ড০ লক্ষীপ্ৰিয়া গগৈ
কল্যাণ ভূঞাৰ প্ৰথম কবিতা-সংকলন গৰু আৰু অন্যান্য কবিতা (ফেব্ৰুৱাৰী, ২০২০)ত সন্নিৱিষ্ট প্ৰায় তিনি কুৰি কবিতাৰ বিষয়ৰ বৈচিত্ৰ্য, ৰীতি আৰু ভাষাই এক শাব্দিক অনুশীলনৰ সম্ভেদ দিয়ে৷ কবি হিচাপে আত্মপ্ৰকাশ কৰি আগবঢ়োৱা এই কবিতাসমূহ মূলতঃ কবিৰ আত্মানুসন্ধান আৰু কবিতা প্ৰকৃততে কি সেয়া বুজিবৰ বাবে অহৰহ কৰি থকা প্ৰচেষ্টাৰ পৰিচায়ক বুলিব পাৰি। প্ৰাত্যহিকতাৰ আঁত ধৰি জীৱনোপলব্ধিৰ আশা-হুমুনিয়াহ, সাম্প্ৰতিক ৰাজনৈতিক ঘটনাক্ৰমে উদঙাই দিয়া সমাজ-জীৱনৰ বহুধা বিভক্ত ৰূপ, কবিতাৰ ‘নীৰৱ বাংময়’ শক্তি আৰু এইসমূহে সৃষ্টি কৰা ভাবৰ বুৰবুৰণি –এয়ে থোৰতে কবিতাসমূহৰ বিষয়৷ কেৱল কবিতাকে বিষয় হিচাপে লৈ পাঁচটা কবিতা লিখি তেওঁ কৈছে, “জীৱনৰ বোধ মোৰো নাই /মাথোন / জীৱনবীক্ষাই মোক / শব্দবোৰ সজাই চোৱাৰ/ যাঁচিছে প্ৰেৰণা/ শব্দ জীৱন /জীৱন কবিতা” (৩-৯, কবিতা – ৪)। জীৱনৰ সৰু-বৰ উপলব্ধিক শব্দৰে সজাই চোৱাৰ এই কচৰৎ তেওঁৰ কবিতাৰ মূল প্ৰেৰণা তথা উদ্দেশ্য। অৱশ্যে একে সময়তে শব্দৰ খেলৰ পৰ্যায়তে যে কবিতা সীমাবদ্ধ নহয় সেই কথাও তেওঁৰ অবিদিত নহয়।
সেয়েহে কবিতাৰে জীৱন চালি-জাৰি চোৱাৰ এই প্ৰচেষ্টাত কবিয়ে পালন কৰিবলগীয়া সামাজিক দায়বদ্ধতাৰ সোঁৱৰণ হিচাপে সংকলনখনৰ শিৰোনামৰ কবিতা ‘গৰু’, ‘শিলৰ চোলা পিন্ধা ৰজাৰ বাবে’, ‘কাউৰী খেদাৰ সাধু এটা’, ‘শ্মশান’ আদি কবিতাৰ বিষয়লৈ মন কৰিলে কবি ভূঞাৰ সমাজ-সংশ্লেষণৰ উমান পাব পাৰি। তীব্ৰ গতিৰে সলনি হৈ থকা সামাজিক, ৰাজনৈতিক আৱহাৱা আৰু এইসমূহে কঢ়িয়াই অনা জটিলতাৰ পৰ্যবেক্ষণ এই কবিতাসমূহত স্পষ্ট হৈ উঠিছে। ‘গৰু’ শীৰ্ষক কবিতাৰ “উজ্জ্বল এই যে কথিত, লিখিত কাহিনীবোৰৰ/নিৰ্বচন সদায়ে ৰজাৰ, কণ্ঠ ৰজাৰ, নিৰ্মিতি ৰজাৰ” (১৯-২০) শাৰী দুটিত প্ৰকাশ কৰাৰ দৰেই ৰজাঘৰীয়াৰ একধৰ্মী কথকতা আৰু ইতিহাসৰ প্ৰতি অনাস্থা আৰু স্বাৰ্থান্বেষী সুবিধাবাদী ৰাজনীতিৰ প্ৰতি ব্যংগ এই কবিতাসমূহৰ বৈশিষ্ট্য।
ৰীতি আৰু ভাষাৰ দিশলৈ মন কৰিলে প্ৰায়বোৰ কবিতাতে বৰ্ণনাধৰ্মিতা পৰিহাৰ কৰা হৈছে। চুটি আৰু সংক্ষিপ্ত ৰূপত কবিৰ জীৱন-জিজ্ঞাসাৰ এক সমাহিত অনুশীলন এইসমূহত উপলব্ধ। নিৰ্বাচিত শব্দৰ প্ৰয়োগেৰে প্ৰায়সমূহ কবিতাতে সৰল ৰূপত অন্বেষণ কৰা হৈছে জীৱনৰ বহুতৰপীয়া প্ৰকাশ। ‘আঁৰ কাপোৰ’, ‘আইনা’, ‘ক’লা হাঁহজাক’, ‘শেষৰ ষ্টেচন’, ‘শিলবোৰ’ আদি কবিতাত শিৰোনামৰ সম্পদসমূহ কেৱল প্ৰতীক ৰূপে ব্যৱহৃত হোৱাই নহয়, বৰং এইসমূহৰ চাৰিত্ৰিক বিশিষ্টতাৰ বিশ্লেষণেৰে নৈমিত্তিক জীৱনৰ আঁৰৰ অভিধাসমূহক নতুনকৈ ফহীয়াই চোৱাৰ আগ্ৰহ দেখা যায়। অৱশ্যে একে সময়তে কিছুমান ৰূপকৰ সঘন প্ৰয়োগ(যেনে– আইনা, নদী, খিৰিকী আদি)ৰ সলনি প্ৰাত্যহিক জীৱনৰ ন ন বিষয়ৰ ব্যঞ্জনাৰ ব্যৱহাৰৰ প্ৰতি কিছু মনোযোগী হ’লে কবিতাসমূহ অধিক চিন্তা উদ্ৰেককাৰী হৈ উঠাৰ অৱকাশ দেখা যায়।
গ্ৰীক কবি, সমালোচক হোৰেচ(Horace)ৰ Art of Poetryত উল্লিখিত কবিতাৰ দুটি মূল উদ্দেশ্য– শিক্ষাদান আৰু আনন্দ প্ৰদান(to instruct and delight)ৰ পৰৱৰ্তী চৰ্চাত এই দুয়োটা উদ্দেশ্যৰ প্ৰতি মনোযোগী নোহোৱা কবিৰ কবিতাক বিশেষকৈ সপ্তদশ শতিকাৰ নব্য ধ্ৰুপদী ধাৰাৰ কালছোৱাত সফল কবিতা হিচাপে গণ্য কৰা নহৈছিল। বিংশ শতিকাৰ নতুন সমালোচনাই পাঠৰ স্বকীয়তাৰ কথা ঘোষণা কৰি কেৱল এই পাঠকৰ মননৰ প্ৰতি আওকাণ কৰাই নহয়, বৰং ৰমন্যাসিক কবিতাৰ কবিসত্তাৰ সুকীয়া আবেগিক বহিৰ্প্ৰকাশৰ ধাৰণাকো নস্যাৎ কৰিছে। পাঠৰ স্বয়ংসম্পূৰ্ণতাৰ জটিলতা আধুনিক কবিতাই বাৰে বাৰে সাব্যস্ত কৰিব খোজাৰ এনে পৰিবেশত অসমীয়া কবিতাত সৰল আৰু সুসংহত ৰূপত মানসিক-সামাজিক জীৱনৰ চৰ্যা বহু কেইজন বিশিষ্ট কবিয়ে ন ন আংগিকেৰে উপস্থাপন কৰিছে আৰু এক প্ৰতিশ্ৰুতিপূৰ্ণ শৈলীৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাইছে। দুৰ্বোধ্যতাৰ সংৰচনাতকৈ সৰল ৰূপত কবিতাৰ প্ৰকাশ যে অধিক মনোগ্ৰাহী অথচ কষ্টকৰ সাধনাৰ ফল সেয়া এইসকল কবিয়ে ইতিমধ্যে সাব্যস্ত কৰিছে। এইসকল পূৰ্বসূৰীৰ ৰচনাৰ অনুসৰণ কবি ভূঞাৰ চিন্তা আৰু শব্দচয়নত সুস্পষ্ট। সংকলনৰ প্ৰায়বোৰ কবিতাতে কবিৰ বাহ্যিক জীৱনৰ জাকজমকতাৰ প্ৰতি উদাসীনতা আৰু এক বিষণ্ণতাৰ সুৰ মন কৰিবলগীয়া। ‘দিনপঞ্জী’, ‘দুপৰীয়া’, ‘পৰিচয়’, ‘পোহৰহীনতা’, ‘বাদুলি’ আদি কবিতাত বিষণ্ণতা কবিৰ সৃষ্টিশীল সত্তাৰ পৰিপূৰক হিচাপে উপস্থাপন কৰা হৈছে। অৱশ্যে আগতে উল্লেখ কৰাৰ দৰে সামাজিক ঘটনাপ্ৰবাহৰ দীৰ্ঘম্যাদী প্ৰভাৱে কঢ়িয়াই আনিব পৰা উদাসীনতাৰ প্ৰতি কবি নিৰুদ্বেগ নহয়। এইসমূহৰ প্ৰতি শ্লেষ আৰু ব্যংগৰ সুৰ তেওঁৰ প্ৰধান অস্ত্ৰ। পাঠকৰ মনত আউল নলগোৱাকৈ এক সাৱলীল ভংগীত কবিতাসমূহৰ চয়নে ইয়াৰ পঠনযোগ্যতা বৃদ্ধি কৰিছে আৰু এই ক্ষেত্ৰত কবি সতৰ্ক যেন বোধ হয়। আনহাতে সংকলিত কবিতাসমূহৰ ৰচনাকালৰ উল্লেখ নথকাৰ বাবে বহু সময়ত কবিসত্তাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা কঠিন হৈ পৰে। পৰৱৰ্তী সংকলনসমূহত এনে কিছু দিশৰ প্ৰতি কবি মনোযোগী হ’ব বুলি নিশ্চয় আশা কৰিব পাৰি। গৰু আৰু অন্যান্য কবিতাৰ যোগেদি কবিতাৰ সৃজনী আৰু সংবেদনী সম্ভাৱনাৰ অনুধাৱনৰ প্ৰতি মনোনিৱেশ কৰা কবি ভূঞাৰ কবিতা তেওঁ কোৱাৰ দৰে ‘মৰীচিকা’ বা ‘অস্ফুট স্বগতোক্তি’ হৈ নাথাকি পাঠকৰ বাবে নতুন চিন্তাৰ বাট মোকলাই দিব পৰাকৈ পৈণত আৰু শক্তিশালী হৈ উঠিব বুলি আশা কৰিলোঁ।
ড০ লক্ষীপ্ৰিয়া গগৈ এগৰাকী সমালোচক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক৷
সমালোচনাটো পঢ়ি ভাল পালোঁ। কবিৰ পৰা যিদৰে শক্তিশালী কবিতা আশা কৰিছে সমালোচকগৰাকীৰ পৰাও অহৰহ বিভিন্ন পাঠৰ সমালোচনা আশা কৰিলোঁ।