প্ৰণৱী গগৈৰ দুটা কবিতা

চছমা

চছমাযোৰক লাগে পোনে পোনে আহি নাকত বহিবলৈ
চছমাৰ তলেৰে তেওঁৰ সকৌতুক চাৱনি
চছমা পিন্ধিলে দুখৰ পাহাৰ ঢাক খায়
চছমা পিন্ধিলে স্বপ্নময় চহৰখন নাচি উঠে
চছমাৰ তলেৰে চাৱনিবোৰে ছটিয়াই দিয়ে
সূৰ্যৰ উদয় আৰু অস্তাচলৰ বেলিৰ ৰং
সোণালী ফ্ৰেমৰ তলত চছমাৰ বিষণ্ণ 
পলৰীয়া চকু
চছমাই জানে চকুৰ আয়ুসকাল কিমান
মনটো তেওঁৰ ক’ত
ভেম ভাঙি নামি অহা নিমখীয়া চকুলো
চছমাযোৰে দেখে
চছমাই চকুবোৰক দিব পাৰে কুটিল হাঁহিৰ আৱেষ্টনি
চছমা আছে বাবে দুখৰ ভৰত দচকুৰ কাতৰতা নাই
আইনা

আইনা চালেই পঢ়িব পাৰি আত্মজীৱনী
আইনা চালেই আঁতৰাব পাৰি কিছুমান ভ্ৰান্ত ধাৰণা
ঐতিহাসিক নানা ঘটনা-পৰিঘটনা
আইনাৰ কোনো নথকা সত্ত্বেও নিজৰ মাজতে
পৰিপূৰ্ণ নিৰ্দিষ্ট অৱয়েবেৰে নিজে নিজে
গঢ়ি উঠা এখন আকাশ
নজনাক জনাব নুবুজাক বুজাব
নেদেখাক দেখাব আত্মিবিমোহনৰ এখন পৃথিৱী
এখনৰ পাছত আন এখন আইনাই আকৰ্ষণ কৰে
আইনাই মিছা নকয়
আইনাই নিচেই কাষলে’ চপাই সোধে
কাকনো চাইছা জুমি?
আইনাৰ সৰৱ মৌনতা চকামকা
টোপনিৰ চহৰতো এখন আইনা
আইনাৰ নিচেই ঠুনুকা হিয়া
আইনা অসুখী নহয়
আইনাৰো বহু কথা থাকে আপোনাক ক’বলৈ
যিবোৰ কথা ওঁঠলৈ নাহে
স্বপ্ন আৰু কল্পনাৰ মায়াময় জগতখন
নেওচি চাবলৈ বিচাৰে কিবা এটা।

Click here for an English translation of the poems.

One thought on “প্ৰণৱী গগৈৰ দুটা কবিতা

Leave a Reply to Anirban Dutta Cancel reply

Your email address will not be published. Required fields are marked *