পৰিত্ৰাণ
নিতাল মাৰি আছিল হৃদয়ৰ শব্দ
আকালৰ ভাত এমুঠি বিচাৰি
ভোক-পিয়াহত কাতৰ হোৱা
মানুহবোৰৰ জোলোঙাত সোমাই আছিল
মৌন হৃদয়ৰ ভাষা
বিস্ফাৰিত চকুত জিলিকি আছিল
গঞা-জ্ঞাতিৰ লোভ, বঞ্চনা আৰু
হিংসাৰ চাবি-কাঠি
দুখৰ হুমুনিয়াহবোৰে
উপায়হীন হৈ জোলোঙাত সন্তৰ্পণে
আশ্ৰয় লৈছিল পৰিনিৰ্বাণৰ আশাত
চকুৰ পানীয়ে জোলোঙা তিয়াইছিল
ভোকত কাতৰ শব্দৰ বিননি এটা
লাহে-লাহে সৰৱ হৈছিল
ক্ষোভ-হতাশাৰ সৈতে
পৰিত্ৰাণৰ আশাত৷
জোখ-মাখ
সকলোতে এতিয়া জোখ-মাখ
সকলোতে দৰ-দাম
দোকান-বজাৰ সকলো
নিয়ন্ত্ৰণ কৰিছে জোখ-মাখ, দৰ-দামে
মানুহৰ পৃথিৱীখনত সকলো সচেষ্ট
জোখ-মাখত যাতে নহয় হীন-ডেঢ়ি
নিজৰ নিয়ন্ত্ৰণত তথাপি পাহৰি যায়
মানুহে জোখ-মাখ
মৰম-চেনেহৰ বহল হৃদয়ত
কমি যায় দৰ-দাম
হৃদয় সংকুচিত হয় সেইখন জগতত
কমি যায় দৰ-দাম
বাঢ়ি যায় অনাথ আশ্ৰম
বাঢ়ি যায় বৃদ্ধ-আশ্ৰম
বাঢ়ি যায় জুপুৰী-পঁজাৰ কাষত
সুদৃশ্য অট্টালিকাৰ চহৰ-নগৰ
নিজৰ বাবে সামৰি লোৱা
অগাধ বিত্ত-সম্পত্তিৰ
জোখ-মাখৰ উমান নেপায়
দেখিও নেদেখাসকলে
উদাৰতা, দয়া, মমতাৰ তুলাচনীবোৰ
হেৰাই যায় এলান্ধুৰ পাহাৰত
জোখ-মাখৰ তুলাচনীত
উজ্জ্বলি উঠে ভ্ৰূকুটিৰ ছবি৷
An English translation of the poems.