দেৱকান্ত বৰুৱা
মোৰ মেজৰ ওপৰত এখন ছবি আছে
নিকোলাচ ৰ'ৰিকৰ—
নাম তাৰ?
তাৰ নাম—"আমি দুৱাৰ মুকলি কৰোঁ।"
কিহৰ দুৱাৰ। পূবৰনে পছিমৰ?
নে দক্ষিণৰ যমৰ দুৱাৰ?
নে মহাপ্ৰস্থানৰ আমন্ত্ৰণ-মুখৰিত
উত্তৰাপথৰ সিংহদ্বাৰ?
মই কবি দেৱকান্ত,
যৌৱনৰ বিয়লি বেলিকা
বাটৰ কাষত বহি খন্তেক মাথোন—
দেখিছোঁ সপোন আজি দীঘল বাটৰ
অন্তহীন দীঘল বাটৰ।
জিৰণি-ঘৰত শুনো হাঁহি-খিকিন্দালি
ঠাই ক’ত জিৰণিৰ?
ৰুদ্ধ তাৰ দুৱাৰমুখত জনতাৰ হেঁচা-ঠেলা।
দুৱাৰ মুকলি ক’ত?
জানো, উদ্ভ্ৰান্ত ছন্দৰ তালে
উতলা কৰিছে মোক।
জানো মোৰ গতি নাই গতিৰ বাহিৰে।
কিন্তু যাত্ৰাৰ শেহত ক’ত মুকলি দুৱাৰ।
পাম জানো সিংহদ্বাৰ প্ৰাণৰ ছন্দত মোৰ
বাদুলি-সঁচাৰ যাৰ মেল খাব নিজে-নিজে
যৌৱনৰ নিমন্ত্ৰণ যাচি?
ভ্ৰমিলোঁ বহুতো বাট
পেৰুত ইঙ্কাৰ স’তে সোণ-ৰূপ খটোৱা পাল্কীত।
মৰণ-মধুৰ সেই যৌৱনৰ বিৰাট যজ্ঞত মেক্সিকোত
ঢালিলোঁ আহুতি মই ৰূপকোঁৱৰৰ স’তে
ৰূপহীৰ নৃত্যৰ ছন্দত।
নিনেভাৰ পাখিলগা ষাঁড়ৰ আগত
অসুৰৰ বিজয়-উৎসৱ।
তাতো যোগ দিলোঁ মই।
শূন্যোদ্যান বেবিলন।
ইষ্টাৰৰ মন্দিৰৰ দুৱাৰ-ডলিত
প্ৰেমাকাংক্ষী শত দেৱদাসী।
প্ৰেমাঞ্জলী কৰিলোঁ গ্ৰহণ দেৱদাসী ৰাজকুঁৱৰীৰ।
কত ৰং-ধেমালিৰ কৰিলোঁ পাতনি
ডেকা-গাভৰুৰ স’তে
উছৱ-থলিত মই সমুদ্ৰস্তনিত সেই শুৱনী ক্ৰীটৰ।
ভ্ৰমিলোঁ বহুত বাট।
কিন্তু দুৱাৰ মুকলি ক’ত?
বন্ধ দেখোঁ সকলো দুৱাৰ।
দুৱাৰ মুকলি মাথোঁ অচল ছবিৰ
কিতাপ-দ’মত থকা নিকোলাচ ৰ’ৰিকৰ
এখনি ছবিৰ।
Click here to read an English translation of the poem.