জুনু বুঢ়াগোহাঞি নাথৰ দুটা কবিতা

বুদ্ধ

তেওঁ ৰৈ থকা নাই
শান্ত সমাহিত গতিৰে তেওঁ গৈয়েই আছে
আমি দৌৰি আছোঁ সুশৃংখল জীৱন এটাৰ পিছত
জটিলতাত পৃষ্ঠভংগ দি ধৰি ৰাখিব পৰা নাই জীৱন
ক্ৰমান্বয়ে সংকুচিত হৈ পৰিছে উশাহৰ বাট ৷

বৰ্ণিল অভিজ্ঞতাৰ পাঠ আৰু জীৱনৰ ভিক্ষা
নীলা ওঁঠ আৰু হালধীয়া ভৰিৰে পৃথিৱী শোকস্তব্ধ
তেওঁৰ উদ্বেগ নাই, উত্তৰ নাই ৷

বোধিসত্বৰ আখ্যানটোত অংগুলিমালে
প্ৰশ্ন কৰাৰ দৰে সুধিছোঁ---
বুদ্ধ, কিদৰে তই গৈ থাকিও স্থিৰ
আৰু মই ৰৈ থাকিও অস্থিৰ ?


অৰণ্য

পাহাৰটোৰ কাষতে থকা
নিজান অৰণ্যখনলৈ সোমাই গ'লোঁ
এআঁঠু তলসৰা পাত, ভৰি দুটা লাহেকৈ থ'লোঁ
মৰমৰাই উঠিল
উচাপ খাই উঠিলোঁ
বুকুৰ কোনোবাখিনিত কিবা এটা ভঙা যেন লাগিল ৷

অৰণ্যৰ গভীৰলৈ সোমাই গ'লোঁ
মৰা গছৰ গুৰিত ৰঙীন কাঠফুলা
পৰজীৱী তৃণে গোটেই শৰীৰটো সজাইছে
লতাবোৰ দাড়িৰ দৰে ওলমি আছে
গছডালত আত্মা থকা যেন লাগিল ৷

আগুৱাই গ'লোঁ
শাৰী শাৰী গছবোৰে উশাহ লৈ আছে
গছৰ পাতেদি সৰকি অহা বেলিৰ পোহৰত
নীলা পখিলা এটা নাচি থকা দেখিলোঁ
আৰু আগুৱাই গ'লোঁ
নীৰৱতা অৰণ্যৰ ৰীতি যদিও
সুকোমল সংগীতৰ সুৰ এটা ৰিণি ৰিণি শুনিলোঁ ৷

ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ---
নিৰ্জনতা ভাঙি
অৰণ্যলৈ ঢাঁহি-মুহি ধুমুহা নাহক ৷

Click here to read an English translation of the poems.

Leave a Reply

Your email address will not be published. Required fields are marked *