প্ৰতিবাদৰ কবিতা আৰু উত্তৰ কোৰিয়াৰ এগৰাকী কবি

ড° বিৰিঞ্চি কুমাৰ দাস

সাহিত্য আৰু কলাৰ ওপৰত এনে চৰকাৰী নিয়ন্ত্ৰণ যে কেৱল কম্যুনিষ্ট দেশ ছোভিয়েট ইউনিয়নতহে আছিল তেনে নহয়। কম্যুনিষ্টেই হওক বা অকম্যুনিষ্টেই হওক, একনায়কত্ববাদী শাসন চলা যিকোনো দেশত সাহিত্য, সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণ থকাটো ইতিহাসৰ যিকোনো সময়তে কোনো নতুন কথা নাছিল বা নহয়; ষ্টেলিনে কেৱল এই চৰকাৰী নিয়ন্ত্ৰণক এটা আনুষ্ঠানিকতা আনি দিছিল।

১৯১৭ চনৰ অক্টোবৰ বিপ্লৱৰ পৰিণতিত ৰাছিয়া আৰু ইয়াৰ আধিপত্য থকা আন কেইখনমান দেশ যুক্ত হৈ ছোভিয়েট ইউনিয়ন গঠিত হোৱা আৰু তাত কম্যুনিষ্ট পাৰ্টীৰ শাসন প্ৰতিষ্ঠা হোৱাৰ পাছত সেই নৱগঠিত ৰাষ্ট্ৰৰ সাহিত্যৰ ওপৰত কম্যুনিষ্ট মতাদৰ্শৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা কেইবাবাৰো চলিছিল RAPP, প্ৰলেটকাল্ট আদি কেইটামান সংগঠনৰ মাধ্যমেৰে। কিন্তু এইবোৰ প্ৰচেষ্টাই সম্পূৰ্ণৰূপে চৰকাৰী স্বীকৃতি পোৱা নাছিল আৰু ছোভিয়েট ইউনিয়নৰ কম্যুনিষ্ট পাৰ্টীৰো কিছু সংখ্যক নেতাই উল্লিখিত সংগঠনসমূহৰ দৃষ্টিভংগী আৰু কাৰ্যপন্থাৰ সৈতে একাত্ম হ’ব খোজা নাছিল। ছোভিয়েট ইউনিয়নত জোছেফ ষ্টেলিনৰ শাসন আহি পৰাৰ পাছতহে সাহিত্য আৰু কলাৰ ক্ষেত্ৰত এটা স্পষ্ট চৰকাৰী নীতি থকাৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি এই নীতিক এটা সংঘবদ্ধ ৰূপ দিয়াৰ কাম আৰম্ভ কৰা হ’ল আৰু ষ্টেলিনৰ হকে এই কামৰ গুৰুদায়িত্ব বহন কৰিলে ছোভিয়েট চৰকাৰৰ সাংস্কৃতিক দিশৰ কাম-কাজবোৰ চোৱাচিতা কৰা আন্দ্ৰে ঝান’ভে। ঝান’ভৰ প্ৰচেষ্টাতে ১৯৩৪ চনত মেক্সিম গ’ৰ্কীৰ সভাপতিত্বত ছোভিয়েট লেখক সংঘ গঠন কৰি ‘সমাজতান্ত্ৰিক বাস্তৱবাদ’ নামেৰে এটা স্পষ্ট চৰকাৰী সাহিত্যিক-সাংস্কৃতিক নীতি ঘোষণা কৰা হয়।

সমাজতান্ত্ৰিক বাস্তৱবাদৰ নীতি সম্পৰ্কে চৰকাৰৰ হৈ ব্যাখ্যা আগবঢ়াই ঝান’ভে প্ৰকৃততে সকলোকে দেখুৱাই দিব বিচাৰিছিল ছোভিয়েট দেশৰ লেখকসকলে কেনে ধৰণৰ সাহিত্য সৃষ্টি কৰাটো চৰকাৰে বিচাৰে। অৱশ্যে লেখক সংঘৰ সভাত ঝান’ভে প্ৰদান কৰা বক্তৃতাটোত এইটো এবাৰো কোৱা হোৱা নাছিল যে এই নীতিৰ বাহিৰত কোনোবাই কিবা লিখাটো চৰকাৰীভাৱে অপৰাধ বুলি গণ্য কৰা হ’ব। কিন্তু আধুনিকতাবাদী ৰাছিয়ান মহিলা কবি আন্না আখমাটোভাক ঝান’ভে সন্ন্যাসিনী আৰু দেহোপজীৱিনীৰ সংমিশ্ৰণ বুলি  অভিহিত কৰি কবিগৰাকীৰ প্ৰতি এক চৰম নিন্দাসূচক বাক্য নিক্ষেপ কৰালৈ চাই এটা কথা অনুমান কৰাটো টান নাছিল যে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰীয় নীতি-আদৰ্শক ক্ষতি কৰিব পৰা বিধৰ যিকোনো সাহিত্য সৃষ্টিৰ প্ৰচেষ্টাক চৰকাৰে কঠোৰভাৱে নিৰুৎসাহ কৰিব বিচাৰে। (সমাজতান্ত্ৰিক বাস্তৱবাদৰ প্ৰবক্তাসকল সমসাময়িক ইউৰোপৰ পুঁজিবাদৰ স্খলনমুখী প্ৰৱণতাৰ মাজত গঢ় লৈ উঠা ইউৰোপীয় আধুনিকতাবাদী দৃষ্টিভংগীৰ তীব্ৰ বিৰোধী আছিল।) সেয়ে বাহিৰত দেখাদেখিকৈ কঠোৰ চৰকাৰী নিয়ন্ত্ৰণৰ মুখামুখি নহ’লেও সমাজতান্ত্ৰিক বাস্তৱবাদৰ চৰকাৰী নীতিৰ বাহিৰত অৱস্থান কৰি সাহিত্যচৰ্চা কৰিব বিচৰা ছোভিয়েট লেখকসকলে নিজৰ সাহিত্যকৰ্ম চলাই নিবলৈ নিজৰ দেশত পৰিৱেশ অনুকূল বুলি অনুভৱ কৰা নাছিল আৰু সেয়ে তেওঁলোকে নিজকে স্বদেশৰ বাহিৰলৈ আনিহে নিজে বিচৰা ধৰণৰ সাহিত্য সৃষ্টিত আত্মনিয়োগ কৰিছিল। ষ্টেলিনৰ পাছত নিকিটা ক্ৰুশ্বেভৰ শাসনকালত অৱশ্যে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত চৰকাৰী কঠোৰ নীতিৰ সম্পূৰ্ণ অৱসান নঘটালেও এই নীতিলৈ কিছু শিথিলতা নমাই অনা হৈছিল।

সাহিত্য আৰু কলাৰ ওপৰত এনে চৰকাৰী নিয়ন্ত্ৰণ যে কেৱল কম্যুনিষ্ট দেশ ছোভিয়েট ইউনিয়নতহে আছিল তেনে নহয়। কম্যুনিষ্টেই হওক বা অকম্যুনিষ্টেই হওক, একনায়কত্ববাদী শাসন চলা যিকোনো দেশত সাহিত্য, সংস্কৃতিকে ধৰি সকলো ক্ষেত্ৰতে চৰকাৰৰ কঠোৰ নিয়ন্ত্ৰণ থকাটো ইতিহাসৰ যিকোনো সময়তে কোনো নতুন কথা নাছিল বা নহয়; ষ্টেলিনে কেৱল এই চৰকাৰী নিয়ন্ত্ৰণক এটা আনুষ্ঠানিকতা আনি দিছিল। মুক্ত চিন্তা আৰু মত প্ৰকাশৰ অধিকাৰক কঠোৰভাৱে বাধা দিয়াটো যিকোনো স্বেচ্ছাচাৰী শাসকৰেই নীতি, তেওঁৰ মতাদৰ্শ যিয়েই নহওক কিয়। আৰু এই বাধা অতিক্ৰম কৰিব খোজা স্বাধীনমনা লেখকৰ জীৱন যে এনে শাসকৰ হাতত নিৰাপদ নহয়, সেইটো কোৱা বাহুল্য।

 কিন্তু ইতিহাসে কয় যে একনায়কতন্ত্ৰ আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাটো সদায়েই সম্ভৱ নহয়, আৰু সমস্ত প্ৰতিবন্ধকতা নেওচি এই প্ৰতিবাদী কণ্ঠই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰি আহিছে। কবিতা যে প্ৰতিবাদৰ এক সবল মাধ্যম হ’ব পাৰে, সেয়া যুগ যুগ ধৰি সাহিত্যৰ ইতিহাসত প্ৰমাণিত হৈ আহিছে। আমি আজি ক’ব বিচাৰিছোঁ সাম্প্ৰতিক সময়ৰ এগৰাকী শক্তিশালী প্ৰতিবাদী কবিৰ বিষয়ে, যিয়ে নিজৰ প্ৰতিবাদী কণ্ঠক কবিতাৰ ৰূপ দি সময়ৰ বুকুত নিজৰ ভৰিৰ খোজ অক্ষত ৰূপত ৰাখি থৈছে। কবিগৰাকীৰ দেশখন হৈছে একনায়কত্ববাদী শাসন চলি থকা উত্তৰ কোৰিয়া।

১৯৪৮ চনত কোৰিয়াৰ বিভাজনৰ মাধ্যমেৰে উত্তৰ কোৰিয়াৰ জন্ম হোৱাৰেপৰা এতিয়াৰ শাসনকৰ্তা কিম জং-উনৰ ৰাজত্বলৈকে চলি থকা একনায়কত্ববাদী শাসনত সেই দেশৰ সাধাৰণ মানুহৰ ওপৰত চলি থকা নিপীড়নৰ বিৰুদ্ধে এটা সময়ত সোচ্চাৰ হৈ উঠিছিল সেই দেশৰ সাম্প্ৰতিক সময়ৰে এগৰাকী কবি। শাসকৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে তেওঁ লিখা কবিতাবোৰ সেই দেশতে প্ৰকাশ কৰাটো সম্ভৱপৰ অৱশ্যেই নাছিল। কাৰণ উত্তৰ কোৰিয়াৰ পৰিস্থিতি হৈছে এনেকুৱা যে সেই দেশৰ শাসকৰ বিৰুদ্ধে লিখা যিকোনো কথাৰ শাস্তি হ’ল মৃত্যুদণ্ড। অৱশ্যে কেনেবাকৈ নিজৰ দেশৰ বাহিৰলৈ উলিয়াই দি তেওঁৰ কবিতাবোৰক বিশ্ববাসীৰ সম্মুখত তুলি ধৰা হ’ল আৰু এনেকৈয়ে বিশ্বৰ কবিতাপ্ৰেমীসকল পৰিচিত হৈ পৰিল তেওঁৰ প্ৰতিবাদী কণ্ঠৰ সৈতে।

উত্তৰ কোৰিয়াৰ চৰকাৰী আতিশয্যৰ বিৰুদ্ধে কবিতা লিখা এইগৰাকী কবিৰ আচল নাম জনা নাযায়, কাৰণ সেইখন  দেশত থাকিয়েই চৰকাৰৰ বিৰুদ্ধে নিজৰ নামেৰে কবিতা লিখাটো স্বাভাৱিকতেই এক অসম্ভৱ কথা। সেয়ে তেওঁৰ প্ৰতিবাদী লেখাবোৰ বিদেশত প্ৰকাশিত হৈছে ‘বেন্দি’ ছদ্মনামেৰে। কোৰিয়ান ভাষাত ‘বেন্দি’ মানে হৈছে জোনাকী পৰুৱা। কিন্তু আমি নাম নজনা এই কবিগৰাকীৰ বিষয়ে এইখিনি কথা জনা গৈছে যে কোৰিয়ান পিতৃ-মাতৃৰ দ্বাৰা তেওঁৰ জন্ম হৈছিল চীনদেশত ১৯৫০ চনত, আৰু এতিয়া উত্তৰ কোৰিয়াত তেওঁ লেখক হিচাপেই কৰ্মৰত হৈ আহিছে, অৱশ্যে সেই দেশত তেওঁ নিজৰ আচল নামেৰে চৰকাৰৰ ৰোষত নপৰা বিধৰ সাহিত্য সৃষ্টি কৰি আছে। তেওঁ আনকি সম্প্ৰতি কোৰিয়ান লেখক জোঁটৰ এগৰাকী সদস্যও। 

বিশ্বৰ সাহিত্য-জগতত ‘বেন্দি’ প্ৰথম পৰিচিত হয় অৱশ্যে এখন গল্পপুথিৰ মাজেৰে। বৰ্তমানৰ উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং-উনৰ ককাক, ১৯৪৮ চনত উত্তৰ কোৰিয়া প্ৰতিষ্ঠা হোৱাৰেপৰা ১৯৯৪ চনলৈ সেই দেশৰ একনায়কত্ববাদী শাসক হৈ থকা কিম ইল চাঙৰ শাসনকালৰ শেষৰ পিনে, অৰ্থাৎ ঊনৈছ শ নব্বৈৰ দশকত সেই দেশৰ সাধাৰণ মানুহৰ ওপৰত চলা নিৰ্যাতনক কেন্দ্ৰ কৰি ‘বেন্দি’য়ে লিখা সাতটা গল্পৰ এখন সংকলন তেওঁ তেওঁৰ কোনো বন্ধুৰ সহযোগত উত্তৰ কোৰিয়াৰ বাহিৰলৈ পঠাবলৈ সক্ষম হৈছিল, আৰু দক্ষিণ কোৰিয়াত সেইখন প্ৰকাশিত হৈ ওলাইছিল ২০১৪ চনত। ইয়াৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰত সেইখন ইংৰাজীতো প্ৰকাশিত হৈছিল ‘এক্যুজেশ্যন’ নামেৰে ২০১৭ চনত ।

   ১৯৯৪ চনত কিম ইল চাঙৰ মৃত্যুৰ পাছৰ সেই দেশৰ পৰিস্থিতি হৈ পৰিছিল আৰু বেছি ভয়ানক। কিম ইল চাঙৰ পাছত দেশৰ শাসনভাৰ গৈছিল তেওঁৰ পুত্ৰ কিম জং ইলৰ হাতলৈ। ১৯৯৪ চনৰপৰা ১৯৯৮ চনলৈ উত্তৰ কোৰিয়া ভয়ানক অৰ্থনৈতিক সংকটৰ মাজত পৰিছিল, আৰু ইয়াৰ পৰিণতি আছিল অকল্পনীয় দুৰ্ভিক্ষ, যাক ‘মাৰ্চ অৱ ছাফাৰিং’ নামেৰেও জনা যায়। সেই সময়ত বেন্দিৰ বহু আত্মীয়ৰ মৃত্যু ঘটিছিল, আৰু চৰকাৰী আতিশয্য সহিব নোৱাৰি উত্তৰ কোৰিয়াৰ বহু লোকে সেই দেশৰপৰা পলায়নো কৰিছিল। ইচ্ছা থাকিলেও নিজৰ এটা পৰিয়াল থকা বাবেই পলাই যাব নোৱৰা বেন্দিয়ে গোপনে কিছুমান কবিতা লিখিছিল স্বদেশৰ একনায়কত্ববাদী শাসনব্যৱস্থাৰ বিৰুদ্ধে, আৰু পলায়ন কৰা কোনো বন্ধুৰ সহযোগত সেই কবিতাবোৰ দেশৰ বাহিৰলৈ উলিয়াই দিছিল। ২০১৮ চনত দক্ষিণ কোৰিয়াত তেওঁৰ কবিতাৰ সংকলন প্ৰকাশিত হৈছিল। ইয়াৰ পাছত তেওঁৰ কবিতাবোৰ ইংৰাজীলৈ অনুবাদ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত ইংৰাজীৰ অধ্যাপক হিচাপে কৰ্মৰত হাইনয ইনচু ফেংকলে, আৰু সেইবোৰ ‘দ্য ৰেড ইয়েৰছ : ফ’ৰবিডেন পয়েমছ ফ্ৰম ইনছাইড নৰ্থ কোৰিয়া’ শিৰোনামেৰে ২০১৯ চনত লণ্ডনৰপৰা প্ৰকাশিত হৈছিল।

‘বেন্দি’ৰ এই কবিতা-সংকলনখনত মুঠ একাৱন্নটা কবিতা আছে। কবিগৰাকীয়ে কবিতা লিখা কাকতৰ টোপোলাটো যেতিয়া বহু কষ্টেৰে ইহাত সিহাতকৈ দেশৰ বাহিৰলৈ অনা হৈছিল, তেতিয়া দেখা গৈছিল যে কিছুমান কবিতা টুকুৰা কাগজত লিখা হৈছিল আৰু সেইবোৰ প্ৰায় উৱলি যোৱা অৱস্থালৈ আহিছিল। তেনে অৱস্থাৰপৰা সেই কবিতাবোৰৰ শুদ্ধ পাঠ উলিয়াই লোৱাটো কষ্টসাধ্য আছিল যদিও সেই কষ্টকো অতিক্ৰম কৰি অৱশেষত কবিতাবোৰক পঢ়ুৱৈৰ সম্মুখত মেলি ধৰাটো সম্ভৱপৰ হৈ উঠিছিল।

‘বেন্দি’য়ে এই কবিতাবোৰত কিম ইল চাং, তেওঁৰ পুত্ৰ কিম জং ইল আৰু নাতিয়েক, এতিয়াৰ শাসক কিম জং উনৰ একনায়কত্ববাদী শাসনৰ মাজত নিহিত নিষ্ঠুৰতা আৰু দমনমূলক নীতিৰ বিৰুদ্ধে স্পষ্টভাবে নিজৰ অভিমত প্ৰকাশ কৰিছে। কবিতাসমূহক মুঠ পাঁচটা ভাগত বিভক্ত কৰা হৈছে,– ‘ব্যাৰেন আৰ্থ’, ‘এগজষ্টেড হাৰ্ট’, ‘লঙিং ফ’ৰ ইউ, মাই লাভ’, ‘এটেচড টু এ লাইফ’ আৰু ‘উইছেজ’। সাধাৰণ মানুহৰ জীৱনযাত্ৰা সেইখন দেশত কেনে দুৰ্বিসহ হৈ পৰিছে, সেয়া কবিয়ে দ্বিধাহীনভাবে প্ৰকাশ কৰিছে এই কবিতাবোৰত। সংকলনখনত প্ৰেমৰ কবিতাও আছে, আৰু এই কবিতাসমূহৰ মাজেৰে কবিয়ে এইটোকে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে যে প্ৰেমৰ দৰে এক সহজাত অনুভূতিৰ বাবেও সেই দেশখনত অনুকূল পৰিৱেশ নাই। দেশৰ পৰিস্থিতিক লৈ ক্ৰোধিত কবিয়ে তেওঁৰ কবিতাত কিম ইল চাঙক পোনপটীয়াকৈ আক্ৰমণ কৰিবলৈকো এৰা নাই। ‘দ্য ছং অৱ দ্য ফাইভ থীভছ’ শীৰ্ষক এটা কবিতাত তেওঁ স্বেচ্ছাচাৰী শাসকগৰাকীক ‘স্বৰ্গ আৰু পৃথিৱীৰ নিকৃষ্টতম চোৰ’ বুলিও অভিহিত কৰিছে। উত্তৰ কোৰিয়াৰ সাধাৰণ মানুহে দৈনন্দিন জীৱনত অনবৰতে মুখামুখি হৈ থকা দুৰৱস্থাসমূহৰ প্ৰতি শাসকসকলৰ অমনোযোগিতাক লৈ তেওঁ নিজৰ প্ৰচণ্ড অসন্তুষ্টি প্ৰকাশ কৰিছে।

‘দ্য ৰেড পীপল’ শীৰ্ষক কবিতাটোত বেন্দিয়ে লিখিছে,

"মহান নেতা, মহান নেতা,
তুমি লোৰ শিকলি আৰু আমি দাস।
যিমানেই মন যায় আমাক বান্ধি ৰাখা, আৱদ্ধ কৰা
কেৱল, কেৱল আমাৰ চকু, কাণ, মুখ বন্ধ নকৰিবা,
কাৰণ যদিহে তুমি এই সৰু অনুৰোধটো ৰাখা
তোমাক আঘাত কৰাৰ কথা আমি মনলৈকো নানো।"

ড° বিৰিঞ্চি কুমাৰ দাস এগৰাকী লেখক, সমালোচক। সম্প্ৰতি তেওঁ বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত।

2 thoughts on “প্ৰতিবাদৰ কবিতা আৰু উত্তৰ কোৰিয়াৰ এগৰাকী কবি

  1. কবিতা হওক শোষণ নিষ্পেষণৰ বিপৰীতে শক্তিশালী প্ৰতিবাদ ৷ আমিও কিম জং উনবোৰক উৎখাত কৰিব লাগে ৷ জনতাৰ বাট আৰু মাতবোৰ মুক্ত কৰিব লাগে ৷

  2. I got to know about some new resistance poems written by a poet undergoing first hand experience in this regard. I appreciate the writer, Dr. Birinchi Kumar Das, for introducing us to this new poet and his pleas for change of the regime and system of political administration in North Korea.

Leave a Reply to Anirban Dutta Cancel reply

Your email address will not be published. Required fields are marked *