ড০ অৰ্চনা পূজাৰী
অসমৰ কাব্যাকাশত আলোচনী-কাকতৰ ভূমিকা নুই কৰিব নোৱাৰি। প্ৰত্যেকখন আলোচনী-কাকতে একো-একোটা ভাবাদৰ্শক জীপ পাই উঠাত যথেষ্ট অৰিহণা যোগোৱা দেখা গৈছে। সেইফালৰ পৰা জয়ন্তী আলোচনীৰ ভূমিকাও কম নহয়। অসমীয়া প্ৰগতিশীল কাব্যান্দোলনটো গঢ় দিয়াত জয়ন্তীৰ ভূমিকা মন কৰিবলগীয়া। এই ক্ষেত্ৰত আন্দোলনৰ জনক হিচাপে কবি হেম বৰুৱাৰ প্ৰচেষ্টাও স্মৰণীয়। ঐতিহ্য-বিৰোধী বাস্তৱবিমুখ, শিশুৰ দৰে বিস্ময়াৱিষ্ট আৰু শুচিবায়ুগ্ৰস্ত ৰোমাণ্টিক কবিসকলে গতানুগতিকতাৰ বিৰুদ্ধে বিদ্ৰোহ কৰি যি ৰহস্যঘন জগতৰ আৱিষ্কাৰ কৰিছিল, সেই ‘ৰহস্য জাল’ৰ পৰা মুক্ত কৰি নতুন কবিসকলক হেম বৰুৱাই নতুন দিগন্তৰ বতৰা বিলালে। ১৯৪০ চনৰ আৱাহন আলোচনীত প্ৰকাশ পোৱা ‘বান্দৰ’ নামৰ কবিতাটো তেওঁৰ কাব্য-জীৱনৰ শক্তিশালী বাৰ্তাবাহক। তাৰ পৰৱৰ্তী কালত তেওঁৰ কবিতাই আৱাহন, ৰামধেনু, পছোৱাৰ পাতত বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। হেম বৰুৱাৰ কবিতাই বঞ্চিত, বুভুক্ষুজনৰ হৃদয়ৰ বতৰা বিলাইছিল। এই শ্ৰেণীৰ কবিতাৰ প্ৰকাশভংগী হ’ল তীৰ্যক। লগতে শব্দৰ প্ৰতীকী স্বৰূপ আৰু চিত্ৰকল্পৰ বিচিত্ৰ বিন্যাসে ভাবক তুলি ধৰাত সহায় কৰিছে। সৰ্বসাধাৰণৰ মনত আশা আৰু সাহসৰ বাতৰি দি তেওঁ লিখিছিল—
তোমাৰ লাৱণী দুবাহুত একোটা মেটমৰা ডাঙৰিৰ বল/আমাৰ বাহুত হেজাৰ যুগৰ শৌৰ্য, বীৰ্য, হাতত তোমাৰ কাচিৰ নাচ। চকুৰে নমনা সোণালী ধান, কপালত কেঁচা মুকুতাৰ থোপা চেনাই ঐ মৰণা মাৰোঁগৈ আহা।
মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা কবি হেম বৰুৱা উদ্বুদ্ধ হ’লেও তেওঁৰ বহু কবিতা যুক্তিনিষ্ঠ হোৱাতকৈ ৰোমাণ্টিক আৱেগেৰে পুষ্ট হোৱা দেখা যায়। আনহাতে হেম বৰুৱাৰ কবিতাত টি. এছ. এলিয়টৰ কাব্য ভংগীয়েও ক্ৰিয়া কৰা দেখা যায়। সেয়ে এলিয়টৰ দৰে তেওঁৰ পিছৰ কালৰ বহু কবিতা মৃত্যু আৰু অৱক্ষয়ৰ চেতনাৰে ভাৰাক্ৰান্ত। কিন্তু তথাপি কবি হেম বৰুৱাই সামাজিক দায়িত্বক কোনো দিনেই ক’তো অস্বীকাৰ কৰা নাই। বহু সময়ত প্ৰথম পাঠত হেম বৰুৱাৰ কবিতা দুৰ্বোধ্য যেন লাগে। তেনে এটি কবিতাৰ কিছু অংশ তলত উল্লেখ কৰা হ’ল—
স্বপ্নম্লান চকুৰ পৰ্দাত মহাকাব্যৰ অনুৰ্বৰ মান্দাক্ৰান্তা অভিজ্ঞান শকুন্তলা। (জ্ঞান-বৃক্ষৰ গুটি খাই আমি জীৱনক বুজিছোঁ : অন্তঃসত্তা নাৰী) তলসৰা শুকান পাতৰ গম্বুজত মৰণৰ অভিধান। চিনাকি আখৰ। মৰে কোন? ষ্টেলিন নে গান্ধী?
কিন্তু তথাপি আমি স্বীকাৰ কৰিবই লাগিব যে বিষয়বস্তুৰ দুৰূহতাৰ মাজতো কবিতাৰ ৰমণীয় গুণটো হ্ৰাস হোৱা নাই। এটা কথা স্বীকাৰ কৰিবই লাগিব যে, হেম বৰুৱাৰ সময়ৰ সাহিত্যৰ যি এক অসুস্থ পৰিৱেশ তাৰ মাজত থাকি সাৰ্থক গ্ৰহণ-বৰ্জনৰ মাজেৰে নতুন সৃষ্টি কঠিন হৈ পৰিছিল। সেয়ে হয়তো অতীত আৰু বৰ্তমানৰ মাজত থকা দোদুল্যমান অৱস্থাটোত কবি হেম বৰুৱাই প্ৰকৃত পথ হেৰুৱাই পেলোৱা যেন ভাব হয়। হেম বৰুৱাৰ কবিতাত এলিয়টীয় প্ৰকৰণৰ আভাস পোৱা যায় সঁচা কথা কিন্তু এলিয়টীয় কৌশল যিদৰে ‘কেতিয়াবা স্পন্দিত গদ্য, কেতিয়াবা গদ্য আৰু মুক্তকৰ সানমিহলি ৰূপ, মাজে মাজে সংস্কৃত সাহিত্যৰ উল্লেখ’ কৰি ক্ষয়, নৈৰাশ্য আৰু ভীতিৰ আৱহ তৈয়াৰ কৰে ঠিক সেইদৰে হেম বৰুৱাই তেওঁৰ কবিতাত প্ৰয়োগ কৰা দেখা নাযায়। অৱশ্যে এলিয়টৰ দৰে চিৰাচৰিত আৱেগহীনতা হেম বৰুৱাৰ কবিতাৰ লক্ষণ যদিও অতীত বিধুৰতাৰ পৰা হেম বৰুৱা মুক্ত হ’ব পৰা নাই। বহু সময়ত তেওঁৰ কবিতা বৰং ৰোমাণ্টিক নষ্টালজিয়াৰে ভাৰাক্ৰান্ত হৈ পৰিছে। ‘আইতা’ তেনে এটি কবিতা—
আইতাই ঘোলা চকুযুৰি মোৰ ফালে তুলি একেষাৰ কথা মাথোঁ ক'লে : মই বিচাৰিছোঁ, বিচাৰিছোঁ কি তই নুবুজিবি, নুবুজিবি সোণ বিচাৰিছোঁ মই সেই কুৰিটা বছৰ মোৰ যৌৱনৰ, সপোনৰ বাটৰ ধূলিত কিজানিবা আছে লীন হৈ।
কিন্তু প্ৰকৃতাৰ্থতে এই কবিতাটো নষ্টালজিয়াৰ পৰা সৃষ্ট হ’লেও ‘আইতা’ এটি সুন্দৰ কবিতা। যিটো কবিতা কবিৰ হৃদয়ানুভূতিৰ পৰা নিঃসৃত হৈ আহিছে। একেই অতীত বিধুৰতাৰে বাইদেৱেকৰ স্মৃতিত লিখি উলিয়াইছে ‘জোন’ নামৰ কবিতাটি—
জিলমিল আকাশত জোন খিৰিকীৰ ফুল হৈ পৰে, একাঁজলি ফুল তাহানিতে কন্দুৱাই এৰি থৈ যোৱা ভয়টোই, ততালিকে শুই পৰোঁ মই মগজুত সঁচা কথা, আছে জানো কিবা? চকুৰ মণিৰ মোৰ পূৰ্ণিমাৰ জোন ছাই হৈ যোৱা জানো নাই?
সিংহ বিক্ৰমী ৰাজনীতিবিদ হৈ হেম বৰুৱাই কোনো দিনেই দৰিদ্ৰ পীড়িত সমাজখনক পাহৰি যোৱা নাছিল। দৰিদ্ৰ পীড়িত সমাজখনৰ লগত থকা তেওঁৰ আন্তৰিক সম্পৰ্কই কবি হেম বৰুৱাক প্ৰতিবাদী কৰি তুলিছে। অৱশ্যে তেওঁৰ কবিতাত প্ৰতিবাদ থাকিলেও ক’তো শ্লোগানধৰ্মিতা দেখিবলৈ পোৱা নাযায়। শোষিত, নিৰ্যাতিতক জাগ্ৰত কৰাৰ বাবে জনতাৰ মাজত সচেতনতা জগোৱাৰ বাবে কবি হেম বৰুৱাই চেষ্টা কৰিছে। তেওঁৰ ‘পোহৰতকৈ এন্ধাৰ ভাল’ নামৰ কবিতাটিত তেওঁ কৈছে—
হেৰা শকুন্তলা, তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজ কাৰেঙৰ শলিতাৰ জুই : দুষ্মন্তৰ ভাগক স্বপ্ন। পোহৰতকৈ এন্ধাৰ ভাল জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰ সেঁতুৰ বান্ধ। শঙ্কা কিহৰ? নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই আমাৰ চকুত তীখাৰ শান।
‘বিহুৰ দিনৰ গান’ কবিতাটিত হেম বৰুৱাৰ আশাবাদী মনৰ ইংগিত দেখা পোৱা গৈছে। চীনা কবি, ‘লি-তাই-পো’ৰ কবিতা দুশাৰীৰ দ্বাৰা অনুপ্ৰাণিত হ’লেও হেম বৰুৱাই কাব্যিক আৱেগেৰে কবিতাটিৰ শৰীৰ নিৰ্মাণ কৰি লৈছে।
শান্তিৰ কপৌজনীৰ ডেউকাত বাৰুদৰ গোন্ধ বৰ আচৰিত। নাহৰ ফুল ফুলিছে। কপৌ ফুলো ফুলিছে পদুলিৰ শিৰীষজোপাত সখীয়তীয়ে গীতৰ কাকলি মেলিছে; মৰিশালীত জীৱনৰ গান।
কবি হেম বৰুৱাই নিপীড়িত মানুহৰ বাবে নতুন আশাৰ বাণী শুনাইছিল তেওঁৰ ‘জাৰৰ দিনৰ সপোন’ শীৰ্ষক কবিতাটিত। কবিয়ে কবিতাটিত শোষক শ্ৰেণীক চিনাক্ত কৰি দিয়াৰ প্ৰয়াস কৰিছে এনেদৰে—
মৰা পৃথিৱীত তেজৰ আৰতি এটা টুনী আহে, দুটা টুনী আহে এটা ধান নিয়ে, দুটা ধান নিয়ে ধানৰ দ'মত তেজপিয়াৰ ৰণচালি তেজপিয়াৰ বংশ নাশলৈ কিমান দিন বাকী?
কবিয়ে শোষক শ্ৰেণীটোক চিনাক্ত কৰাৰ পিছত এইবাৰ আশাবাদী হৈ পৰিছে। ৰাতিৰ পিছত দিন অহাৰ দৰে, কবিয়ে ভাবিছে শীতৰ শেষত আকৌ আহিব ৰাঙলী দিন—
শীতৰ অন্তত আকৌ আহিব নিলাজী ফাগুন ব'হাগী বিহু। ৰাঙলী দিন। কপৌ ফুল কুলি-কেতেকীৰ গানৰ শৰাই : আকৌ আহিব দিখৌত বান কমৰেড, শংকা কিহৰ?
বাস্তৱৰ প্ৰতিবাদী ছবি আঁকি সাধাৰণ মানুহক মূৰ তুলি থিয় হোৱাৰ সাহস জগাই কবি হেম বৰুৱাই প্ৰকৃতাৰ্থত বাস্তৱবাদৰ পৰিচয় দাঙি ধৰিছে। কবি হেম বৰুৱাৰ ‘সাপ’ এটি প্ৰতীকধৰ্মী কবিতা। অৱশ্যে হেম বৰুৱাৰ বহুতো কবিতাত এলিয়ট আৰু পাউণ্ডৰ বৌদ্ধিক বিস্তাৰ মন কৰিবলগীয়া। এইবোৰ কবিতাৰ ভিতৰত ‘ছাইমুম’, ‘এটি আৱিষ্কাৰ’, ‘এটা পোক’, ‘জানুৱাৰী-৩০’ আদিক সামৰি ল’ব পাৰি। এইবোৰ কবিতা একে বহাতে বোধগম্য কৰিবলৈ কঠিন। বৌদ্ধিক সচেতনাইহে তেওঁৰ এনেধৰণৰ কবিতাবোৰ বুজাত সহায় কৰে। জীৱন-যৌৱন সকলোকে সামৰি হেম বৰুৱাৰ কাব্যৰ বিস্তৃতি। ‘চনিয়া’ত শ্ৰমজীৱী নাৰীৰ সৌন্দৰ্য শোভা কবিয়ে সুন্দৰকৈ দাঙি ধৰিছে—
ইন্দো-পাক সীমান্তৰ মদনপুৰ বাগিচাৰ তাই দীপ-শিখা গাত কেঁচা পাত কেঁচা কেঁচা লগা, সেউজ মিহলি মৃদুঘ্ৰাণ ইমান লাৱণী তাই। ইমান চিকুণ।
স্কুল, কলেজ গচকি নোপোৱা সেইজনী চনিয়াৰ জীৱন-যৌৱন পাৰ হৈছে শ্ৰমৰ মাজত। শ্ৰমেই তাইক সুন্দৰ কৰিছে। জিৰণি ল’বৰ আহৰি নাইকিয়া সেইজনী চনিয়াক কবিয়ে কল্পনাৰে দেখা পাইছে—
কোনো এক প্ৰখৰ ৰ'দৰ তাপত মদনপুৰ বাগিচাত, য'ত শ্ৰম আছে ক্লান্তি আছে আৰু আছে নিতৌ সন্ধিয়া এমুঠি ভাগৰ, এবাতি মৰম এচোতাল নাচ আৰু গান : আৰু যৌৱন বাগৰা হাঁহি, ৰাংঢালি প্ৰাণ।
চিত্ৰকল্পৰ বিচিত্ৰ বিন্যাসেৰে ‘এখন ইস্তাহাৰ’ কবিতাটিত ‘শান্তা ফে’ চহৰত লগ পোৱা ছোৱালী এজনীৰ কৰুণ মুখৰ মধুৰ ছবি এখনি এনেদৰে আঁকিছে—
তাইৰ চকুযুৰি কৰুণ কোমল দুচামুচ নীলা হৈ জিলিকি আছিল
একুৰি বছৰৰ যৌৱন আৰু স্বপ্ন তাত বিৰিঙি থকা দেখিছিলোঁ মুখখন তাইৰ। আলী আকবৰ খাঁৰ সৰোদৰ এটা নিজম মূৰ্ছনাহে যেন।
অসমীয়া কাব্য সাহিত্যলৈ নতুন ছবি এখনি আহিল। কবি হেম বৰুৱাই কবিতাটিত শ্ৰব্যক দৃশ্যলৈ, অনুভৱক বাঙ্ময় ৰূপত দাঙি ধৰিবলৈ প্ৰয়াস কৰি ছোৱালীজনীৰ সৌন্দৰ্যক আলী আকবৰ খাঁৰ সৰোদৰ এটা নিজম মূৰ্ছনাৰ লগত তুলনা কৰিছে। যিটো সাধাৰণ পাঠকৰ দৃষ্টিত অসম্ভৱ যেন অনুভৱ হ’ব পাৰে। হেম বৰুৱাৰ কবিতাত ই এক নতুন সংযোজন—যিটো আধুনিক অসমীয়া কবিতাৰ বাবেও এক নব্য সূচনা। সমকালীন বিদেশী কাব্যৰ লগত কবি হেম বৰুৱাৰ গভীৰ পৰিচয় থকাৰ বাবেই হয়তো ইমান সামাজিক ৰাজনৈতিক ব্যস্ততাৰ মাজতো কবিতাত এনে সম্পৰীক্ষা সম্ভৱপৰ হৈছিল। অৱশ্যে হেম বৰুৱাৰ সকলোবোৰ কবিতা সমানে উন্নত মানৰ নহয়। ঐতিহাসিক আৰু কলাত্মক এই দুয়োটা দিশতেই কবিগৰাকীয়ে গুৰুত্ব দান কৰিছিল। হেম বৰুৱা আশাবাদী কবি। তেওঁৰ প্ৰাণৰ সম্পৰ্ক জনতাৰ লগত। বুৰ্জোৱা নিৰাশাবাদৰ ঠাইত সেয়ে তেওঁৰ মন উতলোৱা আশাবাদে গা কৰি উঠিছিল। বিদেশী প্ৰভাৱেৰে পুষ্ট হ’লেও হেম বৰুৱাই কোনো দিনে দেশীয় ঐতিহ্যক আওকাণ কৰা নাছিল। অসমীয়া লোকগীতৰ প্ৰতিধ্বনিও তেওঁৰ কাব্যত অনুৰণিত হৈছিল। ‘বিহুৰ দিনৰ গান’ অথবা ‘মমতাৰ চিঠি’য়ে আমাক তালৈকে মনত পেলাই দিয়ে।
ঐতিহ্যক আওকাণ নকৰা কবি হেম বৰুৱাই পুৰাণ, মহাভাৰতৰ পৰা বুটলি লৈছে কৃষ্ণ, ৰাম, সীতা, যীশু, বুদ্ধ, শকুন্তলা, কংস, জৰাসন্ধৰ দৰে চৰিত্ৰ। এই চৰিত্ৰবোৰক কবি হেম বৰুৱাই প্ৰতীকী ৰূপত কবিতাত প্ৰয়োগ কৰিছে। কিন্তু এই প্ৰতীকবোৰে কাব্যক দুৰ্বোধ্য নকৰি বৰং সহজসাধ্যহে কৰি তুলিছে। বহু কবিৰ প্ৰিয় প্ৰতীক থকাৰ দৰে কবি হেম বৰুৱাৰো প্ৰিয় প্ৰতীক হ’ল জোন। ৰোমাণ্টিক চিন্তাৰ বিপৰীতে হেম বৰুৱাই ‘জোন’ক ‘এজনী শেঁতা ছোৱালী’ৰ লগত তুলনা কৰিছে—
অকস্মাতে মই থমকি ৰ'লোঁ—এইখন কাৰ মুখ? জোনটোৰ দৰে নিথৰ, নিমজ? মূৰত এইখন কিয় বাৰু ওৰণি? জোনটোক সদায়েই মোৰ বিধৱা বিধৱা যেন লাগে জোনটো শেঁতা, নিতৌ নিশা খীণাই নোহোৱা হয় : এদিন আছিল মন মোৰ পোহৰেৰে উপচি পৰা আজি নিশা অন্তৰ মোৰ মৃত্যুমুখী জোন শীতল, কোমল ময়নামতী জোনাক জোনটোৱে বৰফৰ মাজে-মাজে বনাই ফুৰিছে
‘জোন’ৰ এই ডুখৰীয়া ছবিসমূহৰ মাজেৰে কবি হেম বৰুৱাই আমাক জোনৰ নতুন ৰূপ দাঙি ধৰিছে। ‘জোন’ কবিৰ বাবে কেৱল প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক নহয়, জোন তেওঁৰ বাবে কেতিয়াবা আশাহত জীৱনৰো প্ৰতীক ৰূপত চিহ্নিত হৈছে। ক’ৰবাত ‘ছাগলী শিঙীয়া জোন’টো অনুৰ্বৰতাৰ প্ৰতীক ৰূপতো কবিয়ে চিহ্নিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। বৰং এনে ধৰণৰ নতুন চিন্তাই পাঠকৰ হৃদয় দোলায়িত কৰি তুলিছে। ৰাজনৈতিক জীৱনৰ ধামখুমীয়াত কবি হেম বৰুৱাই জনগণৰ পৰা ক্ৰমে বিচ্ছিন্ন হৈ অহাৰ উপক্ৰমত এবাৰ লিখিছে—
চকুৰ মণিৰ মোৰ পূৰ্ণিমাৰ জোন ছাই হৈ যোৱা জানো নাই?
ঠিক তেনেদৰে বহুতো প্ৰতীক কবিয়ে বুটলি লৈছে পৌৰাণিক কাহিনীৰ পৰা, যিবোৰৰ মাজেৰে কবিয়ে দেশ, কাল, জাতি, সত্ত্বাক উজলাই তোলাৰ চেষ্টা কৰিছে—
হেৰা মহাভাৰতৰ বীৰ অৰ্জুন যুগে যুগে তুমি বৃহন্নলা ৰণক্ষেত্ৰৰ তোমাৰ অক্ষয় খ্যাতি জোনৰ পোহৰ সূৰ্য তোমাৰ ৰথৰ সাৰথি (আধা ডজন কবিতা, ৬)
আশাহত জীৱনত ‘শকুন্তলা’ আশাৰ প্ৰতীক হৈ উজলি উঠিছে। সেয়ে কবিয়ে কৈছে–‘হেৰা শকুন্তলা/পৃথিৱীত কবিতাৰ শেষ নাই।’ (যাত্ৰাৰ শেষ নাই)
কেতিয়াবা কবিৰ দুৰন্ত বাসনাই অশ্বাৰোহীৰ দৰে চুটি মেলিছে। স্বৰ্ণ সীতাই পোখা মেলিছে কবিৰ চিন্তাত—
আমি হাল বাওঁ, আমাৰ নাঙলৰ সীৰলুত স্বৰ্ণ সীতাই পোখা মেলে। জীৱনক কোনে ৰুধিব পাৰে? আমি যে পাতিছোঁ আমাৰ জীৱন থলীত হেজাৰ বংশৰ মৃত্যুশাল।
তেনেদৰে কবিয়ে ‘কুমাৰী পৃথিৱীক কুন্তী’ কৰিবলৈ আহ্বান কৰি নতুন সূৰ্যসম কৰ্ণক জন্ম দিবলৈ কৈছে। সূৰ্য যিহেতু নতুন দিনৰ প্ৰতীক সেয়ে সূৰ্যৰ মাজেৰে কবিয়ে নতুন সম্ভাৱনাৰ ইংগিত বহন কৰিছে। দ্বিতীয় মহাযুদ্ধৰ ভয়াৱহ বিভীষিকাময় পৰিস্থিতিৰ মাজত এছিয়াৰ ৰাজনৈতিক জীৱনলৈ যি সংকট নামি আহিছিল সেই সংকটক কবিয়ে বাৰুকৈয়ে উপলব্ধি কৰি সাম্ৰাজ্যবাদী শোষকক ‘বিদেশী চিলনী’ বুলি চিহ্নিত কৰিছে—
কোৰিয়াৰ প্ৰাঙ্গনত শেন উৰে, বিদেশী চিলনী উত্তৰে। দক্ষিণে। মাজত সমান্তৰাল ৰেখা। প্ৰশান্ত মহাসাগৰত কেইখন জাহাজ বুৰিছে? হে বসুন্ধৰা, তুমি অশান্ত। তুমি উতলা শেন উৰে। কপৌ মৰে। আমি সমাধি ৰচনা কৰো কাৰ? শান্তিৰ শিল্পী, পিকাছো। তুমি কাঠৰ ফ্ৰেমৰ মাজত বন্দী, কোৰিয়াৰ গৰালত :
কোৰিয়া দ্বিখণ্ডিত হৈ পৰিছিল সেই সময়ত। মাৰ্কিন আগ্ৰাসনত সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছিল। জৰাসন্ধক দুফাল কৰাৰ দৰে দুফাল কৰি দুখন কৰা এখন দেশলৈ সংকট নামি অহাৰ কথা কবিয়ে বৌদ্ধিক মননশীলতাৰে অতি সুন্দৰকৈ কবিতাটিত দাঙি ধৰিছে।
তেনেদৰে মহাভাৰতৰ ধৃতৰাষ্ট্ৰৰ চৰিত্ৰক প্ৰতীকী ৰূপত দাঙি ধৰি মুখাপিন্ধা ফোপোলা ৰাজনীতিবিদৰ দ্বাৰা জনতা কিদৰে নিগৃহীত হৈছে তাক দাঙি ধৰাৰ প্ৰয়াস কৰিছে।
ধৃতৰাষ্ট্ৰ, তোমাৰ বাহুত কোনে দিলে বাৰু অযুত যুগৰ বল? কোন মন্ত্ৰীৰ স'তে আপোনাৰ ভাল? চাউলৰ দাম, মাছৰ মহঙা আমাৰ পেটত শত শতাব্দীৰ ভোকে ৰণৰ শিবিৰ পাতিছে।
এনেদৰে নিজৰ ঐতিহ্যৰ পৰা পুৰণা চৰিত্ৰ বুটলি লৈ কবি হেম বৰুৱা বহু সময়ত আন্তৰ্জাতিক চেতনাৰে উদ্বুদ্ধ হোৱা দেখা গৈছিল। যিদৰে হৈছিল বাংলা কবি অমিয় চক্ৰৱৰ্তী অথবা জাৰ্মান কবি ৰেইনাৰ মাৰিয়া ৰিলকে। ভৌগলিক সীমাৰেখাৰ ঊৰ্ধ্বত আমি সকলো একেই। আমাৰ তেজ, আমাৰ ক্ষুধা পৃথিৱীৰ সকলো ঠাইতে একে। গোটেই পৃথিৱীখনেই সেয়ে এখন ঘৰ। কবি হেম বৰুৱাই তেনে এক মানসিকতাৰেই নিপীড়িত মানুহৰ প্ৰতীক ৰূপত ‘আফ্ৰিকা’ কবিতাটি লিখি উলিয়াইছিল। শ্বেত সীমান্তৰ সৰ্পিল সীমাৰেখাৰ সিপাৰত থকা কৃষ্ণাংগ আফ্ৰিকাক জাগ্ৰত কৰিবৰ বাবে লিখিছিল—
তাম্ৰৰঙী মোৰ দেহাৰ অন্তৰ জোৱাৰত কৃষ্ণাংগ আফ্ৰিকা, তোমাৰ অৱহেলিত স্বপ্ন সাগৰৰ ঢৌ হওক।
ঠিক তেনেদৰেই ‘ছাইমুম’ কবিতাটিত সাম্ৰাজ্যবাদী মাৰ্কিন দানৱৰ জিঘাংসক বুজাবৰ বাবে বিষাক্ত ফেটী সাপক প্ৰতীক ৰূপত লৈ আঁকি উলিয়াইছে যিখন ছবি, সি সঁচাই মৰ্মস্পৰ্শী—
আজিও নামিছে পৃথিৱীৰ উৰ্বৰ বুকুত জাকে-জাকে, ফৰিঙৰ দৰে সাম্ৰাজ্য পিপাসু লোভাল শগুন খুব খুৰ যেন চোকা। ইবোৰ নামিছে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে দ্বীপে দ্বীপে, দ্বীপান্তৰে ফেটী সাপৰ দৰে উন্মুক্ত তেজাল।
তেনেদৰে ‘বালিচন্দা’ কবিতাটোক কবি হেম বৰুৱাই সাম্ৰাজ্যবাদীৰ হাতত পৰি আণৱিক শক্তিৰ অপপ্ৰয়োগৰ ফলত কিদৰে পৃথিৱী ৰক্তাস্নাতা হৈ পৰিছে তাক ভালদৰে নিৰীক্ষণ কৰিছে। শান্তিৰ বাবে বিজ্ঞানক প্ৰয়োগ নকৰাত কিদৰে হিৰোছিমা, নাগাছাকিয়ে দুৰ্ভোগ ভূগিব লগা হৈছে তাৰো সুন্দৰ চিত্ৰ অংকন কৰিছে—
নাগাছাকি, হিৰোশ্বিমাত ধোঁৱা হোৱা মানুহৰ অশৰীৰি আত্মাৰ অহা-যোৱা বিজ্ঞান নিমাত। নিৰ্বাক।
কবি হেম বৰুৱাৰ ‘মমতাৰ চিঠি’ নামৰ কবিতাটো যদিও বিদেশী কবিতাৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈ লিখা তথাপি কবিতাটো কবিয়ে দেশীয় সাঁচত গঢ় দিয়াত সফল হৈছে। চৈনিক কবি লি-পাৰ মূল কবিতাটো এজৰা পাউণ্ডে অনুবাদ কৰি নাম ৰাখিছে—‘The River Marchant’s wife : A Letter’। কবি হেম বৰুৱাৰ এই কবিতাটোত কিছু ৰমন্যাসিক বাতাৱৰণ আছে যদিও কবিতাটোৰ সামৰণিত ই সামগ্ৰিকতালৈ লৈ গৈছে। কবিয়ে সুন্দৰ বিন্যাসেৰে উপমাৰ সহায়ত পাঠকক ক্ৰমে গভীৰ হৃদয়ানুভূতিৰ মাজলৈ লৈ গৈ আছে। য’ত এগৰাকী নাৰীৰ নিঃসংগ জীৱনৰ বেদনাই পাঠকক বেদনাবিধুৰ কৰি তুলিছে। কিন্তু তাতেই কবি ৰৈ থকা নাই তেওঁ পাঠকক সেই বেদনাৰ পৰা উত্তোলিত কৰিছে—মমতা স্বামীহাৰা হ’লেও পুত্ৰৰ স্নেহৰ মাজত জীয়াই আছে ভৱিষ্যতৰ এক ৰঙীন কল্পনা লৈ। সুন্দৰ একোটা প্ৰতীকৰ গাঁথনিৰে কবিতাটিয়ে বাট বুলিছে এনেদৰে—
এয়া মম এডাল জ্বলাই লৈছোঁ বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ খিড়িকীখন জপাই দিওঁ। এইবাৰ বুজিছা; মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙালৈ জ্বলিছিল? আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে – এটা শুধ বগা আনটো পখৰা।
চীনা কবিতাটোত বণিজ বেহাবলৈ যোৱা পতিৰ প্ৰতি পত্নীৰ প্ৰেম আৰু নিঃসংগতাৰ প্ৰকাশ দেখিবলৈ পোৱা যায়। কবিতাটোত অপেক্ষা আৰু অধীৰতাৰ মাজেৰে পত্নীৰ প্ৰগাঢ় প্ৰেমৰ ইংগিত পোৱা যায়। কবিতাটিৰ ইংৰাজী অনুবাদত কৈছে—
If you are coming down through The narrows of the river Kiang Please let me know before hand And I will come out to meet you As far as cho-fu-sa
চীনা কবিতাটোৰ ইংগিতময়তাৰ দৰে আমাৰ কবি হেম বৰুৱায়ো পোনপটীয়াকৈ নকৈ মমতাৰ মনৰ নিঃসংগতা, বিচ্ছেদ যন্ত্ৰণা আৰু স্বামীক পুনৰ লগ পোৱাৰ বাসনাৰে এনেদৰে কৈছে—
মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই মই ভোগদৈয়েদি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম—তুমি যিদিনা উলটি আহিবা কবিয়ে চিঠিৰ আৰ্হিত মমতাৰ অন্তৰৰ বাৰ্তা পাঠকলৈ কঢ়িয়াই আনিছে।
কবিতাটিত প্ৰথমেই ‘মমডাল’ জ্বলি জ্বলি শেষ হৈ অহাৰ দৰে ক্ষন্তেকীয়া জীৱনৰ প্ৰতি পলে ক্ষয়মান হোৱাৰ ইংগিত বহন কৰিছে। ঠিক তেনেদৰে নিঃসংগতাই দুৰ্বিসহ কৰা নাৰীগৰাকীক ‘উৰুঙা বতাহজাকে’ আমনি দিয়াৰ ভয় ভাৰতীয় পৰম্পৰাৰ অনুশাসনৰ আঁৰত ৰৈ মমতাই ‘চাওঁ খিড়িকীখন জপাই দিওঁ’ বুলি মনৰ সংযমক দৃঢ় কৰাৰ যি ইংগিত সি সঁচাই প্ৰশংসনীয়। তদুপৰি কবিতাটোৰ গাঁথনিত বহুতো ব্যঞ্জনাধৰ্মী কাব্যাংশই বিশেষভাৱে সহায় কৰিছে। সেইবোৰ হ’ল ‘হালধীয়া জোনৰ নাও, স্বপ্নাতুৰ আলোকৰ মানুহ’, ‘তলসৰা এপাহ শেৱালি’, ‘মেজিৰ জুই’, ‘ভোগদৈ’, ‘বুঢ়ালুইত’, ‘ৰঙা ৰিহা’, ‘বগা সাজ’ আদি। কবিতাটোত দুটি মৃত্যুৰ খবৰ থাকিলেও ই মৃত্যুৰ কবিতা নহয়। ‘মমতাৰ চিঠি’য়ে কঢ়িয়াই অনা মৃত্যুৰ মাজেৰে জীৱনৰ ঊৰ্ধ্বলৈ গতি কৰিছে। মৃত্যু অৱধাৰিত হৈও মমতাই ‘বাবুল’ৰ মাজেৰে জীৱনৰ ইংগিত দিছে। ‘বাবুলৰ এধানমানি ডালিমগুটি যেন দাঁত অকণি’ গদ্যৰ মাজেৰে প্ৰৱহমান জীৱনৰ ইংগিত দিছে আৰু ভাৰতীয় পৰম্পৰাৰ মাজেৰে পূৰ্বজন্ম, পৰজন্মৰ এক ইংগিত বহন কৰি জীৱনৰ সিপাৰে স্বামীক লগ পোৱাৰ ইচ্ছা ব্যক্ত কৰিছে মমতাই। সেয়ে মমতাৰ বাবে মৃত্যু জীৱনৰ শূন্যতা নহয়। কবিতাটোৰ শেষত চিঠিত লিখাৰ দৰে ‘আকৌ’ বুলি ৰৈ যোৱা কথাখিনি পুনৰাই লিখিছে—
এইবাৰ বুজিছা; মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি জগিছে --এটা শুধ বগা আৰু আনটো পখৰা।
সৎ আৰু অসৎ, শুভ আৰু অশুভৰ মাজেৰেই এই সমাজ-ব্যৱস্থাই গতি কৰিছে। ‘বগা’ আৰু ‘পখৰা’ৰ মাজেৰে জীৱনৰ দুটা দিশ কবিতাটোত সমান্তৰালভাৱে প্ৰবাহিত হৈছে। জাপানী কবিতাৰ আৰ্হিৰেও হেম বৰুৱাই কেইটামান কবিতা লিখিছিল। তেনে কেইটিমান কবিতা—
বৰফত ছাই হোৱা শীতৰ গুহাত বসন্তৰ কুঁহিপাত নাচে তোমাৰ বেদনাত মই জানো নাই? (জাপানী কবিতাৰ নমুনাত এক ডজন কবিতা) বগা জোনাকত উৰা মৰা এজনী কপৌ আহে স্নিগ্দ্ধ, শান্ত এজনী কপৌ খিৰিকীৰ পোহৰত চকু থৈ দেখোঁ মই --এইজনী মোৰ স্বপ্নৰ চৰাই। (আধা ডজন কবিতা। জাপানী আৰ্হিত)
টি.এছ. এলিয়টৰ দৰে কবি এজৰা পাউণ্ডৰ কবিতাৰ দ্বাৰাও হেম বৰুৱা প্ৰভাৱিত হোৱা দেখা গৈছে। ‘মনালিচা’ কবিতাত কবি বৰুৱাই টি.এছ. এলিয়টৰ নিম্নোক্ত কথাখিনিকে যেন কৈছে—
Where the evening is spread against the sky like a patient ethresed upon a table
কবি হেম বৰুৱাই লিখিলে—
অস্ত্ৰোপচাৰ টেবুলত মাতৃমুখী নাৰীৰ চকুত যি অনুৰাগ ধৰা দিয়ে সেই অনুৰাগ কুমাৰী পৃথিৱীৰ হিয়াৰ ক্ৰন্দন
ঠিক তেনেদৰে চিত্ৰকল্পবাদী কবি এজৰা পাউণ্ডৰ চিত্ৰকল্পৰ অনুৰণনো হেম বৰুৱাৰ কবিতাত মন কৰিবলগীয়া। এজৰা পাউণ্ডে লিখিছিল—
The wind moves about the wheat with a silver crashing A thin war of metal A song of the Degress (Selected Poems)
কবি হেম বৰুৱাই তেওঁৰ ‘বালিচন্দা’ কবিতাত লিখিলে—
তোমাৰ বুকুত নৃত্যৰতা তৰুণীৰ দৰে কিমান যে পালতৰা নাও আৰু কত সৰু বৰ ঢৌ, পছোৱাৰ বতাহত নাচে, উঠে আৰু মৰে
হেম বৰুৱাই অতি সচেতনভাৱে প্ৰয়োগ কৰা প্ৰতীক, চিত্ৰকল্পবোৰে তেওঁৰ কবিতাত অযথা জটিলতা মাতি নানে। সেয়ে বহুসময়ত তেওঁ সদৃশ আৰু বিসদৃশৰ মিলন ঘটাই এক নব্য মাত্ৰা প্ৰদান কৰিছে ‘ইস্তাহাৰ’ আদি কবিতাত। C.M Bowraৰে তেৰ The Creative Experiment গ্ৰন্থত চিত্ৰকল্প সম্পৰ্কে কৈছে–“The images tell not only what the poet means intellectually but all that he feels. The complex of thought and emotion which is his.’’ হেম বৰুৱাও মননশীল কবি। তেওঁৰ মননশীলতাই চিত্ৰকল্পসমুহত আনুভূতিক আৱেদন জগাই তুলিছে এনেদৰে—
তোমাৰ বুকুৰ কল্পনা লাগি জোনালীৰ তৰাবছা আকাশত উঠিছে লহৰ। মেখেলাৰ পাতলিৰ অগণন কাৰ্শলা বনে তৰাৰ কথাকে কয়, ঢিমিক ঢামাক। মাধৈমালতী, তুমি কিয় কথা কোৱা নাই? তামোল গছত পৰি কাউৰীজনীয়ে কিনো কথা কয়? নতুন আলহী আহিব :
বিসদৃশ যেন লগা উপৰিউক্ত কাব্যপংক্তিৰ ছবিখন বুজিবলৈ কাব্যিক বুদ্ধি আৰু মননৰ প্ৰয়োজন। কিয়নো এই বিসদৃশতাৰ মাজেৰে মূৰ্ত হৈ উঠিছে আনুভূতিক মিল।
এইদৰেই ‘পৃথিৱীৰ প্ৰেমিক’ এইগৰাকী কবিয়ে জীৱনৰ নানান হতাশা, ব্যৰ্থতাৰ মাজতো অসমীয়া প্ৰগতিশীল কাব্য আন্দোলনটোক আৰু এখোজ আগবাঢ়ি যোৱাত অৰিহণা যোগাই গ’ল।
(ড০ অৰ্চনা পূজাৰী এগৰাকী জ্যেষ্ঠ কবি আৰু প্ৰবন্ধকাৰ।)
পঢ়িলোঁ, হেম বৰুৱা অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ তাত কোনো সন্দেহ নাই। আপোনাৰ বিশ্লেষণ যথাযথ হৈছে যেন ভাব হৈছে ।ধন্যবাদ 🙏