প্ৰেমৰ কবিতা

হীৰেন ভট্টাচাৰ্য

মোৰ বুকুত কি জ্বলে!
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে!

মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে
যে তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে বাহিৰে।

সম্ভৱতঃ তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে।

Click here for an English translation of the poem.

Leave a Reply

Your email address will not be published. Required fields are marked *