অনু: প্ৰকল্প ৰঞ্জন ভাগৱতী
মাহমুড ডাৰউইশ্ব (১৯৪১-২੦੦৮) এগৰাকী পেলেষ্টাইনী কবি৷ তেওঁক আৰবী ভাষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কবি বুলি গণ্য কৰা হয়৷ জীৱনকালত তেওঁৰ ডেৰকুৰিৰো অধিক কবিতা-সংকলন প্ৰকাশ পাইছিল৷
এথেন্স বিমানবন্দৰ
এথেন্স বিমানবন্দৰে আমাক আন বিমানবন্দৰবোৰলৈ পঠিয়াই দিয়ে৷ মই ক’ত যুদ্ধ কৰিব পাৰোঁ? যোদ্ধাজনে সোধে৷
তোমাৰ শিশুটিক মই ক’ত থৈ আহিব পাৰোঁ? এগৰাকী গৰ্ভৱতী তিৰোতাই চিঞৰি উত্তৰ দিয়ে৷
মই মোৰ ধন ক’ত বিনিয়োগ কৰিব পাৰোঁ? বিষয়াজনে সোধে৷
এয়া মোৰ কাম নহয়, বুদ্ধিজীৱীজনে কয়৷
আপুনি ক’ৰপৰা আহিছে? শুল্কবিভাগৰ বিষয়াজনে সোধে৷
আৰু আমি উত্তৰ দিওঁ: সাগৰখনৰপৰা!
আপোনালোক ক’লৈ যাব?
সাগৰখনলৈ, আমি উত্তৰ দিওঁ৷
আপোনাৰ ঠিকনাটো কওকচোন?
আমাৰ দলটোৰ এগৰাকী মহিলাই কয়: মোৰ গাঁও হ’ল মোৰ পিঠিত থকা টোপোলাটো৷
আমি এথেন্স বিমানবন্দৰত কেইবা বছৰো অপেক্ষা কৰিলোঁ৷
এজন যুৱকে এজনী ছোৱালীক বিয়া কৰালে৷ কিন্তু ফুলশয্যাৰ বাবে সিহঁতৰ কোনা ঠাই নাছিল৷
তেওঁ সোধে: ক’ত মই তাইক ভাল পাব পাৰোঁ?
আমি হাঁহো আৰু কওঁ: সেইটো প্ৰশ্নৰ বাবে এয়া সঠিক সময় নহয়৷
বিশ্লেষকজনে কয়, জীয়াই থাকিবলৈ, সিহঁত ভুলবশতঃ মৰে৷
সাহিত্যিকজনে কয়: আমাৰ শিবিৰৰ নিশ্চিতভাৱে পতন ঘটিব৷
সিহঁতে আমাৰপৰা কি বিচাৰে?
এথেন্স বিমানবন্দৰে যাত্ৰীসকলক অন্তহীন স্বাগতম জনায়৷
তথাপি, টাৰ্মিনেলৰ বেঞ্চবোৰৰ নিচিনাকৈ, আমি সাগৰৰ বাবে ধৈৰ্যহীনভাৱে প্ৰতীক্ষা কৰিবলৈ থাকি যাওঁ৷
আৰু কিমান বছৰৰ অপেক্ষা, অ’ এথেন্স বিমানবন্দৰ?
(ইংৰাজী অনুবাদক: মুনিৰ আকাশ আৰু কেৰোলিন ফৰ্চী৷ ইংৰাজী শিৰোনাম: ‘Athens Airport’)
মই সপোন দেখিবলৈ শুই নাথাকোঁ
মই সপোন দেখিবলৈ শুই নাথাকোঁ,
তাই তাক ক’লে৷ মই শোওঁ তোমাক পাহৰিবলৈ৷
ৰেচমী কাপোৰত নীৰৱে,
অকলশৰে শুই থকাটো কিমান যে ভাল৷
প্ৰত্যাহাৰ কৰা, যাতে মই তাত তোমাক অকলশৰে
চাব পাৰোঁ৷ মই তোমাক পাহৰি গ’লে মোৰ কথা ভাবিবা৷
তুমি নথকা বাবে মই কোনো কষ্ট অনুভৱ নকৰোঁ;
না ৰাতিয়ে না তোমাৰ ওঁঠযুৰিয়ে মোৰ বুকুত আঁচ বহুৱায়৷
মই মোৰ শৰীৰতে শোওঁ, কাৰো সৈতে ভগাই নোলাৱাকৈ৷
না তোমাৰ হাতে না তোমাৰ ভৰিয়ে মোৰ পোছাক ফালে৷
তোমাৰ ভৰিয়ে মোৰ বুকুত ৰাইফলৰ নিচিনাকৈ আঘাত কৰে
যেন তুমি দুৱাৰহে জপাইছা৷
তোমাৰ অনুপস্থিতিত মোৰ একোৰে প্ৰয়োজন নাই৷
মোৰ স্তনযুগল মোৰ নিজা, মোৰ নাভি, মোৰ দেহৰ মাহবোৰ, মোৰ দেহৰ তিলবোৰ
মোৰ হাতদুখন আৰু মোৰ ভৰিদুখন মোৰ নিজা৷
মোৰ সকলোবোৰ মোৰ৷
তুমি তোলা কামোত্তেজক ফটোবোৰ ৰাখি থোৱা,
প্ৰবাসত তোমাৰ মনোৰঞ্জনৰ বাবে সেইবোৰ লৈ যোৱা,
আৰু অন্তিম মদিৰা এপিয়লাৰ দৰে
তোমাৰ কল্পনাবোৰ তুলি ধৰা৷ কোৱা, যদি তুমি ইচ্ছা কৰা, সেই আৱেগ নশ্বৰ৷
কিন্তু মই মোৰ শৰীৰৰ কথা শুনিম,
নীৰৱে, চিকিৎসকৰ নিচিনাকৈ৷ তোমাৰ অনুপস্থিতিত
একোৱেই মোক কষ্ট নিদিয়ে, কেৱল অস্তিত্বৰ বিচ্ছিন্নতাৰ বাদে!
(ইংৰাজী অনুবাদক: মোহম্মদ শ্বাহিন৷ ইংৰাজী শিৰোনাম: ‘I Do Not Sleep to Dream’)