নিভাৰাণী চৌধুৰীৰ দুটা কবিতা

মই চিলা হৈ উৰোঁ

দেউতাই কিনি দিয়া চিলাখনেৰে
সহোদৰে আদিপাঠ দিছিল,
আয়ে পাঠ দিছিল
চিলা হৈ উৰিবলৈ
পাঠ দিছিল বতাহৰ স’তে যুঁজি
আকাশ চুবলৈ,
সিদিনাৰ পৰাই মই যুঁজাৰু
বৰ্ষাৰ উন্মাদনাতো বিজয়িনী মই
শৰতৰ কোমলতাতো দৃঢ়,
বসন্তই মোক উতলা কৰিব নোৱাৰে
শীততো কোঙা নহওঁ মই,
প্ৰখৰ ৰ’দে দহিব নোৱাৰে
নিয়ৰেও তিয়াব নোৱাৰে মোক,
ধৈৰ্য আৰু আস্থাৰে
নিজক মেৰিয়াই মেৰিয়াই 
মই যুঁজ দিওঁ নিজৰ  স’তে,
মই চিলা হৈ উৰোঁ
দুপাখি মেলা এখন ৰঙা-নীলা চিলা৷

আইৰ এটা নাম আছিল

আইৰ এটা নাম আছিল 
বৰ ধুনীয়া নাম
সেই নামটো লৈ
আয়ে যাপন কৰিছিল শৈশৱ 
উদযাপন কৰিছিল 
কৈশোৰ আৰু যৌৱনৰ আলিদোমোজাৰ
কেইটামান সেউজীয়া দিন৷
নামটো লৈ
আই বৰ সুখী আছিল 
আঘোণমহীয়া পথাৰ, বৰপুখুৰীৰৰ পাৰ আৰু 
পানীমলাহঁতৰ তেঁতেলীতললৈ 
নামটোৱে ঘনে ঘনে
অহা-যোৱা কৰিছিল।
এখন দীঘল ওৰণি টানি 
এটা দীঘল পদূলি গচকি আহোঁতে 
আইৰ নামটো ক'ত জানো হেৰাল!
কাৰোবাৰ আই, পত্নী, বোৱাৰী, খুৰী
নাইবা মামী হৈ
আইৰ নামটোৰ বৰ্ণবিন্যাসৰ প্ৰতিটো বৰ্ণ
এটা এটাকৈ খহি পৰিল
আইৰ নামটো উচ্চাৰিত নহ’ল
কোনো অতিথিৰ স’তে হোৱা চিনাকি পৰ্বত 
নতুবা গুঞ্জৰিত নহ’ল
কোনো আত্মীয়ৰ সৰৱ ওঁঠত ।
এটা ঘাটৰ পৰা আন এটা 
অচিনাকি ঘাটলৈ আহি
আই প্ৰতিদিনে বৰষুণত তিতিল
ৰ’দত শুকাল
পিতাইৰ স’তে সুখ-দুখৰ পাঠ আওৰাই আওৰাই
আয়ে নামটো
বহু দূৰ সীমনাত হেৰুৱাই আহিল 
য'ত আছিল 
এটা দুৰ্দান্ত শৈশৱ, এটা সেউজীয়া কৈশোৰ।

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *