যি বাটেৰে নহ’ল যোৱা

মূল : ৰবাৰ্ট ফ্ৰষ্ট

হালধীয়া হৈ পৰা অৰণ্যখনত  
দুটা বাট দুদিশে আঁতৰি গৈছে।
হায়! দুয়োটাৰে যাবতো নোৱাৰো, 
মই যে এজন! 
বহুপৰ ধৰি থিয় হৈ ৰৈ 
চাই ৰ’লোঁ তাৰে এটাৰে, দূৰলৈ      
চকুৰে মনিব পৰালৈ, 
ঘাঁহে ঢকা কেঁকুৰিত ঘূৰি নেদেখা হোৱালৈ।

সেইটোক এৰি মই আনটোহে ল’লোঁ,
সেইটোও সমানে ধুনীয়া, 
কিজানি বেছিহে অমিয়া,  
সেউজ ঘাঁহেৰে ঢকা,
খোজো বেছি পৰা নাই, 
যদিও তাতো আছে গচকৰ চিন 
ঘাঁহবোৰো সমানে মৰহা । 

সেই ৰাতিপুৱা 
সৰাপাতে দুয়োটকে সমানে ঢাকিছে,
গচকত পাতবোৰ ক’লা পৰা নাই।
থাওকচোন এতিয়ালৈ এই প্ৰথমটো বাট,
সেইটোৰে কেতিয়াবা যাম পাছে পৰে :   
যদিওবা নাজানো মই, 
পুনৰ এইমুৱা হওঁ নে নহওঁ, 
বাটবোৰ গৈ চোন আনবোৰতহে মিলে,
এৰি অহা বাটটো জানো দেখিম দুনাই? 

দিনবোৰ পাৰ হ’ব, বহুদিন যাব
আৰু কেতিয়াবা এদিন মই আক্ষেপেৰে ক’ম, 
হালধীয়া অৰণ্যখনত দুটা বাট দেখিছিলোঁ 
দুদিশে আঁতৰি গৈছে নেদেখা হোৱালৈ ।
আৰু মই বাছিছিলোঁ তাৰে এটা বাট, 
পথিকৰ খোজৰ চাপ কম আছিল তাত, 
নাজানিছিলোঁ,
তেনেকৈয়ে যে অঁকা যাব মোৰ জীৱনৰ মাৰ্গ।

মূল কবিতা : ‘The Road Not Taken’

অনুবাদ : জীৱন গোস্বামী

ৰবাৰ্ট ফ্ৰষ্ট (১৮৭৪-১৯৬৩) এগৰাকী আমেৰিকান কবি। কবিতাৰ বাবে পুলিটজাৰ বঁটাৰে সন্মানিত ফ্ৰষ্টৰ ‘The Road Not Taken’ এটা বিশ্ববিখ্যাত কবিতা।

জীৱন গোস্বামী গুৱাহাটী নিবাসী এগৰাকী অনুবাদক। জন ষ্টেইনবেকৰ ইষ্ট অৱ ইডেন নামৰ উপন্যাসৰ অসমীয়া অনুবাদৰ বাবে তেওঁ ২০১৭ চনত অমূল্য কুমাৰ চক্ৰৱৰ্তী বঁটা লাভ কৰে। তেওঁৰ শেহতীয়া গ্ৰন্থখন হল সৌৰভ কুমাৰ চলিহাৰ নিৰ্বাচিত গল্পৰ ইংৰাজী অনুবাদ বাৰকৰল এণ্ড আডাৰ ষ্টৰিজ

13 thoughts on “যি বাটেৰে নহ’ল যোৱা

  1. Really translation has become so beautiful one feels as if it is original . Good job . Expect many more from you.

  2. Beautifully and brilliantly translated Jiban. I enjoyed your translated version as much as I do every time I read the original one. Thanks

  3. I convey my gratitude to all those readers who commented kindly to my translation of Frost’s The Road Not Taken. I am sorry if I have not been able to respond to each comment individually.

  4. সহজ সৰল অথচ ভাৱাৰ্থৰ কি চমৎকাৰিতা।অনুবাদৰ তিলমানো চিন মোকাব নাই।পঢ়ি ভাল লাগিল।

      1. Beautifully translated Jiban. I enjoyed reading your translated version as much as I always do the original one everrytime I read. This is one of my most favourite poems. Thanks.

  5. ভাল পালোঁ কবিতাটো ৷ অনুবাদে দিলে অমিয়া সোৱাদ

    1. সঁচাকৈয়ে এটা সোৱাদ ভৰা কবিতা। বহুত দিনৰ মূৰত এটা ভাল কবিতা পঢ়িলোঁ। অনুবাদকৰ প্ৰতি কৃতজ্ঞ।

  6. বৰ সুন্দৰ অনুবাদ ৷ কবি অথবা কবিতাটোৱে কথা কোৱা যেন লাগে পঢ়ি গ’লে ৷ বৰ ভাল পালোঁ৷

    1. বহুত ধন্যবাদ। ।্্
      অনুবাদ টো পঢ়ি ভালপোৱা শুনি ভাল‌ লাগিল।্

Leave a Reply

Your email address will not be published. Required fields are marked *