(পাৰিপাৰ্শ্বিক কবিতা)
সলনি হৈ যোৱা সময়
ক'তেনো গৈ ৰ’ব
আদিম কালৰ পৰা
বৈ থকা এই ব্রহ্মপুত্র নদখন?
মোৰ শিশুকালৰ চকুত নিমজ্জিত
নাচি-বাগি খেলি থকা
নির্মল ঢৌবোৰে
এতিয়া
প্লাষ্টিক আৰু আৱৰ্জনাবোৰ কঢ়িয়াই
প্রৱাহিত হৈ আছে কোনোমতে।
মোৰ তৰুণকালৰ এই মহাবাহু জলপ্ৰৱাহ
গ্লোবেল ৱাৰ্মিঙৰ প্রকোপত
এতিয়া নিশকতীয়া বুঢ়া হৈ পৰিছে।
উদ্বিগ্ন হওঁ মই কেতিয়াবা
কোনোবা সময়ত ই অদৃশ্য হ'ব নেকি বাৰু
সৰস্বতী নদীয়ে ৰূপ লোৱাৰ দৰেই?
ব্ৰহ্মপুত্ৰৰ আঁচলতেই
দীঘল দি পৰি আছে মোৰ গাঁও।
তাৰেই চোতালত বহি
গছপাতৰ টপৰা* বনাইছিল মোৰ আইতাই এসময়ত
এতিয়া বেচেৰি
প্লাষ্টিকৰ কাঁহীৰ দাপোণত
পৰ্যাবৰণ বিপৰ্যয়ৰ প্ৰতিবিম্ব দেখে।
বিকাশৰ নিগনি-দৌৰত
ক্রমশ: তপা হৈ যোৱা মোৰ গাঁৱলৈ
উপযোগী ঠাই বিচাৰি আহে চৰাইবোৰ।
সাজিবলৈ সিঁহতৰ বাহ
বৰ্তাই ৰাখিবলৈ
প্ৰকৃতিৰ নিৰন্তৰতা।
মোৰ গাঁৱৰ বুকুত সোমাই হেৰাই গ'ল
এসময়ৰ কুলু কুলু বৈ যোৱা
ব্ৰহ্মপুত্ৰৰ উপনদীখনি।
তাৰেই চাপৰিৰ
কোনোবা এসময়ৰ
গৰু-ম'হৰ অধিকাৰী মহাজনৰ নাতিয়েকে
এতিয়া খুঁটিৰ অৰ্থ বিচাৰি ৱিকিপেডিয়া খুঁচৰি আছে।
জলবায়ু পৰিৱৰ্তনে
বখলিযাইছে মোৰ গাঁৱক।
দিন যায় কোনো মতে জ্বলি-পুৰি।
নিশাৰ কোমল আকাশৰ তলত
শুব খোজে এপলক সি
তৰাৰ চিকমিকনিৰ চন্দ্রাতপখন লৈ
প্ৰদূষিত ধোঁৱাৰ নিহালীখনিয়ে
হেঁচা মাৰি ধৰে তাক
শ্বাসৰুদ্ধ কৰি।
গ্রিন হাউছ গেছৰ প্ৰকোপত সিজি আছে সি
শান্তিৰে তিয়াব খোজে গা
জিৰজিৰ বৰ্ষা বৃষ্টিত;
কিন্তু
দেহা-মন পুৰি যায় তাৰ
অম্লিক প্ৰদূষিত বৰষুণৰ পানীত।
দুঃসময়ৰ হুমুনিয়াহ কাঢ়ি
বৈ আছে ব্রহ্মপুত্র কোনোমতে।
কিন্তু
এনেকৈয়ে দুর্বল হৈ গৈ থাকিলে কোনোবা দিনা
ভাঙি যাব পাৰে পৰিস্থিতিতন্ত্র
বিলুপ্ত হ'ব পাৰে জৈৱিক বিবিধতা
ছিঙিব পাৰে খাদ্য শৃংখল
বিলুপ্ত হ'বলৈ মানৱ সভ্যতা।
*টপৰা (নেপালী ভাষাত)= গোৰ্খা সমাজে ব্যৱহাৰ কৰা এবিধ পাতেৰে নিৰ্মিত কাঁহী।
ডা: দেবেন চাপকোটা নেপালী ভাষাৰ এগৰাকী কবি, গল্পকাৰ আৰু অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপক। অসমীয়া ভাষাতো তেওঁ কাব্য-চৰ্চা কৰে। নেপালী ভাষাত তেওঁৰ পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন প্ৰকাশ পাইছে।