বতাহজাকৰ স’তে
বুকুত এখনি বৈ যোৱা নদী
এদিন সাগৰ হ’ব খোজা,
বতাহৰ উচুপনিত
গছৰ পাতত সৰি পৰে এটি দুখ,
অৱশেষত গ’লগৈ তেওঁ
গোটেই বাটটো এজাৰবুলীয়া কৰি থৈ,
কথা আছিল উভতি নহাৰ
বুজিছিলোঁ
হেৰুৱায়ো নেহেৰুৱালোঁ
কিয়েইবা আছিল সেয়া
আজানিতে ৰৈ যোৱা
নে নিবিচৰা প্ৰত্যাশা৷
নীলাভ যন্ত্ৰণা
মোৰ মন মগজুত
কেতিয়াবা এটা সত্তা
সাৰ পাই উঠে, কবি হৈ
অৱশ্যে,
মই আৰু কবি
চেতনাই মানি ল’ব নোখোজা কথা,
বেদনাৰ ছায়াবোৰ থূপ খাই
মোৰ সমস্ত সুখানুভূতিক
আচ্ছন্ন কৰিব খোজে,
বিষণ্ণ আন্ধাৰবোৰে উচুপিব ধৰে
চকুলোৰ বৰষুণত,
আৰু মই,
মোৰ সৰু কোঠালিৰ
কোমল গাৰুটোৰ সান্নিঢ্যত
পৰম সুখেৰে পৰি থাকোঁ
মোৰ বিছনাত,
শুনি থাকোঁ টোপ টোপ মিঠা কোলাহল
বাহিৰৰ বৰষুণজাকৰ৷
Original Assamese poems.