ৰঘুনাথ চৌধাৰীৰ এটি কবিতা আৰু সেই সময় এই সময়

অনুৰাধা শৰ্মা

ৰঘুনাথ চৌধাৰী
"Many people dislike the notion that poetry can have any connection with politics and think that, even if we extend politics to cover a whole range of public events, it stands in a awkward relation to poetry, that its incursions are usually unsuccessful and often deplorable, and that its influence defiles an othewise pure art." (C. M. Bowra : Poetry and Politics) কবিতাৰ বিচাৰত নান্দনিকতাহে যুগ নিৰপেক্ষভাৱে পাঠকৰ হিয়াত ৰৈ যায়—এনে দৃষ্টিৰেই কবিতাৰ স্থান নিৰূপণ কৰা হয়। কিন্তু একোটা সময়প্ৰৱাহৰ সাৰ্থক প্ৰতিফলন হিচাপেও কবিতা বা সাহিত্য বিচাৰ কৰাৰ আনুষংগিক অভিপ্ৰায় থাকে। চাবলৈ গ'লে আমাৰ দেশপ্ৰেমৰ কবিতাবোৰো তেনেদৰে এক নিৰ্দিষ্ট সময় উজ্জীৱিত হৈ উঠা কবিতা। তাৰ ইতিহাস নাজানিলে বা তদানীন্তন অভিজ্ঞতাক স্পৰ্শ কৰিব নোৱাৰিলে সেই কবিতাৰ মৰ্ম, অন্তৰ্নিহিত চিত্ৰ, প্ৰতীক বা ব্যঞ্জনাই আমাক উদ্দীপিত কৰি নোতোলে। সেইবুলি তেনে সৃষ্টিক এক নিৰ্দিষ্ট ‘কাল পৰিধি'ৰ নিৰ্মাণ বুলি উপেক্ষা কৰা নাযায়; যুগে যুগে তাৰ অন্তৰ্নিহিত চেতনাই আমাক সময়ৰ সংকেত দি থৈ যায়। উদাহৰণস্বৰূপে, ৰঘুনাথ চৌধাৰীৰ ‘জোন আৰু জোনাকী' কবিতাৰ অংশ এটা লোৱা হ'লঃ
	ক্ষুদ্ৰ হৈয়ো চিৰকাল স্বাধীন যিজন
	দুখতেই থাকে প্ৰাণ ধৰি
	ভাবি চোৱা সেইজন কিমান মহৎ
	পৰাধীন জীৱনত কৰি

ঔপনিৱেশিক কালত ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ মাজেৰে যি মুক্তি চেতনা ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে জাগি উঠিছিল এয়া তাৰ এক বলিষ্ঠ প্ৰতিফলন বুলি এক বিশেষ কালপ্ৰৱাহত ৰাখিহে আমি এনে কবিতাৰ মান নিৰ্ণয় কৰোঁ। কাৰণ স্বৰাজোত্তৰ কালত ওপজাসকলৰ সন্মুখত উপনিৱেশ নাই, ব্ৰিটিছো নাই অথবা ৰাজনৈতিক পৰাধীনতাৰ তিক্ততা সহি-সামৰি থকাৰ অভিজ্ঞতাও নাই। কিন্তু ‘জোনাকী' যদি সাধাৰণ মানুহৰ (ক্ষুদ্ৰ হৈয়ো) প্ৰতীকী ব্যঞ্জনা হয়, তেন্তে প্ৰতিপত্তিশালী ক্ষমতাবানসকলৰ বহতীয়া গোটটো হৈ পৰিব ‘ডাঙৰ মানুহ'ৰ স্বৰূপ আৰু তেনে স্বৰূপক প্ৰত্যাহবান জনোৱাটো হ'ব পাৰে এই সময়ৰো প্ৰাসংগিক চেতনা। পিছে আমি ‘জোন আৰু জোনাকী' কবিতাটো ‘সেই সময় এই সময়'ৰ বিৱৰ্তনৰ তুলাচনীত ৰাখি চাব বিচৰা নাই; এই কবিতাৰ উল্লেখ কৰা হৈছে সময়ৰ ফ্ৰেমত বান্ধি ৰখা কবিতাই সময়ান্তৰৰ ব্যঞ্জনা কিদৰে কঢ়িয়াই লৈ ফুৰে তাৰ দৃষ্টান্ত ৰূপেহে। তদুপৰি, কবিতাৰ ৰাজনীতি কোনো নিন্দনীয় বা অসফল বিষয়ো নহয় অথবা ‘বিশুদ্ধ কলা'ক দূষণীয় কৰাৰ প্ৰৱণতাও নহয়; মানুহ যিহেতু এক ৰাজনৈতিক প্ৰাণী, সেয়ে মানৱসৃষ্ট কলাত ৰাজনীতি থকাটো এক স্বাভাৱিক প্ৰৱণতা। নহ'লেনো প্ৰকৃতিৰ দুটি ৰূপ জোন আৰু জোনাকীৰ কোন স্বাধীন কোন পৰাধীন সেই চেতনা মনলৈ আনিবৰ কবিৰ কি গৰজ পৰিছিল! আমাৰ আলোচ্য কবিতাটো হ'ল ৰঘুনাথ চৌধাৰীৰে, জীৱনৰ শেষৰ ফালে লিখা এটা অল্পচৰ্চিত কবিতা-- ‘মন্দিৰত আজি দেৱতা নাই'।

ৰঘুনাথ চৌধাৰী ‘বিহগী কবি' বা ‘প্ৰকৃতি কবি' হিচাপেই জনপ্ৰিয়; নিশ্চিতভাৱেই তেওঁ অসমীয়া সাহিত্যত চৰাই আৰু প্ৰকৃতিৰ বিষয়ক লৈ কেইটামান দুৰ্দান্ত কবিতা লিখিছে। কিন্তু ‘বিহগী কবি' এই পৰিচিতিটো তেওঁৰ কবি প্ৰতিভাৰ বিস্তাৰত ইমান বিভাসিত হৈ উঠিল যে ৰঘুনাথ চৌধাৰীৰ ব্যক্তিসত্তা আৰু কবিসত্তাৰ আন কেতবোৰ দিশ অন্তৰ্হিত হৈ পৰিল। জয়ন্তীৰ সম্পাদনাত জড়িত ৰঘুনাথ চৌধাৰী ভাৰতীয় গণ নাট্য সংঘৰ (IPTA) লগতো জড়িত আছিল আৰু ১৯৫২ চনত তেওঁ কলিকতাত অনুষ্ঠিত বিশ্ব শান্তি সন্মিলনতো যোগ দিছিল। অসমীয়া সাহিত্যৰ প্ৰগতিবাদী ধাৰাটোৰ ইতিহাসত ৰোমাণ্টিক যুগৰ এই অন্যতম শ্ৰেষ্ঠ কবিগৰাকীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি যদিও ব্যক্তিসত্তাৰ এই দিশবোৰ বিহগী কবি সত্তাৰ প্ৰবলতাত উপেক্ষিত হৈ ৰৈ গ'ল। আমি আলোচনা কৰিবলৈ লোৱা কবিতাটো চৰাই অথবা প্ৰকৃতি বিষয়ক নহয়। ৰঘুনাথ চৌধাৰী ৰচনাৱলীত ‘লেছেৰি-বোটলা কবিতাৱলী' শিতানত এই কবিতাটো সন্নিৱিষ্ট কৰা হৈছে। এই শিতানত থকা কবিতা সম্পৰ্কে ৰচনাৱলীৰ ‘সম্পাদকৰ নিবেদন'ত কোৱা হৈছে--‘‘ৰচনাৱলীৰ ‘লেছেৰি-বোটলা কবিতাৱলী' শিতানত যি নটা কবিতা থূপাই থোৱা হৈছে তাৰ ‘ঈশ্বৰ', ‘মায়াৰ খেলা' আৰু ‘খেকেৰুপতীয়া' এই তিনিটাত বাহিৰে বাকী ছটা কবিতাই কবিৰ প্ৰৌঢ় বয়সৰ কাব্য ফচল। এই সময়ত কবিয়ে শব্দৰ আৰু ছন্দৰ লগত খেলা খেলিবলৈ লাহে লাহে পাহৰিয়ে আহিছে। অৱশ্যে ‘ৰাজ ৰাজেশ্বৰী চম্পাৰ' কথা সুকীয়া আৰু সেই কবিতা কেনেকৈ কিয় লিখিবলগীয়া হৈছিল তাৰ বৰ্ণনা তলত পৃথকে দিয়া হৈছে। শৰীৰৰ কাৰণে বস্ত্ৰাভৰণ যি কাব্যভাব প্ৰকাশৰ কাৰণেও শব্দ আৰু ছন্দ সেয়ে। বাৰ্দ্ধক্যত বস্ত্ৰৰ প্ৰতি মোহ বা চাকচিক্যৰ প্ৰতি আগ্ৰহ হ্ৰাস পাই অহাৰ দৰে প্ৰৌঢ়াৱস্থাত কবিসকলেও স্বভাৱতে ভাষা আৰু ছন্দৰ প্ৰতি ঔদাসীন্য প্ৰকাশ কৰে। চৌধাৰীৰ এই কবিতাসমূহতো তেনে এটা উদাসীনতা প্ৰকট হৈ উঠিছে।'' ৰচনাৱলীৰ সম্পাদক অতুলচন্দ্ৰ বৰুৱাৰ এই মন্তব্যই স্পষ্ট কৰে যে আমি আলোচনা কৰিবলৈ লোৱা কবিতাটোতো ৰঘুনাথ চৌধাৰীৰ ভাষা আৰু ছন্দৰ চমৎকাৰিত্ব নাই; আৰু এইটো তেওঁৰ প্ৰৌঢ় বয়সৰ ৰচনা। বাৰ্দ্ধক্যত বস্ত্ৰৰ প্ৰতি মোহ বা চাকচিক্যৰ প্ৰতি আগ্ৰহ হ্ৰাস পাই আহিব পাৰে, কিন্তু বাৰ্দ্ধক্যত বৃদ্ধি পায় জীৱনৰ অভিজ্ঞতা; সেয়ে ভাষা আৰু ছন্দৰ প্ৰতি উদাসীন হ'লেও অভিজ্ঞতালব্ধ চেতনাই পূৰঠ কৰি তোলা ভাবনা কবিতাটোত আছে। জীৱনৰ শেষৰ ফালে ৰচনা কৰা কবিতা বাবেই সময়ৰ ফালৰ পৰা স্বাধীনতাৰ পৰৱৰ্তী কালত ৰচনা কৰিছিল বুলি ক'ব পাৰি। ইতিমধ্যে অসমীয়া কবিতাত ৰোমাণ্টিক যুগৰ প্ৰায় অৱসান হৈছিল আৰু ৰঘুনাথ চৌধাৰীয়েও কবিতা লিখিবলৈ এৰি দিছিল। আমাৰ আলোচ্য কবিতাটোৰ শেষৰফালে কবিয়ে কৈছে--‘‘এয়ে মহা স্থৱিৰ কবিৰ আকুল আহবান”--মহা স্থৱিৰ ৰূপে স্পষ্ট কৰিছে ইতিমধ্যে কবিয়ে কলম সামৰি আনিছে। তাৰ পিছতো ‘মন্দিৰত আজি দেৱতা নাই' এই বিমৰ্ষতা আৰু আশাভংগৰ হাহাকাৰ কিয়? কবিৰ পোনপটীয়া statement -- মন্দিৰত আজি দেৱতা নাই। ‘আজি নাই' মানে কালি বা আগতে আছিল; আজি কিয় নাই, ক'ত হেৰাল? এই দেৱতা মানে সনাতনী হিন্দুৰ বিগ্ৰহক বুজোৱা নাই নিশ্চয়? পিছৰ শাৰীটোত আছে--
	মন্দিৰত আজি দেৱতা নাই
	নাই নাই নাই, মানৱতা নাই
	মন্দিৰত ইষ্টদেৱতা নাই বন্তি নজ্বলে
	ধূপ ধূনা নাই, পূজাৰী নাই
	সত্য, প্ৰেম, দয়া, শান্তি
	সূক্ষ্ম অনুভূতিবিলাক জনগণৰ অন্তৰৰ পৰা অন্তৰ্হিত হৈছে।

তাৎপৰ্যপূৰ্ণ যে কবিয়ে নথকাৰ নিশ্চিত অৰ্থত ‘নাই' ৰূপটো বাৰম্বাৰ ব্যৱহাৰ কৰিছে। মুঠ ত্ৰিশটা শব্দৰ ভিতৰত ‘নাই' শব্দটো আঠবাৰ ব্যৱহাৰ কৰিছে। শূন্যতাৰ এক হাহাকাৰ আৰু কবিৰ ক্ষোভ ‘নাই' শব্দত ব্যঞ্জিত হৈছে। সত্য, প্ৰেম, দয়া, শান্তি মানৱতাৰ একো একোটা উপকৰণ; এতেকে মন্দিৰত দেৱতা নাই এয়া ৰূপক অৰ্থত ব্যৱহাৰ হৈছে, যাৰ নিহিত অৰ্থ হ'ল মানুহৰ ভিতৰত মানৱতা নাই।
	পৱিত্ৰতা, সৰলতা বন্দীশালত অৱৰুদ্ধ।
	সাম্য মৈত্ৰী স্বাধীনতা
	কোনোবা দ্বীপান্তৰলৈ নিৰ্বাসিত।

পৱিত্ৰতা, সৰলতা ‘বন্দীশালত অৱৰুদ্ধ' বা সাম্য মৈত্ৰী, স্বাধীনতা নিৰ্বাসিত মানেই কোনোবাই বন্দীশাললৈ নিক্ষেপ কৰিছে আৰু নিৰ্বাসন দিছে। বন্দীশাল অথবা দ্বীপান্তৰলৈ স্বগমন হ'ব নোৱাৰে। গুৰুত্বপূৰ্ণ কথাটো হৈছে কবিতাটো যিহেতু প্ৰৌঢ় বয়সৰ ৰচনা, সেয়ে পোনে পোনে ইয়াক উপনিৱেশকালীন সময়ৰ ফ্ৰেমত বিচাৰ কৰিব নোৱাৰি। তেনে সময়ত ৰচিত হ'লে কবিৰ অভিপ্ৰায় আমি অনায়াসে স্পষ্ট কৰিব পাৰিলোঁহেঁতেন। দেশীয় ৰাজ্য চলাৰ সময়তে কবিয়ে যি ক্ষোভ ব্যক্ত কৰিছে তাৰ পৰা স্পষ্ট যে আমাৰ দেশীয় ব্যৱস্থাত কেৰোণ সৃষ্টি হৈছিল। ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ পিছত দেশে যিধৰণৰ মুক্তি আৰু সমতাৰ সোৱাদ পাব বুলি সপোন দেখিছিল, বাস্তৱত সেই সপোন সাকাৰ ৰূপ লৈ নুঠিল। ৰঘুনাথ চৌধাৰীয়ে নিজেও স্বাধীনতা আন্দোলনত কাৰাবৰণ কৰিছিল আৰু ব্যক্তিগতভাৱেও তেওঁ আছিল স্বাধীনচিতীয়া। সেয়ে ব্ৰিটিছে ভাৰত ত্যাগ কৰাৰ লগতে লাগি অহা দেশভাগৰ যন্ত্ৰণা আৰু পৰিৱৰ্তিত ৰাজনৈতিক ঘটনাৱলীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেই পৰিৱেশ ভাৰতবৰ্ষৰ সাধাৰণ জনতাৰ কেতিয়াও কাম্য নাছিল। সাম্য, মৈত্ৰী আৰু স্বাধীনতা এই তিনিওটাৰ বাস্তৱিক অৱস্থানেৰে এক সন্তুলিত আৰু সমৃদ্ধ ভাৰতবৰ্ষৰ ছবিখনেই নিশ্চয় চৌধাৰীয়েও দেখিছিল। অকল ব্ৰিটিছমুক্ত স্বাধীনতাৰে নহয়, সাম্য-মৈত্ৰীৰে গণমানৱৰ কল্যাণ সাধনৰ লক্ষ্য সন্মুখত ৰখা ৰঘুনাথ চৌধাৰী আছিল উদাৰ মানৱতাবাদী আদৰ্শত বিশ্বাসী। তেওঁৰ মৈত্ৰী আৰু মানৱতাৰ আদৰ্শবাদী ধাৰণাৰ ফচল হ'ল ‘কাৰবালা' কাব্য, যিখনে মুছলমানৰ প্ৰতি শ্ৰদ্ধা আৰু উদাৰতাৰ নিদৰ্শন দাঙি ধৰে। সমকালৰ ভাৰতীয় সাহিত্যত এনে নিদৰ্শন খুব কম। প্ৰসঙ্গক্ৰমে আমি মুন্সী প্ৰেমচাঁদৰ ‘কাৰবালা' নাটক আৰু কাজী নজৰুলৰ শ্যামা সংগীত ৰচনাৰ পৰম্পৰাৰ কথা আঙুলিয়াব পাৰোঁ। উল্লেখযোগ্য যে, এই তিনিওগৰাকী সাহিত্যিক ভাৰতীয় প্ৰগতিবাদী সাহিত্যৰ ধাৰাটোৰ একো একোগৰাকী সক্ৰিয় কৰ্মী। ৰঘুনাথ চৌধাৰীয়ে তেওঁৰ সাহিত্য সভাৰ সভাপতিৰ অভিভাষণখনতো এনে চিন্তা অকপটে ব্যক্ত কৰিছে--‘‘স্বদেশ প্ৰেমৰ দৃঢ় সংকল্পত অনুপ্ৰাণিত হৈ গণমানৱৰ কল্যাণ সাধন কৰিবলৈ সাজু হ'ব লাগিব।'' স্বাধীনতাৰ অনুপ্ৰেৰণাত ‘গণমানৱৰ কল্যাণ' বিজড়িত হৈ আছিল আৰু এইটো ঠিক যে গণমানৱৰ কল্যাণৰ লগত সাম্য, মৈত্ৰীও অংগী; কাৰণ গণমানৱ মানে অকল সনাতন হিন্দু নহয় অথবা ব্ৰাহ্মণ, কায়স্থ, কলিতাও নহয়--অৰ্ধনগ্ন, নিপীড়িত, দৰিদ্ৰ, দুৰ্দশাগ্ৰস্ত জনতা; আৰু গণমানৱৰ কল্যাণ অবিহনে ৰাজনৈতিকভাৱে ব্ৰিটিছমুক্ত হ'লেও স্বাধীনতা হৈ পৰিব প্ৰকৃততে অৰ্থহীন। নিশ্চিতভাৱেই গণমানৱৰ কল্যাণক বলি দি আত্মস্বাৰ্থ পূৰণ কৰা শ্ৰেণী এটাৰ স্বৰাজোত্তৰ কালত ভাৰতবৰ্ষত উত্থান হৈছিল। চৌধাৰীয়ে কবিতাটোত দুটা শব্দ ব্যৱহাৰ কৰিছে ‘নৰভুক-বলিভুক' (মান্যভাষাত ব্যৱহাৰ হোৱা ‘ভোক' শব্দ কামৰূপী উপভাষাৰ আঞ্চলিক ৰূপ কিছুমানত ‘ভুক' ৰূপেও ব্যৱহাৰ হয়।)--
	মন্দিৰৰ আটালত ফেঁচাৰ কুৰুলি
	নৰভুক-বলিভুক।

জনস্বাৰ্থ বলি দিয়াৰ ব্যঞ্জনাক এই দুটা শব্দৰে কবিয়ে প্ৰকাশ কৰিছে। এই শ্ৰেণীটোৰো দুটা ভাগ দেখুৱাইছে--
	বুভুক্ষু ৰাংকুকুৰৰ দলে
	মন্দিৰ প্ৰাঙ্গনৰ আন্ধাৰত বিপনি সজাই,
	নিৰীহ গণমানৱক বিভ্ৰান্ত আৰু প্ৰৱঞ্চিত কৰিছে।
	সিহঁতৰ শৰীৰ ৰুধিৰ-সিক্ত।
	আৰু সৌ চোৱা আৰু একশ্ৰেণী নৰপশুৰ মূৰত বনকৰা উষ্ণীশ।
	শৰীৰত শুক্ল কপাহী বস্ত্ৰ
	আৰু যন্ত্ৰচলিত ৰজত শুভ্ৰ
	শকটত চৰি অহৰ্নিশে গুপ্ত ব্যৱসায় চলাই ফুৰাই
	তেওঁলোকৰ মুখ্য কাম।

এটা শ্ৰেণীয়ে নিৰীহ গণমানৱক বিভ্ৰান্ত আৰু প্ৰবঞ্চনা কৰি আহিছে আৰু আনটো হৈছে ছদ্মবেশী শ্ৰেণী--মূৰত বনকৰা ঊষ্ণীশ আৰু শৰীৰত শুক্ল কপাহী বস্ত্ৰই ইংগিত দিয়ে ছদ্মবেশী শ্ৰেণীটোৰ ছল-কপটতা। উল্লেখযোগ্য যে, বিষ্ণুপ্ৰসাদ ৰাভায়ো তেওঁৰ ৰচনাত ‘ইংৰাজ গ'ল, ধনৰাজ আহিল' বুলি এই শ্ৰেণীটো স্পষ্টভাৱে চিহ্নিত কৰি থৈছিল। স্বৰাজোত্তৰ ভাৰতবৰ্ষত জনগণক শোষণ কৰা দেশীয় লোকৰ চাম এটা প্ৰবল হৈ উঠিছিল; উল্লিখিত দুয়োটা শ্ৰেণীয়েই আছিল ধন আৰু ক্ষমতাৰে বলীয়ান। এই দুয়োটা শ্ৰেণীৰ শক্তি ইমান যে ‘ৰাজপথ' ৰুদ্ধ কৰি পেলাইছিল--
	ৰাজপথ ৰুদ্ধ।
	পণ্য বীথিবিলাক পূতিগন্ধময়;
	সিহঁত আন্ধাৰৰ জীৱ

‘ৰাজপথ ৰুদ্ধ'ই গতিপথ, প্ৰগতি বা প্ৰতিবাদ ৰুদ্ধ কৰাৰ ইংগিত দিছে। ‘আন্ধাৰ'ক ইয়াত অন্যায়, দুৰ্নীতি, অবিচাৰ, ক্ষমতালিপ্সা, অসমতা, হিংসা এই সকলোৰে প্ৰতীক হিচাপে লোৱা হৈছে। দ্বিতীয় মহাযুদ্ধৰ পিছত সমগ্ৰ পৃথিৱীতে সাধাৰণ মানুহে এক শংকা আৰু অনিশ্চয়তা লৈ জীৱন কটাবলগীয়া হৈছিল। ভাৰতবৰ্ষতো ইয়াৰ প্ৰভাৱ পৰিছিল। তদুপৰি, ভাৰতবৰ্ষত দেশ বিভাজনৰ সময়ত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষই সমগ্ৰ বাতাবৰণ অধিক অস্থিৰ আৰু উত্তেজনাময় কৰি তুলিছিল। কবিয়ে সেয়ে দেশৰ পৰা দেশান্তৰলৈ সৃষ্টি হোৱা এই ‘বিষময় সময়'ক ইংগিত কৰিছে--
	সিহঁতৰ দানৱীয় অত্যাচাৰত
	পৃথিৱীৰ বায়ুমণ্ডল বিষাক্ত হৈ পৰিছে
	আজি গোটেই বিশ্ব, জীৱন মৰণৰ সন্ধিস্থলত।

সমকালৰ বিশ্বপ্ৰৱাহ এই পংক্তিত পৰিস্ফুট হৈছে। পিছে এই পৰিৱেশৰ বৰ্ণনাতে কবি ক্ষান্ত থকা নাই। আনুষ্ঠানিক শিক্ষা, নিশ্চিত ভৱিষ্যত, বিদেশী বস্ত্ৰ, বিলাস এই সকলো ত্যাগ কৰিবলৈ এসময়ত যে ডেকাচামে কুণ্ঠাবোধ কৰা নাছিল আৰু মৃত্যুভয় জিনিবলৈ শিকিছিল সেই উদ্যমক উজ্জীৱিত কৰি তুলিবলৈ কবিয়ে আহ্বান জনাইছে--
	হে অমৃতৰ সন্তান-সন্ততিসকল, ডেকা গাভৰু, 
	তোমালোকেই মুক্তি যুঁজৰ যুঁজাৰু, দুৰ্নীতি দমনৰ বোমাৰু,
	আগবাঢ়ি আহা,
	তোমালোকৰ জীৱনৰ ব্ৰত, শিক্ষাব্ৰতৰ পৰা নামি আহি
	নৰশাৰ্দুলৰ দলক পশুশালাত চিৰকাললৈ বন্দী কৰি 
	ৰখাই তোমালোকৰ জীৱনৰ পণ হওক।

মানুহ অমৃতৰ সন্তান-- পোহৰ আৰু সত্যৰ হকে যদি মানুহে নুযুঁজে তেন্তে কোনো অলৌকিক শক্তিয়ে আহি আন্ধাৰৰ প্ৰতিনিধিয়ে সৃষ্টি কৰা অশান্তি, অসূয়া, দুৰ্নীতি, দমনৰ পৰা মানুহক মুক্তি নিদিয়ে। মানুহৰ এই মুক্তিৰ বাবে প্ৰয়োজন হ'লে শিক্ষাব্ৰত অৰ্থাৎ ভৱিষ্যত জীৱনৰ স্বপ্নৰ পৰা নামি আহি হ'লেও নৰশাৰ্দুলক বন্দী কৰি ৰাখিব লাগিব বুলি কবিয়ে ব্যক্ত কৰিছে। ‘ছাত্ৰানাং অধ্যয়নং তপঃ' অৰ্থাৎ ছাত্ৰই অধ্যয়নতহে ব্ৰতী হৈ থাকিব লাগে, এই আপ্তবাক্য সমাজৰ আৰু দেশৰ প্ৰয়োজনত ব্যতিক্ৰম হ'ব পাৰে বা হোৱা উচিত—এই দৃষ্টিভংগী ইয়াত স্পষ্ট। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো ছাত্ৰসমাজে এই ভূমিকা পালন কৰিছিল। দেশৰ সমকালৰ ৰাজনীতি আওকাণ কৰি বা পৰিস্থিতিৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি ব্যক্তিগত জীৱনৰ উন্নতিকে সাৰোগত কৰি আগবাঢ়িলে ভৱিষ্যতৰ সময় যে আৰু ভয়াৱহ হৈ উঠিব সেইটো ধুৰূপ। তদুপৰি, শিক্ষাই যদি মানুহক মানুহ হোৱাৰ অনুশীলন নিশিকায়, বোধশক্তি নবঢ়ায়, তেনে শিক্ষাই ভৱিষ্যতে কিছুমান বৃত্তিধাৰী সৃষ্টি কৰিলেও শুভ শক্তিৰ শুভোদয় যে ঘটাব নোৱাৰে সেই কথা কবিয়ে নিজৰ জীৱনৰ অভিজ্ঞতা আৰু চৈতন্যৰে সাৰ্থকভাৱে উপলব্ধি কৰিছিল। আনকি পিছৰ শাৰী দুটাত খুব বলিষ্ঠভাৱে সেই প্ৰত্যয়ক উপস্থাপন কৰিছে—
	যি দেশত অৰাজকতা--য'ত নাই নৈতিকতা
		তাত নাই শিক্ষাৰ সাৰ্থকতা।

ৰঘুনাথ চৌধাৰীৰ এই কবিতাটো বৰ্তমান সময়তো অতি প্ৰাসংগিক হৈ উঠিছে। ব্ৰিটিছৰাজৰ পৰা ভাৰতবৰ্ষ আজি বহুদূৰ আগবাঢ়ি আহিল যদিও অসাম্য, দুৰ্নীতি, শোষণ আদিয়ে সাধাৰণজনৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। এটা শ্ৰেণীয়ে দেশসেৱাৰ নামত ধৰ্ম, জাত-পাত আৰু সাম্প্ৰদায়িকতাৰে মানুহক ভাগ ভাগ কৰি শাসনৰ গাদীত বহে। কবিয়ে উল্লেখ কৰা আন্ধাৰৰ জীৱৰ দুয়োটা শ্ৰেণীয়েই সাম্প্ৰতিক সময়ত অতি প্ৰকট হৈ উঠিছে। সেয়ে ‘কবিতা' হিচাপে ইয়াৰ শিল্পৰ গুৰুত্ব ৰঘুনাথ চৌধাৰীৰ আন কবিতাতকৈ আপেক্ষিকভাৱে কম হ'লেও জীৱনৰ অভিজ্ঞতালব্ধ অভিব্যক্তি আৰু সমকালৰ ৰাজনীতিৰ বাস্তৱায়নে ইয়াক অতি প্ৰাসংগিক কৰি তুলিছে। কবিয়ে যিদৰে কৈছে-- ‘‘যি দেশত অৰাজকতা য'ত নাই নৈতিকতা তাত নাই শিক্ষাৰ সাৰ্থকতা'', সেইদৰে অৰাজক আৰু অনৈতিক পৰিৱেশ য'ত আছে তাত সাধাৰণ মানুহ যে অকল বিপন্ন হয় তেনে নহয়, প্ৰকৃত শিক্ষাৰ অভাৱত প্ৰকৃতি আৰু চৰাই অৰ্থাৎ সামগ্ৰিকভাৱে পৰিৱেশতন্ত্ৰ বিনষ্ট হয়। পৰিৱেশতন্ত্ৰ বিনষ্ট হ'লে দহিকতৰা, কেতেকীৰ জীৱনো নিৰাপদ হৈ নাথাকে। জীৱনৰ শেষৰফালে সূক্ষ্ম অনুভূতিসম্পন্ন কবিৰ উপলব্ধিত এই কথাবোৰো ধৰা নিদিয়াকৈ থকা নাছিল নিশ্চয়। উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস হৈছে; কিন্তু এই উন্নয়নৰ স্বৰূপ কি? গণমানৱৰ নে ধনীক শ্ৰেণীৰ উন্নয়ন? এই প্ৰশ্নবোৰ এই সময়ৰ গুৰুত্বপূৰ্ণ সামাজিক, ৰাজনৈতিক প্ৰশ্ন। আমাৰ বৰ্তমান সাহিত্যই এই প্ৰশ্নবোৰক কিমান দূৰ জনমানসৰ ওচৰত চপাই নিব পাৰিছে, সেয়াও বিবেচনাৰ বিষয়। কাৰণ অৰাজনৈতিক ভাৱে সাহিত্যক চাবলৈ গ'লে সাহিত্যও কিন্তু জনগণৰ পৰা নিলগতহে অৱস্থা কৰিব; এনে অৱস্থানে সাহিত্যিকক নিৰাপদ কৰিব সঁচা কিন্তু pure literature হৈ পৰিব মৃত শৰীৰৰ অলংকাৰৰ লেখীয়া। জীৱিত মানুহৰ দেহতহে অলংকাৰে শোভা বঢ়ায়, অন্যথা অলংকাৰৰ নিপুণতা যাদুঘৰৰহে বস্তু; ব্যৱহাৰৰ নহয়। ৰঘুনাথ চৌধাৰীয়ে সাহিত্যৰ এই সত্যক খুব গভীৰভাৱে উপলব্ধি কৰিছিল। সাহিত্য সভাৰ সভাপতিৰ অভিভাষণতো এই কথা তেওঁ ব্যক্ত কৰিছে--‘‘আৱহমান কাল ভুগি থকা নিপীড়িত, লাঞ্ছিত, পদ-দলিত, গণ-মানসৰ ভয়াৰ্ত জীৱনত আশাৰ অভয়বাণী সাহিত্যত যিদিনা ৰৈ ৰৈ প্ৰতিধ্বনিত হ'ব--শুনিবলৈ পাম যিদিনা কোটি কণ্ঠৰ আৰ্তনাদৰ ভিতৰেদি নৰনাৰায়ণৰ আগমনী সংগীত, তেতিয়াহে হ'ব বাস্তৱ সাহিত্যৰ সাৰ্থকতা।''

এই মন্তব্যই দ্বিধাহীনভাৱে এই কথা খাটাং কৰিছে যে ৰঘুনাথ চৌধাৰী কেৱল প্ৰকৃতি আৰু চৰাইৰ কবি নাছিল, ৰাজনীতিয়ে সাহিত্যক কলুষিত কৰি বিশুদ্ধ কলাৰ পৰা আঁতৰাই ৰাখে বুলি ভবা চামৰ ভিতৰতো নাছিল। সেইবাবেই হয়তো মহা স্থৱিৰ কবিয়ে তেওঁৰ স্থৱিৰতাক জয় কৰি গণমুক্তিৰ বাবে আকুল আহ্বান জনাইছে ‘মন্দিৰত আজি দেৱতা নাই' নামৰ এই কবিতাটোত। নান্দনিকতাৰ বিচাৰত ৰঘুনাথ চৌধাৰীৰ আন কবিতাৰ লেখীয়াকৈ এই কবিতাটো কাব্যগুণত উজলি উঠা নাই, কিন্তু ইয়াৰ মাজেৰে তেওঁ তুলি ধৰা চিত্ৰ আৰু তেওঁৰ আকুল আহ্বানে সময়ৰ পৰিধি ভাঙি সৰ্বকালৰ বাবে এক ‘নৰনাৰায়ণৰ আগমনী' সংগীতৰ ইংগিত বহন কৰিছে। তেওঁ সাহিত্যৰ মাজেদি যি ক'ব বিচাৰে তাকে তেওঁ স্পষ্টকৈ কৈছে, অতি বলিষ্ঠভাৱে তুলি ধৰিছে। এই বলিষ্ঠতা নথকাটোৱে আজিৰ সাহিত্যৰ ডাঙৰ সংকট, বিশুদ্ধতাৰ মাত্ৰাধিক্যই ধুঁৱলী-কুঁৱলী কৰি তুলিছে জীৱনৰ চেতনাক--কি ক'ম, কি নক'ম, ক’মেই বা নক’মেই এক সংশয়, দোদুল্যমানতা। এনেবোৰ কবিতাই আমাক দেখুৱায় যে যি ক'ব লগা আছে, সেয়া দ্বিধাহীনভাৱে ক'ব পৰাটোৱেই কবিতাৰ ৰাজনীতি। সাহিত্যই সেই ৰাজনীতিক তুলি ধৰিব পাৰিব লাগিব--নহ'লে সাহিত্যও ৰাজনীতিৰ বহতীয়া হ'বলৈ বাধ্য।

অনুৰাধা শৰ্মা অসমৰ এগৰাকী বিশিষ্ট লেখক, সমালোচক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাৰতীয় আধুনিক ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক। তেওঁ অন্য এটা নামত কেইবাখনো গুৰুত্বপূৰ্ণ উপন্যাস লিখিছে।

One thought on “ৰঘুনাথ চৌধাৰীৰ এটি কবিতা আৰু সেই সময় এই সময়

  1. ভাল লাগিল। বিহগী কবিগৰাকীৰ বিষয়ে ধুনীয়াকৈ লিখিলে।

Leave a Reply to Samutjal Saikia Cancel reply

Your email address will not be published. Required fields are marked *