কবিতাৰ প্ৰসঙ্গত

ড° বিৰিঞ্চি কুমাৰ দাস

কবিতা কি? কবিতা কিয় লিখা হয়? —এই প্ৰশ্নবোৰ কবিতা সৃষ্টিৰ দিনৰপৰাই মানুহে কৰি আহিছে, আৰু প্ৰতিনিয়ত ইয়াৰ উত্তৰো অনেক লোকে অনেক ধৰণে দি আহিছে। তথাপি এই প্ৰশ্নৰ প্ৰাসংগিকতা এতিয়াও শেষ হৈ যোৱা নাই, যিদৰে শেষ হৈ যোৱা নাই ইয়াৰ উত্তৰ বিচৰাৰ প্ৰয়াস। ইয়াৰ কাৰণ হ’ল, কবিতাক লৈ এই প্ৰশ্নবোৰৰ এতিয়ালৈকে মানুহে বিচাৰি উলিওৱা কোনোটো উত্তৰেই স্বয়ংসম্পূৰ্ণ নহয়। এক কথাত ক’বলৈ গ’লে কবিতা সকলো ব্যাখ্যাৰ ঊৰ্ধ্বত।

ভাষাৰ লিখিত ৰূপ গঢ় লৈ উঠাৰ বহু আগতেই কথিত ৰূপত কবিতাৰ সৃষ্টি হৈছিল, আৰু সেয়ে কবিতা আছিল মানৱ সভ্যতাৰ বিকাশৰ আদি স্তৰৰ এক গুৰুত্বপূৰ্ণ প্ৰামাণ্য ইতিহাস। যেতিয়া মানুহৰ চিন্তাশক্তিৰ বিকাশ ঘটিছিল আৰু মানুহে নিজৰ চিন্তাক কেৱল প্ৰকাশ কৰাই নহয়, ইয়াক ধৰি ৰখাৰ প্ৰয়োজনো অনুভৱ কৰিছিল (অথচ এতিয়াৰ দৰে তেতিয়া কথাবোৰ ধৰি ৰাখিবলৈ লিখিত ভাষা নাছিল), তেতিয়া কবিতাই আছিল মানুহৰ চিন্তাক ধৰি ৰখা আৰু বিয়পাই দিয়াৰ আটাইতকৈ সুচল মাধ্যম। মানুহৰ চিন্তাপ্ৰসূত কথাবোৰ কাব্যিক ৰূপত মনত ৰখাটো সহজ আছিল আৰু ই ইজনৰপৰা সিজনলৈ বাগৰি ফুৰি মানৱসমাজত ৰৈ গৈছিল। বিশ্বৰ আদিমতম কাব্যগ্ৰন্থসমূহৰ অন্যতম, ৰচনাৰ কোনো নিৰ্ধাৰিত সময় জনা নগ’লেও বহু পণ্ডিতে খ্ৰীষ্টপূৰ্ব ১৫০০ৰপৰা ১২০০ চনৰ ভিতৰত ৰচিত হোৱা বুলি ধাৰণা কৰা, বেদসমূহ প্ৰথমতে মানুহৰ মুখে মুখেই প্ৰচলিত হৈছিল বাবেই বেদক ‘শ্ৰুতি’ বুলিও জনা যায়।

কিন্তু মানৱ সভ্যতাৰ বিকাশৰ প্ৰক্ৰিয়াটোৰ লগে লগে আগবাঢ়ি থকাকৈ কবিতা অতি প্ৰাচীন হ’লেও, আন ধৰণে ক’বলৈ হ’লে কবিতা মানৱ সভ্যতাৰ অন্যতম প্ৰাচীন প্ৰকাশ হ’লেও, কবিতাই প্ৰাচীন কালৰ সকলো চিন্তাশীল লোকৰে অনুমোদন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। গ্ৰীক দাৰ্শনিক প্লেটো আছিল কবিতাৰ দুৰ্ঘোৰ বিৰোধী। তেওঁ যি আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণা দিছিল, সেই আদৰ্শ ৰাষ্ট্ৰৰপৰা কবিসকলক আঁতৰাই ৰখাৰ পোষকতা কৰিছিল। প্লেটো এগৰাকী নৈতিকতাবাদী লোক আছিল আৰু তেওঁ ধাৰণা কৰিছিল যে কবিতা নৈতিকতা-বিৰোধী। তেওঁ এনেকৈয়ো চিন্তা কৰিছিল যে কবিতা মিথ্যাৰ মাতৃসদৃশ আৰু কবিসকল মিথ্যাবাদী। তেওঁৰ মতে কবিতা হ’ল দৃশ্যমান জগতখনক দাসৰ দৰে কৰা অনুকৰণ, আৰু সেয়ে ই বাস্তৱতাৰপৰা দুগুণে অপসাৰিত। দ্য ৰিপাব্লিক গ্ৰন্থত প্লেটোৱে কবি আৰু কবিতা সম্পৰ্কে এনেদৰে উত্থাপন কৰা ঋণাত্মক প্ৰশ্নবোৰেই একধৰণে সাহিত্য সমালোচনাৰো আৰম্ভণি আছিল।

অৱশ্যে প্লেটোৰ কবিতা সম্পৰ্কীয় এই দৃষ্টিভংগীৰ বিপৰীতে অৱস্থান কৰিছিল তেওঁৰ শিষ্য এৰিষ্টোটলে। তেওঁ পয়েটিকছ নামৰ গ্ৰন্থখনত কবিতা সম্পৰ্কে আঁতিগুৰি মাৰি আলোচনা কৰি কলা হিচাপে ইয়াৰ গুৰুত্বক প্ৰতিষ্ঠা কৰিছিল। সাহিত্য-তত্ত্বৰ দিশত আৰম্ভণিৰ পৰ্যায়ৰ কৰ্ম হিচাপে এই গ্ৰন্থখনে আগবঢ়োৱা কবিতাৰ আংগিকগত তথা নন্দনতাত্বিক বহুখিনি ধাৰণাক এতিয়াও প্ৰাসংগিক বুলি বিবেচনা কৰা হয়।

এনেদৰে বাদ-বিৰোধ সত্ত্বেও সময়ৰ অগ্ৰগতিৰ লগে লগে কবিতাৰ জনপ্রিয়তা কমক চাৰি বাঢ়ি গৈহে থাকিল যদিও কবিতাক মনে-প্ৰাণে গ্ৰহণ কৰিবলৈ টান পোৱা লোকেও নিজৰ অস্তিত্ব জাহিৰ নকৰাকৈ নাথাকিল। ষোড়শ শতিকাত ইংৰাজ পিউৰিটান ব্যংগ লেখক ষ্টিফেন গ’ছ’নে কবিতাৰ বিৰুদ্ধে প্ৰচণ্ড অভিযোগ আনিছিল এইবুলি যে কবিতা সময়ৰ অপব্যয়, কবিতা সকলো মিথ্যাচাৰৰ মাতৃ (প্লেটোৱে কোৱাৰ দৰেই), ই সকলো ককৰ্থনাৰ ধাত্ৰী, আৰু দাৰ্শনিক প্লেটোৱে তেওঁৰ আদৰ্শ ৰাষ্ট্ৰৰপৰা কবিসকলক আঁতৰাই ৰাখি ঠিক কামেই কৰিছিল। উল্লেখনীয় কথা যে ষোড়শ শতিকাৰ ইংৰাজী সাহিত্যৰ সময়ছোৱা আছিল হেনৰী হাৱাৰ্ড, এডমাণ্ড স্পেন্সাৰ, মাইকেল ড্ৰে’টন, আনকি উইলিয়াম শ্বেইক্সপীয়েৰৰ দৰে কবিৰ কাব্য প্ৰতিভাৰ ব্যাপ্তিয়ে উজ্জ্বল কৰি ৰখা এছোৱা সময়। তেনেকুৱা এটা যুগতেই গ’ছ’নে উত্থাপন কৰা এই অভিযোগসমূহৰ প্ৰতিক্ৰিয়া তীব্ৰ হোৱাটো স্বাভাৱিক আছিল। তেওঁৰ অভিযোগৰ উত্তৰ দিবলৈকে সেই সময়ৰ আন এগৰাকী প্ৰখ্যাত ইংৰাজ কবি ছাৰ ফিলিপ ছিডনীয়ে লিখি উলিয়াইছিল ‘এন এপলজী ফৰ পয়েট্ৰী’ (কবিতাৰ বাবে ক্ষমা প্ৰাৰ্থনা) নামৰ ৰচনাখন। ছিডনীয়ে কবিতাৰ সমৰ্থনত কোৱা কথাখিনিৰ কিয়দংশ আছিল এয়ে যে কবিতা হৈছে জ্ঞানৰ উৎস। কবিতা কোনো সুনিৰ্দিষ্ট উদ্দেশ্যত কৰা প্ৰকৃতিৰ সৃষ্টিশীল অনুকৰণ, যাৰ জৰিয়তে নীৰস, অসম্পূৰ্ণ, কদৰ্য প্ৰকৃতিক কলাৰ মাধ্যমেৰে সোণালী ৰঙেৰে ৰঙীন কৰি তোলা হয়।

লগতে পঢ়ক: এইফালেও কবি আছে

কবিতা-বিৰোধীসকলক প্ৰত্যাহ্বান জনাই এনেদৰে কবিতাৰ মহত্বক প্ৰতিষ্ঠা কৰা হোৱাৰ পাছত কবিতাই আৰু বহুদূৰ বাটকুৰি বাই আহিল, অৱশ্যে তেনে কোনো লক্ষণীয় বিৰোধিতা নোপোৱাকৈ। পৰৱৰ্তী কালত গ’ছ’নৰ কোনো উত্তৰাধিকাৰীক ইমান সক্ৰিয়ভাবে দৃশ্যপটত দেখা নগ’ল। অৱশ্যে ঊনবিংশ শতিকাৰ আৰম্ভণিতে পুনৰ ৰমণ্যাসবাদী কবি শ্বেলীয়ে ফিলিপ ছিডনীৰ দৰেই লিখিবলগীয়া হ’ল ‘এ ডিফেন্স অৱ পয়েট্ৰী’ (কবিতাৰ ৰক্ষণাবেক্ষণ) নামৰ এখন ৰচনা, যিখন তেওঁ সম্পূৰ্ণ নকৰিলে। শ্বেলীৰ ঘনিষ্ঠ বন্ধু, ঔপন্যাসিক-কবি টমাছ লাভ পীককে ১৮২০ চনত ৰচনা কৰা ‘দ্য ফ’ৰ এছেজ অৱ পয়েট্ৰী’ শীৰ্ষক ৰচনাখনত নিজেই যুক্ত হৈ থকা ৰমণ্যাসবাদী কবিতাৰ প্ৰতি আক্ৰমণাত্মক বক্তব্য প্ৰকাশ কৰাৰ পাছত এই বক্তব্যৰ দ্বাৰা প্ৰৰোচিত হৈ শ্বেলীয়ে এই ৰচনাখন লিখিবলৈ লৈছিল, য’ত তেওঁ কবিতাৰ নৈতিক দৃষ্টিকোণ আৰু সভ্য সমাজত কবিতাৰ ভূমিকাৰ কথা ক’ব বিচাৰিছিল। কবিক এক দাৰ্শনিক সত্তা হিচাপে বিচাৰ কৰি শ্বেলীয়ে আলোচনা কৰিছিল কেনেদৰে কবিয়ে সমাজৰ নৈতিক আৰু সামাজিক বিধিসমূহ নিৰ্মাণ কৰে, আৰু অৱশেষত তেওঁ ঘোষণা কৰিছিল যে “কবিসকল হৈছে বিশ্বৰ অস্বীকৃত বিধানকৰ্তা।”

সমাজত কবিতাৰ গুৰুত্ব আৰু মহত্ব বাৰু এনেদৰে প্ৰতিষ্ঠা কৰা হ’ল, কিন্তু সমস্যা এটা তেতিয়াও ৰৈ থাকিল, আৰু সেয়া হৈছে কবিতাৰ সংজ্ঞা নিৰ্ণয়। কবিতাৰ সংজ্ঞা নিৰূপণৰ গুৰুত্বপূৰ্ণ দায়িত্বই বিভিন্ন সময়ত বিভিন্ন ধৰণে কবিসকলক ব্যস্ত ৰখা দেখা গ’ল। নিজা দৃষ্টিভংগী, সমসাময়িক বৌদ্ধিক পটভূমি, ঐতিহাসিক কাৰকসমূহ —এনে বিভিন্ন কথাই একত্ৰ হৈ বিভিন্ন সময়ত কবি অথবা কাব্য তাত্ত্বিকসকলক কবিতাৰ বিভিন্ন সংজ্ঞা গঢ়ি তোলাৰ বাবে প্ৰৰোচিত কৰিছিল।

উদাহৰণ স্বৰূপে, ওঠৰ শতিকাৰ শেষৰ আৰু ঊনৈছ শতিকাৰ আৰম্ভণিৰ পৰ্যায়ৰ কবি, ইংৰাজী সাহিত্যত ৰমণ্যাসবাদৰ পুনৰুত্থানৰ বাটকটীয়া উইলিয়াম ওৱৰ্ডছৱৰ্থে কবিতা সম্পৰ্কে ব্যাখ্যা আগবঢ়ালে এনেদৰে, “কবিতা হ’ল শক্তিশালী আবেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। ইয়াৰ উৎস হৈছে শান্ত-সমাহিত অৱস্থাত ৰোমন্থন কৰা আৱেগ।” ওৱৰ্ডছৱৰ্থকে ধৰি ৰমণ্যাসবাদী কবিসকলৰ এই দৃষ্টিভংগী অৱশ্যে ঊনবিংশ শতিকাৰ পাছৰ সময়ছোৱাত (ভিক্টোৰিয়ান যুগত) সম্পূৰ্ণ অক্ষত হৈ নাথাকিল। ৰমণ্যাসবাদী প্ৰৱণতাক সম্পূৰ্ণৰূপে বিসৰ্জন দিব নোৱাৰিলেও ভিক্টোৰিয়ান কবিসকলে কবিতাৰ মাজত নিহিত আন সম্ভাৱনাকো অস্বীকাৰ কৰিব বিচৰা নাছিল। সেই যুগৰ ইংৰাজ কবি, সমালোচক মেথ্যু আৰ্নল্ডে কবিতাক জীৱনৰ সমালোচনা হিচাপেহে চাব বিচৰা কথাটোৱে কবিতাক অলপ ভিন্ন ধৰণেৰে সংজ্ঞাবদ্ধ কৰাৰ প্ৰয়াসক প্ৰতিফলিত কৰা দেখা যায়।

বিংশ শতিকাত কবিতা সম্পৰ্কীয় পূৰ্বৰ ধাৰণাৰপৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ বাবে এটা সৃষ্টিশীল তাড়না অনুভৱ কৰিছিল কিছু সংখ্যক কবিয়ে, আৰু ইয়াৰ অন্তৰালত আছিল শিল্প-বিপ্লৱোত্তৰ পৰিস্থিতিত সামাজিক, দাৰ্শনিক, আধ্যাত্মিক প্ৰেক্ষাপটত আহি পৰা সংকট। সেই কাৰণেই কবিতাত ব্যক্তিমনৰ প্ৰকাশৰ বিপৰীতে নৈৰ্ব্যক্তিকতাৰ পোষকতা কৰা কবি, সমালোচক টি. এছ. এলিয়টে ওৱৰ্ডছৱৰ্থৰ চিন্তাৰ সম্পূৰ্ণ বিপৰীত পিনে অৱস্থান কৰি কৈছিল, “কবিতা আৱেগৰ এৰাল ছিগা কাৰ্য নহয়, বৰং ই আৱেগৰ পৰা পলায়নহে; ই ব্যক্তিত্বৰ প্ৰকাশ নহয়, বৰং ব্যক্তিত্বৰপৰা পলায়নহে। কিন্তু অৱশ্যে কেৱল ব্যক্তিত্ব আৰু আৱেগ থকা মানুহেহে জানে এইবোৰৰ পৰা পলায়নৰ মানে কি।” কবিতা ৰচনা আৰু পঠন উভয়কে এক বৌদ্ধিক কৰ্ম হিচাপে দাঙি ধৰা এলিয়টৰ মতে কলাত ব্যক্তিমনৰ অভিজ্ঞতাবোৰৰ সামূহিক মানৱীয় চেতনালৈ উত্তৰণ ঘটিব লাগে। এলিয়টৰ প্ৰায় সমসাময়িক আমেৰিকান কবি ৰ’বাৰ্ট ফ্ৰষ্টৰ মতে কবিতা সৃষ্টি হয় তেতিয়া, যেতিয়া আৱেগে চিন্তাক আৰু চিন্তাই শব্দক বিচাৰি পায়।

এলিয়টৰ কথাখিনি অৱশ্যেই কবিতাৰ সৰ্বজনগ্ৰাহ্য সংজ্ঞাৰ বাহক হৈ ৰোৱা নাই আৰু তেওঁৰ পাছতো বিভিন্ন সময়ত বিভিন্ন কবি তথা সমালোচকে কবিতাক সংজ্ঞাবদ্ধ কৰিবলৈ যত্ন কৰি আহিছে। এলিয়টে কেৱল কবিতাৰ ব্যাখ্যাত কিছু নতুন সংযোজন ঘটাইছে। কিন্তু যিয়ে যেনেধৰণেৰেই কবিতাক ব্যাখ্যা নকৰক কিয়, এইটো ঠিক যে আৱেগ কবিতাৰ বাবে বা কবিৰ বাবে সন্দেহাতীতভাবে প্ৰয়োজনীয় কথা যদিও ই কিন্তু কবিতাৰ বাবে একমাত্ৰ কথাও নহয়। কবিতা হ’ল জীৱন আৰু জগত সম্পৰ্কত কবি-মনৰ বৈচিত্ৰ্যময় আৱেগিক সঁহাৰি, চিন্তা আৰু উপলব্ধিৰ কলাত্মক ৰূপান্তৰ, যিয়ে পঢ়ুৱৈৰ চেতনাক আলোড়িত কৰিবলৈ সক্ষমতা ৰাখে। সেয়া নোহোৱা হ’লে কবিতা লিখাৰ প্ৰয়োজনেই নাছিল, লিখিব খোজা কথাখিনি গদ্যতেই লিখিব পৰা গ’লহেঁতেন। কবিতা লিখাৰ ক্ষেত্ৰত কবিৰ উদ্দেশ্য ভিন ভিন হ’ব পাৰে। কোনোবাই প্ৰেমৰ বাবে কবিতা লিখিছে, কোনোবাই বিপ্লৱৰ বাবে। কোনোবাই প্ৰকৃতিৰ আৰাধনাতেই নিজকে সীমিত ৰাখিছে, আনহাতে আন কোনোবাই কেৱল মানুহকহে বিশেষভাবে আৰাধনা কৰিছে। (উদাহৰণ স্বৰূপে ৰাছিয়ান বিপ্লৱী কবি ভ্লাডিমিৰ মায়াকোভস্কিয়ে কৈছিল, “কলাক সংগ্ৰহালয় বুলি কোৱা মৃত মঠত থুপাই থ’লে নহ’ব। ইয়াক বিয়পাই দিব লাগিব সকলোতে—ৰাজপথত, ট্ৰামগাড়ীত, কল-কাৰখানাত, আৰু শ্ৰমিকৰ গৃহবোৰত।”) সামগ্ৰিকভাবে কবিতাই যুগ যুগ ধৰি মানৱ জাতিয়ে অৰ্জন কৰি অহা জীৱন-জগত সম্পৰ্কীয় বস্তুগত আৰু ভাবগত মূল্যবান অভিজ্ঞতাসমূহক কলাত্মক ৰূপত সংৰক্ষণ কৰি ৰাখি মানুহৰ মননক ঐশ্বৰ্যশালী কৰি আহিছে। সেয়ে থোৰতে ক’বলৈ হ’লে কবিতা হৈছে মানৱ সভ্যতাৰ এক নিৰ্ভেজাল খতিয়ান।

বিৰিঞ্চি কুমাৰ দাস এগৰাকী লেখক, সমালোচক আৰু অনুবাদক৷ তেওঁ বৰ্তমান বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছে৷