খগেন শইকীয়াৰ দুটা কবিতা

আধাৰশিলা

কাহানিতে দুৱাৰখন খুলি দিলোঁ
আধাৰশিলা এটা স্থাপন কৰিলোঁ
উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি কৰিলোঁ
উদুলি-মুদুলিতে ভাবিবলৈ আহৰি নাপালোঁ
কথাবোৰ ভাল আছিল নে বেয়া।

সময়েই নহ'ল আধাৰশিলাটো ভাঙি বা আঁতৰাই
এটা নতুন আধাৰশিলাৰ কথা 
আমি যে আক্ৰান্ত হ'লোঁ সেই কথা নুবুজিলোঁ
জৰ্জৰিত হ'লোঁ, ঘামি-জামি হুমুনিয়াহ কাঢ়িলোঁ
নুবুজিলোঁ সময়ৰ আমন্ত্ৰণ
নতুনকৈ থিয় হোৱা কথাবোৰত একমত নহ'লোঁ
কৌটিকালতে।

সময়ৰ গতিৰে দেখা পালোঁ
ছলনাময় কৰুণাৰ সোণালী পহু আৰু
আকাশত কৃষ্ণ ক'লা মেঘ
য'ত জন্ম হয় অস্থিৰ প্ৰস্ৰৱণ।

প্ৰতিটো যুগতে আমি কৰা ভুলবোৰ
সময়ে সমাধি দিয়ে
সমাধি দিয়া নহ'ল মাথোঁ বৈষম্য বিলাপ
পৃথিৱীখনেই কৰি পেলালোঁ ঘোলা কণীৰ দৰে।

পৃথিৱীখনতো সকলোৰেই আছিল!

কোন কাহানিতে দুৱাৰখন ভুলতে খুলি দিলোঁ
আধাৰশিলা এটা ৰাখি গজগম্ভীৰ হ'লোঁ
স্বৰ্গ আৰু নৰক সৃষ্টি কৰি ধূসৰ কৰিলোঁ যাত্ৰা
অভিন্ন হৈ গ'লোঁ, ৰাখিব নোৱাৰিলোঁ
অমৃত প্ৰত্যাশা।
প্ৰান্ত

কোনোবাই কথাষাৰ ক'ব

ৰাতি নীলাভ আকাশত তৰা জিলিকাৰ দৰে
ৰৈ বৈ যাব কথাষাৰ।

কিমাননো আৰু মিতব্যয়ী হ'ব, নিবোকা হ'ব
মন খুলি কোনোবাই কথাষাৰ ক'ব
মন্থন কৰিব আত্মবিশ্বাসেৰে
সকলো পাহৰি, মৃত্যুভয়কো।

সকলোৱে জানে তিক্ততাক বালিত
পুতিব নোৱাৰি, উজাগৰ দিয়ে।

সময়ো বৰ একাচেকা
কথাষাৰ ক'বলৈ অলপ সুবিধা দিয়ে
মিচিকিয়া হাঁহি মাৰি দূৰৈত ৰৈ থাকে
এজন জ্ঞানীৰ দৰে।

কোনোবাই কথাষাৰ ক'ব

অপেক্ষাৰ অন্ত হয় এদিন
সাহস গোটাবলৈ লাগে সাদিন।

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *