আপুনি যদি অৰণ্যখন
আপুনি যদি অৰণ্যখন হেৰুৱাইছে
গঢ়ি ল'ব পাৰে এখন অৰণ্য
সাজি ল'ব পাৰে এটা বাট সেওঁতাৰে
বুকু জুৰাই ল'ব পাৰে এজাক বতাহ
দেউদি ফুৰিব পাৰে সপোনবোৰ বুকুৱে বুকুৱে
শব্দৰ সেউজীয়া উপত্যকাত।
আপুনি যদি হেৰুৱাইছে অৰণ্যখন
অভিমানৰ ডাৱৰৰ মাজত
বাজি উঠিব পাৰে হৃদয় বাঁহী
ভৰি উঠিব পাৰে নৈখন ফেনে ফুটোকাৰে
ভৰ বাৰিষাৰ দৰে।
গুণগুণাই উঠিব পাৰে ফেহুঁজালি
চৰাইবোৰৰ ছন্দোময় কাকলিত
ফুলি উঠিব পাৰে ফুলো নুফুলো ফুলবোৰ
নিখুঁত প্ৰেমৰ চুবুৰিত।
শোৱনি কোঠাৰ খিৰিকীৰে তন্দ্ৰাচ্ছণ্ণ অৰণ্য
হৈ উঠিব পাৰে লাস্যময়ী চিনাকি চৌহদ
হৈ উঠিব পাৰে সময়বোৰ বিলাসী
হৈ পৰিব পাৰে চঞ্চল বিউটী পাৰ্লাৰ
জ্বলি উঠিব পাৰে হীৰা কি মুকুতা।
চহৰখন মিলি যাব পাৰে ওঁঠৰ ৰঙত
হাঁহো নেহাঁহোকৈ হাঁহিব স্নিগ্ধ জোনাক
আপুনি যদি অৰণ্যখন হেৰুৱাইছে
গঢ়ি উঠিব পাৰে জৈৱিক অজৈৱিক জীৱন বীক্ষা
হ'ব পাৰে ৰঙীন আভাৰ ওৰণিৰে আপোনাৰ পৃথিৱী
আহাঁ ড'ড চৰাই হওঁ
সৌ পাহাৰটোৰ পৰা ইয়ালৈ আহিছিলো চৰাইৰ ঠোঁতত
এদিন গছ হৈ সাৱটিলো সেউজীয়া
পুলিটোৱে হাঁহিলে
বহু দিন ল'ব পৰা নাই দীঘল উশাহ
কংক্ৰিটৰ অৰণ্যত
দিনে নিশাই মোৰ কাষেদি অহা যোৱা যান বাহনৰ শব্দ
গেছ,ধূলি ধোঁৱাত বিষাক্ত মোৰ উশাহৰ বাট।
বহু দিন হ'ল আকাশ নেদেখা
বিচাৰি ফুৰিছো নীলা আকাশ
কেৱল চৰাইজাকে জানে
মোৰ বুকুতে কৰে কোহাল
সপোন দেখা তিৰোতা জনীয়ে ক'লে
আঁহা সৌ সেউজীয়া পাহাৰটো হওঁ
আহাঁ বৰষুণ এজাক হওঁ
নদী এখন হওঁ আহাঁ
আহাঁ ড'ড চৰাই হওঁ।
আহাঁ --
English translation of the poems.