চেনীৰাম গগৈৰ দুটা কবিতা

চাপৰি মাটিৰ মানুহ

জীৱনটোনো কি
ৰিং এটাৰ বাট

পুখুৰী সিঁচা মাছ
নতুন চাউলৰ ভাত

সুখী মানুহ যেনে তেনে দিন যাওক কাপোৰ ফাটক
সুখী মানুহ বিষাদতো গান গাৱক কথা পাতক

আছে ভাত আছে ভোক
নাই ভাত নাই ভোক

একালত আপুনি আছিল হাবিতলীয়া বনৰ বাসিন্দা
একালত আপুনি আছিল অবাইচ মাতৰ কবি

আজি চ’তৰ পথাৰ কঠিন মাটিৰ চাপৰি চহোৱা লোক
আজি জেঠৰ শেষৰ ৰ’দত ইয়াত পকা আহুৰ থোক

আপুনি আপোনাক ভাল পায়
পৃথিৱীৰ প্ৰতিজন দুখীয়া মানুহেই আপোনাৰ সতি-সন্ততি
আপুনি আপোনাক ঘৃণা কৰে
আপোনাক এতিয়া শাসন কৰিছে এক ক্ষমাহীন যন্ত্ৰণাই

আপোনাৰ ক্লেশ নাই
আপোনাৰ শ্লেষ নাই

জীৱনটোনো কি
ৰিং এটাৰ বাট

আকালৰ ভাত
নিজানৰ মাত

তথাপি অমাত।

মই এজোপা গছৰ ছাঁ

আজি মোৰ চোতালত চ’তৰ ছিৰাল ফটা ৰ’দ
গছৰ তলে তলে ছাঁ

বহুদিন হ’ল
মোৰ সকলো ভাই-বন্ধু প্ৰিয়তম দেশকৰ্মী শিশু
মোক এৰি গুচি গ’ল বিচাৰি এখন স্বদেশ

মই এজোপা গছৰ ছাঁ।

Click here to read an English translation of the poems.