মই কেনেকৈ লিখোঁ

গেব্ৰিয়েলা মিষ্ট্ৰাল

অনু: দেৱজিৎ নাথ

টোকা: গেব্ৰিয়েলা মিষ্ট্ৰাল (১৮৮৯-১৯৫৭)এগৰাকী চিলিয়ান কবি। ১৯৪৫ চনত তেওঁ সাহিত্যত নোবেল বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী লেতিন আমেৰিকান লেখক। ষ্টিফেন টেপ্ছকটে সম্পাদনা আৰু অনুবাদ কৰা গেব্ৰিয়েলা মিষ্ট্ৰালৰ ছিলেক্টেড প্ৰ’জ এণ্ড প্ৰ’জ প’য়েমছ (অষ্টিন : ইউনিভাৰ্ছিটি অৱ টেক্সাছ, ২০০৩) গ্ৰন্থত সন্নিৱিষ্ট ‘How I Write’ শীৰ্ষক লেখাটোৰ অনুবাদ তলত আগবঢ়োৱা হল।

গেব্ৰিয়েলা মিষ্ট্ৰাল

ৰাচী লেখক ব্যুফঁই1 একোটা বিশেষ চূড়ান্ত মুহূৰ্তত যিদৰে জলমবটা আস্তিনৰ জেকেট পিন্ধি লৈ যি পৰম নিষ্ঠাৰে নিজকে তেওঁৰ মেহগনি কাঠৰ মেজত বহি লিখিবলৈ লৈছিল সেই পৰ্যায়ৰ গাম্ভীৰ্যৰে আমি মহিলা লেখকসকলে নিলিখোঁ।

ম‌ইতো আঁঠুৰ ওপৰত কাগজ এখন ৰাখিয়েই লিখোঁ। চিলিয়েই হ‌ওক বা পেৰিছ, বা লিছবনেই হ‌ওক ক’তোৱেই লিখা মেজ মোৰ বাবে বৰ একো কামৰ নহয়।

মই হয় পুৱা অথবা ৰাতিৰ ভাগতহে লিখোঁ। বিয়লি বেলাই মোক কাহানিও উদ্বুদ্ধ নকৰিলে। এয়া বুজি নেপালোঁ কিয় এই সময়খিনি মোৰ অনুৰ্বৰ বা নিৰাসক্তিপূৰ্ণ যেন লাগে।

মই ভাবোঁ যে মই আজিলৈকে কোনো এক বন্ধ ৰূমত বা এনে এক খিৰিকীৰ কাষত বহি য’ৰ পৰা কেৱল অন্য ঘৰৰ দেৱালহে দেখি, তেনে পৰিৱেশত কেতিয়াও কবিতা লিখা নাই। চিলিৰ সুনীল আকাশেইই হ‌ওক বা ইউৰোপৰ মেঘে বিচিত্ৰ আঁক-বাক কৰা আকাশেই হ‌ওক, এটুকুৰা আকাশৰ দৃশ‌্য‌ই মোক সুস্থিৰ কৰি ৰাখে। মই যেতিয়াই মোৰ এই বুঢ়া চকুযুৰিক এডৰা হাবিয়নিত নিৱিষ্ট কৰিব পাৰোঁ মোৰ মানসিক অৱস্থাটোৱেই ঠন ধৰি উঠে।

যেতিয়ালৈকে মই মোৰ দেশত নিজৰ মানুহখিনিৰ মাজতেই নিমজ্জিত আছিলোঁ মই কেৱল হাততেই পোৱা বিষয় এটা বা সমুখত যি দেখিছিলোঁ তাৰ ওপৰতেই লিখি গৈছিলোঁ। আৰু যেতিয়াৰ পৰা মই স্ব-নিৰ্বাসিত যাযাবৰী জীৱন আঁকোৱালি ল’লোঁ মই যেন কিবাকিবি অলীক ছয়াময়াৰ মাজতহে লিখি আছোঁ। আমেৰিকাৰ প্ৰকৃতি আৰু জীৱিত বা মৃত মোৰ আপোন মানুহখিনিয়ে এনেদৰে এক হেপেঁহুৱা অথচ অনুগত শোভাযাত্ৰাৰে মোক সামৰি থয় যে এই নতুন দেশখন, এই বিদেশভূমিৰ মানুহবোৰক ভালকৈ চোৱাৰ অৱকাশেই নেপাওঁ। মই যেতিয়া লিখোঁ সাধাৰণতে বৰ দৌৰাদৌৰি নকৰোঁ, যদিও কেতিয়াবা এণ্ডিজ পৰ্বতৰ এঢলীয়াৰে তড়িৎ বেগে বাগৰি অহা প্ৰস্তৰখণ্ডৰ গতিতো লিখা হয়। দুয়ো ক্ষেত্ৰতে লিখাৰ মাজতে ৰ’বলগীয়া হোৱাটোৱে মোক বিৰক্তি দিয়ে। কাৰণ মই বৰ এলেহুৱা। সকলো সময়তে মোৰ লগত চাৰি-পাঁচডালমান জোঙা কৰি ৰখা পেঞ্চিল থাকেই। লিখিবলগীয়া শাৰীকেইটাত বাহিৰে বাকী সকলো সাঁজু কৰি ৰখাৰ অকাজুৱা অভ্যাস এটা মই গঢ়ি লৈছোঁৱেই…

মই যেতিয়াই ভাষাৰ গাঢ়তা ৰপ্ত কৰাৰ বাবে সংঘৰ্ষ কৰিছিলোঁ মোৰ অন্তৰ্ভাগত যেন শুনিছিলোঁ খঙতে উঠা দাঁতৰ কৰকৰণিৰ শব্দ; ভোটা শব্দৰাশিত ধাৰ তুলিবলৈ কঠিন শিলত তোলা ঘঁহনিৰ কৰ্কশ শব্দ।

এতিয়া আৰু মই শব্দৰ স’তে যুঁজ নিদিওঁ, বৰং সেই যুঁজ এতিয়া অন্য কিহবাৰ স’তেহে…! মই মোৰ সেই কবিতাখিনিক লৈ অসন্তুষ্টি অনুভৱ কৰিছোঁ আৰু তাৰ পৰা একধৰণৰ দূৰত্ব বজাই ৰাখিছোঁ কাৰণ সিবোৰৰ স্বৰ ইমানেই উগ্ৰ যে সেয়া মোৰ নিজৰ যেন নেলাগে। কেৱল সেই কবিতাখিনিহে মোৰ নিজৰ যেন লাগে য’ত মই ডন মিগুৱেলে2 কোৱা ‘কথোপকথনৰ ভাষা’ ব্যৱহাৰ কৰিছোঁ।

মানুহে বিশ্বাস নকৰিব যে মই লেখা একোটা কিমানবাৰ পুনৰ্লিখন কৰোঁ। আনকি প্ৰকাশৰ পাছতো যেতিয়াই মই লেখা এটা পঢ়ি চাওঁ এনে লাগে যেন সেয়া ঘঁহি-মাজি মসৃণ নকৰাকৈয়ে ৰৈ গ’ল। মই এলানি পাহাৰৰ চক্ৰব্যূহ এটা এৰি থৈ আহিছোঁ, আৰু সেই খুলিব নোৱৰা বান্ধোনৰ কিবা এটা যেন মোৰ কবিতাই হ‌ওক বা গদ্য‌ই সকলো সৃষ্টিকৰ্মতে ৰৈয়েই যায়।

লেখা কামটোৱে মোক সদায়েই আনন্দ দিয়ে। ই মোৰ আত্মাক নিচুকায় আৰু মোক দিয়ে নিষ্পাপ, সুকোমল শিশুসুলভ সময়।  ই মোৰ নিজ গৃহভূমিত, মোৰ অভ্যাস, মোৰ বান্ধোনহীন আৱেগৰ সৈতে সম্পূৰ্ণ স্বাধীনতাৰে কিছু মুহূৰ্ত যাপন কৰাৰ অনুভূতি প্ৰদান কৰে।

নিজে যদিও অতি অবিন্যস্ত মই কিন্তু এটা পৰিপাটি কোঠালিতহে লিখিবলৈ ভাল পাওঁ। শৃঙ্খলাই মোক যেন একধৰণৰ ক্ষেত্ৰ এখন দিয়ে; আৰু মোৰ চকু আৰু আত্মাই তেনেকুৱা ঠাই এটুকুৰা বিচাৰি ফুৰে।

কেতিয়াবা মই ঘৰৰ কাষৰ ৰাস্তাৰে বাগৰি যোৱা পানীৰ খলখলনিত যি ছন্দ তাকেই আত্মসাৎ কৰি লিখিছোঁ, বা কেতিয়াবা প্ৰকৃতিৰ বিভিন্ন ধ্বনিক অনুসৰণ কৰিছোঁ। এই সকলো শব্দই মোৰ ভিতৰত লীন হৈ যায় আৰু একধৰণৰ নিচুকনি গীতৰ ৰূপ লয়।

ইফালে, মই এতিয়াও আখ্যানধৰ্মী কবিতা লিখোঁ যিটো আজিকালিৰ নতুন কবিসকলে বৰ এটা ভাল নেপায়।

কবিতাই মোৰ অনুভূতি আৰু আত্মাক আৰাম দিয়ে। অৱশ্যে অধিক সময়ত মোৰ নিজৰ কবিতাতকৈ আনৰ কবিতাৰ ক্ষেত্ৰতহে সেয়া হয়। দুয়োটাই মোৰ ধমনীত ৰক্ত-প্ৰৱাহ সুচল কৰে, মোৰ ভিতৰৰ বাৎসল্যক জীয়াই ৰাখে, মোক উজ্জীৱিত কৰে আৰু এই জগতখনৰ প্ৰতি এক নিৰ্মল ভাৱনাৰ জন্ম দিয়ে।

কবিতা মোৰ ভিতৰত নিমজ্জিত শৈশৱৰ এক অৱশেষ হিচাবে ৰৈ যায়। যদিও কাহানিবা ই তিতিকি আৰু কঠিন হৈ পৰে, মোৰ কবিতাই মোৰ ভিতৰৰপৰা জগতৰ মলি-জাবৰ, আনকি আমাৰ সেই ৰহস্যময় মজ্জাগত মলিনতা যাৰ তুলনা আমি কোৱা ‘প্ৰাচীন পাপ’ৰ লগত কৰিব পাৰোঁ সেই সকলোবোৰ ধুই-পখালি নিকা কৰে। সেয়া মই কঢ়িয়াই ফুৰোঁ, মই সেই গুৰুভাৰ মই কঢ়িয়াই ফুৰোঁ। সম্ভৱতঃ সেই প্ৰাচীন পাপ আমি মানৱ জাতিয়ে যিধৰণৰ যুক্তিপ্ৰৱণ, ছন্দহীন প্ৰকাশভংগীৰ গৰাহত পতিত হৈছোঁ তাতকৈ বেছি একো নহয়।  আৰু এই কথাটোৱে আমাক নাৰীসকলক বেছি যন্ত্ৰণা দিয়ে কাৰণ যিধৰণৰ এক সাংগীতিক সহজাত ভাষা সমগ্ৰ মানৱ জাতিৰ মুখৰ ভাষা হোৱাৰ কথা আছিল সেই আনন্দ-বৈভৱ আমি ক’ৰবাত হেৰুৱাই থাকিলোঁ।

মোৰ অভিজ্ঞতাৰ কথা ক’বলৈ হ’লে এইখিনিকেই ক’ব পাৰোঁ। ইয়াতকৈ অধিক ক’বলৈ মোক যেন হেঁচা নিদিয়ে…!

টোকা:

  1. জৰ্জ লুই লেফিট, কঁটে ড ব্যুফঁ (১৭০৭-১৭৮৮)এগৰাকী ফৰাচী লেখক আৰু প্ৰকৃতিবাদী। ↩︎
  2. মিগুৱেল ডা উনামুনো (১৮৬৪-১৯৩৬) এগৰাকী স্পেনিশ্ব কবি, দাৰ্শনিক, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। ↩︎