সত্যজিৎ গগৈৰ ‘অগ্নিপ্ৰভা গৈ আছে’

প্ৰকল্প ৰঞ্জন ভাগৱতী

সত্যজিৎ গগৈৰ অগ্নিপ্ৰভা গৈ আছেত সংকলিত কবিতাসমূহ মূলতঃ গীতিধৰ্মী। লোকজীৱন, প্ৰকৃতি, স্মৃতি, বিষাদ আদি কবিতাবোৰৰ মূল উপজীৱ্য। কবি গগৈ ভাবৰ স্বতঃস্ফূৰ্ত প্ৰকাশত বিশ্বাসী। ‘বনহংসৰ দৰে নিজানে নিজানে আহে’ শীৰ্ষক কবিতাত কবিতাক নিজানত সুন্দৰৰ বাটৰ সন্ধান হিচাপে দেখুওৱা হৈছে, যি দৈনিন্দন জীৱনৰ যান্ত্ৰিকতাত নোহোৱা হৈ যায়। কবিতা সম্পৰ্কে কবিৰ এই ৰোমাণ্টিক চেতনা আন কবিতাতো উপলব্ধ। ‘কবিতা’ শীৰ্ষক কবিতাত কবিতাক সুখ-দুখৰ চৰাই বুলি কোৱা হৈছে, যি অনুভূতিবোৰ খুটি খাই ভোক গুচায় আৰু বক্তাৰ বুকুৰ ডালত জিৰণি লয়। প্ৰয়োজনত পাখি কোবাই এন্ধাৰবোৰ হুৰাই বক্তাৰ জীৱনলৈ প্ৰশান্তি আনে। শব্দবোৰৰ ওপৰত বক্তাৰ অকৃত্ৰিম বিশ্বাস। কেতিয়াবা যদি শব্দবোৰে বক্তাৰ মনৰ মজিয়াত দলিচা পাৰি বহিছে, আন কেতিয়াবা হৃদয়ৰ পৰা হৃদয়লৈ সাঁকো পাৰি দিছে। বক্তাৰ বুকুৰ বনৰ পাতত সোণপৰুৱাৰ দৰে শব্দবোৰে কেতিয়াবা বগাই ফুৰে, আন কেতিয়াবা বক্তাৰ বাবে শব্দবোৰ সুগন্ধি গোলাপ।

সমালোচক ড আনন্দ বৰমুদৈয়ে সংকলনটোৰ পাতনিত আঙুলিয়াই দিছে যে সত্যজিৎ গগৈৰ উপমা আৰু চিত্ৰকল্পসমূহ সতেজ আৰু গতিশীল। গগৈৰ কবিতা চিত্ৰকল্পধৰ্মী। শব্দৰ বাহুল্য নাই। চিত্ৰকল্পবোৰো পাঠকৰ অভিজ্ঞতাৰ ভিতৰুৱা গাঁৱৰ জীৱন, প্ৰকৃতি, চৰাই-চিৰিকতি, অনুভৱ-উপলব্ধিৰ পৰা আহৰিত। কবিতা একোটাৰ সামগ্ৰিক তাৎপৰ্য উপলব্ধিত পলম লাগিলেও তেওঁৰ কোনোটো কবিতাই পাঠকৰ দুৰুহ নহয়। ‘সোণ হালধীয়াত বুৰ গৈ আছে’ শীৰ্ষক কবিতাত পকা ধাননি পথাৰৰ চিত্ৰকল্পৰ জৰিয়তে গাঁৱৰ সনাতন ছবি এখন তুলি ধৰা হৈছে। বতাহত হালিজালি পকা ধানবোৰে ফুচফুচাই কথা পাতিছে। কুঁৱলীৰ মাজেৰে তেনে এক ধাননিপথাৰলৈ চাই কবিতাৰ বক্তাই নিজৰ ল’ৰালিকালটো বিচাৰি পাইছে। কবিতাটোৰ বিষয় যে স্মৃতিকাতৰতা প্ৰথম পাঠতে সেই কথা পাঠকৰ উপলব্ধি হয়।

গগৈয়ে কাহিনীধৰ্মী কবিতাও লিখিছে। ‘তাহোন’ তেনে এটা কবিতা। তাহোন হ’ল আঁহ গুচাই নিমজ কৰিবলৈ তাঁতৰ সূতাত ঘঁহা সিজোৱা ধানৰ এবিধ এঠা। ভালকৈ তাহোন দি নিমজ নকৰিলে তাঁতৰ সূতাবোৰ পাহ মেলি ছিগি যায়। কবিতাটোৰ বক্তা এগৰাকী বয়সস্থ মহিলা। তেওঁৰ এটা ল’ৰা বনলৈ পলাই যায়। আনটো ল’ৰাই বি-এ পাছ কাৰণে নাঙলৰ মুঠিত নধৰে। হয়তো ক’ৰবাত ‘তাহোন’ দিয়াত ভুল হৈছিল, যাৰ বাবে মহিলাগৰাকীৰ জীৱন মসৃণ নহ’ল। কবিতাটোৰ পটভূমি নব্বৈ দশকৰ সন্ত্ৰাস-জৰ্জৰ অসম। এটা ল’ৰা বনলৈ পলাই যোৱা কথাষাৰে তাৰে ইংগিত দিছে।

যুগমীয়া ভাস্কৰ্য হ’ল’ কবিতাটোতো এটা কাহিনী ক’বলৈ প্ৰয়াস কৰা হৈছে– যাওঁ বুলিয়ে/গুচি গ’ল/হৃদয়ে হৃদয়ে/শব্দৰ সুগন্ধি গোলাপ ৰোৱা/চিৰ তৰুণ প্ৰেমিকজন”

ইয়াত হয়তো গুচি যোৱাজন কোনো সুপৰিচিত কবি, যি গুচি যোৱাৰ পিছতো নিজৰ সৃষ্টিৰ মাজত যুগমীয়া হৈ জীয়াই থাকিব। ‘ৰামধেনুৰ এটা ৰং’ কবিতাটোও কোনো গুচি যোৱাজনৰে কবিতা– “চিকাৰী চৰাইৰ দৰে চকুহাল/হঠাৎ স্থিৰ হৈ ৰ’ল/গচকি, ভৰিটো আগলৈ উজুৱাই/মিলাই চালে এবাৰ জোখটো/লগে লগে ওঁঠৰ কোণত গজালি মেলিলে/সোণালী এটি ৰশ্মিয়ে/আৰু/খটপ খটপকৈ গুচি গ’ল তেওঁ”

সংকলনটোৰ নামৰ কবিতা ‘অগ্নিপ্ৰভা গৈ আছে’ মৃত্যু-চেতনাৰ কবিতা– “তাই গৈ আছে/কাষ চাপি আহিছে ক্ৰমশঃ/এন্ধাৰৰ এখন মেলা মুখ”।

‘অগ্নিপ্ৰভা’ এই বিশেষ্য শব্দটোৰ সৈতে ‘এন্ধাৰ’ শব্দৰ অৰ্থগত বৈপৰীত্যই কবিতাটোলৈ এক সুকীয়া দ্যোতনা আনিছে।

গগৈ সামাজিকভাৱেও সচেতন এগৰাকী কবি। ‘সন্ত্ৰাসবাদ’, ‘গাঁওখনৰ ঘৰবোৰ’, ‘মঙহৰ গভীৰত একুৰা জুই’ আদি কবিতাত সমকালীন সমাজজীৱনৰ দ্বন্দ্ব আৰু সংকট প্ৰতিফলিত হৈছে। ‘সন্ত্ৰাসবাদ’ কবিতাত ‘সন্ত্ৰাসবাদ’ক তেজেৰে ফাকু খেলা এক শ্বাসৰুদ্ধ শব্দ বুলি কোৱা হৈছে। ‘গাঁওখনৰ ঘৰবোৰ’ কবিতাত কোনো সংঘৰ্ষত জ্বলি শেষ হৈ যোৱা গাঁৱৰ মৰ্মান্তিক চিত্ৰ প্ৰতিফলিত হৈছে।

লগতে পঢ়ক : মেঘালী ফুকনৰ ‘প্ৰেম, বিষাদ, স্মৃতি আৰু…’

সংকলনটো দ্বিভাষিক। প্ৰথমতে কবিতাখিনিৰ অসমীয়া মূল পাঠ সন্নিৱিষ্ট হৈছে। দ্বিতীয় ভাগত ড আনন্দ বৰমুদৈয়ে কৰা ইংৰাজী অনুবাদ সন্নিৱিষ্ট হৈছে। ড আনন্দ বৰমুদৈ অসমৰ এগৰাকী আগশাৰীৰ সমালোচক আৰু অনুবাদক। তেওঁ মূল কবিতাৰ নিৰ্যাস অলপো ক্ষতি নোহোৱাকৈ সাবলীল অনুবাদ কৰিছে। উদাহৰণ হিচাপে এটা চুটি কবিতাৰ মূল পাঠ আৰু অনুবাদ তলত দিয়া হ’ল–

হৃদয়খন মাজে মাজে

হৃদয়খন মাজে মাজে সেকোঁ
বুকুত লৈ ফুৰা
একুৰা জুইত

টুপটুপকৈ সৰিবলৈ দিওঁ
হুমুনিয়াহবোৰ
......

I Bake My Heart Sometimes

I bake my heart
At times
In a fire I carry
In my breast.

I let sighs
To drop
Like dew drops.

অগ্নিপ্ৰভা গৈ আছে সত্যজিৎ গগৈৰ প্ৰথম কবিতা-সংকলন। নিজৰ কবি-প্ৰতিভা সম্পৰ্কে গগৈয়ে প্ৰত্যয় নিয়াব পাৰিছে। কবি হিচাপে তেওঁৰ মাজত থকা সম্ভাবনাখিনি দ্বিতীয়খন সংকলনত আমি অধিক পৰিপক্ব ৰূপত চাবলৈ পাম বুলি আশা কৰিব পাৰোঁ।

.....................
অগ্নিপ্ৰভা গৈ আছে
সত্যজিৎ গগৈ
২০১৫, অসম পাবলিচিং কোম্পানী
পকা বন্ধা, পৃষ্ঠা ৯২, দাম ১০০.০০
ISBN 978-81-86385-52-4

One thought on “সত্যজিৎ গগৈৰ ‘অগ্নিপ্ৰভা গৈ আছে’

  1. পঢ়িলোঁ। অতি সুক্ষ্ম বিশ্লেষণ। ভাল লাগিল। শুভেচ্ছা জনালোঁ

Leave a Reply to Monika Teronpi Cancel reply

Your email address will not be published. Required fields are marked *