পাৰিপাৰ্শ্ব-আধ্যাত্মিকতা আৰু কবি শংকৰদেৱ

“সকলে প্ৰাণীক দেখিবেক আত্ম সম”

জ্যোতিষ্মান দাস

বিংশ শতিকাৰ সত্তৰ দশকৰ আৰম্ভণিতে নৰৱে’ৰ বিশিষ্ট দাৰ্শনিক আৰ্নে নেচে(Arne Næss) পৰিৱেশতন্ত্ৰ সম্পৰ্কে আগবঢ়োৱা ব্যাখ্যাই (বিশেষকৈ ‘গভীৰ পৰিৱেশতন্ত্ৰ’ আৰু ‘অগভীৰ পৰিৱেশতন্ত্ৰ’ৰ ধাৰণাই) পৰিৱেশ সম্পৰ্কীয় সমকালীন চিন্তা-চৰ্চাত যি আলোড়নৰ সৃষ্টি কৰিছিল, তাৰ পৰাই সূচনা হয় পৰিৱেশ সজাগতাৰ এক নতুন পৰ্ব (দ্ৰষ্টব্য : ‘‘The shallow and the deep, long-range ecology movement: A summary’’, January, 1973)৷ মানুহৰ স্বাৰ্থত প্ৰকৃতি সংৰক্ষণৰ ‘নৃকেন্দ্ৰিক’(Anthropocentric) দৃষ্টিভংগীক ‘অগভীৰ পৰিৱেশ চেতনা’ হিচাপে প্ৰত্যাহ্বান জনাই গভীৰ পৰিৱেশতন্ত্ৰৰ ধাৰণাই সমগ্ৰ পৃথিৱীক পৰস্পৰ অবিচ্ছিন্ন এক সত্তা হিচাপে কৰা আন্তৰিক উপলব্ধিক প্ৰতিনিধিত্ব কৰে৷পৃথিৱীৰ স্বাৰ্থত, জৈৱ-বৈচিত্ৰ্যৰ স্বাৰ্থত প্ৰকৃতিৰ সংৰক্ষণৰ বাবে আৰম্ভ হোৱা এয়া আছিল চিন্তা-চেতনাৰ এক নতুন খোজ, এক বৌদ্ধিক আন্দোলন৷ পৃথিৱীৰ প্ৰতিটো জৈৱিক আৰু অজৈৱিক উপাদানৰ মাজত থকা আন্তঃসংযোগ আৰু পৰস্পৰ-নিৰ্ভৰশীলতাক স্বীকাৰ কৰি বিশ্ব-প্ৰকৃতিৰ উপলব্ধিক গভীৰ পৰিৱেশতন্ত্ৰৰ দৰ্শনে এক আধ্যাত্মিক বিস্তৃতি প্ৰদান কৰিলে৷ সেয়েহে ফ্ৰিজফ্ কেপ্ৰা (Fritjof Capra) আৰু পীয়েৰ লুইচিয়ে (Pier Luigi Luisi)The Systems View of Life: An Unifying Vision (২੦১৪) শীৰ্ষক গ্ৰন্থত পৰিৱেশ-চেতনা আৰু আধ্যাত্মিকতাৰ পাৰস্পৰিক সম্পৰ্কৰ আভাস দি লিখিছেঃ ‘‘Ecological literacy involves not only the intellectual understanding of the basic principles of ecology but also the deep ecological awareness of the fundamental interdependence of all phenomena and of the fact that, as individuals and societies, we are embedded in, and dependent upon, the cyclical processes of nature. And since this awareness, ultimately, is grounded in spiritual awareness.’’ (Cambridge UP, p.149)

পৰিৱেশ-তন্ত্ৰ আৰু মানৱীয় সত্তাৰ মাজত থকা আধ্যাত্মিক সম্পৰ্কক নিৰ্দেশ কৰিবলৈ সাম্প্ৰতিক সময়ত ‘পাৰিপাৰ্শ্ব-আধ্যাত্মিকতা’ (Ecospirituality) শব্দটোৰ বহুল প্ৰয়োগ পৰিলক্ষিত হয়৷ ৰাচ্চেল হিলাৰে (Rachel Wheeler) তেওঁৰ Ecospirituality: An Introduction (Fortress Press, 2022) গ্ৰন্থত ‘পাৰিপাৰ্শ্ব-আধ্যাত্মিকতা’ৰ ধাৰণা স্পষ্ট কৰি লিখিছে– ‘‘..ecological spirituality or ecospirituality describes how one relates to the sacred within the context of our natural, global, and even cosmic ecosystems (or homes) of which we all form a part.’’ অথবা ভেলেৰি লিংকনে (Valerie Lincoln) কোৱাৰ দৰে পাৰিপাৰ্শ্ব-আধ্যাত্মিকতাক “a manifestation of the spiritual connection between human beings and the environment” (‘‘Ecospirituality’’. Journal of Holistic Nursing. 2000, 18(3): 227-44) বুলিবও পাৰি৷ পৰম্পৰাগত ধৰ্মীয় দৰ্শনৰ মাজত এনে উপলব্ধিৰ উপস্থিতি আধুনিক গৱেষকৰ বাবে কৌতূহল আৰু অনুসন্ধিৎসাৰ বিষয় হৈ আহিছে৷ শেহতীয়াকৈ ধৰ্মীয় দৰ্শনৰ মাজত অন্তৰ্নিহিত হৈ থকা পৰিৱেশ-চেতনাৰ অধ্যয়নে বৌদ্ধিক পৰিসৰত বিশেষ গুৰুত্ব লাভ কৰিছে৷

হিন্দু ধৰ্মীয় দৰ্শনতো ঈশ্বৰৰ সাৰ্বজনীন উপস্থিতিৰ আন্তৰিক উপলব্ধিৰ মাজেৰে এক গভীৰ পাৰিপাৰ্শ্বিক ভাবাদৰ্শৰ উপস্থিতি পৰিলক্ষিত হয়৷ এই প্ৰসংগত উপনিষদসমূহৰ কথা সৰ্বপ্ৰথমেই উল্লেখনীয়৷ বৃহদাৰণ্যক উপনিষদত প্ৰকৃতিকেই ঈশ্বৰৰ শৰীৰ বুলি অভিহিত কৰা হৈছে–‘‘…nature is the body of God, who is its soul. Earth, water, fire, ether, the sun, the moon, the stars, the sky, the quarters, the rivers, the mountains, in fact all beings, all creatures, all life, all senses, all speech, all minds are the body of God, God is immanent in them all and controls them from within and holds them together.’’ (Chandradhar Sarma,Critical Survey of Indian Philosophy, 1964, p.28)। শেহতীয়াকৈ ডেভিদ গছলিং(David L. Gosling)ৰ Religion and Ecology in India and Southeast Asia (২੦੦১), পংকজ জৈনৰ Dharma and Ecology of Hindu Communities (২੦১১) আদিৰ দৰে গ্ৰন্থত ভাৰতীয় ধৰ্মীয় দৰ্শনৰ মাজত অন্তৰ্নিহিত পৰিৱেশ-চিন্তাৰ সন্দৰ্ভত বিস্তৃত আলোচনা হৈছে৷ অসমৰ সমাজ-জীৱনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ শংকৰদেৱ-চৰ্চাতো এইধৰণৰ দৃষ্টিকোণে গুৰুত্ব লাভ কৰাটো শেহতীয়াকৈ বিভিন্ন মাধ্যমত পৰিলক্ষিত হয়৷ নিঃসন্দেহে ভাগৱত-পুৰাণৰ একেশ্বৰবাদী ধৰ্মীয় দৰ্শনক আধাৰ কৰি লোৱা শংকৰদেৱৰ পাৰিপাৰ্শ্বিক দৃষ্টিভংগী হিন্দুধৰ্মীয় দৰ্শনৰ মহাসমুদ্ৰৰ আশ্ৰয়তে গঢ় লৈ উঠিছে৷ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে ক’বৰ দৰে ‘‘…শংকৰদেৱৰ ৰচনালৈ আহিছে বেদ, উপনিষদ, ভাগৱত-পুৰাণ, বিষ্ণু-পুৰাণ, মাৰ্কণ্ডেয়-পুৰাণ, গৰুড়-ব্ৰহ্ম-পুৰাণ, হৰিবংশ, পদ্ম-পুৰাণ, বিষ্ণুধৰ্মোত্তৰ-পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, বামন-পুৰাণ, স্কন্দ-পুৰাণ আৰু ভাগৱত-ভাৱাৰ্থ-দীপিকা প্ৰভৃতি বিভিন্ন গ্ৰন্থৰ নিৰ্যাস৷’’(‘শংকৰদেৱ চৰ্চা’, প্ৰবন্ধ, লয়াৰ্ছ, ২০১৯, পৃ.২৩) শংকদেৱৰ পাৰিপাৰ্শ্বিক দৃষ্টিভংগী এই উপনিষদীয় দৰ্শনৰ পৰাই আহৃত৷ কিন্তু শংকৰদেৱে নিজা উপলব্ধি আৰু অনুভৱেৰে ব্ৰহ্মৰ সাৰ্বজনীন আৰু সৰ্বব্যাপ্ত স্বৰূপৰ যি ৰূপায়ণ তেওঁৰ ‘magnum opus’ কীৰ্তনৰ অন্তৰ্গত ‘হৰমোহন’ অথবা ‘ৰাসক্ৰীড়া’ৰ মাজেৰে কৰিছে, সেয়া তেওঁৰ মৌলিকত্বৰ নিৰ্দশন হোৱাৰ লগতে গভীৰ পাৰিপাৰ্শ্বিক দৰ্শনৰো সাৰ্থক প্ৰকাশ৷ ‘হৰমোহন’ৰ দ্বিতীয় কীৰ্তনৰ আৰম্ভণিতেই পশু, পক্ষী, তৰু, তৃণৰ মাজত ঈশ্বৰৰ সৰ্বাত্মক উপস্থিতিৰ উপলব্ধি বিবৃত হৈছে এনেদৰে :

‘হৰমোহন’ সম্পৰ্কে মহেশ্বৰ নেওগে সঠিকভাৱেই কৈছিল: It is one of the best pieces of poetry in all Sankaradeva. His descriptive power seems to be at its best here. (Sankaradeva and His Times, LBS Edition, 2021, p.169)। ‘হৰমোহন’ৰ তৃতীয় কীৰ্তনৰ ‘দিব্য উপবন’ৰ প্ৰকৃতি বৰ্ণনাই শংকৰ পুৰুষৰ কবিত্ব প্ৰতিভাৰ মহত্ত্বকেই কেৱল প্ৰতিনিধিত্ব কৰা নাই, এয়া প্ৰকৃতি আৰু পাৰিপাৰ্শ্বৰ প্ৰতি শংকৰদেৱৰ দাৰ্শনিক প্ৰেম-উপলব্ধিৰো অভূতপূৰ্ব চানেকি৷ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ ভাষাত: ‘…মূল ভাগৱতত নথকা (এয়া) এক অনন্য কবিকল্পনা৷ ভাগৱতৰ এটা মাত্ৰ শ্লোক ‘ততো দদৰ্শপৱনে..’’(৮.১২.১৮)ৰে প্ৰেৰণা লৈ আমাৰ কবিয়ে সৃষ্টি কৰিলে এই অসাধাৰণ কলাকৰ্ম৷ ‘‘কুহু কুহু ধ্বনি কোকিলৰ শুনি বহয়া মলয়া বাৱ’’ : কুলিৰ মৌ-বৰষা মাত শুনি মলয়া-বা ধীৰে ধীৰে বৈ থাকে তাত৷ অলৌকিক উদ্যান এয়া৷ (‘‘প্ৰকৃতি আৰু শংকৰদেৱ’’, প্ৰবন্ধ, পৃ.৫৩) :

‘হৰমোহন’ৰ ‘দিব্য উপবন’ৰ এই অপূৰ্ব বৰ্ণন শংকৰ-প্ৰতিভাৰ উজ্জ্বল চানেকি৷ হীৰেন গোহাঁয়ে কোৱাৰ দৰে এই বৰ্ণনাৰ নেপথ্যত লোকসাহিত্যৰ (‘‘বনগীত-বিহুগীতৰ সহজ-সৰল প্ৰকৃতি বৰ্ণনা আৰু দৈহিক আনন্দৰ প্ৰকাশ যেন এইবোৰ কবিতাৰ শাৰীত মাৰ্জিত ৰূপত প্ৰতিধ্বনিত হৈছে’’) অনুপ্ৰেৰণাৰ উপস্থিতিক অৱশ্যে নুই কৰিব নোৱাৰি (‘মানুহ শংকৰদেৱ’, হীৰেন গোহাঁই ৰচনাৱলী, প্ৰথম খণ্ড, পৃ. ২৬০)। শংকৰদেৱৰ সৃষ্টিৰাজিত লোক-পৰম্পৰা আৰু সমকালীন সংস্কৃতিৰ ছাপো সূক্ষ্ম ৰূপত বিৰাজমান (পঠনীয় : ‘হৰমোহনৰ সামাজিক উৎস’ : ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী)৷ কবি অজিৎ বৰুৱাই ‘‘শ্ৰীশ্ৰী শংকৰদেৱৰ ‘হৰমোহন’ত উল্লিখিত গছ ফুল’’ শীৰ্ষক এটি সাৰগৰ্ভ প্ৰবন্ধত ‘হৰমোহন’ত উল্লেখ থকা গছ আৰু ফুলসমূহৰ এক পৰিচয়জ্ঞাপক বিৱৰণ প্ৰণালীবদ্ধভাৱে দাঙি ধৰিছে৷ তেওঁ শংকৰ-বৰ্ণিত এই উদ্যান সন্দৰ্ভত আগবঢ়োৱা এষাৰ মন্তব্য প্ৰণিধানযোগ্য৷ তেওঁ লিখিছে : ‘‘শ্ৰীশংকৰদেৱৰ অলৌকিক উদ্যানৰ আটাইতকৈ লক্ষ্যণীয় বিশেষত্ব হৈছে যে এই উদ্যানত জাৰকালি ফুলা, বসন্তকালত ফুলা আৰু জহকালি ফুলা সকলো ফুলেই একেলগে আছে৷ যেনেকৈ ধৰ্ম-দাৰ্শনিকসকলৰ কল্পনাত ত্ৰিকাল অৰ্থাৎ ভূত, ভৱিষ্যৎ আৰু বৰ্তমান, একেলগে বৰ্তমান৷’’ (বিভিন্ন প্ৰবন্ধ, ১৯৯৯, পৃ.৩৪) এনেদৰেই প্ৰকৃতিক আধ্যাত্মিক উপলব্ধিৰ আধাৰ হিচাপে গণ্য কৰা শংকৰদেৱে প্ৰকৃতি আৰু মানৱীয় চেতনাৰ আন্তঃসম্পৰ্কৰ যি নান্দনিক ৰূপায়ণ তেওঁৰ সাহিত্যৰাজিত কৰিছে, সেয়া হৈ পৰিছে শংকৰদেৱৰ কবি-প্ৰতিভাৰ অন্যতম ঐশ্বৰ্য৷ কীৰ্তনৰ ‘ৰাসক্ৰীড়া’ৰ মাজেৰেও তেওঁ নিৰ্মাণ কৰিছে ‘চেতনাময়’ প্ৰকৃতি আৰু মানৱীয় সত্তাৰ অভিন্নসম্পৰ্ক-সূত্ৰ৷ শৰৎকালৰ বিতোপন ৰাত্ৰিত শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰৰ প্ৰতি প্ৰৱহমান নদী অথবা গগনচুম্বী পৰ্বতমালায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, গছ-লতিকা-পশু-পক্ষীসৱেও এই মায়াময় উৎসৱত অংশগ্ৰহণ কৰিছে; ‘প্ৰকৃতিৰ মানৱায়ন’ৰ ৰোমাণ্টিক আৱেদনৰেই এয়া যেন প্ৰাচীন অমিয়া ঝংকাৰ:

জৈৱিক-অজৈৱিক সকলো উপাদানৰ মাজতে ‘চেতনা’ আৰু ঈশ্বৰৰ উপস্থিতিৰ উপনিষদীয় বিশ্বদৃষ্টি শংকৰদেৱৰ সৃষ্টিৰ মাজেৰে এনেদৰেই বলিষ্ঠ ৰূপত প্ৰকাশিত হৈছে৷ সকলো প্ৰাণীকেই ‘আত্ম’ৰ (self) সৈতে অভিন্ন ৰূপত অনুধাৱন কৰাটোৱেই পাৰিপাৰ্শ্ব-আধ্যাত্মিকতাৰ প্ৰধান দৰ্শন, যি দৰ্শন শংকৰদেৱৰ পৰিপাৰ্শ্ব-চেতনাৰ অন্যতম দিশ৷ গভীৰতম এই চেতনাপ্ৰসূত আৱাহন:

নৃকেন্দ্ৰিক অধিক্ৰমিক-বিন্যাসৰ(Hierarchical Structure) গাঁথনি ভাঙি শংকৰদেৱে তেওঁৰ দৈৱিক-সংগীত (‘‘Song Celestial’’) ‘বৰগীত’ৰ মাজেৰেও প্ৰকাশ কৰিছে গভীৰ পাৰিপাৰ্শ্বিক চেতনাৰ জৈৱকেন্দ্ৰিক(biocentric)বাণী: ‘‘যত জীৱ জংগম কিত পতংগম/ অগ নগ জগ তেৰি কায়া’’৷ তদুপৰি শংকৰদেৱৰ পাৰিপাৰ্শ্বিক-দৰ্শনে পশুহত্যাকো কঠোৰভাৱে বাৰণ কৰিছে৷ ঈশ্বৰৰেই ৰূপ পশু-পক্ষী হত্যাক (‘‘তুমি পশুপক্ষী সুৰাসুৰ তৰু তৃণ…’’) মহাপাপ হিচাপে বিবেচনা কৰা শংকৰদেৱৰ ‘অনাদি পাতন’, ‘নিমি-নৱসিদ্ধ সংবাদ’ৰ বিভিন্ন স্তৱকত জীৱ-হত্যাৰ বিৰোধিতা আৰু পৰিণতিৰ ধৰ্মীয় ব্যাখ্যা পৰিলক্ষিত হয়:

পাৰিপাৰ্শ্ব-আধ্যাত্মিকতা হৈছে মানৱীয় আধ্যাত্মিক অনুভূতিৰ সৈতে প্ৰকৃতিৰ সংযোগ সাধনেৰে কৰা এক আন্তৰিক উপলব্ধি৷ যি উপলব্ধিয়ে আমাক প্ৰকৃতি জগতৰ প্ৰতি সংবেদনশীল আৰু দায়বদ্ধ কৰি তোলে, আমাৰ পৰিৱেশ চেতনাক প্ৰদান কৰে এক আধ্যাত্মিক বিস্তৃতি৷ শংকৰ পুৰুষে তেওঁৰ সাহিত্য আৰু কৰ্মৰাজিৰ মাজেৰে প্ৰাক্‌-আধুনিক কালতেই অসমীয়াৰ চেতনাত ৰোপণ কৰা পৰিৱেশ-চেতনাৰ এই বীজ অসমৰ বৌদ্ধিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিশ৷ পৰিপাৰ্শ্ব-আধ্যাত্মিকতাৰ আলোকত শংকৰদেৱৰ বহুমাত্ৰিক ব্যক্তিত্বৰ অল্প-আলোচিত এই দিশটোৰ সূক্ষ্ম অধ্যয়ন আৰু গভীৰ বিচাৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা নিঃসন্দেহে আছে আৰু থাকিব৷

(নিবন্ধটিত উদ্ধৃত শংকৰদেৱৰ পাঠসমূহ হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত শ্ৰীশ্ৰী শংকৰদেৱ বাক্যামৃত (১৯৫৩) অনুসৰি দিয়া হৈছে৷ শংকৰদেৱৰ কবিতাৰ পৰিৱেশ-চেতনা সম্বন্ধে জ্ঞানেন্দ্ৰ বৰ্মণে Sankaradeva’s Ecopoetics and the Western Canon: Comparative Study (২০১৬) শীৰ্ষক গৱেষণা-গ্ৰন্থত কৰা অধ্যয়ন এই প্ৰসংগত উল্লেখযোগ্য৷)