শ্বৰীফা খাতুন চৌধুৰীৰ দুটা কবিতা

তামৰঙী সময় লাহে লাহে সলনি হৈছে

তামৰঙী সময় লাহে লাহে সলনি হৈছে 

বহু দিন বাঁহীৰ মাত শুনা নাই 
শব্দ এটি হ'ল
বুগেনভেলিয়াজোপাতে এজনী চৰাই 

মোৰ দৃষ্টিয়ে 
অৰণ্যৰ প্ৰতিখিলা পাত 
চুই চালে 
শীতল নিমজ 
পানীপিয়াৰ মাতটো বিয়পি পৰিছে 
আজলি পাতি ললোঁ 

আজি বৰষুণ দিছে

শূন্যৰ বুকুত লিপিত খাই থাকে শূন্য

আচলতে মই কেতিয়াও কাৰো নাছিলোঁ 

মোক কৈছিল 
তুমি আমাৰ জীয়াৰী 
হৃদয় স্পন্দন 
আমাৰ সপোন
কথাষাৰ সঁচা আছিল 
সেই সাহসতে বহুদূৰ আগুৱালোঁ

তাৰ পাছত কোনো নাই 

মোক কৈছিল 
তুমি প্ৰেয়সী 
প্ৰিয়তমা পত্নী
মাতৃ গৃহিণী 
মই অভিভূত 

আচলতে সেয়া আছিল 
কোনো নাটকৰ সংলাপ 

তুমি কবি 
সাহিত্যিক 
শিল্পী 
আমাৰ প্ৰেৰণা
মোৰ মৃত্যু হ'ল বুলি 
শোকসভা, নাৰ্জীফুলৰ মালা
ধূপৰ সুৰভিৰে গধুৰ ধূসৰ সন্ধিয়া 

আচলতে সেয়া আছিল একেবাৰে 
নহ'বলগীয়া ঘটনা 

এখন নৈ বিচাৰিছিলোঁ আকুলতাৰে 
নৈ এখনৰ শব্দ শুনিছিলোঁ
কাষ চাপি গ'লোঁ 
বালিৰ নৈ এখন পালোঁ 

পিয়াহ লাগিছিল 
পুনৰ নৈ এখন বৈ অহাৰ শব্দ 
আজলি পাতি কাষ চাপি গ'লোঁ 
শিলৰ নৈ এখন পালোঁ 

আচলতে কোনো কাৰো নহয় 
নৈবোৰত পানী নাই 
অৰণ্য, পথাৰ সকলো ৰং হেৰাই যোৱা চিত্ৰ একোখন 

জীৱনৰ বাবে 
প্ৰতিটো দিনেই 
ভুলে শুদ্ধই একোটি অংক
শূন্যৰ বুকুত 
লিপিত খাই থাকে শূন্য

Click here to read an English translation of the poems.

9 thoughts on “শ্বৰীফা খাতুন চৌধুৰীৰ দুটা কবিতা

  1. সুন্দৰ কবিতা আৰু সুন্দৰ অনুবাদ। দুয়োকে অভিনন্দন জনালো।

  2. বাইদেউৰ কবিতা হৃদয়লৈকে শিপায়। অনন্য অনুভৱে স্পৰ্শ কৰি যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *