বতাহ
টোপনি হেৰুৱা মানুহবোৰে এতিয়া চিঞৰি-চিঞৰি কৈ আছে—
“সোণৰ কাঠিৰে চুইদে অ' বতাহ,
ৰূপৰ কাঠিৰে মোক চুই দে।
মোক কৰি তোল অনাদি কালৰ অনন্ত বিজয়ী৷”
সাৰ পাই থকা আনবোৰ মানুহ থিয় দি আছে পানীমেটেকাত ভৰি থৈ।
একো গম-গতি নোপোৱা মাটিৰ মানুহ কিছুমানে
তেজবোৰ পানী কৰি কেৱল উশাহ লৈ আছে
জী থাকি সিহঁতে জীয়াই ৰাখিছে
বতাহত উৰি ফুৰা মানুহবোৰক।
সংগোপনে জীৱনৰ আন এখিলা পাত উৰুৱাই দিছোঁ বতাহত আৰু
ভৰিৰ আঙুলিৰে খামুচি ধৰিছোঁ মাটিৰ শিপা।
পানীমেটেকাত ভৰি থ'ব নোখোজোঁ।
ঘোপমৰা আকাশলৈ চাই দুহাত মেলি দিছোঁ ,
মই এজোপা বৰগছ হৈ পৰিছোঁ,
বতাহত উভালি নপৰিবলৈ প্ৰচণ্ড জোৰেৰে খামুচি ধৰিছোঁ
মোৰ ভৰিৰ তলৰ মাটি।
গধূলি
নাৱৰীয়াই নাও মেলোঁতেই দেখিছিলোঁ
সোঁতে-সোঁতে পানীপৰুৱাৰ লানি,
সময় ঠিক চিকিমিকি গধূলি।
পুনৰ চাওঁতেই বেলি পৰিল।
মৌনতাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰি এৰি আহিলোঁ
এখন নদী, এটি সুঁতি, এটি পাৰ।
কলিজাখনৰ ভাগৰুৱা কথাবোৰ সেকিলোঁ।
নাম নজনা কান্দোন এটাই মোক বৰকৈ জোকালে,
কুণ্ডলী পকাই উৰি আহিল স্মৃতিৰ হৰ্ষ-বিষাদ।
ঢিলা হৈ পৰা হাতৰ মুঠিৰ পৰা
সৰি পৰিল আপোচ নকৰা এটি সংবাদ,
কিছু পাপবোধ আৰু কিছু অবাধ্য বাসনা সকলো সামৰি
লাহ দিয়া বেলিটোৱে নৈৰ বুকুৱেদি কাটি গ’ল
এটা বঙিয়া পকোৱা দাগ।
English translation of the poems.