যি কথা নহ’ল কোৱা
কিছুমান কথা ক'বলৈ থাকি যায়।
কওঁ, কওঁ বুলিও ওঁঠত
নুফুটে বহু কথা।
যেনেকৈ ডাৱৰে ছানি ধৰিলেও
কেতিয়াবা বৰষুণ নহয়।
যাওঁ যাওঁ বুলিও
ক’ৰবালৈ যোৱা নহয়।
মনৰ বেগতকৈ বহু পিছ পৰি ৰয়
খোজৰ বেগ।
কওঁ কওঁ বুলিও ক'বলৈ থাকি যায়
মনৰ কথা।
কেতিয়াবা হতাশাৰ ছবি আঁকি
মনৰ আকাশত উৰি ফুৰে মেঘ
এচেৰেঙা ৰ'দ ওলাব খোজোতেই
ভাহি আহে দুখৰ ডাৱৰ।
টুকুৰা টুকুৰ সপোনবোৰ
হেৰাই যায় চকুপানী ঢাকি ৰখা
হাঁহিটিৰ আঁৰত।
বুকুৰ মাজত এখন মহাৰণ
ছটফটাই থাকে জীয়া কলিজা
কওঁ বুলি ক’ব নোৱাৰাৰ বেদনাত
উচুপি উঠে সময়
যেন থমকি ৰৈ যাব ওঁঠৰ মাজত অনন্ত কাল।
অভিনয়ৰ সজ্জা সনা চকু-মুখত শুই থাকে
এক প্ৰচণ্ড ক্ষোভৰ জুই।
কওঁ কওঁ বুলিও কোৱা নহয় বহু কথা৷
কঁপি উঠা ওঁঠৰ মাজতে হেৰাই যায়
ক'ব নোৱাৰা কথাবোৰ
চিৰদিন চিৰকাল৷
উভতি বয় সোঁৱৰণিৰ নৈ
ঢৌবোৰ বুকুত লৈ
নদী বৈ যায় নিৰবধি।
সময় নদীৰ অবিশ্ৰান্ত গতি
সোঁৱৰণি নদী বয় উভতি৷
কোবাল নহয় গতি
তথাপি খহাই নিয়ে
বখলা বখলে বুকুৰ গঢ়া৷
উচুপনি হৈ নিঠৰুৱা হৈ পৰে হৃদয়ৰ ভাষা৷
হেৰাই যায় নিমিষতে ওঁঠৰ আলফুলীয়া হাঁহি৷
সোঁৱৰণি মানেই ওভতনি,
ওভতনি মানেই নিঃসংগতা৷
সোঁৱৰণি আহিব নোৱাৰে বুলিতো কথা নাই৷
নিজেই নিজৰ লগত কথা পাতি
নিজৰ স’তে মিলি
উভতি যোৱাৰ ক্ষণত
কাৰোবাৰ অভয় বাণীত
পাৰি জানো পাহৰিব
গড়া খহাৰ দুখ হৃদয় নদীৰ?
পাৰি জানো বাধা দিব ওভতনি গতি?
English translation of the poems.