হীৰেন ভট্টাচাৰ্যৰ কবিতা

ৰাজীৱ দত্ত

হীৰেন ভট্টাচাৰ্য
       কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মূল উপজীব্য হ'ল অনুভৱৰ তীব্ৰতা। এই তীব্ৰতা তেওঁৰ চেতনাত এনেকৈ প্ৰৱাহিত হৈ থাকে যিটো তেওঁৰ সমগ্ৰ সত্তাৰেই আনটো ফাল বুলিলেও অত্যুক্তি কৰা নহয়। এই তীব্ৰতাৰ বাবেই সমসাময়িক সমাজ জীৱন, স্বদেশ আৰু প্ৰকৃতি যিদৰে তেওঁ বিস্ময়জনকভাৱে আৱিষ্কাৰ কৰিছে সেইদৰে প্ৰেমৰ উচ্ছল তৰংগও নান্দনিকভাৱে বোৱাই দিছে তেওঁৰ কাব্যগুচ্ছলৈ। মানুহৰ গুৰুত্বৰ বাহিৰৰ একোটা ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিস্থিতিকো তেওঁ যে ভূমা স্পৰ্শ কৰোৱাত সিদ্ধহস্ত সি অনস্বীকাৰ্য। সেইবাবে বিশিষ্ট সমালোচক ড০  হীৰেন গোহাঁয়ে তেওঁৰ বিষয়ে কৈছে--“এক একক আৰু অনুপম প্ৰতিভা।''
       মৃত্যু পৰ্যন্ত চিৰতৰুণ হৈ থকা হীৰেন ভট্টাচাৰ্য মানুহজনৰ দৰেই চহাই-মৈয়াই লোৱা তেওঁৰ এটি-এটি কবিতা চিৰতৰুণ, চিৰ সজীৱ। প্ৰতীকে চিত্ৰকল্পে এই চিৰতাৰুণ্য আৰু চিৰসজীৱতাৰ বাবেই প্ৰতিজন অসমীয়াৰ মুখত তেওঁৰ কবিতাৰ এটি হ'লেও পংক্তি শুনা যায়। দেৱাল লিখনতো দেখা যায় তেওঁৰ কবিতা। কিন্তু সেই বুলি তেওঁৰ কবিতা শ্ল'গানধৰ্মী নহয়। বহুমাত্ৰিকতাৰ আভৰণেৰে হীৰেন ভট্টাচাৰ্যৰ কবিতা সকলো সংজ্ঞা কিম্বা নিৰ্দিষ্টতাৰ ঊৰ্ধ্বত।
       বিষয়বস্তুৰ ফালৰ পৰা হীৰেন ভট্টাচাৰ্যৰ কবিতাক তলত দিয়া ধৰণে ভগাব পাৰি--
১. প্ৰেমৰ কবিতা, ২. দেশপ্ৰেমমূলক কবিতা, ৩. জীৱন বিষয়ক আৰু ৪. প্ৰকৃতি বিষয়ক

১. প্ৰেমৰ কবিতা :  কবি হীৰেন ভট্টাচাৰ্য আজন্ম প্ৰেমিক। এই প্ৰেম ঈৰ্ষণীয়ভাৱে স্তূপীকৃত হৈ থাকে তেওঁৰ সমগ্ৰতাত। তেওঁৰ বাবে প্ৰেম জীৱনৰেই নামান্তৰ মাথোন। বেজবৰুৱাৰ “প্ৰেমত ঘূৰিছে ভূমণ্ডল/প্ৰেমত ফুলিছে শতদল”ৰ দৰে প্ৰেমক কেন্দ্ৰ কৰিয়েই তেওঁৰ জীৱনে আত্মবোধনৰ তপস্যা কৰে। ইয়াৰ মাজেদিয়েই নিৰলস সাধনা কৰে মূৰ্ত-বিমূৰ্ত চেতনাৰে সংপৃক্ত গতিশীল জীৱন। 
	মোৰ অনুভৱে অনুভৱে
	তোমাৰ প্ৰেমৰ গুণ গুণ শব্দ
	এনেকৈ ৰূ-ৰুৱাই জ্বলে যে
	তাৰ ছাই ভৰি পৰে
	মোৰ বুকুৰ ভিতৰে বাহিৰে। (‘প্ৰেমৰ কবিতা’)
আকৌ—
	য'তেই
	তোমাৰ প্ৰেমৰ সুৰভি
	তাতেই 
	মোৰ বীণৰ তাঁৰ আছে
	লাগি 
	মই
	তোমাৰ প্ৰেমত সঁচাকৈ
	ব'ৰাগী । (‘ব'ৰাগী-বীণ’)
       কিন্তু আশ্চৰ্যজনকভাৱে যি প্ৰেমৰ নিৰ্দোষ ৰোমাঞ্চত কবি প্ৰতিনিয়ত ডুবি থাকে, সেই প্ৰেমৰ উপৰ্যু্পৰি অভিঘাতে কবিক দিয়ে মাথোন যন্ত্ৰণাৰ তীব্ৰ গৰল আৰু স্বতঃস্ফূৰ্তভাৱে যন্ত্ৰণাৰ সেই তীব্ৰ গৰল তেতিয়া তেওঁৰ কাব্য সাধনালৈও প্ৰবাহিত হয়। যাক ক'ব পাৰি Our sweetest songs are those that tales of sadest thought.”
	তেজত লাগি আছে দুখ।
	মোৰ অশ্ৰুৰ অশ্ৰুত মেঘত চিৰন্তন তোমাৰ মুখ। (‘জোনাকী মন ৫’)
	কামিজৰ সিয়নিত দুখ, দুখৰ স্তুতি
	মোৰ গাত হাত থ'লেই পাবা হীৰেন নামৰ কবি
	পদচাৰী নদীৰ সোঁতত উতলা দুখৰ অনুভূতি। (‘জোনাকী মন ৫২’)
       তথাপি কবিৰ দৃষ্টি অনমনীয়। কবি শান্ত, সমাহিত আৰু দৃঢ়পিনদ্ধ। কবিয়ে এই দুখ-যন্ত্ৰণাৰ মাজতো সন্ধান কৰে মহৎ জীৱনৰ। জীৱনৰ পৰম ৰহস্য উদঘাটনৰ বাবে সদা প্ৰস্তুত হৈ কোনো নিৰ্জন উপত্যকাত কবিয়ে নিজকে অৱস্থান কৰোৱাই আত্মতৃপ্তি আৰু আত্মগৰিমাৰে । সৰ্বশেষ বিচাৰত তেওঁৰ হৃদয়ত সদায় ঝংকাৰিত হয় প্ৰেমৰ মধুৰ দ্যোতনা।
	স্বপ্নৰ ফুলবোৰ ফুলে দুখৰ ছাঁত, জোনাকিয়ে শুহি নিয়ে
	গছৰ নিয়ৰ, শূন্যত উৰে মৃগৰ কস্তুৰী গোন্ধ,
	কাণ পাতিলেই শুনো
	তেজৰ ফুলৰ নিগূঢ় সংলাপ, নিজান নদীৰ কবিতা পাঠ। (‘সোঁৱৰণীৰ অনুসৰণত’)
       কবিৰ দৃষ্টিত প্ৰেমৰ সংজ্ঞা বহুমাত্ৰিক। পাৰ্থিৱ প্ৰেমক স্বীকাৰ কৰিও কবিয়ে সণ্ঢালনিকৈ অপাৰ্থিৱ বা ভগৱৎ প্ৰেমৰ সন্ধান কৰে। ‘ভোগালী' তেওঁৰ আধ্যাত্মিক প্ৰেমৰ উজ্জ্বলতম উদাহৰণ।

২. দেশপ্ৰেমমূলক : বহু সমালোচকে মন্তব্য কৰে যে, স্বদেশ-স্বজাতি আৰু সমকালীন সমাজ ব্যৱস্থাৰ পৰা আঁতৰি কবি হীৰেন ভট্টাচাৰ্যই এখন কল্পনা মধুৰ জগতত বিচৰণ কৰা সততে পৰিলক্ষিত হয়। কিন্তু কথাষাৰ সমৰ্থনযোগ্য নহয়। উদাহৰণস্বৰূপে আমি আঙুলিয়াব পাৰোঁ তেওঁৰ প্ৰথম কাব্যপুথি মোৰ দেশ মোৰ কবিতালৈ য'ত স্বদেশৰ প্ৰতি সীমাহীন ভালপোৱা নিভাঁজ ৰূপত প্ৰকাশ হৈছে।
কবিৰ দেহৰ প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে ব্যাপ্ত হৈ আছে স্বদেশৰ প্ৰতি অপৰিসীম ভালপোৱা। কবি য'লৈকে গৈছে, য'তেই কবি আছে ত'তেই নিজ দেশৰ চিন্তাই বিভোৰ কৰি ৰাখে কবিক। শয়নে সপোনে কবিয়ে কামনা কৰে নিজ দেশৰ উন্নতি আৰু শান্তি।
	দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে দৰঙে
	মই ঘূৰিছোঁ। বহু বন্ধুৰ স’তে হাতে হাত ধৰি ফুৰিছোঁ।
	কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত, নতুবা
	পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ স’তে প্ৰাণ খুলি প্ৰাণৰ
	কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা।
	এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। (‘মোৰ দেশ’)
	এই কবিতাটোয়ে আমাক মনত পেলাই দিয়ে অষ্টাদশ শতিকাৰ স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় কবি ৰৱাৰ্ট বাৰ্নছৰ এটি গীতলৈ যি গীতত কবি বাৰ্নছে স্বদেশপ্ৰেমৰ চূড়ান্ত শিখৰত অৱতৰণ কৰা দেখা যায়।
	Farewell to the Highlands, farewell to the North,
	The birth place of valour the country of Worth.
	Wherever I wander, Wherever I rove
	The hills of the Highlands forever I love.
       কবিৰ চিন্তাজগতত প্ৰেমৰ দৰেই স্বদেশপ্ৰেমৰ সংজ্ঞাও বহুমাত্ৰিক। এই বহুমাত্ৰিকতাত জনতাৰ মুক্তিৰ বাবে ঘোষণা কৰা বিপ্লৱ অন্যতম। পুঁজিপতি প্ৰভূসকলৰ ধনৰ মোনা স্ফীত হয় বনুৱা শ্ৰেণীৰ অপৰিসীম দুখ-যন্ত্ৰণাৰ বিনিময়ত। কবিয়ে এই কথা অন্তঃকৰণেৰে মানি লয় যে যেতিয়ালৈকে সম্পদৰ অ-সম বিতৰণ সমাজত চলি থাকিব তেতিয়ালৈকে লাখ লাখ শোষিত, নিস্পেষিত আৰু ভোকাতুৰৰ জন্ম হৈয়েই থাকিব আৰু সেইবাবে কবিয়ে এই ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন নিতান্তই কামনা কৰিছিল।
	স্নায়ুৰ শিথিল তৰংগেৰে 
	হীৰাৰ দৰে উজ্জ্বল এটা সপোন
	অকস্মাৎ আহি
	মোৰ হৃদয়ত আশ্ৰয় ল'লে
	শস্যৰ সুঘ্ৰাণ, মাটিৰ লুণীয়া স্বাদ
	বিয়পি পৰিল
	শৰীৰৰ তন্ত্ৰুৱে তন্ত্ৰুৱে। (‘সপোন’)
	এই ক্ষেত্ৰত তেওঁৰ কবিতাত মাওৰ প্ৰভাৱ স্পষ্ট ৰূপত দেখা যায়। মাওৰ শোষিতৰ  আত্মপ্ৰতিষ্ঠাৰ সহিংস বিপ্লৱ তেওঁৰো বহু কবিতাৰ নীতি হৈ পৰিল।
	মোৰ নিয়াৰিৰ
	কাঁচিখনলৈ এবাৰ চালেই
	বুজিব পাৰিবা
	কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ। (‘আত্মপক্ষ’)
	কবিৰ স্বদেশপ্ৰেমৰ এনে বহু কবিতা আছে যিবোৰ ব্যক্তি জীৱনকেন্দ্ৰিক। ৰাষ্ট্ৰযন্ত্ৰৰ গৰ্ভত পুঞ্জীভূত হোৱা সীমাহীন বেদনা আৰু খঙে তিলতিলকৈ গঢ়ি তোলা এইসকল ব্যক্তিৰ আদৰ্শৰ কঠিন পৰ্বতমূলৰ সবেগ উচ্চাৰণ হীৰেন ভট্টাচাৰ্যৰ কবিতাত পূৰ্ণ ৰূপত দেখা যায়। ৰাষ্ট্ৰব্যৱস্থা যি নিজেই এক প্ৰচণ্ড শক্তি, সেই শক্তিও কবিৰ এই  আৰোপিত আদৰ্শবাদৰ তুলনাত তুচ্ছাতিতুচ্ছ হৈ পৰিছে ব্যাপকভাৱে। কবিৰ ‘আই’, ‘জ্যোতি, সেই জ্যোতি’, ‘প্ৰতীক্ষা’ আদি এনেধৰণৰ কিছু কবিতা।
	১.	সহজ এন্ধাৰ সহজতৰ মোৰ সহজাত দুখ;
		প্ৰকৃততে দুখবোৰ সজ, সহজ আৰু সুনিশ্চিত। (‘জোনাকী মন ২১’)
	২. 	আজি বয়স গৈ গৈ দুকুৰিৰ ওচৰত মই আকৌ থমক খাই ৰ'লোঁ।
		হাতৰ মুঠিৰ আহত গোলাপ চাই ভাবিছোঁ 
		মই আজন্ম তোমাৰেই গানৰ কবি; (‘নীল নক্ষত্ৰ’)
	আৰু সেইবাবে হাজাৰ যন্ত্ৰণা আৰু দুখৰ পিছতো প্ৰতিনিয়ত প্ৰোজ্জ্বল হয় তেওঁৰ জীৱন। তেওঁৰ জীৱনাকাংক্ষাত হতাশাৰ বিৰাট প্ৰাচীৰ লংঘন হয় যোগাত্মক চেতনাৰে।
		প্ৰতিদিনাই মোৰ একো একোটা মৃত্যু 
		হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু
		এনেকৈয়ে মই আছোঁ। সপোনৰ পৰীৰ 
		ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ
		জীৱন যিমান সুন্দৰ হ'ব পাৰে
		সুন্দৰ তাতোকৈয়ে। (‘পুনশ্চ’)
	জীৱন বিষয়ক কবিৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ'ল তেওঁৰ জীৱন আনন্দৰ জলধিতকৈ বিষাদৰ তুহিনৰাশিয়েহে অধিক সমৃদ্ধিশালী আৰু গতিশীল কৰি তোলে । বিঘ্নকাতৰ জীৱন যেন তেওঁৰ একান্তই কাম্য।
	মই মৰাৰ আগতে, বন্ধুৰ হাতত
	ছুৰীখন দেখি ভাবিছিলোঁ
	এই উজ্জ্বল মৃত্যুৰ কথা। সেয়ে সংগোপনে মই মোৰ জীৱন
	মোৰ বন্ধুৰ হাতত তুলি দিলোঁ (‘নিহত হৃদয়’)

৪. প্ৰকৃতি বিষয়ক : ৰোমাণ্টিক যুগৰ কবিসকলৰ প্ৰকৃতিৰ কোলাত বিচৰণ কৰাৰ যি দুৰ্নিবাৰ হেঁপাহ সি চল্লিশ আৰু পঞ্চাশৰ দশকত স্তিমিত হৈ পৰিলেও ষাঠি  দশকৰ পৰা পুনৰ নিছিগা তটিনীৰ দৰে ব'বলৈ আৰম্ভ কৰিলে। হীৰেন ভট্টাচাৰ্য এই তটিনীৰ এটি বেগৱান ধাৰ। প্ৰকৃতিৰ প্ৰতি যি আত্মীয়তা, সি আন্তৰিকতাৰ বুকুৰে বগুৱা বাই যোৱা প্ৰাচীন এটি সুৰৰ দৰেই সত্য।
	প্ৰকৃতিয়ে কবিক দিয়ে প্ৰেৰণা। জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ। মৰুভূমিৰ তৃষ্ণাৰ্ত পথিকক পানীৰ উৎসই যিদৰে জীৱনৰ প্ৰতি আশাবাদী কৰি তোলে ঠিক সেইদৰে প্ৰকৃতিয়েও কবিক দিয়ে জীৱনৰ প্ৰতি এক নান্দনিক বোধ আৰু প্ৰত্যয়।
	কেতিয়াবা
	দৈনন্দিন জীৱনৰ তুচ্ছতাৰ মাজতো
	অনুভৱ কৰোঁ : শীৰ্ণ সেই নদীৰ
	সপোন বিস্তৃতি
	অন্ধ আকাশ ভৰি উঠা
	স্মৃতিৰ জোনাকী। (‘সেই নদী’)
	প্ৰকৃতিৰ লগত অপাৰ্থিব এটি চেতনা সংযোগ কৰি বিশিষ্টতা প্ৰদান তেওঁৰ প্ৰকৃতি বিষয়ক কবিতাসমূহৰ প্ৰধান লক্ষণ। ক'ব পাৰি চন্দ্ৰকুমাৰ আগৰৱালা, নলিনীবালা দেৱীৰ প্ৰকৃতি বিষয়ক পৰম ৰহস্যবাদী কবিতাসমূহ প্ৰেমে-বিষাদে আধুনিকতাবাদৰ নতুন পোছাক পিন্ধি তেওঁ কবিতাসমূহত ভুমুকি মাৰিছেহি।
১.   লাহে লাহে গেৰুৱা আকাশখন এন্ধাৰ হৈ আহিল
	    দীঘল দীঘল খোজেৰে বুঢ়া ব'ৰাগী ঘৰলৈ উভতিছে
	   বাঁহবাৰী তামোলনীৰ আগেৰে তৰাই ভুমুকিয়াইছে (‘গধূলি’)
২.  মোৰ এখন নৈ আছে
		য'ত ভৰদুপৰীয়া তুমুল ৰ'দত
	     নৈখনৰ পৈণত মাছে
		চুই আছে জলকুঁৱৰীৰ পিছল শৰীৰ। (‘ মোৰ এখন নৈ আছে’)
	কবিৰ বাবে প্ৰকৃতি নিচেই চিনাকি, নিতান্তই স্বাভাৱিক। যেন এক আজন্ম সম্পৰ্ক প্ৰকৃতিৰ লগত কবিৰ। কবিৰ দৃষ্টিত প্ৰকৃতি মানেই সৌন্দৰ্যৰ বিপুল আয়োজন। যি সৌন্দৰ্য নিৰ্ভেজাল আৰু অমল। কবিৰ ‘ব'হাগ’, ‘আহিনৰ লেণ্ডস্কেপ’, ‘ফাগুনৰ গান’ আদি এনেধৰণৰ কেইটামান কবিতা।
	লোকসাহিত্যৰ প্ৰভাৱ : হীৰেন ভট্টাচাৰ্যৰ কবিতাত লোকসাহিত্যৰ প্ৰভাৱ অপৰিসীম। লোকসাহিত্যই বিভিন্ন ৰূপেৰে আহি তেওঁৰ কবিতাক বৰ্ণাঢ্য কৰাটো তেওঁৰ কবিতাৰ এক লক্ষণীয় বৈশিষ্ট্য। কিছুমান উদাহৰণ তলত উল্লেখ কৰা হ'ল :
ভট্টাচাৰ্যৰ কবিতালোকসাহিত্য
১. আইৰ কোলাত আকৌ এবেলি
লাই হালে জালে আবেলি বতাহে
১. লাই হালে জালে আবেলি বতাহে
লফা হালে জালে পাতে (নিচুকনি গীত)
২. বাখৰ পতোৱা ৰ’দৰ এবুৰি ছঅঁৰা২. চৰাই হৈ চৰিমগৈ ছঅঁৰা পুখুৰীত (বনঘোষা)
৩. চিকুণ কুমলীয়া চৰাইৰ জাকৰুৱা মাত৩. চৰাই চিকুণ তেলীয়া সাৰেং
মাছৰ চিকুণ মালি (বিহুনাম)
৪. মোৰ ফুললৈ মেলা হাতত তুমি
ফুলোঁ-নুফুলোঁ মাধৈমালতী
৪. হাতো নেমেলিবা ফুলু নিছিঙিবা
কৰে নাৱৰীয়া তই (লোকসাধু)
৫. মোৰ ভৰা ভোগদৈ বাঢ়ে ফেনেফোটোকাৰে
হৈয়াঙে দৈয়াঙে থাউনি নোপোৱা বাঢ়নি
    পানীৰ সোঁত
৫. হাতী পানী খালে হৈয়াঙে দৈয়াঙে
৬. কি বিজুলীয়াই অ’ সৰুমাই
কিনো বিজুলীয়াই যায় (সাংগীতিক লয়)
৬. কিনো খাই পাহৰিম তোকে ঐ লাহৰী
	হীৰেন ভট্টাচাৰ্যৰ কবিতা সমালোচনাই ঢুকি নোপোৱা নহ'লেও এটা কথা ঠিক যে তেওঁৰ কবিতাৰ সমালোচনা সদায় এটা বিন্দুত ৰৈ যায়গৈ আৰু য'ত ৰয়গৈ তাৰ পৰাই পুনৰ তেওঁৰ কবিতাৰ নতুন দিশ উন্মোচিত হয়। এয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মহত্ব।

ৰাজীৱ দত্ত অসমৰ এগৰাকী বিশিষ্ট লেখক আৰু অনুবাদক।

2 thoughts on “হীৰেন ভট্টাচাৰ্যৰ কবিতা

Leave a Reply to নৃপেন Cancel reply

Your email address will not be published. Required fields are marked *