নীৰৱতাৰ শব্দ যেতিয়া
নীৰৱতাৰ শব্দ যেতিয়া সুৰ হৈ বিয়পি পৰে সেই শব্দ নিয়ৰৰ ছবি হৈ চকুত সোমায় আৰু মই এটা উজ্জ্বল নক্ষত্ৰৰ সোঁৱৰণিৰ মাজত বুৰ যাওঁ– সৰি পৰে মৃত ফুল কলি… মই সাৰ পাওঁ আৰু আকৌ টোপনি যাওঁ।
খণ্ডিত ছবিৰে ভৰি থকা মজিয়াত
খণ্ডিত ছবিৰে ভৰি থকা মজিয়াত মানুহজন শুই আছে ছবিবোৰত থকা টুকুৰাবোৰত তেওঁৰ শৰীৰৰ বিভিন্ন অংশৰ প্ৰতিচ্ছবি দিনৰ পিছত দিন তেওঁ এনেকৈয়ে শুই আছে– তেওঁ জীৱিত নে মৃত তেওঁ নাজানে– মোৰ ভিতৰতো তেওঁ সোমাই আছেনেকি মই নাজানো…
শিলৰ দৰে কঠিন
শিলৰ দৰে কঠিন– মাটিৰ দৰে কোমল– বৰফৰ দৰে চেঁচা এটা ঘৰ নদীৰ পাৰত– অকলসৰে থিয় দি আছে– বাৰিষা নৈৰ পানীয়ে মজিয়াখন চুই থৈ যায় আৰু শীতৰ ৰ’দে মজিয়া শুকাই থয়– এইখন নদীতে গা ধোওঁ আৰু শীতত তাৰ পাৰতে কাপোৰ শুকুৱাওঁ– নদীৰ পানীত মোৰ এটা প্ৰতিবিম্ব কঁপি থকা দেখোঁ…
তেওঁ কেতিয়াবা মেঘ
তেওঁ কেতিয়াবা মেঘ হৈ ছাঁ দিয়ে– বৰষুণ হৈ তিয়াই পেলায় ৰ’দ হৈ মোক পোৰে– মই বতাহ হৈ তেওঁ ঘূৰি আহিব বুলি বাট চাওঁ– তেওঁ নাহে– তেওঁক কেতিয়াবা ডাঠ আন্ধাৰৰ মাজত পাওঁ আৰু হেৰুৱাওঁ।
ড° নগেন শইকীয়া অসমৰ এগৰাকী জ্যেষ্ঠ সাহিত্যিক, বুদ্ধিজীৱী। মিতভাষ হ’ল তেওঁৰ দ্বাৰা সৃষ্ট এক স্বকীয় কাব্য-শৈলী।
প্ৰশংসনীয় পদক্ষেপ। Subscribe বা Follow কৰিব পৰা ব্যৱস্থা কৰিলে ভাল হ’ব। ধন্যবাদ।
rameshbaruah2406@gmail.com