ঘৰ
হৃদয়ৰ সেউজ উপত্যকাত সাজিছোঁ এখনি আপোন ঘৰ। চোতালত শিশু হৈ উমলিব মোৰ শৈশৱ। আইতাই সাধু ক'ব, ঘঁৰিয়ালে ধৰি নিয়া মিছলীয়া ধোবা আৰু বাঘ ঔ, বাঘঔ কৈ চিঞৰা মিছলীয়া গৰখীয়াৰ সাধু। তেজীমলা, পৰী কুঁৱৰী আৰু কমলা কুঁৱৰীৰ আঁচলত ধৰি মোৰ চকুলৈ আহিব উভতি ল'ৰালিৰ শান্তিৰ টোপনি। প্ৰত্যয় হৈ আহিব মোৰ কৈশোৰ আৰু সোণালী যৌৱন প্ৰেম, শান্তি আৰু আস্থাৰ মন্ত্রেৰে টলমল কৰিব মোৰ হৃদয়। অংকুৰিত হ'ব বিশ্বাসৰ বীজ বুকুৰ পৰা বুকুলৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। গঁজালিবোৰ পোখা মেলাৰ আনন্দত মোৰ বাৰ্ধক্যই শান্তিৰে সলাব উশাহ। ঘৰৰ চৌপাশ বেৰি ৰ'ব সাহসৰ শিখা হৈ বাধাহীন মুকলি বতাহ হৃদয়ত ফুটিব আপোনজনৰ মাত, আগুৱাই আহিব সঁচা মৰম ভৰা এখনি সহায়ৰ হাত । কেতিয়াবা, সোঁৱৰণীৰ বৰষুণত তিতি-বুৰি সাৰ পাই উঠে শুকাই মৰহি যোৱা একোডৰা শইচ। চকু মেলি বাঙ্ময় হয় এচুকত শিল হৈ শুই থকা মৌন সময়। তেতিয়া , সংগীহীনতা সংগী হয় নি:সংগতাৰ । লাহে লাহে মৰহি পৰে বাটকুৰি বাই আহি ভাগৰি পৰা আকুল দেহ। এনেকৈয়ে মানুহৰ বুকুত থাকে হাঁহি আৰু চকুলোৰে গঢ়া কলিজাৰ তেজে ধোৱা এখনি আপোন ঘৰ নিভৃতে , নিৰলে।
মুখাৰ আঁৰৰ মুখ
ক্ষুধাতুৰ তেওঁ ক্ষুধা, ক্ষুধা, কেৱল ক্ষুধা আনে নেদেখাকৈ হাজাৰ বাসনাই সমদল কৰে তেওঁৰ ক্ষুধাতুৰ মনত । কোৰোণাৰে চপাই আনে হাজাৰজনৰ প্ৰাপ্য। মুখাৰে ঢাকি ৰাখে মুখ লজ্জা লাহে লাহে সলনি হয় মুখাৰ ৰং ৰং সলনি হয় জীৱনৰ । লগে লগে সলনি হয় অন্ন-বস্ত্র-বাসস্থানৰ পুৰণি সংজ্ঞা ককা দেউতাৰ দিনৰ। সেয়ে তেওঁ বাৰে বাৰে সলনি কৰে পোছাক অনেক পোছাক, অলেখ ৰং আচলতে পোছাকৰ তলত আমি সকলো নাঙঠ।
হেমপ্ৰভা মৰাণ সাম্প্ৰতিক সময়ৰ এগৰাকী বিশিষ্ট কবি।