উত্তম দুৱৰা
“Only when a word has become necessary to him can a man use it safely; if he try to impress words by force on a sudden occasion, they will either perish of his violence or betray him.’ –Edward Thomas
সাম্প্ৰতিক কালত অসমীয়া আলোচনী, বাতৰিকাকত আৰু অন্যান্য মাধ্যমত অনেক কবি আৰু তেওঁলোকৰ কবিতাৰ পয়োভৰ দেখা যায়। প্রকাশিত কবিতাৰ পুথিও বহুত। যি সময়ত অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পর্কে বহুজন সন্দিহান আৰু উদ্বিগ্ন, তেনে সময়ত এয়া নিশ্চয় সুলক্ষণ। কাকো হেয় কৰাৰ দুঃসাহস আৰু ধৃষ্টতা আমাৰ নাই যদিও কবি জীবনানন্দৰ সেই বিখ্যাত উক্তি বাৰে বাৰে মনলৈ আহে— “সকলেই কবি নয়, কেউ কেউ কবি।”
অগস্ত্য বৰুৱাই কেইবাদশকজুৰি কবিতা লিখিছে; কটন কলেজ আৰু অসম মেডিকেল কলেজৰ ছাত্ৰ হিচাবে বিভিন্ন প্রতিযোগিতাত পুৰস্কৃত হৈছে। তেওঁৰ আছে অতিশয় সংবেদনশীল এটা মন, সূক্ষ্ম অনুভূতিসম্পন্ন এখন হৃদয় আৰু এক সহজ, সুন্দৰ জীৱনশৈলীৰ সুষমা; আনহাতে বিজ্ঞানৰ এগৰাকী ছাত্ৰ হিচাবে আছে বাস্তৱ দৃষ্টিভঙ্গী, এগৰাকী চিকিৎসক আৰু দায়িত্বশীল বিষয়া হিচাবে মানুহক নিচেই ওচৰৰ পৰা দেখাৰ, জনাৰ বুজাৰ সুযোগ। এই আটাইবোৰৰ ভিত্তিতেই গঢ় লৈছে তেওঁৰ কবিসত্তাই— কাব্যিক ব্যক্তিত্বই। বাতৰিকাকত, আলোচনী আদিত তেওঁৰ কবিতা মাজে মাজে প্রকাশ হৈছে যদিও এক কথাত নীৰৱ, প্ৰচাৰবিমুখ বৰুৱাই তেওঁৰ গুণগ্রাহী পাঠক আৰু শুভানুধ্যায়ী বন্ধু-বান্ধৱৰ অনুৰোধ-উপৰোধত স্বনিৰ্বাচিত কবিতাৰ প্ৰথমখন সংকলন প্ৰকাশ কৰে।
কোৱা বাহুল্য মাথোন— উত্তৰ-আধুনিক সমালোচনা(Postmodern Criticism)ই কলা-সাহিত্যৰ নৈৰ্ব্যক্তিকতাক প্রাধান্য দিয়ে। এইক্ষেত্ৰত ৰ’লা বাৰ্থ (Roland Barthes), মিশেল ফুক’ (Michel Foucault) আৰু জাক ডেৰিডা(Jacques Derrida)ৰ নাম বিশেষকৈ ল’ব খুজিছোঁ। বার্থে কয় যে কোনো এটা সাহিত্য- কৃতি ভাষাইহে কয়, লেখকে নকয়। অর্থাৎ প্ৰতিগৰাকী ৰুচিশীল পাঠকে সাহিত্য-কৃতি এটাৰ ভাষাত যি অৰ্থ পায় সেইটোৱেই গুৰুত্বপূৰ্ণ, কবি বা লেখকে কি ক’ব খুজিছিল সেইটোৰ প্ৰয়োজন নাই। ইয়াৰ জৰিয়তে বাৰ্থে এটা সাহিত্য-কৃতিৰ “অৰ্থৰ বহুত্ব”(multiplicity of meaning)ৰ কথা কৈছে। মিশেল ফুক’ৱে তেওঁৰ বিখ্যাত ৰচনাত কৈছে যে পাশ্চাত্য সংস্কৃতিত ‘ব্যক্তিকৰণ'(Individualisation)ৰ সময়ৰপৰাহে “লেখক বোলা ব্যক্তি এজন” বা ‘লেখক’ বোলা নামবাচক বিশেষ্য পদৰ ধাৰণা এটাৰ উদ্ভৱ হৈছে। লেখকৰ নাম যিধৰণে সাহিত্য-কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়, সিয়ে প্ৰকৃততে পাঠৰ ‘পঠন’ (reading) আৰু ‘অর্থ’ (meaning) সীমিত কৰে। ডেৰিডাই এখোপ আগুৱাই ক’লে— “পাঠ এটাৰ সিপাৰে আৰু একো নাই (There is nothing outside the text) — পাঠেই মূল কথা, কোনে লিখিছে সেইটো অমূলক বা অপ্রাসঙ্গিক। অৱশ্যে ইয়াৰ আগতেও সাহিত্যত নৈর্ব্যক্তিকতাৰ কথা প্ৰখ্যাত কবি-সমালোচক টি. এছ. এলিয়ট(T. S. Eliot)-এ বহুবাৰ কৈছে তেওঁৰ বিভিন্ন ৰচনাত— এটা কবিতাৰ কবিয়ে কৰা অৰ্থ আৰু আনে পোৱা অৰ্থ সমানেই গ্রহণযোগ্য। অৱশ্যে এই উত্তৰ-আধুনিকতা আদি তত্ত্ববোৰ নৌম চমস্কিৰ দৰে কোনো কোনোৱে নস্যাৎ কৰিছে— অর্থহীন বাগাড়ম্বৰ বুলি।
অগস্ত্য বৰুৱাৰ কবিতাৰ প্ৰসঙ্গলৈ আহিলে এগৰাকী পাঠক হিচাবে যিটো কথা প্ৰথমে মনলৈ আহে, সেইটো হ’ল তেওঁৰ কবিতা সম্পৰ্কীয় ধ্যান-ধাৰণা। তেওঁৰ দৃষ্টিত কবিতা একপ্ৰকাৰ অনুপ্ৰেৰণাৰ ফল— ঐশিক বা দৈৱিক যি বুলিয়েই কোৱা হওক। কবিতা এটা আৰম্ভ কৰোঁতে কবি একপ্ৰকাৰ অন্ধকাৰতে থাকে— কবিতাটো কি হ’বগৈ তেওঁ নাজানে। কবিতা এটা লিখি উঠাৰ পাছত সি একপ্ৰকাৰ নিজা ৰূপ পৰিগ্ৰহণ কৰে। অৱশ্যে নিৰ্মিতিৰ প্ৰচেষ্টা বুলিবলৈ কেতিয়াবা কবিয়ে লিখি উঠাৰ পাছত শব্দ কিছুমান সলনি কৰে কেতিয়াবা, দুই-এটা শাৰীও নতুনকৈ লিখে। এক বিশেষ মানসিক অৱস্থাক কবিয়ে শব্দৰে ধৰি ৰাখিবলৈ প্ৰয়াস কৰে। হেনৰী জেইম্ছ(Henry James)ৰ সেই বহুপঠিত কথাৰ দৰে— “We work in the dark– we do what we can, we give what we have. Our doubt is our passion and our passion is our task. The rest is the madness of art.” এগৰাকী কলাকাৰে অনুপ্ৰাণিত বা উদ্বুদ্ধ হৈ তেওঁৰ সৃষ্টি আৰম্ভ কৰে, নিজৰ সামর্থ্য অনুযায়ী সর্বোচ্চ উজাৰি দিয়ে, জীৱন-জগতৰ বিভিন্ন আৰু নিজৰ সৃষ্টিৰ বিষয়ে থকা সন্দেহ, অনুসন্ধিৎসাত তেওঁ মগ্ন হৈ থাকে, বাকীখিনি “কলাৰ বলিয়ালি”। সেইফালৰ পৰা অগস্ত্য বৰুৱা ৰোমাণ্টিক ধাৰাৰ কবি— আত্ম-প্রকাশ (Self-expression) তেওঁৰ কবিতাৰ এটি লক্ষ্যণীয় দিশ। পিছে একে আষাৰে তেওঁক ৰোমাণ্টিক বুলি শ্রেণীভুক্ত কৰিলে ন্যায় কৰা নহ’ব, কাৰণ তেওঁৰ কবিতাত একেসময়তে কাব্যিকতা আৰু গদ্যময়তা, ৰোমাণ্টিকতা আৰু কঠোৰ-নিদাৰুণ বাস্তৱৰ সমাহাৰ। কল্পনাৰ বাধাহীন খেল(free play of imagination)ত মগ্ন হৈ তেওঁ বাস্তৱৰ কঠোৰতাৰ পৰা আঁতৰি গজদন্ত মিনাৰত উঠি থকা নাই, বৰং চৌপাশৰ জগত তথা সমাজৰ স’তে সংপৃক্ত হৈ আছে। তেওঁৰ কবিতাৰ শিহৰণ আৰু চিন্তা, মানৱীয় দুৰ্বলতা আৰু সবলতা, কঠোৰতা আৰু কোমলতা, সক্রিয়তা আৰু নিষ্ক্রিয়তা, কাদম্বৰী ৰাতিৰ সুবাসত বিভোৰ এজন স্মৃতিকাতৰ কবি আৰু নিৰাৱেগ এগৰাকী চিকিৎসকৰ এক দ্বান্দ্বিক অথচ বিৰল সমাহাৰ পৰিলক্ষিত হয়।
সকলো মহৎ সাহিত্যৰ দৰেই তেওঁৰ কবিতাৰ লক্ষ্য আৰু উদ্দেশ্য জীৱন এষণা। জীৱন এষণা যদি তেওঁৰ কবিতাৰ দীঘ বুলি ধৰা হয়, বিভিন্ন বিষয়বোৰ (theme) তাৰ বাণি বুলিব পাৰি। জীৱনৰ অপৰিমেয়, অন্তহীন ৰহস্যই সকলো চিন্তাশীল আৰু অনুভূতিসম্পন্ন মানুহকে যুগে যুগে বিস্ময়-বিমূঢ় কৰি আহিছে। দৃশ্যমান, মূর্ত এই জগত আৰু অনুভৱৰ জগতখনৰ অভিজ্ঞতালব্ধ জ্ঞানেৰে তেওঁ জীৱনৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰিছে। প্রাত্যহিক তুচ্ছতাৰ জগতখনেই, এই জীৱনেই সত্য নে ইয়াৰ আঁৰতো কিবা আছে? সুখ-দুখ, সৰল-জটিল, ভাল-বেয়া, পোহৰ-আন্ধাৰ সকলো মিলিয়েই জীৱন। তথাপি এক অনামী বিষাদবোধ জীৱনৰ অবিচ্ছেদ্য অঙ্গ; হয়তো মানুহৰ সমস্ত জ্ঞানেৰে এই চৰাচৰ বিশ্বৰ, এই জীৱনৰ গভীৰ ৰহস্যৰ ভেদ ভঙাৰ অক্ষমতাই মানুহৰ এই অনামী বিষাদবোধৰ কাৰণ৷ এই সকলোবোৰৰ অনুৰণন বৰুৱাৰ কবিতাত শুনা যায়। তেওঁৰ কবিতাত হাস্যৰস বিৰল। তেওঁৰ কবিতাৰ কথকজন আৱেগিক এক শ্রদ্ধাৱনত ধৰণেৰে–তেওঁ ৰোমাঞ্চিত হয়, প্ৰেমত আপ্লুত হয়, দুখত আকুল হয়; কিন্তু এই সকলোবোৰ গম্ভীৰ প্ৰকৃতিৰ কাৰণ— তেওঁ জীৱনৰ মহিমান্বিত (Sublime) আৰু উত্তৰণিত (uplifted) উপাদানবোৰৰ প্রতি আকৃষ্ট। কবিৰ বাবে জীৱন হ’ল এক দীঘল, কষ্টসাধ্য সন্ধান আৰু ইয়াৰ বিভিন্ন অৱস্থাবোৰৰ নিৰন্তৰ পৰীক্ষণ।
তেওঁৰ কবিতাৰ বিষয়বস্তু মানুহ, সময়, প্রেম, অতীত স্মৃতি, সামাজিক অৱক্ষয়, আধুনিক মানুহৰ বিচ্ছিন্নতা, জীৱনৰ প্ৰাপ্তি-অপ্রাপ্তি আদি। মানুহ তেওঁৰ কবিতাৰ মূল উপজীৱ্য আৰু তেওঁৰ কবিতাই ৱাৰ্ডছ্বাৰ্থৰ সেই “My theme/ No other than the very heart of man” কথাষাৰ মনলৈ আনে। মানুহৰ প্ৰতি মানুহৰ অমানৱীয় আচৰণ তেওঁৰ বহু কবিতাত হৃদয়স্পর্শী ৰূপত প্ৰকাশ পাইছে। তেনেদৰে মানৱ চৰিত্ৰৰ বিচিত্ৰ ৰূপে ভুমুকি মাৰিছে কবিতাবোৰত। অতীত আৰু বৰ্তমানৰ বিভিন্ন ঘটনাৰ জৰিয়তে সময় এক বিষয়বস্তু হৈ ধৰা দিয়ে। অতীত আৰু বৰ্তমান অঙ্গাঙ্গীভাৱে জড়িত— অতীতৰ ঘটনাৰাজিয়ে বর্তমানক অর্থবহ কৰে, যিদৰে বর্তমানে অতীত বিশ্লেষণ আৰু মূল্যায়ন সম্ভৱ কৰি তোলে। অতীত নীৰৱে-নিঃশব্দে কবিৰ ওচৰলৈ আহি হৃদয়ত স্থিতি লয়হি আৰু বৰ্তমানত পৰিণত হয়।
বৰুৱাৰ কবিতাত প্ৰেমৰ প্ৰাপ্তি আৰু পৰিপূৰ্ণতাতকৈ অপ্রাপ্তিহে অধিক চিত্রিত হৈছে। পিছে সি বিফল প্ৰেমৰ শোকগাথাৰ ৰূপ লোৱা নাই। তেওঁৰ কবিতাত প্ৰেমৰ বৈশিষ্ট্য এয়ে যে প্রাপ্তি-অপ্রাপ্তি, পূর্ণতা-অপূৰ্ণতাৰ ঊৰ্ধ্বত ‘প্ৰেম’ নিজেই এক অনুভূতি। প্ৰেমৰ পাত্ৰীৰ প্ৰতিও কবিৰ বিশেষ অভিযোগ-অনুযোগ নাই, বৰং তেওঁৰ অন্তৰত একধৰণৰ আত্মসচেতনতাহে পৰিলক্ষিত হয়, যিটো প্ৰেমৰ পাত্ৰীৰ প্রতি মোহভঙ্গৰ সদৃশ। মনোযোগী পাঠকে হয়তো লক্ষ্য কৰিব যে প্ৰেমৰ পাত্ৰীতকৈ কবি যেন উচ্চস্তৰৰ আৰু তেওঁ এনে এক স্থানত সমাহিত যে পাত্ৰীক আৰু প্ৰেমক বিশ্লেষণ কৰিব পাৰে, তেওঁ ইয়াৰ দুৰ্ভগীয়া ভুক্তভোগী নহয়। বৰুৱাৰ কবিতাৰ ‘লোপামুদ্রা’ই সুনীল গঙ্গোপাধ্যায়ৰ ‘নীৰা’লৈ মনত পেলায়; অৱশ্যে ‘লোপামুদ্রা’ আৰু ‘নীৰা’ৰ মাজতেই নহয়, দুয়ো কবিৰ এই দুটা চৰিত্ৰৰ প্ৰতি মনোভঙ্গীৰো পার্থক্য আছে।
সামাজিক অৱক্ষয়ে কবিক সততে আমনি কৰে। আধুনিক বস্তুবাদী সমাজৰ ব্যক্তিকেন্দ্রিকতা, স্বাৰ্থপৰতা, সহৃদয়তাৰ অভাৱ, অসমীয়া গণজীৱনত ক্ৰমে নোহোৱা হৈ অহা সহজ আত্মীয়তা, মূল্যবোধৰ অৱনতি আৰু ফলত সৃষ্ট গভীৰ সঙ্কট আৰু বিপর্যয়ে কবিক ব্যথিত কৰে। বিচ্ছিন্নতাবোধ (alienation) আধুনিক মানুহৰ বাবে এক ব্যাধিত পৰিণত হৈছে আৰু সেইবাবে দুর্বিসহ হৈ পৰা সাম্প্রতিক কালৰ জীৱনৰ কাৰুণ্যই কবিকো বিচলিত কৰি তোলে। এক গভীৰ অস্তিত্বগত উদ্বেগ, উৎকণ্ঠা (Existential Angst) তেওঁৰ কবিতাত বিৰাজমান।
কবি বৰুৱাৰ কবিতা অসমীয়া জাতীয় জীৱনত প্রোথিত। জাতীয় জীৱনৰ নানা সঙ্কট তেওঁ নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। যোৱা শতিকাৰ শেষৰ দুটা দশকত অসমত জাতীয়তাবাদী আন্দোলনে গা কৰি উঠিছিল আৰু তাৰ মাজতে এচামে সশস্ত্র পন্থা লৈছিল। তাৰ ফলত অৰ্ধসামৰিক তথা সামৰিক বাহিনীৰ অত্যাচাৰ-আতিশয্যই ভিতৰুৱা অঞ্চলৰ গাঁও-ভূঁইৰ জনজীৱন বিপন্ন কৰি তুলিছিল। এই অত্যাচাৰে অনেক সময়ত পাশৱিক ৰূপ লৈছিল। ৰাষ্ট্ৰসন্ত্ৰাসত বিধ্বস্ত গ্রাম্য জীৱনৰ ছবি তেওঁৰ কবিতাত পোৱা যায়।
পেছাত চিকিৎসক কবি বৰুৱাই ৰোগ-ব্যাধিক লৈ কেইটামান ৰসোত্তীৰ্ণ কবিতা লিখিছে। তাৰ ভিতৰত ‘নিদ্ৰাৰ খোজ’, ‘পার্কিন্চনৰ সাধু’, ‘স্কিজ্জ’ফ্রেনিয়া’ বিশেষভাৱে উল্লেখযোগ্য। গভীৰ মানৱীয় অনুভূতিৰে সিক্ত মর্মস্পর্শী এই কবিতাকেইটাই বৰুৱাৰ কবিতাত এক নতুন মাত্ৰা প্ৰদান কৰাৰ উপৰি নিঃসন্দেহে অসমীয়া কবিতাক সমৃদ্ধ কৰিছে। ‘চিকিৎসকৰ চেম্বাৰত ইটিয়লজী’ কিছু সুকীয়া আন এক মনোগ্রাহী কবিতা। ৰোগ-ব্যাধিক বিষয় হিচাবে লৈ লিখা এনে উৎকৃষ্ট কবিতাৰ উদাহৰণ অসমীয়া কবিতাত বৰ বেছি পাবলৈ নাই।
বিশ্ব সাহিত্যত ক্লাছিক হৈ পৰা লেখক আৰু চৰিত্ৰৰ অনুষঙ্গৰে লিখা ‘মই, পাঁজিসেৰীয়া সপোন আৰু মোপাঁছা’, ‘কাফকা, মই আৰু মোৰ ঘৰখন’, ‘টেণ্টেলাছ’ কবিতাকেইটা অবিস্মৰণীয়। একেদৰে ‘টাইম মেচিনত এটা আবেলি’ কবিতাটোৱে এক নতুন সোৱাদ দিয়ে।
বৰুৱাই এলানি নিচেই চুটি কবিতা লিখিছে হাইকু আৰু উৰ্দু শ্বায়েৰীৰ দৰে। কবিতাবোৰৰ শিৰোনাম ‘অনুভৱ’, যিটোৱে কবিতাবোৰৰ বিষয়বস্তুৰ ধাৰণা দিয়ে। এইবোৰৰ কিছুমানত আছে জীৱনৰ খণ্ডচিত্ৰ, কিছুমানত বিমূর্ত ভাব আৰু ব্যক্তিগত জীৱনৰ অনুষঙ্গ।
তেওঁৰ কবিতাত প্ৰদৰ্শনকামী বৌদ্ধিক কছৰৎ, বাগাড়ম্বৰ নাই— ভাষাও অলঙ্কাৰবিহীন। শব্দৰ মিতব্যয়িতা আন এক উল্লেখনীয় দিশ। ভাল কবিতাৰ বিষয়ে এলিয়টে কোৱা “Genuine poetry communicates even before it is understood” কথাষাৰ বৰুৱাৰ কবিতাৰ ক্ষেত্ৰত প্ৰযোজ্য। তেওঁৰ কবিতাই সহজেই পাঠকৰ সৈতে সংযোগ স্থাপন কৰে। বিখ্যাত কবি ষ্টীভন স্পেণ্ডাৰ(Stephen Spender)-এ কবি কেথলীন ৰেইনৰ বিষয়ে কোৱাৰ দৰে অগস্ত্য বৰুৱাৰ বিষয়েও “a poet of genuine intensity who writes poems which often have a hard gem — like transparency” বুলি ক’ব পাৰি।
বৰুৱাৰ থেকেৰা ফুলা ৰাতি অসমীয়া কবিতাৰ জগতলৈ এক মূল্যবান সংযোজন।
উত্তম দুৱৰা এগৰাকী অনুবাদক আৰু লেখক। ৱিমেনজ কলেজ, তিনিচুকীয়াৰ ইংৰাজী বিভাগৰ তেওঁ প্ৰাক্তন মুৰব্বী অধ্যাপক।