অনুবাদ: আনিছ উজ্ জামান
এক,
মই ইয়াত এতিয়া অকলশৰীয়া আৰু নিঃসঙ্গ
হেমন্তৰ শেষত মই মোৰ খোজকঢ়া লাখুটিডালো
পাহৰি আহিলোঁ
দুই,
সন্ন্যাসীজনে দুপৰীয়া
জিলীৰ সমস্বৰ চিঞৰৰ
মাজেৰেই গৈ থাকিল
তিনি,
গাঁৱৰ মানুহখিনি
মাজনিশা গভীৰ টোপনিত থাকোঁতে
তেওঁলোকে শস্যবোৰ লৈ গুচি গ’ল
চাৰি,
জপনাৰ বাহিৰত এখোজ
হেমন্তৰ গধূলি
ময়ো এজন পৰিব্ৰাজক
পাঁচ,
এই ফুলবোৰ। চাই থাকোতে সূৰ্য অস্ত গ’ল
ঘৰৰপৰাও মই বহু নিলগত
বাটটোও পথাৰৰ মাজেৰে গৈছে
ছয়,
এটা বগা নিয়ৰকণা
প্ৰতিজোপা জোপোহাৰ কাঁইটত
সাত,
ৰঙীন ফুলবোৰৰ কথা
মোৰ মনলৈ আহি থাকে
ইয়াৰ পাহিবোৰ যেতিয়া সৰি যায়
আঠ,
হেমন্তই মোক গুৰুত্ব দিছে
কাইলৈৰ দিনটো আহিব
আৰু আজিৰ ৰাতিটো হেৰুৱাম
ন,
দিনবোৰ দীঘল হ’বলৈ ধৰিলে
বসন্তও
শেষ হৈ আহিল
দহ,
বসন্ত যাবৰে হ’ল
ছুকুবা পৰ্বতৰ
বেঙুনীয়া ৰঙ পাতল হৈ আহিল
এঘাৰ,
আজি গধূলি ফুলৰ ঠানি এডাল
মই কাটি পেলালোঁ
আৰু মোৰ সত্তা
মৰহি যোৱা যেন অনুভৱ হ’ল
বাৰ,
সন্ধিয়াৰ পোহৰত
দূৰৈৰ মেঘৰ মাজত
পৰিভ্ৰমী চৰাইৰ জাকটো
ফুলবছা কাপোৰ যেন লাগিছিল
তেৰ,
পাহাৰৰ শিখৰত এটা
চাহপাত থোৱা ঘৰ
জোনটোৰ বাহিৰে
নিশা ইয়াত কোনো নেথাকে
চৈধ্য,
মই ফুল বেচোঁতাজনৰ ওচৰত
টিলিঙা ফুল দেখিছোঁ
বুদ্ধৰ পৰিয়ালৰ সঁফুৰাত
পোন্ধৰ,
হেমন্তৰ ধুমুহাৰ মাজত
পাঁচনে ছটা ঘোঁৰাই জঁপিয়াই আহিছে
‘টবা’ ৰাজগৃহৰ ফালে
ষোল,
জোনৰ পোহৰে
পশ্চিমলৈ গতি কৰে
ফুলবোৰৰ ছাঁ
পূবলৈ বগাই যায়
সোতৰ,
বুদ্ধলৈ আগবঢ়োৱা ফুলবোৰ
তললৈ উটি আহে
শীতৰ নৈখনলৈ
ওঠৰ,
বসন্তৰ বৰষুণ
আমাৰ দোলাখনত
তোমাৰ মৃদু ফুচফুচনি
ঊনৈশ,
বসন্তৰ শেষত
সম্পাদকসকলৰ বাবে
কবি বিমৰ্ষ হৈ থাকে
বিশ,
অনেক পথেৰে
ওভতি আহিলোঁ
বসন্তৰ ঘাঁহনিৰ মাজেৰে
য়ছা বুছ’ন (১৭১৬-১৭৮৩): চেংচুত জন্ম৷ জাপানী হাইকু কবিতাৰ অনন্য ৰীতিৰ এগৰাকী স্ৰষ্টা, এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী আৰু বাশ্বোৰ পাছৰ এজন গুৰুস্থানীয় জাপানী কবি৷ বিষয়বস্তুৰ বৈচিত্ৰ্য, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ছন্দপ্ৰকাশৰ অভাৱনীয় ক্ষমতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য৷সম্পূৰ্ণ নিজৰ সুৰ আৰু কণ্ঠেৰে সমৃদ্ধ তেওঁৰ কবিতাবোৰত জাপানৰ শিল্পচেতনাৰ নান্দনিক ৰূপ অনুধাৱন কৰিব পাৰি৷