হৰেকৃষ্ণ ডেকা
আমি শব্দেৰে কবিতা লিখোঁ, কিন্তু কবিতা কেৱল শব্দজগত নহয় ৷
ফেচবুকৰ অভিজ্ঞতাৰ পৰা মোৰ এটা ধাৰণা হৈছে যে কবিতাৰ মর্মত সোমাই কবিতাৰ ৰস গ্রহণ কৰা পঢ়ুৱৈৰ সংখ্যা বৰ কম৷ সংস্কৃত আলঙ্কাৰিকে কবিতাৰ ৰসগ্রাহী পাঠকক ‘সহৃদয়’ আখ্যা দিছিল আৰু কৈছিল এনে পাঠক সংখ্যাত তাকৰ৷ কথাষাৰ এতিয়াও প্রযোজ্য৷ ইয়াত দেখিছোঁ কিছুমানে সঁহাৰি বিচাৰি অজস্র জনলৈ tag কৰে আৰু বহুতে like দিয়ে বা পিঠিত চপৰিওৱা মন্তব্য দিয়ে, য’ত ৰসগ্ৰহণৰ পৰিচয় পোৱা নাযায়, কিন্তু কবি আত্মসন্তুষ্ট হয়৷ এই সঁহাৰি সৰহ ক্ষেত্রতে সৌজন্য আৰু কোনো কোনো ক্ষেত্রত সহানুভূতি ৷ প্রকৃত ৰসোপলব্ধি কেতিয়াবা নথকা নহয়৷ কিন্তু কম৷ এই ধৰণৰ সঁহাৰি আদায় কৰা কবিয়ে নিজৰহে ক্ষতি কৰে ৷ কাৰণ তেওঁ সৰু সাফল্যক বহুত ডাঙৰ সাফল্য বুলি ভাবে আৰু এক সীমাৱদ্ধ ভাব-কল্পনাৰ জগতত আত্মসন্তষ্ট হৈ ৰৈ যায় ৷ অতিমাত্রা বাঃবাঃয়ে উর্দু শ্বায়েৰিৰ ভাবজগত সীমাবদ্ধ কৰি পেলাইছিল৷ নাজম্ কবিতাৰ সূক্ষ্ম বোৱন(texture)ত কিন্তু ভাষাৰ অপূর্ব মাধুর্যৰ সন্ধান পোৱা যায় ৷ সাঁচত পেলাই মূর্তি গঢ়া কাৰিকৰৰ সৃষ্টিত যি দক্ষতা প্রকাশ পায়, সি হয়তো দৃষ্টিনন্দন, কিন্তু আপোন কল্পনা-প্রতিভাৰে শিল্প সৃষ্টি কৰা ভাস্কর্যৰ শিল্প-মূল্য হাজাৰ গুণে বেছি৷ এশজনৰ উপৰুৱা মন্তব্যতকৈ ৰসিক পঢ়ুৱৈ এজনৰ সঁহাৰি বেছি মূল্যবান৷
আমি শব্দেৰে কবিতা লিখোঁ, কিন্তু কবিতা কেৱল শব্দজগত নহয় ৷ ভাষাৰ সৃষ্টি মানুহৰ মাজত ভাব বিনিময়ৰ কাৰণে৷ ভাষাত শব্দৰ মাজেদি অৰ্থৰ প্রকাশ ঘটে, আৰু তাৰ মাজেদি ভাব-অনুভূতিৰ আদান-প্রদান হয় ৷ আমাৰ ব্যক্তিগত আৰু ৰাজহুৱা আদান-প্রদানত এনে ধৰণে ভাষাৰ ব্যৱহাৰ হৈয়েই থাকে৷ কিন্তু ব্যাৱহাৰিক জীৱনৰ প্ৰয়োজনীয় আদান-প্ৰদানতে ভাষাৰ ব্যৱহাৰ সীমাৱদ্ধ নহয়। আমাৰ মন আৰু ইন্দ্রিয়ত জগত আৰু মানৱ-জীৱন সম্বন্ধে সঞ্চিত হোৱা আমাৰ অভিজ্ঞতাক প্রকাশ কৰাৰো ভাষাই মাধ্যম ৷ অভিজ্ঞতাই আমাক জ্ঞান দিয়ে আৰু আমাৰ ভাব-বিনিময়ত সি প্ৰকাশ পায়। ভাষাত শব্দজগত এখন আছে কাৰণেই আমি জ্ঞান সঞ্চয় কৰিব পাৰোঁ। আমাৰ এই জ্ঞানত ধাৰণাৰ কিছুমান বৰ্গৰ সৃষ্টি হয়। তাত কল্পনাৰো সংযোগ ঘটে । বিভিন্ন ভাবাদৰ্শৰ প্ৰভাৱত তাৰ প্ৰকাশত বৈচিত্ৰ্যৰ সৃষ্টি হয়।
সাহিত্য এই বৈচিত্ৰ্যৰ কলাত্মক প্ৰকাশ। কবিতা সাহিত্যৰ এটা ৰূপ। তাত আৱেগ-অনুভূতিৰ প্ৰকাশ ঘটে। কবিতাত ভাষাৰ নানা পৰীক্ষাৰ মাজেদি একো আষাৰ সাধাৰণ কথাক কেনেকৈ অসাধাৰণ ব্যাপ্তি দিব পাৰি তাৰ সফল পৰীক্ষা কবিসকলে কৰি আহিছে।
লগতে পঢ়ক— কৰবী ডেকা হাজৰিকা ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ৰ আঁৰৰ কথা
কবিতাত আৱেগ ব্যঞ্জিত হয় কাৰণে কবিতাৰ প্রতি আৱেগিক সঁহাৰি হোৱাটো স্বাভাৱিক৷ কিন্তু ৰসোপলব্ধি কেৱল আৱেগিক সঁহাৰিৰ মাজেদিয়েই নহয় ৷ তাত বিচাৰ-বুদ্ধিৰো সংযোগ ঘটে ৷ ইয়াত সমালোচকৰো ভূমিকা আছে ৷ সমালোচক এজন বিচাৰ-বুদ্ধিসম্পন্ন পঢ়ুৱৈ, যি প্রভূত অধ্যয়ন, ৰসবিচাৰক্ষমতা, সাহিত্য-মানৰ সচেতনতাৰে কবিতাৰ ৰসবিচাৰত ভূমিকা লয় বা ল’ব পাৰে ৷ পাঠকেও বিভিন্ন ধৰণৰ কবিতা পঢ়িলে ধাৰণা অর্জন কৰিব ৷ অধ্যয়নশীল পাঠক কেৱল নিজৰ ভাষাৰ কবিতাৰ গণ্ডীতেই সোমাই নাথাকে ৷ দেশী-বিদেশী বিভিন্ন ধৰণৰ কবিতাৰ সংস্পর্শলৈ আহি কবিতাৰ মান আৰু ৰস সম্বন্ধে সজাগ হয় ৷ পুখুৰীতো মাছ থাকে আৰু সাগৰতো মাছ থাকে ৷ পুখুৰীৰ মাছৰ চলনো সুন্দৰ, আৰু সাগৰৰ মাছৰো ৷ কিন্তু সাগৰৰ মাছৰ চলনত যি ঐশ্চর্যময় ৰূপ দেখা যায়, সেই ৰূপ পুখুৰীৰ মাছত নেদেখি ৷ মাছৰ চলন উপভোগ কৰাজনে এই মহিমাৰ আভাস পুখুৰীতেই পায়, কিন্তু সাগৰৰ সৌন্দর্য দেখাজনে অবিস্মৰণীয় আৰু সাধাৰণৰ মাজৰ পার্থক্যৰ বিচাৰ কৰিব পাৰে ৷
গদ্যৰ ভাষা আৰু পদ্যৰ ভাষাৰ শব্দ বেলেগ বেলেগ নহয় ৷ ভাষাৰ একেটা ভড়ালৰ পৰাই দুয়োধৰণৰ ৰচনাৰ ভাষা আহে, কিন্তু দুয়োক্ষেত্রত সিঁহতৰ ব্যৱহাৰ বেলেগ হৈ পৰে ৷ গদ্যৰ বাক্য-শৃঙ্খলাত শব্দক এনেধৰণে চয়ন কৰা হয় যাতে এক প্রাঞ্জল, প্রত্যক্ষ অর্থ প্রকাশ পায় ৷ কবিতাত অর্থৰ প্রকাশ পৰোক্ষ, কিন্তু প্ৰত্যক্ষ অৰ্থক চেৰাই গৈ নহয়, তাৰ ভিতৰেদিহে ৷ ইয়াৰ ভাষাত ইংগিতময়তাৰ সৃষ্টি কৰা হয়, আৰু সেয়ে ব্যৱহাৰ কৰা হয় নানা অর্থালংকাৰ–উৎপ্রেক্ষা, ৰূপক, উপমা আদি৷ পৰোক্ষ-উল্লেখ, পৰিহাস আদিয়েও অর্থৰ মাত্রা বঢ়ায় ৷কবিতাত অর্থপূর্ণ উক্তিৰ ভিতৰত যি অনুক্ত কথা থাকে তাতেই ব্যঞ্জনাৰ সৃষ্টি হয় ৷
এয়া কবিতাৰ অবয়ৱৰ দিশ ৷ কিন্তু তাত জীৱনবোধৰ প্রকাশৰ কথাও আছে ৷ উপলব্ধিৰ গাঢ়তা আৰু কবিৰ অন্তৰ্দৃষ্টিৰ গভীৰতা তাত গুৰুত্বপূর্ণ ৷ কবিতাৰ মূল্য নির্ণয়ত এই কথাই মহৎ আৰু সাধাৰণৰ মাজত পার্থক্য দেখুৱাই দিয়ে ৷ অতি সাধাৰণ কেইটামান শব্দৰ মাত্ৰ এটা বাক্যৰ অসাধাৰণ ব্যৱহাৰৰ মাজেদি কেনে ধৰণৰ ব্যঞ্জনাৰ সৃষ্টি হ’ব পাৰে তাৰ এটা উদাহৰণ তলত দিলোঁ:
ৰঙা ঠেলাগাড়ীখন মূল: উইলিয়াম কাৰ্লোছ উইলিয়ামছ ইমান নিৰ্ভৰ কৰে বগা কুকুৰাকেইটাৰ ওচৰত বৰষুণত তিতি জিলিকি থকা ৰঙা ঠেলাগাড়ীখনৰ ওপৰত ( Red Wheelbarrow so much depends upon a red wheel barrow glazed with rain water besides the white chickens)
উইলিয়াম কাৰ্লোছ উইলিয়ামছৰ কেইটামান মাত্ৰ শাৰীৰ এটা বাক্যৰ এই কবিতাটোত অৰ্থৰ অসাধাৰণ ব্যাপ্তি আছে।
বগা কুকুৰাই ইংগিত দিয়ে এইখন এখন কুকুৰাৰ পাম। বৰষুণত তিতি থকা ঠেলাগাড়ীখনৰ কাম বস্তু কঢ়িওৱা । বৰষুণত তিতি পৰি আছে। অৰ্থাৎ ব্যৱহৃত হোৱা নাই। কিয় হোৱা নাই? তাৰো ইংগিত অনুমান কৰিব পাৰি– বৰষুণৰ কাৰণেই। বগা কুকুৰাৰ ওচৰত থকা কথাটোৰ পৰা ইংগিত পোৱা যায়, সেইখনৰ ব্যৱহাৰৰ ওপৰত পামৰ দৈনন্দিন কাম নিৰ্ভৰ কৰে (‘ইমান নিৰ্ভৰ কৰে’) আৰু হয়তো বৰষুণত ব্যৱহাৰ নোহোৱাকৈ পৰি থকা কাৰণে কুকুৰাৰ ৰচদো যোগাৰ হোৱা নাই। সামান্য যেন লগা ঠেলা এখনৰ অৰ্থনৈতিক প্ৰয়োজন এক বিশেষ উৎপাদনৰ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ।
ৰঙা ঠেলাগাড়ীখন বস্তু কঢ়িওৱা এক সামান্য বাহন, কিন্তু উৎপাদনৰ আহিলা হিচাবে তাৰ ভূমিকা অত্যাৱশ্যকীয়। পামৰ গৰাকীয়ে ঠেলাখনত ৰঙা ৰং দিছে। এইখন যে অৱহেলাৰ বস্তু নহয় ৰংটোৱে তাৰ ইংগিত দিয়ে। কুকুৰাকেইটাৰ বগা ৰংটোৱে ইংগিত দিয়ে যে এইবোৰ পামৰ কুকুৰা। কবিতা আৰু গদ্যৰ তুলনা পোৱা যায় এমিলী ডিকিনছনৰ এটা কবিতাত:
মই সম্ভাৱনাত বাস কৰোঁ… গদ্যতকৈ বেছি ভাল ঘৰ--- খিৰিকী তাত বহুত সৰহ দুৱাৰবোৰতকৈ উত্তম চকুৱে ভেদ কৰিব নোৱৰা চিডাৰেৰে সজা ভিতৰুৱা কোঠা চিৰস্থায়ী চাল এখনৰ বাবে আকাশৰ হেলনীয়া মূধচ আলহী সোমাবৰ বাবে এই আটাইতকৈ উত্তম মোৰ ঠেক হাত মেলি দি আহৰণ কৰা স্বৰ্গ (I dwell in Possibility – A fairer House than Prose – More numerous of Windows – Superior – for Doors – Of Chambers as the Cedars – Impregnable of eye – And for an everlasting Roof The Gambrels of the Sky – Of Visitors – the fairest – For Occupation – This – The spreading wide my narrow Hands To gather Paradise)
এমিলী ডিকিনছনৰ কবিতাৰ বাক্য-ভংগীত সংক্ষিপ্তকৰণ ইমান স্বকীয় যে তাৰ ভাষান্তৰ অসুবিধাজনক হৈ পৰে। এই কবিতাটোত ব্যৱহাৰ কৰা শব্দ gambrels এক বিশেষ ধৰণৰ ঘৰৰ চাল। অসমীয়াত তাৰ প্ৰতিশব্দ নাই। চিডাৰ (cedar) এবিধ চিৰসেউজীয়া গছ, যাৰ নিজা সৌন্দৰ্য আছে। ইয়াৰ কাঠ মজবুত।
কবিতাটো অসমীয়াত মুকলিকৈ কৰা ভাবান্তৰহে । কবিতাটো কবিতাৰ বিষয়ে। ‘মই সম্ভাৱনাত বাস কৰোঁ’ কথাষাৰৰ ইংগিত কবিতাৰ ব্যঞ্জনাৰ প্ৰতি, য’ত একোষাৰ কথাত নানা সম্ভাৱনা মুকলি হয়। কবিয়ে ঘৰৰ ৰূপক ব্যৱহাৰ কৰিছে আৰু তাৰ মাজেৰে গদ্যতকৈ কবিতাৰ শ্ৰেষ্ঠত্ব দেখুৱাইছে। শেষৰ চাৰিটা শাৰীত কবিয়ে বিনম্ৰভাৱে নিজৰ সীমিত কল্পনাই ভূমাৰ সন্ধান পোৱাৰ ইংগিত দিছে। ইয়ালৈ অহা আলহীসকল হ’ল কবিতাৰ সহৃদয় পাঠক। সামৰাৰ আগতে কানাডাৰ কবি প্ৰয়াত Leonard Cohen-এ কবিতা সম্পৰ্কে কোৱা দুষাৰ কথা ইয়াত ইংৰাজীতে তুলি দিলোঁ: “You have to juxtapose elements to get something that corresponds to an interior condition. All poetry is based on differences. Wherever there’s tension, wherever there’s life, wherever there’s the positive/negative, female/male, yin/yang.”
হৰেকৃষ্ণ ডেকা অসমৰ এগৰাকী বিশিষ্ট কবি, গল্পকাৰ আৰু সমালোচক।
সুন্দৰ।
ভাল পালোঁ ছাৰৰ লেখাটো। ধন্যবাদ।