তিনি ‘ক’ : কবিতা, কৃত্ৰিম বুদ্ধিমত্তা আৰু কলমৰ পাপ

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

এক

জীৱনটোক চেকনিখনৰ মাজেৰে পাৰ হৈ যাব দিলে, চেকনিৰ ওপৰত যিখিনি অৱশিষ্ট ৰৈ যায়, তাতেই থাকে কবিতাৰ সকলো সমল, সাৰমৰ্ম৷ পাৰ হৈ যোৱাখিনি বাহুল্য, ৰৈ যোৱাখিনি জীৱনৰ সমস্ত উপলব্ধিৰ প্ৰগাঢ় ৰূপ৷ কবিতাবোৰ লিখে জানো কবিয়ে? এনে এটা প্ৰশ্নক লৈয়ো মোৰ মনত কত যে সংশয়৷ পৃথিৱীৰ একমাত্ৰ কবিতাটো নিৰন্তৰ লিখি আছে সময়ে, যেন সেয়া এক কবিতা নহয়, ৰং-বিৰঙী এটা শেষ নোহোৱা বোঁৱতী নৈ, ক’ৰ পৰা আহিছে ক’লৈনো গৈ আছে নাজানে কোনোৱে৷ অথবা এখন ছবি যিখন কেতিয়াও শেষ নহয়৷ পাৰলৈ গৈ চুই চাইছোঁ সেই নৈৰ পানী অথবা আঙুলি এটা লগাই দিছোঁ কেনভাছত৷ অকণমান ৰং লাগি আহিছে হাতত৷ তাকেই লৈ কি অহঙ্কাৰ কবিৰ– চোৱা চোৱা কিদৰে ৰঙেৰে বোলাইছোঁ মোৰ হাতৰ আঙুলি৷ কবিসকল এক অহঙ্কাৰী প্ৰজাতি৷ সময়ৰ ৰং চুৰি কৰি নিজৰ বুলি জহাই ভালপোৱা আত্মকেন্দ্ৰিক চোৰ৷ সময় ইমান উদাৰ আৰু বিশাল যে ক্ষমা কৰি দিয়ে আত্মপ্ৰেমী তুচ্ছ কবিক৷ কোনো কবিয়ে প্ৰকৃততে কবিতা নিলিখে৷ তেওঁ মাথোঁ নিজৰ চকুৰে সময়ে অঁকা ছবিখন জুপি জুপি চায়, ডুব দিয়ে বোঁৱতী নৈত৷ কি দেখিলে, কি চুই চালে, কি আৱিষ্কাৰ কৰিলে ক’বলৈ চেষ্টা কৰি আৱিষ্কাৰ কৰে যে সঠিককৈ সকলো ক’ব পৰা ভাষা এতিয়াও নিৰ্মাণেই হোৱা নাই৷ আৰম্ভ হয় তেওঁৰ বিনিদ্ৰ ৰজনী, যন্ত্ৰণা, সংগ্ৰাম৷ সেই যন্ত্ৰণাৰ পৰা মুক্তি পাবৰ বাবেই কবিয়ে এটাৰ পিছত আনটো কবিতা লিখি যায়৷ মোৰো লিখাৰ কাৰণ একেটাই৷ মোৰ বিশ্বাস হয় কবিতাই মোক এদিন এজন সুন্দৰ মানুহ কৰি তুলিব৷ প্ৰতিটো কবিতাই মোক সোঁৱৰাই দিয়ে যে এটা সুন্দৰ কবিতাতকৈও এজন সুন্দৰ মানুহৰ মূল্য বেছি৷ কবিতা মোৰ মগজুতকৈ হৃদয়ৰ অধিক কাষ চপা৷ এয়া মোৰ অকপট স্বীকাৰোক্তি৷ কিন্তু বিজ্ঞানে হৃদয়ৰ পৰা কবিতাক আঁজুৰি লৈ যাব নেকি?

দুই

বিজ্ঞানৰ মানুহ কাৰণেই বিজ্ঞানৰ নতুন নতুন বিস্ময়ৰ খবৰ ৰাখোঁ৷ সেই বাবেই চাগে’ মনত উদয় হৈছে এক প্ৰশ্ন: কৃত্ৰিম বুদ্ধিমত্তাই মোৰ হৃদয়ৰ পৰা কবিতাক কাঢ়ি নিব নেকি! কবিতা হৈ পৰিব নেকি এক যান্ত্ৰিক কছৰৎ! ভাব হয়, হয়তো কবিতা ইতিহাসৰ এক বিৰল সন্ধিক্ষণত উপনীত হৈছে যাৰ পিছত কবিতাৰ স্ৰষ্টা অকল হৃদয়ৱান মানুহেই হৈ নাথাকিব, সেই কবি-মানুহৰ সঙ্গী হৈ পৰিব কোনো বিজ্ঞানী, কোনো যন্ত্ৰ৷ যেতিয়ালৈকে সঙ্গী হৈ থাকে, তেতিয়ালৈ হয়তো কবিতাৰ ৰেহ-ৰূপক লৈ বৰ বেছি শঙ্কিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু শঙ্কা হয় সেই বিজ্ঞানী বা যন্ত্ৰই যদি কবিক আঁতৰাই কবিৰ আসনত নিজেই নিগাজিকৈ বহি লয়৷ কৃত্ৰিম বুদ্ধিমত্তাই অৱশেষত কি ৰূপ ল’ব, কবিতাৰ ক্ষেত্ৰত কি ভুমিকা গ্ৰহণ কৰিব, সেয়া এতিয়াও অনিশ্চিত, মানুহৰ সৃজনশীলতা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সীমাৰেখাডাল যেন লাহে লাহে ধুসৰ হৈ আহিছে৷ এই শঙ্কাও আৰম্ভ হৈছে যে পূৰ্বসূৰীৰ আঙ্গিক, ভাবাৰ্থ, গঠন নিৰ্ভুলভাৱে অনুসৰণ কৰি দ্ৰুত বেগেৰে  বিপুল আয়তনৰ কবিতাৰ সৃষ্টিৰে কৃত্ৰিম বুদ্ধিমত্তাই কবিতাক ৰূপান্তৰিত কৰিব নেকি এক পণ্যলৈ৷ মানুহৰ কবিতা আৰু কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট কবিতা বাছি উলিওৱাটো জানো সাধাৰণ পঢ়ুৱৈৰ বাবে সহজ হ’ব, কবিয়ে জানো নিজৰ অস্তিত্ব সাব্যস্ত কৰিবৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বিজয়ী হ’ব লাগিব? এই ৰণত কবিৰ অস্ত্ৰ হ’ব কি? এইবোৰ কবিতাক লৈ হোৱা কিছু নতুন প্ৰশ্ন৷

এই সকলো প্ৰশ্নৰ সঠিক সমিধান নাজানো৷ কিন্তু নিজকে সান্ত্বনা দিছোঁ এইদৰে: কবি আৰু বিজ্ঞানৰ সহযোগত এক নতুন কবিতাৰ জন্ম হ’ব, যি হ’ব মসৃণ আৰু সুমধুৰ, সাঙ্গীতিক, কাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কবিতাৰ খচৰাৰ সম্পাদনা হ’ব অধিক নিখুঁত৷ বিজ্ঞানৰ অৱদান কৃত্ৰিম বুদ্ধিমত্তাই কবিৰ সৃজনশীলতাক অকল্পনীয় অভিনৱত্ব প্ৰদান কৰাৰ লগতে ইয়াক সহজতে বিয়পাই দিব দূৰ সুদূৰৰ অগম্য অঞ্চললৈ৷ প্ৰতিযোগী হিচাপে নহয়, ভৱিষ্যতৰ কবিয়ে বিজ্ঞান-প্ৰদত্ত কৃত্ৰিম বুদ্ধিমত্তাক গ্ৰহণ কৰিব সহযোগীৰ ৰূপত, চৰ্বিতচৰ্বন চিন্তা-ভাৱনা আৰু ক্লিশে হৈ পৰা আঙ্গিকেৰে ভাৰাক্ৰান্ত কবিতাই স্বাভাৱিকভাৱেই আবৰ্জনা(অকবিতা)ৰ ৰূপত বৰ্জিত হ’ব আৰু দুৱাৰ খুলি দিব এক মৌলিক চিন্তা আৰু নিজা ছিগনেশ্যাৰেৰে সমূজ্জল কবিতাৰ এক নতুন জগতলৈ৷ কবিতা হ’ব আৰু অধিক মৌলিক, কাৰণ ই সমৃদ্ধ হ’ব লাগিব নিজা অভিজ্ঞতা, সততা, আৱেগিক তাড়না, উপলব্ধি, চিত্ৰকল্প, অনুভূতিৰ ঘনত্ব, সূক্ষ্ম দৃষ্টি, ৰসবোধ, ব্যাকৰণকো অতিক্ৰম কৰাৰ সাহস, শব্দত নতুন অৰ্থ আৰোপৰ দক্ষতা আৰু ইঙ্গিতেৰে৷ প্ৰকৃতাৰ্থত কবিতা হ’ব কবিৰ নিজৰ আত্মাৰ স্বৰ৷ হৃদয়ৰ স্পন্দন৷ কবিতা কি, তাৰ উত্তৰৰ বাবে আনৰ উদ্ধৃতি আওৰোৱাৰ জ্ঞানী অভ্যাস এতিয়া অৰ্থহীন৷ সেই কাম এতিয়া কৃত্ৰিম বুদ্ধিমত্তাই হাজাৰ গুণ বিস্তৃতিৰে কৰিব পাৰিব লক্ষ লক্ষ গুণ দ্ৰততাৰে৷ নতুন চিন্তা, উপলব্ধি আৰু মৌলিকতা হ’ব বিজ্ঞান আৰু কবিৰ সমন্বয়ত ধীৰে ধীৰে গঢ় লৈ উঠিবলৈ আৰম্ভ কৰা নতুন কবিতাৰ জগতৰ মূল উপাদান৷ কবিতাৰ সেই নতুন জগতখনত অচিৰেই যে অসমৰ কবিয়েও চুচুক-চামাককৈ প্ৰৱেশ কৰিব, সেয়া নিশ্চিত৷ কিজানি আমাৰ অজানিতে কোনোবাই ভৰি দিছেই, কাৰণ নতুন প্ৰজন্ম এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে পৰিচিত, হয়তো অভ্যস্তও৷

Also read: ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী: ‘পঢ়ুৱৈৰ দৃষ্টিত কবিতা’

যিয়েই নহওক কিয়, কবিতাক হৃদয়ৰ পৰা যেন কৃত্ৰিম বুদ্ধিমত্তাই আঁতৰাই লৈ নাযায়, কলমে যেন কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তিৰে বলিয়ান হৈ পাপ নকৰে৷ কলমৰ পাপক লৈ লিখা এটা কবিতাৰে ৰচনাখন সামৰোঁ৷

তিনি

Also read: ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী: পক্বকেশীৰ অন্তৰ্দৃষ্টি : ‘মই সত্যক বিচাৰি আছোঁ’