হেম বৰুৱা
সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা
উন্মাদ বাসনা আমাৰ নাই।
আমাৰ বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল,
গোন্ধহীন, ভাষাহীন, ছবিৰ ৰেখা যেন আমি।
হেৰা শকুন্তলা,
তোমাৰ চকুৰ শেৱালি পাহিত
দুষ্মন্তৰ চুমাৰ চেকা এতিয়া ৰং হৈ আছে।
কোৰিয়াত জৰাসন্ধৰ কঙ্কালে ৰিঙিয়াই মাতে :
এচিয়াৰ আকাশ আগুৰি আছোঁ যুগৰ সীমান্তত,
প্ৰাচীন নাৱিকৰ জঁকা।
কালিদাস, তুমি কোন অলকাৰ পলাতক কবি?
ডাৱৰ দেখি উন্মাদ?
তোমাৰ কাব্য-বেদীত আমাৰ জীৱন-অৰ্চনা
সৰি পৰা মদাৰৰ ফুল,
গুৰুতো নেলাগে, গোসাঁইতো নেলাগে
থাকে তল ভৰি সৰি।
Click here for an English translation of the poem.