ভুল
মিছাতেই বাৰীখন চেঁচুক কৰিছে বুলি
কাটি পেলালোঁ ঢাপৰ টেঙা আম,
নিতৌ সৰি সৰি পাতবোৰে
পোতে চিকুণ পদূলিটো
কাটি পেলালোঁ কঁটীয়া কঁঠাল,
এবাৰো নাভাবিলোঁ
আম কঁঠাল ফলমূল গছবোৰ যে
একোজোপা গছেই নহয়—
একোখন সমৃদ্ধ ঘৰ
একোটা মেটমৰা খাদ্যৰ ভঁৰাল
কাৰোবাৰ৷
বাৰীততো নায়েই আনলৈ বুলি এজোপা অদৰকাৰী গছ৷
হাবিতো নাই৷
নিজৰ ভোক আৰু সম্ভোগৰ বাবে
বাৰ মাহ বেহা কৰা মানুহ
ভাঙিছোঁ আনৰ ভঁৰাল
তৈয়াৰ কৰিছোঁ
ক্ষুধাৰ পৃথিৱী৷
লঘোণে মৰিছে পশু-পক্ষী কীট-পতংগ
ভয়তে এৰিছে পৈতৃক ভেটি
গৈ ক’ত মৰিব মানুহৰ চিৰকলীয়া সহচৰী…৷
বোধহয় প্ৰতিজন মানুহেই অন্ধ
বোধহয় প্ৰতিজন মানুহেই অন্ধ
চকুৰ হাতত ধৰি ঘূৰি ফুৰে মাত্ৰ
আৰু যে চকুবোৰ
ইমান অন্যমনস্ক
দিনৰ পোহৰত গাড়ীখনে
কুকুৰ পোৱালিটোক কেনেকৈ চেপিলে
কালি দৌৰি পথ পাৰ হোৱা
পোৱালিটো আজি পথৰ মাজতে ৰৈ গ’ল
আন কোনো থমকি ৰোৱা নাই
তাৰ গাৰ ওপৰেৰেই গৈ আছে সকলো
তাৰ ছিৰাছিৰ দেহটোত সি নাই
মাকজনীৰ অসহায় দুচকুত
চাই আছে ৰেহ-ৰূপ৷
English translation of the poems.