা নাছিল আৰু ২০২০ চনৰ ৪ নৱেম্বৰত পেৰিছ চুক্তিৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আনুষ্ঠানিকভাৱে বাহিৰ হৈ আহে। ঘোষে এই আন্তর্জাতিক চুক্তিখনক কৰ্পৰেট পৰিভাষাৰে কলুষিত, ওৰণিৰ তলত আঁৰ লোৱা সামৰিকতাবাদ, আলংকাৰিক বাকধাৰাত আবদ্ধ চুক্তি বুলি অভিহিত কৰিছে।

জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত দুটা পীড়াদায়ক প্ৰৱণতা হ’ল, (১) বিষয়টোৱে সমগ্ৰ বিশ্বৰে মনোযোগ আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে, অথচ ই মাৱজীৱনৰ সকলো স্তৰতে, আনকি সাহিত্য, সংস্কৃতিতো প্ৰভাৱ বিস্তাৰ কৰি বিপৰ্যস্ত কৰিছে। (২) জলবায়ুৰ পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিকতাৰ পুনৰুদ্ধাৰৰ দাবীত প্ৰতিবাদমুখৰ হৈ উঠা গণ-সংগঠনবোৰক নিৰ্মমভাৱে দমন কৰা হৈছে, আনকি গণতান্ত্ৰিক দেশসমূহো ইয়াৰপৰা বাদ পৰি যোৱা নাই। আজি জলবায়ুৰ ন্যায়ৰ বাবে থিয় দিয়াটো বিশ্বজুৰি অধিক কঠিন হৈ পৰিছে। এনেবোৰ ঘটনাই ৰাষ্ট্ৰসমূহৰ গোলকীয় উষ্ণতা প্ৰশমনৰ প্ৰতি যথাৰ্থতে পোষণ কৰা দ্বিমুখী নীতিক উদঙাই দিছে। ইতিহাস জুৰি সাহিত্য-সংস্কৃতিৰ সংস্থা আৰু গণসংগঠনৰ শাখাসমূহে যুদ্ধ, পৰিৱেশগত দুৰ্যোগ আৰু বিভিন্ন ধৰণৰ সংকটৰ প্ৰতি সঁহাৰি জনাই আহিছে, তেন্তে প্রশাসনিক কর্তৃপক্ষবোৰৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন বাবে কৰা প্ৰতিবাদবোৰ কিয় ইমান অদ্ভুতভাৱে প্ৰতিহত কৰিবলৈ চেষ্টা কৰা হৈছে? সম্প্ৰতি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে যুৱপ্ৰজন্মই। দেখা গৈছে, আজি যুৱক-যুৱতীসকল এই সংগ্ৰামত আগৰণুৱা। সন্দেহ নাই যে, এই সংগ্ৰাম কঠিন আৰু কঠোৰ হ’ব। অমিতাভ ঘোষে আশা প্ৰকাশ কৰি কৈছে, “…মই বিশ্বাস কৰিবলৈ বিচাৰোঁ যে, এই সংগ্ৰামৰ পৰাই এনে এটা প্ৰজন্মৰ জন্ম হ’ব যিয়ে পৃথিৱীখনক ইয়াৰ পূৰ্বৰ প্ৰজন্মতকৈ স্পষ্ট চকুৰে চাব পাৰিব, যি মানৱতা এই “বৃহৎ বিকাৰগ্ৰস্ততা”ৰ সময়ত বিচ্ছিন্নতাত আবদ্ধ হৈ পৰিছে সেই বিচ্ছিন্নতাক তেওঁলোকে অতিক্ৰম কৰিব পাৰিব, তেওঁলোকে আন সত্তাৰ সৈতে নিজৰ আত্মীয়তাক পুনৰ আৱিষ্কাৰ কৰিব, আৰু এই দৃষ্টিভংগীয়ে—একেলগে নতুন আৰু প্ৰাচীন—ৰূপান্তৰিত আৰু নৱীকৃত শিল্প আৰু সাহিত্যত অভিব্যক্তি লাভ কৰিব।” বিশ্বৰ সূক্ষ্মতম অনুভূতিৰ অধিকাৰী আৰু বিবেক হিচাপে পৰিচিত কবিসকলেও এনে আন্দোলনক উপেক্ষা কৰিব নোৱাৰে। পৃথিৱীৰ বিপৰ্যয়ৰ মুহূৰ্তত বিক্ষুব্ধ মানুহৰ কণ্ঠস্বৰ তেওঁলোকৰ কবিতাত সৰৱ হৈ উঠিব লাগিব আৰু এই সংগ্ৰামৰ আগৰণুৱা হ’ব লাগিব। ব্যক্তিগত চিন্তা আৰু সিদ্ধান্তই ব্যৱস্থাগত পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় প্ৰামাণিক সংহতি গঠনত বাধাৰ সৃষ্টি কৰে, গতিকে আমি সকলো সামূহিকভাৱে আগুৱাব লাগিব।

ৰেইনাৰ মাৰিয়া ৰিল্কে

সঘনে মনৰ মাজত দোলা দি থকা কবি ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কবিতা ‘ডুইনো এলেজি’ৰ এটি পংক্তি হ’ল, “a post office on sunday.” ই মনলৈ আনে নিস্তব্ধ শূন্যতাৰ এক বিষাদময় অনুভূতি—ব্যস্ত জীৱন আৰু স্বাভাৱিক স্পন্দনৰ বিপৰীত এক ছবি। মানৱ-সৃষ্ট জলবায়ুৰ বিপৰ্যয় আৰু কিছু মানুহৰ পশ্চাদগামী ধাৰণাৰ পৰা আমি আমাৰ ধুনীয়া পৃথিৱীখনক যদি ৰক্ষা কৰিব নোৱাৰোঁ আৰু যদি মানৱ সভ্যতাৰ পতন ঘটে, তেন্তে ৰিল্কেৰ  “a post office on Sunday” শীৰ্ষক কবিতাফাকি বিবেচিত হ’ব লুপ্ত মানৱ সভ্যতাৰ সমাধিৰ বাবে তাহানিতে লিখি থৈ যোৱা এক এপিটাফ :

ৰিল্কেৰ কবিতাটোত চহৰৰ কৃত্ৰিমতা আৰু প্ৰকৃতিৰ সৰলতাৰ মাজৰ বিপৰীতমুখিতাক সমালোচনা কৰিছে। তেওঁৰ মতে প্ৰাকৃতিক জগতখন সৰলতা আৰু সততাৰ ঠাই, য’ত প্ৰেমিক-প্ৰেমিকাই সান্ত্বনা পাই আৰু শিশুৱে মুক্তভাৱে খেলা-ধূলা কৰে। নগৰৰ কৃত্ৰিম বিক্ষিপ্ততাত প্ৰকৃত সুখ বিচাৰি পোৱা নাযায়, সুখ পোৱা যায় প্ৰাকৃতিক জগতৰ সৌন্দৰ্য আৰু সততাৰ মাজত, কিন্তু মানুহে বস্তুগত সম্পদক আনন্দৰ সন্ধানৰ প্ৰতীক হিচাপে লৈ আনন্দৰ সন্ধান কৰে।

ৰমেন শইকীয়া গুৱাহাটী নিবাসী এগৰাকী অধ্যয়নপুষ্ট লেখক।

লগতে পঢ়ক: ৰমেন শইকীয়া : কবিতাৰ বিষয়ে এখন ৰচনা