হৰেকৃষ্ণ ডেকাৰ দুটা কবিতা

আপুনি যদি কয়

আপুনি যদি কয়, তুমি নিমখ-ভাত নাখাবা
তোমাৰ ভাতৰ কাহীত মই সুস্বাদু ব্যঞ্জন দিম
কিন্তু তুমি মুখেৰে মাত নামাতিবা—
আপোনাৰ সুস্বাদু ব্যঞ্জনৰ গোন্ধত মই চাগে'
আপোনাৰ কথা মানি ল’ম।
কিন্তু আপুনি যদি কয়, 
পেট পূৰাই সুস্বাদু ব্যঞ্জন খোৱাৰ পিছত
তোমাৰ ওঁঠযোৰ মই সী দিম,
যাতে তুমি কোঢ়াল কৰিব নোৱাৰা,
তেতিয়া মই কি কৰিম? 
আপুনি সীয়াৰ আগতে
মই ইমান জোৰে চিঞৰিম যে
আপুনি কাণেৰে নুশুনা হ'ব।
মোৰ মাত আপুনি দিয়া সুস্বাদু ভাততকৈ 
মূল্যবান।

মূল্যবান—
মোৰ বাবে আৰু
প্ৰতিজনৰ বাবে।
বোবাসকলেও মাত মাতে
শব্দেৰে নহয়,
ঠাৰে-চিঁয়াৰে
সকলোৱে শুনাকৈ।
ডিটেনশ্বন

বহুত দিন কবিতাৰ দেখা-দেখি নাছিল।
মই ফেৰাৰ হোৱা বুলি ভাবিছিলোঁ।
পিছে এদিন কবিতা আহি ওলাল।
গাত তাৰ চমতাৰ কোব।
সুধিলোঁ, কি হৈছে তোৰ? 
সি সেহাই ক'লে, 
মই ভাল কবিতা হ'ব খুজিছিলোঁ।
কিন্তু সিহঁতে টানি নি মোক সুমুৱাই থ'লে।
সুধিলোঁ, ক'ত আছিলি ইমান দিন? 
সি চাৰিওফালে ভয়ে ভয়ে চালে,
মুখেৰে নামাতিলে।
আকৌ সুধিলোঁ, ক'ত আছিলি কবিতা?
কবিতাই কঁপি কঁপি ক'লে,
ইণ্টাৰ'গেশ্বন ৰূমত,
ডিটেনশ্বন কেম্পত।

মই তাক ৰক্ষণাবেক্ষণ দিব খুজিছিলোঁ।
কিন্তু কবিতাই ক'লে, আপুনি কেনেকৈ মোক ৰক্ষণাবেক্ষণ দি'ব?
পাৰিবনে, পাৰিবনে সঁচাকৈয়ে?
সৌ তাত এবাৰ চাই আহক।
মানৱতাক তাত মৃত্যুদণ্ড দিয়া হৈছে।

Click for an English translation of the poems.

5 thoughts on “হৰেকৃষ্ণ ডেকাৰ দুটা কবিতা

  1. ছাৰৰ কবিতাই সদায় মোক মুগ্ধ কৰে

  2. এই গোটৰ লগত শেহতীয়াকৈ পৰিচয় হৈ বৰ আনন্দ অনুভৱ কৰিছোঁ। গোটটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

  3. ছাৰৰ কবিতা ভাল পাওঁ ।এই দুয়োটা কবিতা ভাল পাইছোঁ ।দ্বিতীয় কবিতাটোৰ শেষৰটো স্তৱকে মোক মুগ্ধ কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *