নগেন শইকীয়াৰ মিতভাষ

পাতবোৰ হালধীয়া হৈ শুকাই

পাতবোৰ হালধীয়া হৈ শুকাই তলত সৰি পৰিছে— ডালবোৰে
জীৰ্ণ-শীৰ্ণ হৈ অসহায়ভাৱে হাত মেলি আছে— এখন উকা 
আকাশ আৰু তলত কঠিন মাটি— কদমত যোৱা ঘোঁৰাৰ 
ধূলিত পোত যোৱা পৃথিৱী— তথাপি শিপাডালে প্ৰাণ-পণে 
তলৰ গভীৰৰপৰা জীপ শুহি ল'বলৈ যত্ন কৰিছে। মই গছজোপাৰ
কাষতে থিয় হৈ আছোঁ।


ধান দোৱা হৈ গ'ল

ধান দোৱা হৈ গ'ল (‘ধান কাটা হয়ে গেছে') —আহিনৰ সেউজীয়াৰ 
এতিয়া নৰাৰ মৰণ-গোন্ধ শুকান জলাশয়ত সিঁচৰতি হৈ পৰি আছে
—এটা-দুটা শামুকৰ খোলা— সৰি পৰা চৰাইৰ পাখিত বিদায়ৰ
হুমুনিয়াহ। —পথাৰখন আহি তেওঁৰ চকুৰ মণিত সোমাল আৰু
তেওঁ ঢলি পৰিল।


কাঁইটডাল কোনে পুতি দিলে

কাঁইটডাল কোনে পুতি দিলে— দুপৰত তাৰ পাত ওলাবলৈ ধৰিলে 
সৰু-সৰু পাত। পাততো কাঁইট— চুলেই ওলাই আহে আঙুলিৰ বুকুৰ
ভিতৰৰ তেজ— আবেলিৰ হেঙুলীয়া পোহৰত জিলিকি উঠিল—
নীলা অপৰাজিতাৰ দৰে পাৰ হোৱা সময়ৰ সৰু সৰু ফুল— চকুৰ নিয়ৰৰ
দৰে তাৰ ৰূপ— মই তাৰ মাজতে টোপনি যাওঁ আৰু সাৰ পাওঁ...

Click here to read an English translation of the poems.